‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

উছমান হাদীৰ হত্যাকাৰী মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছে বুলি বাংলাদেশে কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিছে বি এছ এফে । বাংলাদেশৰ এই অভিযোগ ভিত্তিহীন বুলি কেইছে সুৰক্ষা বাহিনীয়ে ।

মেঘালয়ত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে বাংলাদেশ আৰক্ষীয়ে ইনকিলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীৰ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত মেঘালয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰাৰ দাবীক খাৰিজ কৰে । বি এছ এফৰ বিষয়াসকলে এই অভিযোগসমূহক ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ বুলি অভিহিত কৰে ।

বাংলাদেশ আৰক্ষীৰ দাবীক ভিত্তিহীন আখ্যা বি এছ এফৰ-

প্ৰতিবেদন অনুসৰি মেঘালয়ৰ বি এছ এফৰ মহাপৰিদৰ্শক অ’ পি উপাধ্যায়ে এই দাবী সম্পূৰ্ণ ভিত্তিহীন বুলি উল্লেখ কৰিছে । তেওঁ স্পষ্ট কৰি দিয়ে যে হালুৱাঘাট খণ্ডৰ পৰা কোনো ব্যক্তিয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ মেঘালয়ত প্ৰৱেশ কৰাৰ কোনো প্ৰমাণ পোৱা নাই । তেওঁৰ মতে, বি এছ এফে এনে কোনো অনুপ্ৰৱেশৰ খবৰ পোৱা নাই আৰু এই সন্দৰ্ভত কোনো প্ৰতিবেদন পোৱা নাই ।

ইয়াৰ পূৰ্বে ঢাকা মহানগৰ আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই দাবী কৰিছিল যে হত্যাকাণ্ডৰ দুজন মূল সন্দেহযুক্ত লোকে স্থানীয় সহযোগীৰ সহায়ত মেঘালয়ৰ গাৰো হিলছ অঞ্চলত প্ৰৱেশ কৰিছিল । লগতে কয় যে অভিযুক্তক সহায় কৰা দুজন ব্যক্তিক ভাৰতীয় সংস্থাই আটক কৰি ৰাখিছে ।

সীমান্তত হাই এলাৰ্ট, অবৈধ অনুপ্ৰৱেশৰ ওপৰত কঠোৰ সতৰ্কতা-

মেঘালয় আৰক্ষীয়েও এই দাবী নাকচ কৰে । ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, গাৰো পাহাৰত সন্দেহযুক্ত লোকৰ উপস্থিতি নিশ্চিত কৰা কোনো চোৰাংচোৱা তথ্য উপলব্ধ নহয় । তেওঁ লগতে কয় যে স্থানীয় আৰক্ষী ইউনিটসমূহে কোনো সন্দেহজনক কাৰ্যকলাপৰ খবৰ পোৱা নাই আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে সমন্বয় অব্যাহত আছে ।

বি এছ এফৰ বিষয়াসকলে উল্লেখ কৰিছে যে চুবুৰীয়া বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা বাহিনী হাই এলাৰ্টত আছে । তেওঁলোকে পুনৰ কয় যে এই খণ্ডৰ সীমান্তত নিৰন্তৰ নিৰীক্ষণ চলি আছে আৰু অবৈধভাৱে পাৰ হোৱাৰ যিকোনো প্ৰচেষ্টা তৎক্ষণাত ধৰা পৰিব ।

লগতে পঢ়ক : ‘আমি আওকাণ কৰিব নোৱাৰো…’ বাংলাদেশত হিন্দু যুৱকৰ হত্যাক লৈ মহম্মদ ইউনুছক তিৰস্কাৰ ভাৰতৰ

বাংলাদেশত সংখ্যালঘুৰ ওপৰত সংঘটিত আক্রমণক লৈ উদ্বেগ প্রকাশ ভাৰতৰ

ভাৰতে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে ।

ভাৰতত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত সংঘটিত হোৱা কথিত প্ৰতিবাদ সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে । বাংলাদেশৰ একাংশ সংবাদ মাধ্যমে বিভ্ৰান্তিকৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি মন্ত্ৰালয়ে উল্লেখ কৰে যে ২০ ডিচেম্বৰত নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ বাহিৰত কোনো নিৰাপত্তাজনিত ভাবুকিৰ সৃষ্টি হোৱা নাই ।

সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে ২০২৫ চনৰ ২০ ডিচেম্বৰত বাংলাদেশ উচ্চায়ুক্তৰ সন্মুখত প্ৰায় ২০–২৫ জনীয়া যুৱক-যুৱতীৰ এটা সৰু দলে বাংলাদেশৰ মৈমনসিঙত হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ নিৰ্মম হত্যাকাণ্ডৰ বিৰুদ্ধে শ্লোগান দি বাংলাদেশৰ সংখ্যালঘুসকলৰ সুৰক্ষাৰ দাবী জনাইছিল ।

বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ-

ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে কোনো ধৰণৰ বেৰিকেড ভংগ কৰাৰ চেষ্টা কৰা হোৱা নাছিল, কোনো নিৰাপত্তাজনিত পৰিস্থিতিও উদ্ভৱ হোৱা নাছিল । ঘটনাস্থলীত নিয়োজিত আৰক্ষীয়ে কিছু মিনিটৰ ভিতৰতে শান্তিপূৰ্ণভাৱে দলটোক তাৰ পলা আতৰাই পঠাই । এই ঘটনাবোৰৰ দৃশ্যমান প্ৰমাণ ৰাজহুৱাভাৱে উপলব্ধ । তেওঁ লগতে উল্লেখ কৰে যে একাংশ বাংলাদেশী সংবাদ মাধ্যমে এই ঘটনাক অতিৰঞ্জিত আৰু ভুলকৈ উপস্থাপন কৰিছে ।

বিদেশী মিছনৰ নিৰাপত্তা ভাৰতৰ দায়িত্ব-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পুনৰ কয় যে ভাৰতে ভিয়েনা সন্ধিৰ অধীনত নিজৰ ভূখণ্ডত অৱস্থিত সকলো বিদেশী মিছন আৰু কূটনৈতিক প্ৰতিষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ ।

বাংলাদেশৰ পৰিস্থিতিৰ তীক্ষ্ণ নিৰীক্ষণ-

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ভাৰতে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । বাংলাদেশী কৰ্তৃপক্ষৰ সৈতে সংস্পৰ্শত থকা ভাৰতীয় বিষয়াসকলে সংখ্যালঘু লোকৰ ওপৰত হোৱা আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ বাবে দায়ীসকলক অতি শীঘ্ৰে ন্যায়ৰ কাঠগঢ়ালৈয়ো আনিবলৈ আহ্বান জনায় বৈদেশিক মন্ত্ৰালয়ে ।

লগতে পঢ়ক : বেৰিকেড ভাঙি সংসদ ভৱনত প্ৰৱেশ প্ৰতিবাদকাৰী; ইউনুছ চৰকাৰক দিলে ২৪ ঘণ্টাৰ সময়সীমা

প্ৰথমে ভাবুকি, তাৰ পিছত চমন… বাংলাদেশৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত !

ভাৰত-বাংলাদেশৰ সম্পৰ্কত অব্যাহত আছে উত্তেজনা । ইয়াৰ মাজতে ভাৰতে দেশখনৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত ।

কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ১৭ ডিচেম্বৰত জাননী জাৰি কৰি বাংলাদেশৰ ৰাজধানী ঢাকাত থকা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (আই ভি এ চি) বন্ধ কৰি দিছে । উগ্ৰপন্থী উপাদানৰ ভাবুকি আৰু বাংলাদেশী নেতাসকলৰ উচটনিমূলক মন্তব্যকে ধৰি নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে ।

বাংলাদেশত ১৬ টা ভাৰতীয় আই ভি এ চি-

আই ভি এ চিৰ মূল কেন্দ্ৰটো ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত । কেন্দ্ৰটোৱে জাননী জাৰি কৰি কয় যে বৰ্তমানৰ নিৰাপত্তা পৰিস্থিতিৰ বাবে এই কেন্দ্ৰটো ২ বজাৰ পৰা বন্ধ থাকিব । ইয়াৰ ফলত বৰ্তমানৰ নিযুক্তি থকা আবেদনকাৰীসকলো প্ৰভাৱিত হৈছে । বাংলাদেশত মুঠ ১৬টা ভাৰতীয় ভিছা কেন্দ্ৰ আছে, যিবোৰে বছৰি প্ৰায় ২২ লাখ আবেদন প্ৰক্ৰিয়াকৰণ কৰে ।

ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক লৈ গুৰুতৰ উদ্বেগ-

ভাৰতে বাংলাদেশৰ উচ্চায়ুক্ত মহম্মদ ৰিয়াজ হামিদুল্লাক চমন কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ লৈছে । ভাৰতে ঢাকাত ভাৰতীয় উচ্চায়ুক্তৰ নিৰাপত্তাক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে একাংশ উগ্ৰপন্থীয়ে ভাৰতীয় মিচনৰ আশে-পাশে থকা নিৰাপত্তা পৰিস্থিতিত ব্যাঘাত জন্মাবলৈ পৰিকল্পনা কৰিছে । লগতে ভাৰতে বাংলাদেশত অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি উত্থাপিত অভিযোগ তীব্ৰভাৱে নাকচ কৰিছে ।

ভাৰতক ভাবুকি বাংলাদেশৰ নেতাৰ-

বাংলাদেশৰ নেশ্যনেল চিটিজেন পাৰ্টিৰ নেতা হাছনাত আব্দুল্লাই ভাৰতক মুকলি ভাবুকি প্ৰদান কৰিছে । ১৫ ডিচেম্বৰত অনুষ্ঠিত এক সমাৱেশত তেওঁ উল্লেখ কৰে যে বাংলাদেশ অস্থিৰ হ’লে সীমান্তৰ সিপাৰে প্ৰতিৰোধৰ জুই বিয়পিব । তেওঁ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহ (সাত ভগ্নী) পৃথক কৰি বিচ্ছিন্নতাবাদীক আশ্ৰয় দিয়াৰ হুংকাৰ দিয়ে ।

শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী-

ভাৰতীয় উচ্চায়ুক্তক মাতি বাংলাদেশে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণৰ দাবী পুনৰবাৰ প্ৰকাশ কৰিছে । যোৱা বছৰৰ আগষ্ট মাহত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিছৰে পৰা শ্বেখ হাছিনা ভাৰতত আশ্ৰয় লৈ আছে । মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ৰ পৰাই ভাৰত-বাংলাদেশৰ সম্পৰ্কত উত্তেজনা বৃদ্ধি পাইছে ।

ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে যে বাংলাদেশৰ জনসাধাৰণৰ সৈতে বন্ধুত্বৰ কামনা কৰে কিন্তু নিজৰ নিৰাপত্তা আৰু মিচন সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব ।

লগতে পঢ়ক : ১২ বছৰত গ্রেপ্তাৰ ২১,৪০৭ বাংলাদেশী, ভাৰত–বাংলা সীমান্তৰ ২১% উন্মুক্ত

ভাৰত-ৰাছিয়াৰ সামৰিক সহযোগিতাত অনুমোদন, RELOS চুক্তিত স্বাক্ষৰ পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ সৈতে এক বৃহৎ সামৰিক সহযোগিতা চুক্তি স্বাক্ষৰ কৰি আইনত পৰিণত কৰে । চুক্তিত ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সৈন্য, যুদ্ধজাহাজ, সামৰিক বিমানৰ চলাচলৰ লগতে ইখনে সিখন দেশৰ সেনাবাহিনীক লজিষ্টিক সহায় আগবঢ়োৱাৰ পদ্ধতি স্থাপন কৰা হৈছে ।

সোমবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ সৈতে এক বৃহৎ সামৰিক সহযোগিতা চুক্তি স্বাক্ষৰ কৰি ফেডাৰেল আইনত পৰিণত কৰে । চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ সংসদৰ দুয়োটা সদনে অনুমোদন জনোৱাৰ পিছত এই চুক্তিখন ৰাষ্ট্ৰপতিৰ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল । ক্ৰেমলিনৰ মতে, এই পদক্ষেপে ৰাছিয়াৰ ঘৰুৱা বিধান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে ।

জানিব পৰা মতে, আনুষ্ঠানিকভাৱে ৰেচিপ্ৰ’কেল এক্সচেঞ্জ অৱ লজিষ্টিকছ চাপৰ্ট (RELOS) নামেৰে নামাকৰণ কৰা এই চুক্তিখন ২ ডিচেম্বৰত ষ্টেট ডুমা (সংসদৰ নিম্ন সদন) আৰু ৮ ডিচেম্বৰত ফেডাৰেচন কাউন্সিল (উচ্চ সদনে) অনুমোদন জনায় ।

সংসদৰ পৰা অনুমোদন লাভ কৰাৰ পিছত এই নথি চূড়ান্ত অনুমোদনৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়, যাৰ ফলত ৰাছিয়াৰ ঘৰুৱা বিধান প্ৰক্ৰিয়া সম্পূৰ্ণ হয় ।

RELOS চুক্তিত ৰাছিয়া আৰু ভাৰতৰ মাজত সামৰিক সৈন্য, যুদ্ধজাহাজ, সামৰিক বিমানৰ চলাচলৰ লগতে ইখনে সিখন দেশৰ সেনাবাহিনীক লজিষ্টিক সহায় আগবঢ়োৱাৰ পদ্ধতি স্থাপন কৰা হৈছে ।

ৰাছিয়াৰ মন্ত্ৰীসভাই প্ৰস্তুত কৰা এক ব্যাখ্যামূলক টোকা অনুসৰি এই চুক্তিয়ে কেৱল সৈন্য আৰু সামৰিক সঁজুলিৰ নিয়োগ নিয়ন্ত্ৰণ কৰাই নহয়, বিশেষকৈ যেতিয়া এখন দেশৰ বাহিনী আনখন দেশৰ ভূখণ্ডত কাম কৰিব তেতিয়া আনুষংগিক লজিষ্টিক সেৱাসমূহো সামৰি লোৱা হ’ব ।

এই চুক্তি যৌথ সামৰিক অনুশীলন আৰু প্ৰশিক্ষণ কাৰ্য্যকলাপৰ লগতে মানৱীয় সাহায্য আৰু দুৰ্যোগ সাহায্য অভিযানৰ সৈতে জড়িত পৰিস্থিতিত প্ৰয়োগ কৰিবলৈ ডিজাইন কৰা হৈছে । চুক্তিত দুয়োপক্ষৰ পাৰস্পৰিক সন্মতি সাপেক্ষে অন্য পৰিস্থিতিত ইয়াৰ বিধানসমূহ প্ৰয়োগ কৰাৰ অনুমতি দিয়া হৈছে ।

ৰাছিয়াৰ কেবিনেটে ষ্টেট ডুমাৰ চৰকাৰী ৱেবছাইটত প্ৰকাশিত এক টোকাত উল্লেখ কৰিছে যে চুক্তিখন অনুমোদন কৰিলে ৰাছিয়া আৰু ভাৰতৰ সামৰিক বিমানে ইখনে সিখনৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাত সুবিধা হ’ব । যুদ্ধজাহাজৰ বাবে বন্দৰ ষ্টপসমূহো পদ্ধতিগতভাৱে সৰল কৰা হ’ব । এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ সামৰিক সহযোগিতা শক্তিশালী হ’ব বুলিও কেবিনেটে উল্লেখ কৰে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৰত আৰু জৰ্ডান, প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে– এই বিষয়ত আমাৰ চিন্তাধাৰা স্পষ্ট আৰু পৰিস্কাৰ

‘মেক্সিকোৰ সিদ্ধান্ত সম্পূৰ্ণ একপক্ষীয়…’, শুল্ক বৃদ্ধিৰ বিৰুদ্ধে ভাৰতৰ তীব্ৰ আপত্তি

মেক্সিকোৱে গ্ৰহণ কৰা আমদানি শুল্কৰ বিৰুদ্ধে তীব্ৰ আপত্তি দাখিল কৰিছে ভাৰতে । মেক্সিকোৰ এই সিদ্ধান্ত একপক্ষীয় বুলি অভিহিত কৰিছে ভাৰতে ।

মেক্সিকান চৰকাৰে এনে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বিৰুদ্ধে ভাৰতে তীব্ৰ আপত্তি কৰিছে । মেক্সিকোৱে মুক্ত বাণিজ্য চুক্তি নথকা দেশসমূহৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰিছে । ভাৰতো এই তালিকাত অন্তৰ্ভুক্ত আছে । নতুন শুল্ক নিয়মৰ অধীনত কিছুমান সামগ্ৰীৰ শুল্ক ৫০ শতাংশ পৰ্যন্ত বৃদ্ধি পাব পাৰে, আনহাতে বেছিভাগ সামগ্ৰীৰ ওপৰত প্ৰায় ৩৫ শতাংশ শুল্ক হোৱাৰ সম্ভাৱনা আছে ।

ভাৰত চৰকাৰে কৈছে যে মেক্সিকোৱে এই সিদ্ধান্ত লোৱাৰ পূৰ্বে নিজৰ অংশীদাৰসকলৰ সৈতে আলোচনা কৰা নাছিল । ইয়াৰ মিত্ৰ দেশসমূহৰ পৰামৰ্শ নোলোৱাকৈ লোৱা সিদ্ধান্তসমূহ অৰ্থনৈতিক সম্পৰ্ক আৰু বিশ্ব বাণিজ্য নিয়মৰ মনোভাৱৰ বিৰুদ্ধে ।

এটা চৰকাৰী সূত্ৰই স্পষ্টভাৱে উল্লেখ কৰিছে যে ভাৰতে বুজি পাইছে যে এই পদক্ষেপ প্ৰত্যক্ষভাৱে ভাৰতক লক্ষ্য কৰি লোৱা হোৱা নাই, কিন্তু তথাপিও আলোচনা অবিহনে এম এফ এন (Most Favored Nation) শুল্ক বৃদ্ধি কৰাটো সঠিক পন্থা নহয় ।

মেক্সিকান চৰকাৰৰ শুল্ক পৰিৱৰ্তনে মুঠ ১৪৬৩টা সামগ্ৰীৰ শিতানত প্ৰভাৱ পেলাব । ভাৰতৰ উপৰিও চীন, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া আদি এছিয়াৰ দেশসমূহ এই শুল্কৰ দ্বাৰা প্ৰভাৱিত হ’ব ।

মেক্সিকান চৰকাৰে কয় যে ঘৰুৱা ব্যৱসায়ক প্ৰসাৰিত কৰাৰ লগতে বাণিজ্যিক ঘাটি হ্ৰাস কৰাৰ বাবে শুল্ক নিয়ম সলনি কৰিছে ।

মেক্সিকোৱে স্থানীয় উৎপাদনক সমৰ্থন কৰা আৰু বাণিজ্যিক ঘাটি হ্ৰাস কৰাটো এই পদক্ষেপৰ প্ৰধান কাৰণ হিচাপে উল্লেখ কৰিলেও আমেৰিকাৰ হেঁচা আৰু চীনৰ সামগ্ৰীৰ অৱৰোধৰ বাবে মেক্সিকোৱে নিজৰ শুল্ক নীতি কঠোৰ কৰা বুলিও ধাৰণা কৰা হৈছে ।

মেক্সিকান চৰকাৰৰ এই সিদ্ধান্তত গভীৰভাৱে বিচলিত হৈ পৰিছে ভাৰত । এই বিষয়ত মেক্সিকোৰ উপ-অৰ্থনৈতিক মন্ত্ৰী লুইছ ৰ’জেণ্ডোৰ সৈতে বাণিজ্য সচিব ৰাজেশ আগৰৱালে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হৈছে ।

আগন্তুক সময়ত আৰু অধিক কাৰিকৰী পৰ্যায়ৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে ৩০ ছেপ্টেম্বৰত মেক্সিকোত থকা ভাৰতীয় দূতাবাসে এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ভাৰতৰ বাবে সকাহ বিচাৰিছিল ।

ভাৰতৰ মতে দুয়োখন দেশৰ মাজত সুদৃঢ় বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক বজাই ৰখাটো অতি প্ৰয়োজনীয় । ভাৰতে স্পষ্টকৈ কৈছে যে ভাৰতে ৰপ্তানিকাৰকৰ স্বাৰ্থ সুৰক্ষিত কৰিব আৰু তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব, কিন্তু দুয়োপক্ষৰ বাবে সুষম বাণিজ্যিক পৰিৱেশ সুনিশ্চিত কৰিবলৈ আলোচনাৰ জৰিয়তে সমাধান বিচাৰিব ।

লগতে পঢ়ক : আমেৰিকাৰ পাছত এতিয়া এইখন দেশৰ শুল্ক আক্ৰমণ, ভাৰতকে ধৰি বহু দেশৰ ওপৰত ৫০% শুল্ক !

একেটা কক্ষপথতে নতুন মহাকাশ কেন্দ্ৰ; মহাকাশতো দৃশ্যমান ভাৰত-ৰাছিয়াৰ বন্ধুত্ব

ভাৰত আৰু ৰাছিয়াই নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব ।

২০৩০-৩১ চনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ অভিযান সমাপ্ত হোৱাৰ কথা । তাৰ পিছত ৰাছিয়া আৰু ভাৰতে নিজৰ ভৱিষ্যত মহাকাশ কেন্দ্ৰ একে কক্ষপথতে স্থাপন কৰাৰ সিদ্ধান্ত লৈছে । ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে নতুন দিল্লী ভ্ৰমণৰ সময়ত ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছৰ মুৰব্বী দিমিত্ৰী বাকানভে এই কথা ঘোষণা কৰে ।

দুয়োটা মহাকাশ কেন্দ্ৰ ৫১.৬ ডিগ্ৰী হেলনীয়াকৈ কক্ষপথত ঘূৰিব । এয়া সেই কক্ষ য’ত আজিৰ আই এছ এছ ঘূৰে । ইয়াৰ দ্বাৰা দুয়োখন দেশৰ মহাকাশচাৰীসকলে ইখনে সিখন দেশৰ ষ্টেচনসমূহ সহজে পৰিদৰ্শন কৰিব পাৰিব, বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰিব পাৰিব আৰু জৰুৰীকালীন সহায় ল’ব পাৰিব ।

বাকানভে কয় যে এই সিদ্ধান্ত দুয়োখন দেশৰ বাবে পাৰস্পৰিকভাৱে লাভজনক হ’ব । পূৰ্বে ৰাছিয়াই নিজৰ ৰাছিয়ান অৰ্বিটেল ষ্টেচন (ROS)ৰ বাবে ৯৬ ডিগ্ৰী হেলনীয়া কক্ষপথৰ কথা চিন্তা কৰিছিল যদিও এতিয়া ৫১.৬ ডিগ্ৰীত এই চুক্তিত উপনীত হৈছে ।

কি হয় এই নতুন বুবাবুজিৰ চুক্তি ?

ৰাছিয়াৰ ROS :  ৰাছিয়াৰ মহাকাশ কেন্দ্ৰটো এনাৰ্জিয়াই নিৰ্মাণ কৰিব । এই ষ্টেচনে গভীৰ মহাকাশলৈ মহাকাশযান নিৰ্মাণ আৰু উৎক্ষেপণৰ ভিত্তি হিচাপে কাম কৰিব । ইয়াৰ মডিউলাৰ ডিজাইনে দীৰ্ঘম্যাদী কাৰ্য্যকৰী জীৱন নিশ্চিত কৰিব ।

ভাৰতৰ BAS :  ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ২০৩৫ চনৰ ভিতৰত মহাকাশ কেন্দ্ৰ সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে । চন্দ্ৰযান-৩ৰ দৰে সফলতাৰ পিছত স্বাধীনতাৰ ১০০ বছৰীয়া জয়ন্তীৰ (২০৪৭) পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল ।

একেটা কক্ষপথ কিয় ?

 ৫১.৬ ডিগ্ৰীৰ হেলনীয়া আই এছ এছৰ দৰেই, যিয়ে পৃথিৱীৰ উত্তৰ-দক্ষিণ অক্ষাংশৰ ৫১.৬ ডিগ্ৰী সামৰি লৈছে । ইয়াৰ ফলত ৰাছিয়াৰ ছয়ুজ ৰকেট আৰু ভাৰতৰ গগাণযান অভিযানৰ মাজত সহজ ডকিং কৰিব পৰা যাব । আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰা হ’ব ।

ৰাছিয়াৰ নিউজ চাইট প্ৰাভডাৰ মতে, ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মান্টুৰভে কয়, “আমি সমান্তৰাল পথত আগবাঢ়িছো । আৰ অ’ এছৰ বাবে ৫১.৬ ডিগ্ৰীৰ হেলনীয়া অৱস্থা চূড়ান্ত কৰা হৈছে । ভাৰতেও নিজৰ ষ্টেচনৰ বাবেও একে কথা বিবেচনা কৰিছে ।” বাকানভে ইজভেষ্টিয়াক দিয়া এক সাক্ষাৎকাৰত কয় যে সহযোগিতাৰ ক্ষেত্ৰসমূহৰ ভিতৰত ইঞ্জিন নিৰ্মাণ, মানুহযুক্ত বিমান, প্ৰশিক্ষণ, ৰকেট ইন্ধন, আৰু ৰাষ্ট্ৰীয় ষ্টেচনৰ উন্নয়ন আদি অন্তৰ্ভুক্ত ।

কেতিয়া সাজু হ’ব ?

ROS নিৰ্মাণ : ২০২৮ চনত প্ৰথম বৈজ্ঞানিক আৰু শক্তি মডিউল মুকলি কৰা হ’ব । বাকী চাৰিটা মূল মডিউল ২০৩০ চনৰ ভিতৰত মুকলি কৰা হ’ব । ২০৩১-৩৩ চনত অতিৰিক্ত মডিউল যোগ কৰা হ’ব । খ্ৰুনিচেভ চেণ্টাৰক তিনিটা আংগাৰা-এ৫এম ৰকেট অৰ্ডাৰৰ নিৰ্দেশ দিয়া হৈছে ।

BAS নিৰ্মাণ : ইছৰোৱে ২০৩৫ চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছে । শেহতীয়া স্পেডেক্স উপগ্ৰহ ডকিং সফলতাৰ লগে লগে ভাৰত এই প্ৰযুক্তি লাভ কৰা চতুৰ্থখন দেশ (ৰাছিয়া, আমেৰিকা, আৰু চীনৰ পিছত) হিচাপে পৰিগণিত হৈছে ।

আই এছ এছৰ অন্তঃ ২০৩০-৩১ চনত দুয়োখন দেশ আই এছ এছৰ পৰা পৃথক হ’ব । ইতিমধ্যে ৰাছিয়াই ঘোষণা কৰিছে যে আই এছ এছ সন্দৰ্ভত আমেৰিকাৰ সৈতে সহযোগিতা নকৰে ।

এয়া কিয় ডাঙৰ পদক্ষেপ ?

সহজ যাত্ৰাঃ মহাকাশচাৰীসকলে বিশেষ ইন্ধন খৰচ নকৰাকৈ এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ স্থানান্তৰিত হ’ব পাৰিব ।

সহযোগিতা শক্তিশালী কৰাঃ ভাৰতীয় মহাকাশচাৰীক প্ৰশিক্ষণ দিব ৰাছিয়াই । ভাৰতে লাভ কৰিব ৰকেট ইঞ্জিন আৰু প্ৰযুক্তি ।

জৰুৰীকালীন সাহায্যঃ যদি এটা ষ্টেচনে কোনো সমস্যাৰ সন্মুখীন হয়, তেন্তে আনটো ষ্টেচনে উদ্ধাৰকাৰী পঠিয়াব পাৰিব ।

বৈজ্ঞানিক লাভালাভঃ যৌথ পৰীক্ষাই চন্দ্ৰ, মংগল আৰু গ্ৰহাণু অভিযানত সহায় কৰিব ।

অৰ্থনৈতিকঃ ৰাছিয়াই ইঞ্জিন বিক্ৰী কৰি উৎপাদন স্থানান্তৰ কৰিব, যাৰ ফলত ভাৰত স্বাৱলম্বী হ’ব ।

লগতে পঢ়ক : মহাকাশত অলকানন্দা… ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা

মহাকাশত অলকানন্দা… ভাৰতীয় বিজ্ঞানীৰ বৃহৎ সফলতা

শেহতীয়াকৈ মহাকাশ ক্ষেত্ৰত ইতিহাস ৰচনা কৰিছে দুগৰাকীকৈ ভাৰতীয় বিজ্ঞানীয়ে । তেওঁলোকে কৰা আৱিস্কাৰে বিশ্বব্ৰহ্মাণ্ডৰ সমগ্ৰ কাহিনী সলনি কৰিব পাৰে ।

মহাকাশ ক্ষেত্ৰত ইতিহাস ৰচনা কৰিলে দুই ভাৰতীয় বিজ্ঞানীয়ে । যেতিয়া বিশ্বব্ৰহ্মাণ্ডৰ বয়স মাত্ৰ ১.৫ বিলিয়ন বছৰ আছিল (অৰ্থাৎ ১২ বিলিয়ন বছৰ পূৰ্বে), তেতিয়া আমাৰ নিজৰ আকাশীগংগা দৰেই এক সুন্দৰ, সম্পূৰ্ণ গঠিত সৰ্পিল তাৰকাৰাজ্যৰ অস্তিত্ব আছিল । বিশ্বৰ আটাইতকৈ শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপ (JWST)ৰ সহায়ত কৰা এই আৱিষ্কাৰ নৱেম্বৰ মাহত ইউৰোপৰ বিখ্যাত আলোচনী Astronomy & Astrophysics ত প্ৰকাশ পাইছে ।

পূৰ্বতে ভবা হৈছিল– আৰম্ভণিৰ বিশ্বব্ৰহ্মাণ্ডত কেৱল সৰু আৰু অসংগঠিত তাৰকাৰাজ্যহে আছিল

বিজ্ঞানীসকলে পূৰ্বৰে পৰাই বিশ্বাস কৰিছিল যে বিগ বেঙৰ কেইবা কোটি বছৰৰ ভিতৰত মাত্ৰ সৰু, অনিয়মিত আৰু জটিল তাৰকাৰাজ্যহে গঠন হৈছিল । বৃহৎ, সুন্দৰ সৰ্পিল তাৰকাৰাজ্য গঠন হ’বলৈ কোটি কোটি বছৰ সময় লাগিছিল । কিন্তু ভাৰতীয় বিজ্ঞানী ৰাশি জৈন আৰু অধ্যাপক যোগেশ ৱাদাডেকাৰে আৱিষ্কাৰ কৰা তাৰকাৰাজ্যই এই সকলো ধাৰণা সলনি কৰি দিয়ে ।

তাৰকাৰাজ্যৰ নাম ‘আলকনন্দা’-

ভাৰতীয় বিজ্ঞানীসকলে হিমালয়ৰ পবিত্ৰ নদীৰ নামেৰে এই তাৰকাৰাজ্যৰ নাম অলকনন্দা ৰাখিছে ।

আকাৰ : প্ৰায় ৩০,০০০ আলোকবৰ্ষ বহল (আমাৰ আকাশীগংগাৰ আকাৰৰ এক তৃতীয়াংশ)।

তৰাৰ সংখ্যা : ১০০০ কোটি (১০ বিলিয়ন সূৰ্য্যৰ দৰে তৰা!)

নতুন তৰা গঠনৰ গতি : আমাৰ আকাশীগংগাতকৈ ২০-৩০ গুণ অধিক দ্ৰুত!

বৈশিষ্ট্য : দুটা ধুনীয়া সৰ্পিল বাহু, মাজত এটা উজ্জ্বল অংশ আৰু বাহুত এটা তৰাৰ থুপ – ঠিক আজিৰ তাৰকাৰাজ্যৰ দৰেই ।

কেনেকৈ আৱিস্কাৰ হ’ল এই তাৰকাৰাজ্যৰ ?

বিজ্ঞানী ৰাশি জৈনে জেমছ ৱেবৰ তথ্যত ৭০ হাজাৰ বস্তু চাই আছিল । হঠাতে তেওঁ এটা ছবি দেখা পায়— স্ফটিক স্বচ্ছ, ধুনীয়া সৰ্পিল তাৰকাৰাজ্য । ৰাশিয়ে কয়, “মই চিঞৰি উঠিলো । ৭০ হাজাৰৰ ভিতৰত মাত্ৰ এটাই আছিল যি ইমান নিখুঁত সৰ্পিল ।”

যেতিয়া তেওঁ নিজৰ গুৰু অধ্যাপক যোগেশ ৱাদাডেকাৰক দেখুৱাইছিল, তেতিয়া তেওঁ প্ৰথমতে বিশ্বাস কৰিব পৰা নাছিল । অধ্যাপক ৱাদাডেকাৰে সেয়া অসম্ভৱ যেন লাগিছিল বুলি কয় । ইমান ডাঙৰ আৰু সুন্দৰ তাৰকাৰাজ্য ইমান সোনকালে কেনেকৈ গঠন হ’ল ?  মাত্ৰ কেই কোটি বছৰত ১০০ বিলিয়ন তৰা আৰু সৰ্পিল বাহু সৃষ্টি কৰা—সেয়া মহাজাগতিকভাৱে ৰকেটৰ গতি ।

এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ আৱিষ্কাৰ-

বৰ্তমান বিশ্বব্ৰহ্মাণ্ডৰ বয়স ১৩.৮ বিলিয়ন বছৰ । এই তাৰকাৰাজ্যখন সেই সময়ৰ পৰাই দেখা দিছে যেতিয়া বিশ্বব্ৰহ্মাণ্ডখনৰ বয়স মাত্ৰ ১০% আছিল । পূৰ্বতে আৱিষ্কাৰ কৰা পুৰণি তাৰকাৰাজ্যবোৰ হয় সৰু বা ৰঙা দাগৰ দৰে আছিল । আলাকনন্দা হৈছে প্ৰথম তাৰকাৰাজ্য যিয়ে প্ৰমাণ কৰে যে পুৰণি বিশ্বব্ৰহ্মাণ্ডখন আমি ভবাৰ দৰে সৰু নাছিল । তাতো বৃহৎ আৰু ধুনীয়া গঠন গঢ় লৈ উঠিছিল ।

ভাৰতৰ বাবে গৌৰৱ-

এই আৱিষ্কাৰ সম্পূৰ্ণ ভাৰতীয় বিজ্ঞানীয়ে কৰিছে । ১০ বিলিয়ন ডলাৰৰ বিশ্বৰ সৰ্ববৃহৎ টেলিস্কোপৰ জৰিয়তে ভাৰতে এনে এক কৃতিত্ব অৰ্জন কৰিছে যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ সমগ্ৰ কাহিনী সলনি কৰিব পাৰে । ৰাশি জৈনে কয় যে ইয়াৰ পৰা বুজা যায় যে বিশ্বব্ৰহ্মাণ্ডখন বহু আগতেই পৰিপক্ক হৈছিল । আমাৰ বৰ্তমান আৰু ভৱিষ্যতৰ চাবিকাঠি অতীতত নিহিত হৈ আছে ।

লগতে পঢ়ক : ভাৰতৰ নতুন ভূমিকম্পৰ মানচিত্ৰত ভয়ংকৰ বিপদৰ ইংগিত !

ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল

ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দিলে প্রতিশ্রুতি।তেল–গেছ–কয়লাৰ দৰে ইন্ধনৰ ক্ষেত্রত ৰাছিয়া ভাৰতৰ নির্ভৰযোগ্য সৰবৰাহকাৰী হৈ থাকিব

সকলো বাধা–প্রতিবন্ধকতা নেওচি ভাৰতৰ বুকুৱেদি বোৱাই দিয়া হ’ব ৰাছিয়াৰ তেল৷ নতুন দিল্লী–হোৱাইট হাউছৰ শীতল বাণিজ্যিক সংঘাত অব্যাহত থকাৰ মাজতে ড’নাল্ড ট্রাম্পৰ আমেৰিকাৰ ৰঙাচকুক উপেক্ষা কৰি এই প্রতিশ্রুতি দিলে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে

নতুন দিল্লীৰ হায়দৰাবাদ হাউছত আয়োজিত যুটীয়া সংবাদ মেলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সাক্ষী ৰাখি ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনে অতি স্পষ্টভাৱে কয় যে তেল–গেছ–কয়লাৰ দৰে ইন্ধনৰ ক্ষেত্রত ৰাছিয়া ভাৰতৰ নির্ভৰযোগ্য সৰবৰাহকাৰী হৈ থাকিব৷ ভাৰতৰ অর্থনীতি ক্রমশঃ স্বাৱলম্বী হৈ উঠিছে৷

এনে অৱস্থাত বাধাহীনভাৱে ৰাছিয়াৰ তেল বোৱাই অনা হ’ব ভাৰতৰ বুকুৱেদি৷ আমি তেল–গেছ–কয়লাৰ দৰে ইন্ধন ভাৰতলৈ সৰবৰাহৰ ক্ষেত্রত নির্ভৰযোগ্য উৎস হৈ থাকিম ৷

অকল ইমানেই নহয়, আমেৰিকাৰ নাম উল্লেখ নকৰাকৈয়ে ভাৰতৰে ৰাছিয়াৰ দ্বিপাক্ষিক সম্পর্কক এক নতুন গতি প্রদান কৰি ‘বন্ধু’ ৰাষ্ট্রখনৰ ৰাষ্ট্রপতিগৰাকীয়ে পুনৰ কয় যে ভাৰতৰে আমাৰ সম্পর্ক অত্যন্ত সুমধুৰ ৷

অনাগত দিনত বিশ্বৰ বিভিন্ন সমস্যা আমি ঐক্যবদ্ধ হৈ মোকাবিলা কৰিম৷ ভাৰত–ৰাছিয়াৰ ভৱিষ্যৎ যথেষ্ট উজ্জ্বল৷

উল্লেখ্য যে বাণিজ্যিক চুক্তি নথকাৰ অজুহাতত আমেৰিকাই প্রথম পর্যায়ত ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল ৷

পৰৱর্তী সময়ত ৰাছিয়াৰ পৰা তেল ক্রয়ৰ অজুহাত দেখুৱাই হোৱাইট হাউছে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক বোজা জাপি দিয়ে ৷

অর্থাৎ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এই সিদ্ধান্তৰ পৰিপ্রেক্ষিতত ভাৰতে ৫০ শতাংশ শুল্ক আদায় দিবলগীয়া হৈছে৷

আনকি ৰাছিয়াৰ পৰা তেল ক্রয়ক লৈ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে একাধিকবাৰ সকীয়াই দিছে নতুন দিল্লীক৷ অৱশ্যে ইমানৰ পিছতো সম্পর্ক অটুট আছে ভাৰত–ৰাছিয়াৰ৷ ইয়াৰ মাজতে নতুন দিল্লীত বহি কার্যতঃ মার্কিন ৰঙাচকুক ৰুছ ৰাষ্ট্রপতি পুটিনে উপেক্ষা কৰাটো কূটনৈতিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে বিবেচিত হৈছে ৷ ইয়াৰ লগে লগে ৰাছিয়াৰ ৰাষ্ট্রপতিগৰাকীয়ে তৈল সম্পদক লৈ স্পষ্ট কৰিলে নিজ দেশৰ স্থিতিও৷

লগতে পঢ়ক: হায়দৰাবাদ হাউচত উপস্থিত পুটিন ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

পাকিস্তানৰ মিথ্যাচাৰ উদঙালে ভাৰতে; শ্ৰীলংকাত সাহাৰ্য অভিযানক লৈ কৰিছিল অপপ্ৰচাৰ

প্ৰাকৃতিক দুৰ্যোগত বিপৰ্যস্ত শ্ৰীলংকাত ভাৰতে সাহাৰ্য প্ৰেৰণ কৰাক লৈ পাকিস্তানে চলোৱা মিথ্যাচাৰ উদঙালে ভাৰতে

শ্ৰীলংকালৈ সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া বিমানৰ উৰণ অনুমতিত পলম হোৱা সম্পৰ্কে পাকিস্তানৰ কৰা অভিযোগক মঙলবাৰে ভাৰতে নাকচ কৰে । এই প্ৰত্যুত্তৰত ভাৰতে তৎকালীন আৰু স্বচ্ছভাৱে কাম কৰা বুলি স্পষ্ট কৰি দিয়ে । পাকিস্তানে অভিযোগ কৰিছিল যে ভাৰতে শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰেৰণৰ বাবে নিজৰ আকাশমাৰ্গৰ ওপৰেৰে বিমান উৰণৰ অনুমতি দিয়া নাছিল ।

পাকিস্তানৰ দাবীক হাস্যকৰ অভিহিত ভাৰতৰ-

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পাকিস্তানৰ এই বক্তব্যৰ লক্ষ্য হৈছে জনসাধাৰণক বিপথে পৰিচালিত কৰা আৰু ভাৰতৰ কাৰ্যক ভুলকৈ উপস্থাপন কৰা । তেওঁ কয়, ‘পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে দিয়া হাস্যকৰ বক্তব্য আমি নাকচ কