চীন-আমেৰিকা-ৰাছিয়াক চেৰ পেলাই আগবাঢ়িল ভাৰত; তালিকাত শোচনীয় অৱস্থা পাকিস্তানৰ ?

১৫৪খন দেশৰ ভিতৰত এই তালিকাত ০.৫৫১৫ নম্বৰ লাভ কৰি ১৬ সংখ্যক স্থান লাভ কৰিছে ভাৰতে । এই তালিকাত ভাৰতে আমেৰিকা আৰু চীনৰ দৰে ডাঙৰ দেশক অতিক্ৰম কৰে ।

ৱৰ্ল্ড ইনটেলেকচুৱেল ফাউণ্ডেশ্যনে (WIF) প্ৰকাশ কৰা ৰেচপন্সিবল নেচনছ ইনডেক্স ২০২৬(Responsible Nations Index)-এ দেশসমূহৰ ওপৰত এক নতুন দৃষ্টিভংগী আগবঢ়াইছে । এই তালিকাত এখন দেশৰ শক্তি তাৰ অৰ্থনীতি, সামৰিক বা ৰাজনৈতিক প্ৰভাৱৰ দ্বাৰা নহয়, বৰঞ্চ ইয়াৰ জনসাধাৰণ, পৰিৱেশ আৰু বিশ্বৰ প্ৰতি থকা দায়িত্বৰ দ্বাৰাহে জোখা হয় ।

যি সময়ত বিশ্বই ভূ-ৰাজনৈতিক উত্তেজনা, অৰ্থনৈতিক অনিশ্চয়তা আৰু জলবায়ু সংকটৰ সৈতে যুঁজি আছে, সেই সময়ত এই প্ৰতিবেদনে ন্যায়, কৰুণা আৰু দীৰ্ঘম্যাদী চিন্তাধাৰাক অগ্ৰাধিকাৰ দিয়া দেশসমূহৰ ওপৰত আলোকপাত কৰিছে ।

ৰেচপন্সিবল নেচনছ ইনডেক্স কি ?

ৰেচপন্সিবল নেচন ইনডেক্স (RNI) হৈছে ১৫৪খন দেশক মূল্যায়ন কৰা এক বিশ্বব্যাপী ৰেংকিং । ই চাৰিটা মূল আধাৰক লৈ দেশসমূহৰ মূল্যায়ন কৰে :

-নৈতিক আৰু স্বচ্ছ শাসন ব্যৱস্থা

-সমাজ কল্যাণ আৰু নাগৰিকৰ মংগল

-পৰিৱেশ সুৰক্ষা

-বিশ্বব্যাপী দায়বদ্ধতা আৰু আন্তঃৰাষ্ট্ৰীয় আচৰণ

এই সূচকাংকই জিডিপি বা সামৰিক শক্তিৰ দৰে পৰম্পৰাগত পদক্ষেপৰ পৰা আঁতৰি দেশসমূহে নিজৰ ক্ষমতা কিমান সৎ আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰে তাক চায় ।

২০২৬ চনৰ ১০খন আটাইতকৈ দায়িত্বশীল দেশ-

-ছিংগাপুৰ (স্ক’ৰ : ০.৬১৯৪)

-চুইজাৰলেণ্ড (০.৫৮৬৯)

-ডেনমাৰ্ক (০.৫৮৩৭)

-চাইপ্ৰাছ (০.৫৭৭৪)

-ছুইডেন (০.৫৭৪০)

-চেকিয়া (০.৫৭০৪)

বেলজিয়াম (০.৫৬৯০)

-অষ্ট্ৰিয়া (০.৫৬৬৫)

-আয়াৰলেণ্ড (০.৫৬৩৪)

-জৰ্জিয়া (০.৫৫৮১)

ভাৰতৰ স্থান কিমান ?

