বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই; ৰচিলে নতুন ইতিহাস

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰিলে ৰোহিত শৰ্মাই; ৰচিলে নতুন ইতিহাস

দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ৭৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল।২২১ ৰানৰ লক্ষ্য খেদি মুম্বাই ইণ্ডিয়ানছে ঐতিহাসিক জয় লাভ কৰে।এই মেচখনত ৰোহিত শৰ্মাই অভিলেখ সৃষ্টি কৰিলে। দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে আই পি এল ২০২৬ ৰ আৰম্ভণি কৰে ৰোহিত

দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ৭৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল।২২১ ৰানৰ লক্ষ্য খেদি মুম্বাই ইণ্ডিয়ানছে ঐতিহাসিক জয় লাভ কৰে।এই মেচখনত ৰোহিত শৰ্মাই অভিলেখ সৃষ্টি কৰিলে।

দেওবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে আই পি এল ২০২৬ ৰ আৰম্ভণি কৰে ৰোহিত শৰ্মাই।মেচখনত তেওঁ ৩৮ বলত ৭৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে।

ৰিয়ান ৰিকেলটনৰ সৈতে ৰোহিত শৰ্মাই প্ৰথম উইকেটৰ বাবে ১৪৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে।যিয়ে মুম্বাই ইণ্ডিয়ানছক ঐতিহাসিক জয়ৰ দিশত আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।আই পি এলৰ ইতিহাসত এয়া হৈছে মুম্বাই ইণ্ডিয়ানছৰ সফল ৰান চেজ।

৭৮ ৰানৰ এই ভয়ংকৰ ইনিংছত ৰোহিত শৰ্মাই কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হয়।২০৫.২৬ ষ্ট্ৰাইক ৰেটত খেলা এই দুৰ্দান্ত ইনিংছত তেওঁ ৬টা ছয় আৰু ৬টা চাৰিটা কোবাই।যাৰ লগে লগে তেওঁ টি-২০ ক্ৰিকেটত ৫৫০টা ছয় কোবোৱা প্ৰথম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হ’ল। এই মেচখনৰ পূৰ্বে এই মাইলষ্টোনত উপনীত হ’বলৈ তিনিটা ছয়ৰ প্ৰয়োজন আছিল, আৰু খেলখনত অলপ সময়ৰ ভিতৰতে তেওঁ সেই লক্ষ্যত উপনীত হয়।

এই ইনিংছত ৰোহিতে কোহলীৰ অভিলেখ ভংগ কৰে।কেকেআৰৰ বিৰুদ্ধে ৰোহিত শৰ্মাই ১১৬১ ৰান সংগ্ৰহ কৰে,ইয়াৰ লগে লগে তেওঁ এটা দলৰ বিৰুদ্ধে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে।ইয়াৰ পূৰ্বে এই অভিলেখ বিৰাট কোহলীৰ হাতত আছিল,যিয়ে পঞ্জাৱৰ বিৰুদ্ধে ১১৫৯ ৰান সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: বৰ্ষাপাৰাত আজি ৰাজস্থান ৰয়েলছ বনাম চেন্নাই ছুপাৰ কিংছ; বৰষুণে দিব নেকি বিধি-পথালি