বিৰাট কোহলীৰ পিছত এতিয়া এদিনীয়া শৃংখলাৰ পৰা বঞ্চিত হ’ব নেকি ৰোহিত শৰ্মা?

বিৰাট কোহলীৰ পিছতে আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ পৰা ৰোহিত শৰ্মা বাহিৰ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।

আই পি এল ২০২৬ সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ চকু ১৩ জুনত আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে তিনিখন খেলৰ এদিনীয়া শৃংখলাত নিৱদ্ধ হৈ আছে। অৱশ্যে এদিনীয়া শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেও টিম ইণ্ডিয়াই কেৱল এটাই নহয়, দুটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা যেন দেখা গৈছে।প্ৰথমে খবৰ আহিছিল যে হেমষ্ট্ৰিং আঘাতৰ বাবে বিৰাট কোহলী দলৰ পৰা বাদ পৰিছে। এতিয়া তাৰকা বেটছমেন তথা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ ফিটনেছেও ভাৰতীয় দলৰ উদ্বেগ বৃদ্ধি কৰিছে।

আফগানিস্তান এদিনীয়া শৃংখলাৰ বাবে ৰোহিত শৰ্মাৰ অংশগ্ৰহণ সন্দেহজনক।আই পি এল ২০২৬ৰ সময়ত হোৱা হেমষ্ট্ৰিঙৰ আঘাতৰ পৰা এতিয়াও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই ৰোহিত শৰ্মা। উল্লেখ্য যে হেমষ্ট্ৰিং আঘাতৰ বাবেই ৰোহিতে আইপিএলৰ কেইখনমান মেচ খেলিব পৰা নাছিল। অৱশ্যে ‘হিটমেন’ক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু তেওঁ খেলিবনে নাই সেয়া ফিটনেছৰ ওপৰতহে নিৰ্ভৰ কৰিব।

অৱশ্যে মন কৰিবলগীয়া কথাটো হ’ল যে এতিয়ালৈকে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ আঘাত তথা ফিটনেছ আপডেট সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড অৰ্থাৎ বিচিচিআইৰ ফালৰ পৰা কোনো আনুষ্ঠানিক তথ্য প্ৰদান কৰা হোৱা নাই।

ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিত আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত টিম ইণ্ডিয়া বিপদত পৰা দেখা যাব পাৰে। শৃংখলাটোৰ বাবে দুয়োগৰাকী খেলুৱৈৰ অভিজ্ঞতাই বহুত গুৰুত্ব বহন কৰিব। এতিয়া দুয়োজনে শৃংখলাটোত খেলিব পাৰিবনে নাই, সেয়া প্ৰশ্নবোধক হৈ পৰিছে।

লগতে পঢ়ক: ২০২৬ৰ ফিফা বিশ্বকাপত ইতিহাস ৰচনাৰ দিশে ভাৰতৰ তাহচিন মহম্মদ জামছিদ

প্ৰথমে ফিটনেছ, তাৰ পিছতহে দলত স্থান! হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাক BCCI-ৰ আল্টিমেটাম

এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া-ৰোহিত শৰ্মাই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক তিনিখনীয়া এদিনীয়া শৃংখলাক কেন্দ্ৰ কৰি ক্ৰীড়ামহলাত এতিয়া ব্যাপক চৰ্চা চলিছে । এই গুৰুত্বপূৰ্ণ শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে টীম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ ফিটনেছ প্ৰমাণ কৰিব লাগিব । ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ BCCI-য়ে স্পষ্ট কৰি দিছে যে চূড়ান্ত একাদশত স্থান লাভ কৰাৰ পূৰ্বে তেওঁ বেংগালুৰুস্থিত ‘চেণ্টাৰ অৱ এক্সেলেন্স’ অৰ্থাৎ CoE-ৰ পৰা ফিটনেছ ক্লিয়াৰেন্স লাভ কৰাটো বাধ্যতামূলক ।

আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত হাৰ্দিক পাণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁৰ নামৰ সৈতে এই বিশেষ ফিটনেছৰ চৰ্তটো যোগ কৰি দিয়া হৈছে । প্ৰাপ্ত প্ৰতিবেদন অনুসৰি, হাৰ্দিক ইতিমধ্যে ২ জুনত বেংগালুৰুৰ চেণ্টাৰ অৱ এক্সেলেন্সত উপস্থিত হৈছে । শৃংখলাটো আৰম্ভ হোৱাৰ পূৰ্বে তেওঁ তাত এসপ্তাহতকৈও অধিক সময় অতিবাহিত কৰিব । এই সময়ছোৱাত ৩২ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে বিভিন্ন ফিটনেছ ড্ৰিল আৰু কঠোৰ শাৰীৰিক মূল্যায়নৰ মাজেৰে পাৰ হ’ব লাগিব । সকলো নিৰ্ধাৰিত মাপদণ্ডত উত্তীৰ্ণ হ’লেহে তেওঁ ‘ৰিটাৰ্ণ টু প্লে’ চমুকৈ RTP মঞ্জুৰী লাভ কৰিব আৰু তাৰ পিছতহে আফগানিস্তানৰ বিৰুদ্ধে তেওঁৰ খেলাক লৈ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

হাৰ্দিকৰ বাবে এই ফিটনেছ টেষ্ট অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কিয়নো সদ্যসমাপ্ত IPL 2026-ত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰাৰ সময়ত তেওঁ পিঠিৰ বিষৰ সমস্যাত ভুগিছিল । এই শাৰীৰিক সমস্যাৰ বাবেই তেওঁ টুৰ্নামেণ্টখনৰ কেইখনমান মেচত অংশ লব পৰা নাছিল । উল্লেখ্য যে, তেওঁ খেলা শেষ এদিনীয়া মেচখন আছিল ICC চেম্পিয়নছ ট্ৰফী ২০২৫-ৰ ফাইনেলত নিউজীলেণ্ডৰ বিৰুদ্ধে ।

কেৱল হাৰ্দিক পাণ্ডিয়াই নহয়, টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাকো BCCI-য়ে চেণ্টাৰ অৱ এক্সেলেন্সত ৰিপৰ্ট কৰিবলৈ নিৰ্দেশ দিছে । ৰোহিতো IPL 2026-ৰ সময়ত হেমষ্ট্ৰিংৰ আঘাতৰ সৈতে যুঁজি আছিল । এই বাবেই আফগানিস্তান শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দলত ৰোহিত শৰ্মাৰ নামৰ আগতো ফিটনেছ সম্পৰ্কীয় চৰ্ত আৰোপ কৰা হৈছে । অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক মাহেলা জয়বৰ্ধনেই শেহতীয়াকৈ দাবী কৰিছে যে ৰোহিত সম্পূৰ্ণ সুস্থ । জয়বৰ্ধনেৰ মতে, ৰোহিতক আঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত সময় দিয়া হৈছিল আৰু মেডিকেল টিমে তেওঁক এশ শতাংশ ফিট বুলি ঘোষণা কৰিছে । তেওঁ লগতে স্পষ্ট কৰে যে IPL-ত ৰোহিতক ‘ইম্পেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰাটো দলৰ এক ৰণনীতিহে আছিল, ইয়াৰ সৈতে খেলুৱৈগৰাকীৰ ফিটনেছৰ কোনো সম্পৰ্ক নাছিল ।

ভাৰত আৰু আফগানিস্তানৰ মাজত হ’বলগীয়া এই তিনিখনীয়া এদিনীয়া শৃংখলাটি অহা ১৩ জুনৰ পৰা ধৰমশালাৰ HPCA ষ্টেডিয়ামত আৰম্ভ হ’ব । শৃংখলাৰ দ্বিতীয়খন মেচ ১৭ জুনত লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত খেলা হ’ব আৰু তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব ।

এই শৃংখলাটোৰ বাবে ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব শুভমন গীলে । দলৰ বাকী সদস্যসকল হ’ল ৰোহিত শৰ্মা, বিৰাট কোহলী, সহ-অধিনায়ক শ্ৰেয়াছ আয়াৰ, উইকেটকীপাৰ কে এল ৰাহুল আৰু ইশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, অৰ্শদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, প্ৰিন্স যাদৱ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে । ইয়াৰে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াৰ অংশগ্ৰহণ সম্পূৰ্ণৰূপে ফিটনেছ ক্লিয়াৰেন্সৰ ওপৰত নিৰ্ভৰ কৰিব । বৰ্তমান ক্ৰীড়াপ্ৰেমী তথা নিৰ্বাচক সকলোৰে চকু এই দুই তাৰকা খেলুৱৈৰ ফিটনেছ ৰিপৰ্টৰ ওপৰত নিবদ্ধ হৈছে । যদি দুয়ো সময়মতে সেউজ সংকেত লাভ কৰে, তেন্তে আফগানিস্তানৰ বিৰুদ্ধে ভাৰতীয় দলটো বহুত বেছি শক্তিশালী হৈ পৰিব ।

লগতে পঢ়ক : বিচিচিআইৰ ডাঙৰ ঘোষণা: টিম ইণ্ডিয়া শিবিৰত প্ৰৱেশ আকিব নবী

পদ্মশ্ৰী সন্মান ল’বলৈ ৰাষ্ট্ৰপতি ভৱনলৈ কিয় নগ’ল ‘হিটমেন’? পোহৰলৈ আহিল আচল কাৰণ!

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈ যোৱা পদ্মশ্ৰী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিয়ে এতিয়া ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে

অলপতে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হৈ যোৱা পদ্মশ্ৰী বঁটা প্ৰদান অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ অনুপস্থিতিয়ে এতিয়া ক্ৰীড়াপ্ৰেমীসকলৰ মাজত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে । বিগত ২৫ মে’ত দেশৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান ‘পদ্মশ্ৰী’ বিতৰণৰ বাবে আয়োজন কৰা বিশেষ সমাৰোহত উপস্থিত নাথাকিল তাৰকা ক্ৰিকেটাৰগৰাকী । তেওঁৰ এই অনুপস্থিতিক লৈ বিভিন্ন মহলত নানান প্ৰশ্ন উত্থাপন হোৱাৰ পাছতে এতিয়া ইয়াৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে ।

ব্যস্ত ক্ৰীড়াসূচী আৰু আই পি এলৰ বাবেই হ’ল এই খেলিমেলি-

জানিব পৰা মতে, বৰ্তমানৰ ব্যস্ত ক্ৰীড়াসূচী আৰু শেহতীয়াকৈ সমাপ্ত হোৱা আই পি এল ২০২৬-ৰ বাবেই ৰোহিত শৰ্মাই উক্ত অনুষ্ঠানত অংশ ল’ব নোৱাৰিলে । চলিত বৰ্ষৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল হিটমেন-খ্যাত বেটাৰগৰাকীয়ে । উল্লেখযোগ্য যে, ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হাৰমনপ্ৰীত কৌৰেও এই বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

এতিয়া কেতিয়া সন্মানিত কৰা হ’ব ৰোহিতক ?

পদ্ম বঁটা প্ৰদানৰ এক নিয়ম অনুসৰি, মাননীয় ৰাষ্ট্ৰপতিয়ে মনোনীত সকলো ব্যক্তিকে একেদিনাই এই সৰ্বোচ্চ সন্মানেৰে বিভূষিত নকৰে । বঁটা প্ৰাপকসকলৰ সুবিধা আৰু সময়সূচী অনুসায়ী ভিন্ন তাৰিখত বিভিন্ন দল বা বেচ (batch) হিচাপে এই বঁটাসমূহ বিতৰণ কৰা হয় ।

প্ৰাথমিক সূচী অনুসৰি ৰোহিত শৰ্মাক প্ৰথমটো বেচতে অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু আই পি এলৰ অতি ব্যস্ত সূচীৰ বাবে তেওঁৰ নাম পৰৱৰ্তী এটা বেচত অন্তৰ্ভুক্ত কৰা হয় । চলিত বৰ্ষৰে পৰৱৰ্তী বেচৰ পদ্মশ্ৰী বঁটা প্ৰাপকসকলক যেতিয়া ৰাষ্ট্ৰপতি ভৱনত সন্মানিত কৰা হ’ব, তেতিয়া ৰোহিত শৰ্মাই উপস্থিত থাকি নিজৰ পদ্মশ্ৰী মেডেল আৰু প্ৰমাণপত্ৰ গ্ৰহণ কৰিব । অৱশ্যে এই পৰৱৰ্তী অনুষ্ঠান কেতিয়া অনুষ্ঠিত হ’ব, সেই তাৰিখ এতিয়ালৈকে চৰকাৰীভাৱে ঘোষণা কৰা হোৱা নাই ।

আই পি এল ২০২৬ত কেনে আছিল ৰোহিত শৰ্মাৰ প্ৰদৰ্শন ?

আই পি এল ২০২৬ ৰ ছিজনটো ৰোহিত শৰ্মা আৰু তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছৰ বাবে বিশেষ সুখকৰ নাছিল । আঘাতপ্ৰাপ্ত হোৱাৰ বাবে ৰোহিতে ছিজনৰ কেইবাখনো গুৰুত্বপূৰ্ণ মেচত খেলিবলৈ সক্ষম নহ’ল । সমগ্ৰ ছিজনটোত তেওঁ মাত্ৰ ৯ খন মেচ খেলি দুটা অৰ্ধশতকসহ ২৮৩ ৰান সংগ্ৰহ কৰে । আনহাতে, তেওঁৰ দল মুম্বাই ইণ্ডিয়ানছেও অত্যন্ত হতাশাজনক প্ৰদৰ্শন দাঙি ধৰি প্লে-অফৰ দৌৰৰ পৰা আটাইতকৈ প্ৰথমে বাহিৰ হোৱা দলসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হয় ।

লগতে পঢ়ক : আই পি এল ২০২৬: লীগ পৰ্যায়ৰ সামৰণি; অৰেঞ্জ আৰু পাৰ্পল কেপৰ দৌৰত তীব্ৰ প্ৰতিযোগিতা

আফগানিস্তানৰ বিৰুদ্ধে আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

অজিত আগৰকাৰৰ নেতৃত্বত BCCIৰ জ্যেষ্ঠ পুৰুষ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়, য’ত আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে এই দল নিৰ্বাচন কৰা হয়

আফগানিস্তানৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰা হৈছে । নিৰ্বাচকসকলে এইবাৰ অনুভৱী আৰু যুৱ খেলুৱৈৰ সংমিশ্ৰণ ঘটাই দলটাত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰাৰ চেষ্টা চলাইছে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, এদিনীয়া আৰু টেষ্ট— দুয়োটা দলৰে অধিনায়কত্বৰ দায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটছমেন শুভমন গীলক ।

অজিত আগৰকাৰৰ নেতৃত্বত বি চি চি আই (BCCI)ৰ জ্যেষ্ঠ পুৰুষ নিৰ্বাচনী সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়, য’ত আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ বাবে এই দল নিৰ্বাচন কৰা হয় । সূচী অনুসৰি, অহা ৬ জুনৰ পৰা মুলাণপুৰত একমাত্ৰ টেষ্ট মেচখন খেলা হ’ব । ইয়াৰ পিছত অনুষ্ঠিত হ’বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ মেচকেইখন ক্ৰমে ১৪ জুনত ধৰ্মশালাত, ১৭ জুনত লক্ষ্ণৌত আৰু ২০ জুনত চেন্নাইত অনুষ্ঠিত হ’ব ।

দলত ৪ গৰাকী নতুন মুখক সুযোগ-

টেষ্ট আৰু এদিনীয়া স্কোৱাডক মিলাই সৰ্বমুঠ চাৰি গৰাকী নতুন খেলুৱৈক ভাৰতীয় দলত সুযোগ দিয়া হৈছে । ইয়াৰ ভিতৰত শেহতীয়া আই পি এল (IPL)ত সুন্দৰ প্ৰদৰ্শন কৰা খেলুৱৈও অন্তৰ্ভুক্ত হৈছে । এই নতুন খেলুৱৈ কেইগৰাকী হ’ল— মানৱ সুথাৰ, গুৰনুৰ ব্ৰাৰ, হৰ্ষ ডুবে আৰু প্ৰিন্স যাদৱ । ইয়াৰে হৰ্ষ ডুবে আৰু গুৰনুৰ ব্ৰাৰে টেষ্ট আৰু এদিনীয়া দুয়োটা দলতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, প্ৰিন্স যাদৱক কেৱল এদিনীয়া দলত আৰু মানৱ সুথাৰক কেৱল টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে ।

এদিনীয়া দলটোত নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ আৰু অৰ্শদীপ সিঙৰ দৰে খেলুৱৈয়ো স্থান পাইছে । মন কৰিবলগীয়া যে, ঋষভ পণ্টে এইবাৰ এদিনীয়া দলত স্থান পোৱা নাই । অৱশ্যে, সম্পূৰ্ণ ফিটনেছ ক্লিয়াৰেন্স লাভ কৰিলে ৰোহিত শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়া এদিনীয়া শৃংখলাৰ বাবে উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে । এদিনীয়া শৃংখলাত কে এল ৰাহুলে উইকেটৰক্ষকৰ মুখ্য দায়িত্ব পালন কৰিব ।

ঋষভ পণ্টৰ উপ-অধিনায়কত্ব কৰ্তন-

টেষ্ট দলৰ উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে কে এল ৰাহুলক । ইয়াৰ বিপৰীতে ঋষভ পণ্টৰ পৰা উপ-অধিনায়কৰ পদ কাঢ়ি লোৱা হৈছে । এই শৃংখলাত যশস্বী জয়ছোৱাল, ছাই সুদৰ্শন আৰু দেৱদত্ত পড়িক্কলৰ দৰে যুৱ বেটছমেনসকলৰ ওপৰত দলৰ এক ডাঙৰ দায়িত্ব থাকিব । টেষ্ট মেচখনত উইকেটকিপিং বিভাগটো চম্ভালিব ঋষভ পণ্ট আৰু ধ্ৰুৱ জুৰেলে । বোলিং বিভাগত মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু কুলদীপ যাদৱৰ দৰে অভিজ্ঞ তাৰকাই ক নেতৃত্ব দিব, যাৰ সৈতে যুৱ বলাৰসকলেও নিজৰ প্ৰতিভা প্ৰমাণ কৰাৰ সুযোগ পাব ।

ভাৰতীয় টেষ্ট দল-

শুভমন গীল (অধিনায়ক), যশস্বী জয়ছোৱাল, কে এল ৰাহুল (উপ-অধিনায়ক), ছাই সুদৰ্শন, ঋষভ পণ্ট (উইকেটৰক্ষক), দেৱদত্ত পাড্ডিক্কল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, মানৱ সুথাৰ, গুৰনুৰ ব্ৰাৰ, হৰ্ষ ডুবে আৰু ধ্ৰুৱ জুৰেল (উইকেটৰক্ষক)।

ভাৰতীয় এদিনীয়া দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ (উপ-অধিনায়ক), কে এল ৰাহুল (উইকেটৰক্ষক), ইশান কিষাণ (উইকেটৰক্ষক), হাৰ্দিক পাণ্ডিয়া, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, আৰ্শদীপ সিং, প্ৰিন্স যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, গুৰনুৰ ব্ৰাৰ আৰু হৰ্ষ ডুবে ।

লগতে পঢ়ক : ভাৰতৰ নতুন টেষ্ট শৃংখলা ঘোষণা, বিচিচিআইৰ তৰফৰ পৰা অনুৰাগীসকললৈ বিশেষ উপহাৰ

৩৯ বছৰত ভৰি দিলে ৰোহিত শৰ্মাই : ক্ৰিকেট বিশ্বৰ ‘হিটমেন’ৰ সোণালী কেৰিয়াৰৰ পৰিক্ৰমা

ৰান মেচিন তথা হিটমেন ৰোহিত শৰ্মাই ৩০ এপ্ৰিলত তেওঁৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । ২০০৭ চনৰ ২৩ জুনত বেলফাষ্টত ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পৰাই তেওঁ ক্ৰিকেটৰ সকলো সংস্কৰণতে অসংখ্য অভিলেখ ভংগ কৰিছে ।

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক, বিস্ফোৰক বেটাৰ তথা ৰান মেচিন “হিটমেন” ৰোহিত শৰ্মাই ৩০ এপ্ৰিলত তেওঁৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । ২০০৭ চনৰ ২৩ জুনত বেলফাষ্টত ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পৰাই তেওঁ ক্ৰিকেটৰ সকলো সংস্কৰণতে অসংখ্য অভিলেখ ভংগ কৰিছে, যিয়ে তেওঁক খেলখনৰ এজন অন্যতম মহান খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকলকো অনুপ্ৰাণিত কৰি আহিছে ।

যোৱা বছৰ টেষ্ট ক্ৰিকেট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত “হিটমেন” বৰ্তমান এদিনীয়া ক্ৰিকেটত সক্ৰিয় হৈ আছে আৰু ৫০ অভাৰৰ এই সংস্কৰণত নিজৰ আগ্ৰাসী প্ৰদৰ্শন অব্যাহত ৰাখিছে । ২০১৩ চনত টেষ্টত অভিষেক ঘটোৱা ৰোহিতে মুঠ ৬৭খন মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৪,৩০১ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ ৰঙা বলৰ কেৰিয়াৰত ১২টা শতক আৰু ১৮টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে, য’ত ২০১৯ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কৰা ২১২ ৰান আছিল তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ স্ক’ৰ ।

২০০৭ চনত টি-২০ অভিষেক ঘটোৱা ৰোহিতে ১৫৯খন মেচত ৪২৩১ ৰান সংগ্ৰহ কৰি ২০২৪ চনত এই ফৰ্মেটৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰী হিচাপে অৱসৰ গ্ৰহণ কৰে । টি-২০ আন্তঃৰাষ্ট্ৰীয়ত যুটীয়াভাৱে সৰ্বাধিক শতকৰ (পাঁচটা) অভিলেখো তেওঁৰ নামত আছে । তেওঁ দুখনকৈ টি-২০ বিশ্বকাপ জয় কৰিছে : প্ৰথমখন ২০০৭ চনত এজন খেলুৱৈ হিচাপে আৰু শেহতীয়া ২০২৪ চনৰ বিশ্বকাপখন অধিনায়ক হিচাপে । ২০২৪ চনত ১৫০ খনতকৈও অধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলা প্ৰথমজন পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হোৱা ৰোহিতে ভাৰতৰ টি-২০ বিশ্বকাপ বিজয়ৰ পিছতেই এই সংস্কৰণৰ পৰা অৱসৰ ঘোষণা কৰিছিল ।

এদিনীয়া ক্ৰিকেটৰ এগৰাকী অন্যতম সফল অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাই ২৮২খন মেচত প্ৰায় ৪৯ গড়ত ১১,৫৭৭ ৰান সংগ্ৰহ কৰিছে, য’ত ৩৩টা শতক আৰু ৬১টা অৰ্ধশতক আছে । ৫০ অভাৰৰ খেলত সৰ্বোচ্চ ব্যক্তিগত স্ক’ৰৰ (২৬৪ ৰান) অভিলেখো “হিটমেন”ৰ নামত আছে । ইয়াৰ উপৰিও এদিনীয়াত তিনিটাকৈ দ্বিশতক অৰ্জন কৰাৰ অনন্য কৃতিত্ব তেওঁৰ আছে ।

ৰোহিতে অতি সহজে এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰিছিল, আইপিএলৰ প্ৰথম ১৫টা সংস্কৰণৰ ভিতৰত ছয়টা খিতাপ জয় কৰিছিল আৰু ২০১৯ চনৰ এদিনীয়া বিশ্বকাপত পাঁচটা শতক অৰ্জন কৰিছিল । ২০১৯ চনত যেতিয়া তেওঁ টেষ্টত অ’পেনাৰ হিচাপে সুযোগ পাইছিল, তেওঁ নিজৰ প্ৰথমটো চিৰিজতে এটা দ্বিশতককে ধৰি দ্ৰুতগতিত তিনিটা শতক অৰ্জন কৰিছিল ।

ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে ২০২৩ চনৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ আৰু সেই একে বছৰতে এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত দলটো খিতাপ জয়ৰ অতি ওচৰ চাপিছিল । অৱশ্যে, ২০২৪ চনত ভাৰতক টি-২০ বিশ্বকাপৰ খিতাপ জয় কৰাই তেওঁ সেই দুখ মোচন কৰে আৰু আইচিচি ট্ৰফীৰ ১৩ বছৰীয়া খৰাং অন্ত পেলায় । ইয়াৰ পিছতে তেওঁৰ নেতৃত্বত ভাৰতে ২০২৫ চনত চেম্পিয়নছ ট্ৰফীও জয় কৰে । নিজৰ কেৰিয়াৰৰ শেষ পৰ্যায়ত উপনীত হোৱা ৰোহিত শৰ্মা ক্ৰিকেট বিশ্বই দেখা এজন অতুলনীয় তাৰকা হিচাপে সদায় স্মৰণীয় হৈ ৰ’ব ।

লগতে পঢ়ক : ৰিয়ান পৰাগৰ বিৰদ্ধে কঠোৰ বিচিচিআই, শাস্তিৰ সন্মুখীন

ৰোহিত শৰ্মাৰ অভিলেখ ভংগ স্মৃতি মন্ধানাৰ; গঢ়িলে নতুন ইতিহাস

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মহিলা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত স্মৃতি মন্ধানাই ইতিহাসৰ সৃষ্টি কৰিছে।

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক স্মৃতি মন্ধানাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বেটিঙৰ সৈতে ধাৰাবাহিকভাৱে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই আহিছে।১৭ এপ্ৰিল (শুকুৰবাৰ) ডাৰবানত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টি-২০ শৃংখলাৰ প্ৰথমখন খেলত স্মৃতিয়ে ১৩ ৰান সংগ্ৰহ কৰে,কিন্তু এই চমু ইনিংছৰ সময়ছোৱাটো খেলুৱৈ গৰাকীয়ে নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িলে।টি-২০ ইণ্টাৰনেশ্যনেল (টি-২০ আই)ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে স্মৃতি মন্ধানা।

এই মেচখনত স্মৃতি মন্ধানাই এক ৰান লোৱাৰ লগে লগেই ৰোহিত শৰ্মাক চেৰ পেলাই শীৰ্ষস্থান লাভ কৰে। ৰোহিত শৰ্মাই ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৪,২৩১ ৰান সংগ্ৰহ কৰিছিল।স্মৃতিৰ নামত ১৬১খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত গড়ে ৩০.৩১ ৰান সংগ্ৰহ কৰি মুঠ ৪,২৪৪ ৰান কৰে। এই সময়ছোৱাত তেওঁ এটা শতক আৰু ৩৩টা অৰ্ধশতক অৰ্জন কৰিছে।

লগতে পঢ়ক: ‘কিছুমান কঠিন প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগিব’; অবিৰত পৰাজয়ৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ বিস্ফোৰক মন্তব্য

মুম্বাই ইণ্ডিয়ানছত হিটমেনৰ ১৫ বছৰ… ভাইৰেল হাৰ্দিক পাণ্ডিয়াৰ প্ৰতিক্ৰিয়া

মুম্বাই ইণ্ডিয়ানছৰ সফল অধিনায়ক ৰোহিত শৰ্মাৰ ১৫ বছৰ সম্পূৰ্ণ

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত ছিজনত আই পি এলত খিতাপৰ বাবে আগ্ৰাসী ৰূপত খেলপথাৰত নামিছে । ইয়াৰ মাজতে দলটোৱে তেওঁলোকৰ সফল অধিনায়ক ৰোহিত শৰ্মাৰ ১৫ বছৰ সম্পূৰ্ণ কৰাৰ আনন্দ উদযাপন কৰে । ২০১১ চনৰ ১০ এপ্ৰিলত মুম্বাইৰ হৈ অভিষেক ঘটোৱা ৰোহিতে ফ্ৰেঞ্চাইজিটোৰ সৈতে ১৫ বছৰ সম্পূৰ্ণ কৰিছে । আজিও তেওঁ মুম্বাইৰ জাৰ্চি পিন্ধা দলটোৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ আছে আৰু তেওঁৰ কেৰিয়াৰৰ বাবে তেওঁ ব্যাপক প্ৰশংসা লাভ কৰিছে ।

ইফালে বৰ্তমানৰ মুম্বাইৰ অধিনায়ক তথা অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াইও ৰোহিতক বিশেষ ভাবে অভিনন্দন জনায় । মুম্বাই ইণ্ডিয়ানছৰ ছ’চিয়েল মিডিয়া চেনেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত হাৰ্দিকে কয়, “ভাই, ১৫ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন । আপুনি ইমান দিনে এই ফ্ৰেঞ্চাইজিটোক যিদৰে নেতৃত্ব দিছে তাৰ বাবে । মইও আপোনাৰ অধিনায়কত্বত অভিষেক ঘটালোঁ—যশপ্ৰীত বুমৰাহকে ধৰি আন বহু খেলুৱৈয়েও এই সুযোগ লাভ কৰে ।”

তেওঁ আৰু কয়, “আপুনি এই ফ্ৰেঞ্চাইজিৰ বাবে আৰু ভাৰতৰ হৈ খেলিবলৈ যোৱা বহু খেলুৱৈক অনুপ্ৰাণিত কৰিছে । আপুনি কেৱল এজন মহান নেতা নহয়, এজন আচৰিত মানুহো—সদায় বন্ধুত্বপূৰ্ণ, মুকলি হৃদয়ৰ আৰু সন্মুখৰ পৰা নেতৃত্ব দিয়া । আপোনাক বহুত অভিনন্দন আৰু এই বছৰবোৰত আপুনি কৰা সকলো কামৰ বাবে ধন্যবাদ ।”

উল্লেখ্য য়ে, ৩৮ বছৰীয়া ৰোহিত শৰ্মা আই পি এলৰ ইতিহাসত মাত্ৰ দুজন অধিনায়কৰ ভিতৰত অন্যতম যিয়ে নিজৰ দলটোক ৫টাকৈ খিতাপ জয়ৰ দিশত আগুৱাই লৈ গৈছে । ২০০৮ চনত ডেক্কান চাৰ্জাৰ্ছৰ সৈতে আই পি এল কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ । ইয়াৰ পাছত ২০১১ চনত মুম্বাই ইণ্ডিয়ানছে তেওঁক অধিগ্ৰহণ কৰে, য’ত তেওঁ শচীন টেণ্ডুলকাৰৰ অধিনায়কত্বত খেলিবলৈ আৰম্ভ কৰে ।

আজিলৈকে মুম্বাইৰ হৈ ২৩০খন মেচ খেলি ৰোহিতে দুটা শতককে ধৰি ৫,৯৯৪ ৰান সংগ্ৰহ কৰিছে ।

কিন্তু তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব তেওঁৰ অধিনায়কত্বত নিহিত হৈ আছে, যাৰ অধীনত তেওঁ ২০১৩, ২০১৫, ২০১৭, ২০১৯, আৰু ২০২০ চনত মুম্বাইক পাঁচটা চেম্পিয়নশ্বিপ খিতাপ দখল কৰিবলৈ নেতৃত্ব দিছিল । ইয়াৰ উপৰিও ২০১১ আৰু ২০১৩ চনত চেম্পিয়নছ লীগ জয় কৰা মুম্বাই দলৰ সদস্যও আছিল ।

এই ছিজনতো যদি ৰোহিতে মুম্বাইক খিতাপ দখললৈ লৈ যোৱাত সফল হয়, তেন্তে তেওঁ আই পি এলৰ ইতিহাসৰ আটাইতকৈ সফল খেলুৱৈ হিচাপে পৰিগণিত হ’ব ।

চলিত আই পি এলত ৰোহিতে তিনিটা ইনিংছত ১১৮ ৰান সংগ্ৰহ কৰিছে; তেওঁ গড় ৩৯.৩৩ আৰু ১৫০ (১৬৮.৫৭)তকৈ অধিক ষ্ট্ৰাইক ৰেট । তদুপৰি তেওঁৰ নামত অৰ্ধ শতকো আছে ।

লগতে পঢ়ক : বৈভৱৰ প্ৰদৰ্শনে হৃদয় জিনিলে বিৰাট কোহলীৰ; দিলে বিশেষ উপহাৰ

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই; ৰচিলে নতুন ইতিহাস

দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ৭৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল।২২১ ৰানৰ লক্ষ্য খেদি মুম্বাই ইণ্ডিয়ানছে ঐতিহাসিক জয় লাভ কৰে।এই মেচখনত ৰোহিত শৰ্মাই অভিলেখ সৃষ্টি কৰিলে।

দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে আই পি এল ২০২৬ ৰ আৰম্ভণি কৰে ৰোহিত শৰ্মাই।মেচখনত তেওঁ ৩৮ বলত ৭৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে।

ৰিয়ান ৰিকেলটনৰ সৈতে ৰোহিত শৰ্মাই প্ৰথম উইকেটৰ বাবে ১৪৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে।যিয়ে মুম্বাই ইণ্ডিয়ানছক ঐতিহাসিক জয়ৰ দিশত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।আই পি এলৰ ইতিহাসত এয়া হৈছে মুম্বাই ইণ্ডিয়ানছৰ সফল ৰান চেজ।

৭৮ ৰানৰ এই ভয়ংকৰ ইনিংছত ৰোহিত শৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়।২০৫.২৬ ষ্ট্ৰাইক ৰেটত খেলা এই দুৰ্দান্ত ইনিংছত তেওঁ ৬টা ছয় আৰু ৬টা চাৰিটা কোবাই।যাৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটত ৫৫০টা ছয় কোবোৱা প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হ’ল। এই মেচখনৰ পূৰ্বে এই মাইলষ্টোনত উপনীত হ’বলৈ তিনিটা ছয়ৰ প্ৰয়োজন আছিল, আৰু খেলখনত অলপ সময়ৰ ভিতৰতে তেওঁ সেই লক্ষ্যত উপনীত হয়।

এই ইনিংছত ৰোহিতে কোহলীৰ অভিলেখ ভংগ কৰে।কেকেআৰৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ১১৬১ ৰান সংগ্ৰহ কৰে,ইয়াৰ লগে লগে তেওঁ এটা দলৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।ইয়াৰ পূৰ্বে এই অভিলেখ বিৰাট কোহলীৰ হাতত আছিল,যিয়ে পঞ্জাৱৰ বিৰুদ্ধে ১১৫৯ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ; বৰষুণে দিব নেকি বিধি-পথালি  

ভাৰতৰ প্ৰস্তুতিৰ পৰা ৰোহিত-কোহলী ফেক্টৰলৈ… কেতিয়া, ক’ত আৰু কিয় বিশেষ হ’ব এদিনীয়া বিশ্বকাপ ?  

ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে

এদিনীয়া ক্ৰিকেটৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আই চি চি এদিনীয়া বিশ্বকাপ ২০২৭ লাহে লাহে চৰ্চালৈ আহিছে । প্ৰাথমিক তথ্য অনুসৰি ২০২৭ চনৰ অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব পাৰে এই প্ৰতিযোগিতা । এইবাৰ দক্ষিণ আফ্ৰিকা, জিম্বাবুৱে আৰু নামিবিয়াই এ প্ৰতিযোগিতাৰ আয়োজন কৰিব । তাৎপৰ্যপূৰ্ণভাৱে এই সংস্কৰণত ১৪টা দলে অংশগ্ৰহণ কৰিব আৰু মুঠ ৫৪খন মেচ অনুষ্ঠিত হ’ব । এই বিশ্বকাপ টিম ইণ্ডিয়াৰ বাবে বহু বিশেষ হ’ব ।

উল্লেখ্য যে, আগন্তুক এদিনীয়া বিশ্বকাপৰ পূর্বে ভাৰতীয় দলটোক যিমান পাৰি সিমান মেচৰ অনুশীলন প্রদানৰ বাবে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড আগ্ৰহী ৷ বাতৰি অনুসৰি ইংলেণ্ড, নিউজীলেণ্ড, আয়াৰলেণ্ড, শ্ৰীলংকাৰ দৰে ব’ৰ্ডে ভাৰতক দ্বিপাক্ষিক শৃংখলাত এদিনীয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে । ইয়াৰ দ্বাৰা ভাৰতে যথেষ্ট প্ৰস্তুতি চলোৱাৰ সুযোগ লাভ কৰিব । ইফালে এই এদিনীয়াৰ মূল আকৰ্ষণ হ’ব ৰোহিত শৰ্মা আৰু বিৰাট কোহলী । বৰ্তমান দুয়োগৰাকী প্ৰবীণ খেলুৱৈয়ে কেৱল এদিনীয়া ফৰ্মেটতহে খেলে ।

২০২৬ চনত টিম ইণ্ডিয়াৰ সূচী যথেষ্ট ব্যস্ততাপূৰ্ণ হোৱাৰ কথা । আই পি এলৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে শৃংখলা খেলিব ভাৰতে । তাৰ পাছতে ইংলেণ্ড ভ্ৰমণ কৰিব দলটোৱে য’ত এদিনীয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । আয়াৰলেণ্ড আৰু শ্ৰীলংকাৰ বিৰুদ্ধেও মেচৰ সংখ্যা বৃদ্ধি পাব পাৰে । ভাৰতৰ সৈতে টেষ্ট শৃংখলাত সীমিত অভাৰৰ মেচ সংযোজন কৰিবলৈও চেষ্টা চলাইছে শ্ৰীলংকাৰ ব’ৰ্ডে । ২০২৭ চনৰ পূৰ্বে ভাৰতে ৫০ অভাৰৰ ক্ৰিকেটত ধাৰাবাহিকভাৱে গুৰুত্ব দিব বুলি স্পষ্ট হৈ পৰিছে ।

ইফালে এটা ডাঙৰ পৰিৱৰ্তন হ’ল শুভমন গীল এতিয়া টিম ইণ্ডিয়াৰ এদিনীয়া দলৰ অধিনায়ক । অৰ্থাৎ ভাৰতীয় দলটোৱে নতুন নেতৃত্ব আৰু অভিজ্ঞ খেলুৱৈৰ সংমিশ্ৰণেৰে ২০২৭ চনৰ বিশ্বকাপত প্ৰৱেশ কৰিব পাৰে ।

কোহলী-ৰোহিত ফেক্টৰ-

ৰোহিত শৰ্মা আৰু বিৰাট কোহলী কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে । দুয়োজনে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত এই ফৰ্মেটৰ পৰাও অৱসৰ লোৱাৰ সম্ভাৱনা আছে । গতিকে যিকোনো মূল্যৰ বিনিময়ত নিজৰ দেশৰ বাবে ট্ৰফী জয় কৰিবলৈ দুয়োজনেই উত্ৰাৱল হৈ আছে ।

লগতে পঢ়ক : বেংগালুৰু বনাম হায়দৰাবাদৰ মেচেৰে আৰম্ভণি হ’ব আই পি এল ২০২৬