১৫৪খন দেশৰ ভিতৰত ভাৰতে এই তালিকাত ০.৫৫১৫ নম্বৰ লাভ কৰি ১৬ সংখ্যক স্থান লাভ কৰিছে ভাৰতে । এই তালিকাত ভাৰতে আমেৰিকা (৬৬) আৰু চীন (৬৮)ৰ দৰে ডাঙৰ দেশক অতিক্ৰম কৰে । ভাৰতৰ স্থানে স্বাস্থ্য, সামাজিক সমতা, পৰিৱেশ প্ৰচেষ্টা আৰু জনকেন্দ্ৰিক শাসনৰ অগ্ৰগতি প্ৰতিফলিত কৰে । এই তালিকাৰ ১৫৪খন দেশৰ ভিতৰত পাকিস্তানে ৯০ নম্বৰ স্থান লাভ কৰিছে । ৰাছিয়াই ৯৬ নম্বৰ স্থান লাভ কৰে ।

লগতে পঢ়ক : অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১০০০ তকৈও অধিক ঘৰ, হাজাৰ হাজাৰ লোক গৃহহীন

ভাৰত-ৰাছিয়াৰ তৈল বাণিজ্যক লৈ ট্ৰাম্পৰ বিস্ফোৰণ ! কি ক’লে ক্ৰেমলিনে ?

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই ।

মঙলবাৰে ৰাছিয়াই কয় যে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰা বুলি দাবী কৰাৰ পিছত এই বক্তব্য প্ৰকাশ কৰিছে ।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে স্পষ্টভাৱে কয় যে মস্কোৱে এই বিষয়ত দিল্লীৰ পৰা কোনো আনুষ্ঠানিক যোগাযোগ লাভ কৰা নাই । পেস্কোভে কয় যে এতিয়ালৈকে আমি ভাৰতৰ পৰা ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো তথ্য লাভ কৰা নাই । তেওঁ লগতে উল্লেখ কৰে যে ৰাছিয়াই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক বিকশিত কৰিব বিচাৰে আৰু দুয়োখন দেশৰ মাজত সহযোগিতাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে ।

দৰাচলতে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মত হৈছে । ট্ৰাম্পৰ মতে, বিনিময়ত আমেৰিকাই ভাৰতীয় ৰপ্তানিৰ ওপৰত আমদানি শুল্ক ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে । তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীয়ে যথেষ্ট সকাহ পাব ।

ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি এতিয়াও আনুষ্ঠানকভাৱে নিশ্চিত কৰা নাই । বিশেষজ্ঞসকলৰ মতে ভাৰতে শক্তি নীতিৰ ক্ষেত্ৰত সদায় সুষম আৰু সতৰ্ক পন্থা গ্ৰহণ কৰে । ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ পৰা কম দামত তেল লাভ কৰি আহিছে, যিটো দেশৰ শক্তি সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ শুল্ক হ্ৰাসৰ ঘোষণা কৰি ড’নাল্ড ট্ৰাম্পৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাসৰ বৃহৎ ঘোষণা আমেৰিকাৰ…

আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক হ্ৰাসৰ বৃহৎ ঘোষণা কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰি সামাজিক মাধ্যমত এটা পোষ্টযোগে এই ঘোষমা কৰিছে ।

আমেৰিকা আৰু ভাৰতৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ অংশ হিচাপে আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিছে । এই কথা ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰি কয় যে তেওঁলোকে ফোনযোগে বাণিজ্য, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলোৱাকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰে ।

ভাৰতৰ সৈতে হোৱা বাণিজ্যিক চুক্তিৰ বিষয়ে তথ্য প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত লিখিছে, “আজি ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ পাই গৌৰৱ অনুভৱ কৰিলোঁ । তেওঁ মোৰ অন্যতম ঘনিষ্ঠ বন্ধু আৰু তেওঁৰ দেশৰ এজন শক্তিশালী আৰু সন্মানীয় নেতা । আমি বাণিজ্য, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাকে ধৰি বহু বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ ।”

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে ভাৰতে-

ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমত দিয়া পোষ্টত দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰি আমেৰিকা আৰু সম্ভৱতঃ ভেনিজুৱেলাৰ পৰা অধিক তেল ক্ৰয় কৰিবলৈ সন্মত হৈছে । ইয়াৰ ফলত ইউক্ৰেইনত প্ৰতি সপ্তাহত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱা যুদ্ধৰ অন্ত পৰাত সহায়ক হ’ব !

ভাৰতেও হ্ৰাস কৰিব নেকি শুল্ক ?

প্ৰধানমন্ত্ৰী মোদীক বন্ধু আখ্যা দি তেওঁ কয়, “প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি বন্ধুত্ব আৰু সন্মানৰ বাবে আৰু তেওঁৰ অনুৰোধত আমি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰিছো, যাৰ অধীনত আমেৰিকাই পাৰস্পৰিক শুল্ক ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিব । একেদৰে ভাৰতেও আমেৰিকাৰ সামগ্ৰীৰ ওপৰত শুল্ক আৰু অশুল্ক বাধা শূন্যলৈ হ্ৰাস কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব ।”

ট্ৰাম্পে আৰু কয় যে মোদীয়ে বাই আমেৰিকান নীতিক অতি উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে । ভাৰতে আমেৰিকাৰ পৰা ৫০০ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ শক্তি, প্ৰযুক্তি, কৃষি, কয়লা আৰু অন্যান্য আমেৰিকাৰ সামগ্ৰী ক্ৰয় কৰিব । ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে আমাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব ।

লগতে পঢ়ক : দমন, নিষ্ঠুৰতাৰ ইতিহাস জগত বিখ্যাত : বেলুচিস্তানক লৈ পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

দমন, নিষ্ঠুৰতাৰ ইতিহাস জগত বিখ্যাত : বেলুচিস্তানক লৈ পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

বেলুচিস্তানক লৈ পাকিস্তানে উত্থাপন কৰা অভিযোগৰ চোকা প্ৰত্যুত্তৰ দিছে ভাৰতে । এয়া পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল বুলি অভিহিত কৰিছে ভাৰতে ।

বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আছে বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভাৰতে দেওবাৰে কঠোৰভাৱে নাকচ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰি কয় যে এয়া হৈছে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল ।

পাকিস্তানৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে, “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আমি সম্পূৰ্ণৰূপে নাকচ কৰিছো । এইবোৰ পাকিস্তানে নিজৰ আভ্যন্তৰীণ সমস্যাৰ পৰা মনোযোগ আঁতৰোৱাৰ বহু বৰ্ষ ধৰি ব্যৱহাৰ কৰি অহা কৌশলৰ বাহিৰে আন একো নহয় ।”

ৰণধীৰ জয়ছোৱালে কয় যে প্ৰতিবাৰে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত এনে ভিত্তিহীন অভিযোগৰ পুনৰাবৃত্তি কৰাৰ পৰিৱৰ্তে পাকিস্তানে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । পাকিস্তানৰ অভিলেখৰ উদ্ধৃতি দি জয়ছোৱালে কয় যে দেশখনৰ দমন, নৃশংসতা, মানৱ অধিকাৰ উলংঘাৰ ইতিহাস সকলোৰে পৰিচিত ।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ এই প্ৰতিক্ৰিয়া পাকিস্তান সেনাবাহিনীৰ দাবীৰ পিছত প্ৰকাশ পাইছে, য’ত কোৱা হৈছিল যে ভাৰতে বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ প্ৰচেষ্টাত জড়িত সন্ত্ৰাসবাদী উপাদানক সমৰ্থন কৰিছে ।

লগতে পঢ়ক : ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

বিশ্বকাপৰ পূৰ্বে অন্তিমখন মেচঃ তিৰুৱনন্তপুৰমত আজি ভাৰত-নিউজীলেণ্ডৰ পঞ্চম টি-২০

বিশ্বকাপৰ পূৰ্বে আজি অন্তিমখন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচ খেলিব ভাৰতীয় দলে । বিশাখাপট্টনমত পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক ।

শনিবাৰে  তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব শৃংখলাৰ পঞ্চম আৰু অন্তিমখন টি-২০ মেচ । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’ব মেচখন । আগন্তুক বিশ্বকাপৰ পূৰ্বে এইখনেই হ’ব ভাৰতীয় দলৰ অন্তিমখন টি-২০ মেচ ।

বিশাখাপট্টনমত ৫০ ৰানৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছতো টি-২০ বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে টিম ইণ্ডিয়াক । এইখন মেচ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব । ইফালে নিজৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ হৈ ঘৰুৱা খেলপথাৰত নামিবলৈ সাজু হৈছে সঞ্জু চেমছন ।

বিখাশাপট্টনমত ছয় বেটছমেন-পাঁচ বলাৰৰ ৰণকৌশল বিফল হয় যদিও কুলদীপ যাদৱ আৰু সঞ্জু চেমছন ফৰ্মলৈ ঘূৰি অহাটো ভাৰতৰ বাবে সকাহৰ বিষয় । এই বিশ্বকাপ চক্ৰত ভাৰতৰ জয়ৰ শতকৰা হাৰ ৮০ শতাংশ, যিটো অষ্ট্ৰেলিয়াতকৈ ১০ পইণ্ট বেছি । এই মেচখনৰ বাবে ঈশান কিষণ আৰু অক্ষৰ পেটেলৰ প্ৰত্যাৱৰ্তনৰ আশা কৰিছে দল পৰিচালনা সমিতিয়ে । একেৰাহে চাৰিখন মেচ খেলা হাৰ্দিক পাণ্ডিয়াক হয়তো এই মেচত জিৰণি দিয়া হ’ব পাৰে ।

খেলৰ এদিন পূৰ্বে সংবাদমেলৰ সময়ত টিম ইণ্ডিয়াৰ বেটিং প্ৰশিক্ষক সীতাংশু কোটাকে মূল একাদক লৈ এই ইংগিত দিয়ে । অৱশ্যে শৃংখলাৰ বাবে দলত স্থান লাভ কৰিলেও পূৰ্বৰ চাৰিখন মেচত মূল একাদশৰ পৰা বাহিৰত থকা শ্ৰেয়াছ আয়েৰে আজি সুযোগ পাব নে নাই সেয়া হ’ব লক্ষ্যণীয় ।

ইতিমধ্যে পাঁচখন মেচৰ এই টি-২০ শৃংখলাত ভাৰতে ৩-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে ।

তিৰুৱনন্তপুৰম টি-২০ৰ বাবে ভাৰতৰ সম্ভাৱ্য মূল একাদশ :

সঞ্জু চেমছন (উইকেটকীপাৰ), অভিষেক শৰ্মা, ঈশান কিষণ, সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শিৱম ডুবে, ৰিংকু সিং, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং ।

লগতে পঢ়ক : অষ্ট্ৰেলিয়ান অ’পেনৰ ফাইনেলৰ মহাযুদ্ধ : মুখামুখি হ’ব জ’কভিচ আৰু আলকাৰাজ

অভিষেকৰ ধুমুহাত বিধ্বস্ত নিউজীলেণ্ড… তৃতীয় টি-২০ত ৮ উইকেটত ভাৰতৰ জয়

টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । নিউজীলেণ্ডৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয়খন মেচতো ভাৰতৰ জয় ।

নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত পাঁচখন মেচৰ টি-২০ শৃংখলাত নিজৰ বিজয়ী অভিযান অব্যাহত ৰাখিছে ভাৰতীয় দলে । দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শৃংখলাৰ তৃতীয়খন মেচত ৮ উইকেট ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে । লগে লগে পাঁচখন মেচৰ টি-২০ শৃংখলাটো দখল কৰে সূৰ্য ব্ৰিগেডে । মেচখনত অভিষেক শৰ্মাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ভাৰতে মাত্ৰ ১০ অভাৰতে কেৱল ২টা উইকেট হেৰুৱাই মেচখনত জয়লাভ কৰে ।

ভাৰতৰ বেটিং বিক্ৰম-

১৫৪ ৰানৰ লক্ষ্য অনুসৰণ কৰা টিম ইণ্ডিয়াৰ আৰম্ভণি বিপৰ্যয়েৰে হয় । প্ৰথম বলতে সঞ্জু চেমছন বল্ড হয় । মেট হেনৰীয়ে সঞ্জুৰ উইকেট দখল কৰি ভাৰতক চাপত পেলাই । কিন্তু তাৰ পিছতে ঈশান কিষণে দলৰ ইনিংছ চম্ভালে । তেওঁ ১৩টা বলত ২৮ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত তিনিটা চাৰি আৰু দুটা ছয় আছিল । চতুৰ্থ অভাৰত কিষণৰ উইকেটৰ পতন ঘটে । কিন্তু তেতিয়ালৈকে টিম ইণ্ডিয়াই ৫০ ৰান অতিক্ৰম কৰে ।

কিষণৰ উইকেটৰ পতনৰ পিছতে বিস্ফোৰক ৰূপ ধাৰণ কৰে অভিষেক শৰ্মাই । অভিষেকে ১৪টা বলতে অৰ্ধ শতক সম্পূৰ্ণ কৰে । অভিষেকৰ বেটিং ধুমুহাত ভাৰতৰ স্ক’ৰ সপ্তম অভাৰত ১০০ ৰান অতিক্ৰম কৰে । ইয়াৰ পিছতে অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ বেটেও বিধ্বংসী ৰূপ লয় । সূৰ্য্যই ২৫টা বলত অৰ্শ শতক সম্পূৰ্ণ কৰে । অভিষেক আৰু সূৰ্যকুমাৰৰ বেটিং বিক্ৰমৰ সহায়তে ভাৰতে মাত্ৰ ১০ অভাৰতে মেচখনত জয়লাভ কৰে । সূৰ্যই ২৬টা বলত অপৰাজিত ৫৭ ৰান সংগ্ৰহ কৰে । অভিষেকে ২০টা বলত ৬৮ ৰানৰ অপৰাজিত ইনিংছ খেলে । অভিষেকে তেওঁৰ ইনিংছত ৭টা চাৰি আৰু ৫টা ছয় কোবাই । সূৰ্যই ৬টা চাৰি আৰু ৩টা ছয় কোবাই ।

নিউজীলেণ্ডৰ ইনিংছ-

বৰ্ষাপাৰাত টছত জয়ী হৈ ভাৰতে প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয় ভাৰতে । প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত নিউজীলেণ্ডে ৯টা উইকেট হেৰুৱাই ১৫৪ ৰান সংগ্ৰহ কৰে । দলটোৰ হৈ গ্লেন ফিলিপছে সৰ্বাধিক ৪৮ ৰানৰ ইনিংছ খেলে । নিউজীলেণ্ডে আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে হৰ্ষিত ৰাণাই কনৱেক ব্যক্তিগত ১ৰানত আউট কৰে । তাৰ পাছত দ্বিতীয় অভাৰত হাৰ্দিকে ৪ ৰানত ৰাচিন ৰবীন্দ্ৰক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পাছতে যশপ্ৰীত বুমৰাহে টিম ছেইফাৰ্টক নিজৰ প্ৰথম অভাৰতে বল্ড কৰে । পাৱাৰপ্লে’ত তিনিজনকৈ কিৱি বেটছমেনে নিজৰ উইকেট হেৰুৱাই । কিন্তু চেপমেন আৰু গ্লেন ফিলিপছে দলৰ ইনিংছ চম্ভালে আৰু এটা অংশীদাৰিত্ব গঢ়ে । ১০ অভাৰৰ অন্তত নিউজীলেণ্ডৰ স্ক’ৰ ৭৫-৩ আছিল ।

দ্বাদশ অভাৰত চেপমেনক আউট কৰি এই অৰ্ধশতকীয় অংশীদাৰিত্ব ভাঙে ৰবি বিষ্ণোইয়ে । চেপমেনে ৩২ ৰান সংগ্ৰহ কৰে । ইয়াৰ পিছত ডেৰিল মিচেলৰ উইকেটৰ পতন ঘটে । ইয়াৰ পিছত ছেণ্টনাৰে ২৭ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে যদিও নিউজীলেণ্ডে মাত্ৰ ১৫৩ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ভাৰতৰ হৈ বুমৰাহে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক আৰু ৰবি বিষ্ণোই দুটাকৈ উইকেট দখল কৰে । হৰ্ষিতে এটা উইকেট লাভ কৰে ।

লগতে পঢ়ক : ৰোহিত শৰ্মা আৰু হৰমনপ্ৰীত কৌৰক পদ্মশ্ৰী বঁটা… ক্ৰীড়া জগতৰ এইসকল কিংবদন্তিলৈ পদ্ম সন্মান

ৰাষ্ট্ৰসংঘত ইৰাণক মুকলি সমৰ্থন ভাৰতৰ…  সুৰত সুৰ মিলালে চীন, পাকিস্তানেও  

ৰাষ্ট্ৰসংঘত ইৰাণৰ সমৰ্থনত ভাৰতৰ সৈতে একেই সুৰতে সুৰ মিলালে চীন-পাকিস্তানে । ভাৰতৰ এই সিদ্ধান্তই আচৰিত কৰিলে আমেৰিকাকে ধৰি ইউৰোপীয় দেশক ।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৩৯ সংখ্যক বিশেষ অধিৱেশনত ভাৰতে পশ্চিমীয়া ৰাষ্ট্ৰ বিশেষকৈ আমেৰিকাক আচৰিত কৰি তোলে । দৰাচলতে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইৰাণৰ মানৱ অধিকাৰৰ পৰিস্থিতিক গৰিহণা দি এটা প্ৰস্তাৱ উত্থাপন কৰিছিল । কিন্তু ভাৰতে মুকলিকৈ ইৰাণক সমৰ্থন কৰি এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে ।

কি আছিল প্ৰস্তাৱত ?

ইৰাণৰ বিৰুদ্ধে এক প্ৰস্তাৱ উত্থাপন কৰি ইয়াৰ সপক্ষে পশ্চিমীয়া দেশসমূহে ভোটদান কৰিছিল । এই প্ৰস্তাৱৰ উদ্দেশ্য আছিল “ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ মানৱ অধিকাৰৰ অৱনতি ঘটা পৰিস্থিতি”ক নিন্দা কৰা । যোৱা মাহত ইৰাণত হোৱা প্ৰতিবাদক লক্ষ্য কৰি বিশেষভাৱে এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে, য’ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে । পশ্চিমীয়া দেশসমূহে বিচাৰিছিল যে ৰাষ্ট্ৰসংঘই ইৰাণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰক । কিন্তু গ্লবেল চাউথৰ কেইবাখনো গুৰুত্বপূৰ্ণ দেশে ইয়াক পশ্চিমীয়া এজেণ্ডা বুলি অভিহিত কৰি এই প্ৰস্তাৱ নাকচ কৰে ।

প্ৰস্তাৱৰ সপক্ষে বা বিপক্ষে কিমান ভোটদান হ’ল ?

এই প্ৰস্তাৱত তেহৰাণক মানৱ অধিকাৰ উলংঘা বন্ধ কৰিবলৈ দাবী জনোৱা হৈছিল । ইয়াক ৪৭ জনীয়া পৰিষদৰ সন্মুখত দাখিল কৰা হয় । ২৫ জন সদস্যই সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৪ জন সদস্যই ভোটদানৰ পৰা বিৰত থাকে । ভাৰত আৰু চীনকে ধৰি ৭খন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে । ভোটদানৰ সময়ত ভৱনৰ পৰিৱেশ উত্তাল হৈ পৰে । প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ ফলাফল পৰ্দাত দেখুওৱা হৈছিল, য’ত বিশ্বক দুটা ফৈদত বিভক্ত হোৱা দেখা গৈছিল ।

ইৰাণৰ সৈতে একত্ৰিত ভাৰত, পাকিস্তান, চীন-

ভাৰতে সাধাৰণতে এনে বিতৰ্কিত প্ৰস্তাৱত প্ৰত্যক্ষভাৱে “হয়” বা “নহয়” ভোট দিয়াৰ পৰিৱৰ্তে নিৰপেক্ষ হৈ থকাৰ কূটনৈতিক স্থিতি গ্ৰহণ কৰে । কিন্তু এইবাৰ নিৰপেক্ষ হৈ থকাৰ পৰিৱৰ্তে পোনপটীয়াকৈ “নহয়” বুলি ভোট দিয়ে ভাৰতে । এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহৰ ভিতৰত আছিল ভাৰত, চীন, পাকিস্তান, ইৰাক, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু কিউবা । এয়া এটা বিৰল দৃশ্য আছিল যেতিয়া ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানে এটা আন্তঃৰাষ্ট্ৰীয় বিষয়ত একে পক্ষত ভোটদান কৰিছিল ।

সমৰ্থন কৰিলে এইসমূহ পশ্চিমীয়া দেশে ?

২৫খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে । ইয়াৰ ভিতৰত আছিল ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, ইউৰোপীয় সংঘ, যুক্তৰাজ্য, জাপান, দক্ষিণ কোৰিয়া, আৰ্জেণ্টিনা, কোষ্টা ৰিকা, চিলি ।

ভোটদানত নিৰপেক্ষ হৈ থাকিল এই দেশসমূহ-

গ্ল’বেল চাউথৰ বহু দেশ ভোটদানৰ পৰা বিৰত থাকে । মুঠ ১৪খন সদস্য ৰাষ্ট্ৰই ভোটদানৰ সময়ত নিৰপেক্ষ হৈ থাকিবলৈ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, কাটাৰ, কুৱেইট, মালয়েছিয়া, বাংলাদেশ আদি অন্যতম ।

লগতে পঢ়ক : ট্ৰাম্পৰ সময়সীমাৰ ২৪ ঘন্টা পূৰ্বেই ডাঙৰ ঘোষণা; এতিয়াৰে পৰা আমেৰিকাৰ হ’ব টিকটক!

বিজয় অভিযান অব্যাহত ৰখাৰ লক্ষ্যৰে দ্বিতীয় টি-২০লৈ সাজু ভাৰতীয় দল…

শুকুৰবাৰে ৰায়পুৰত অনুষ্ঠিত হ’ব ভাৰত-নিউজীলেণ্ডৰ দ্বিতীয়খন টি-২০ মেচ । জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ খেলপথাৰত নামিব ভাৰতীয় দল।

জয়ৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে শুকুৰবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন টি-২০ত মুখামুখি হ’ব সূৰ্য ব্ৰিগেড । ইতিমধ্যে নাগপুৰত ২১ জানুৱাৰীত অনুষ্ঠিত হোৱা প্ৰথমখন মেচত লাভ কৰা বৃহৎ জয়ৰ পিছত বৰ্তমান আত্মবিশ্বাস তুংগত আছে ভাৰতীয় দলৰ । ইফালে দ্বিতীয়খন টি-২০ত সকলোৰে দৃষ্টি শীৰ্ষ ক্ৰমৰ বেটছমেন সঞ্জু চেমছন আৰু ঈশান কিষনৰ ওপৰত থাকিব । এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পাছত নাগপুৰত অনুষ্ঠিত হোৱা প্রথম টি-২০ত ভাৰতে ৪৮ ৰানত জয় নিশ্চিত কৰে যদিও চেমছন আৰু কিষনে বিশেষ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় ৷

বিস্ফোৰক ফৰ্মত অভিষেক শৰ্মা-

ভাৰতীয় দলৰ কেইবাটাও দুৰ্বলতা প্ৰথম টি-২০ত স্পষ্টকৈ ধৰা পৰিছে । ইয়াৰ পিছতো দলটোৰ প্ৰদৰ্শনে টি-২০ বিশ্বকাপৰ পূৰ্বে প্ৰতিদ্বন্দ্বী দললৈ বিপদজনক সংকেত প্ৰেৰণ কৰিছে, য’ত ভাৰত ডিফেণ্ডিং চেম্পিয়ন হিচাপে প্ৰৱেশ কৰিছে । ভাৰতীয় দলে টি-২০ বিশ্বকাপৰ খিতাপ ৰক্ষা কৰা প্ৰথমটো দল হ’বলৈ হ’লে বুধবাৰৰ নিশাৰ দৰে অভিষেক শৰ্মাই শীৰ্ষ ক্ৰমত আগ্ৰাসী বেটিং অব্যাহত ৰাখিব লাগিব । আনহাতে কুলদীপ যাদৱৰ অনুপস্থিতিতো বলিং বিভাগ যথেষ্ট সন্তুলিত যেন ধাৰণা হৈছে ।

নিউজীলেণ্ডে তেওঁলোকৰ বলিং প্ৰদৰ্শন আশা কৰা ধৰণৰ নাছিল বুলি জানে যদিও তেওঁলোকৰ শীঘ্ৰেই শক্তিশালী প্ৰত্যাৱৰ্তনৰ প্ৰৱণতা আছে । শেহতীয়াকৈ কিৱি দলৰ অন্যতম বেটিং মেৰুদণ্ড ডেভন কনৱে আউট হোৱাৰ ধৰণলৈ চাই দলটো অলপ চিন্তিত হোৱা যেন পৰিলক্ষিত হৈছে । এই সকলোবোৰ দুৰ্বলতা আঁতৰাই নিউজীলেণ্ডে দ্বিতীয় টি-২০ত ভাৰতীয় দলক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ সম্ভৱনা আছে ।

কেতিয়া অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ ?

উল্লেখ্য যে, ২৩ জানুৱাৰী, শুকুৰবাৰে ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-২০ মেচ । ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত এই মেচ অনুষ্ঠিত হ’ব । সন্ধিয়া ৭:০০ বজাৰ পৰা আৰম্ভ হ’বলগা মেচখনৰ টছ আধা ঘণ্টা পূৰ্বে, সন্ধিয়া ৬:৩০ বজাত হ’ব ।

লগতে পঢ়ক : টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বাংলাদেশ…

‘ভাৰতৰ ওপৰত শুল্ক আৰু বৃদ্ধি কৰিব পাৰে…’; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ পুনৰ ট্ৰাম্পৰ ভাবুকি

ৰাছিয়াৰ সৈতে তেল ক্ৰয়ক লৈ পুনৰবাৰ ডনাল্ড ট্ৰাম্পে ভাৰতক দিছে ভাবুকি। যদি ভাৰতে তেওঁৰ কথা মানি নলয় তেন্তে পুনৰ বৃদ্ধি কৰিব শুল্ক।

ভেনিজুৱেলাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাৰ পিছতে বাতৰিৰ শিৰোনাম দখল কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।ইয়াৰ মাজতে ভাৰতক লৈ ট্ৰাম্পে এটা ডাঙৰ মন্তব্য কৰিছে।

ট্ৰাম্পে ভাৰতক সকীয়াই দি কয় যে শুল্ক আৰু বৃদ্ধি হ’ব পাৰে।ইয়াৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ কথাও উল্লেখ কৰে।

ভাৰতকে ধৰি বহু দেশৰ ওপৰত ট্ৰাম্পে শুল্ক আৰোপ কৰিছিল।এইটোও মন কৰিবলগীয়া যে তেওঁ ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।

ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে কয়, ‘এই বিষয়টোত তেওঁ মোক সঁচাকৈয়ে সন্তুষ্ট কৰিব বিচাৰিছিল,প্ৰধানমন্ত্ৰী মোদী বৰ ভাল মানুহ।তেওঁ জানিছিল যে ভাৰতে ৰাছিয়াৰ তেল কিনিলে মই সুখী নহয়’।

‘মোক সুখী কৰাটো গুৰুত্বপূৰ্ণ আছিল।যদি তেওঁলোকে ৰাছিয়াৰ তেল ক্ৰয় কৰি থাকে তেন্তে আমি অতি সোনকালে তেওঁলোকৰ ওপৰত শুল্ক বৃদ্ধি কৰিব পাৰো’।

আচলতে ২০২৫ চনৰ আগষ্ট মাহত ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।তেওঁ ৰাছিয়াৰ সৈতে ভাৰতৰ তেল ব্যৱসায়ত সুখী নাছিল আৰু কেইবাবাৰো এই কথা উল্লেখ কৰিছিল।

লগতে পঢ়ক: ‘নিজৰ জীৱন ৰক্ষা কৰক…’; কলম্বিয়াৰ ৰাষ্ট্ৰপতিক মুকলি ভাবুকি ট্ৰাম্পৰ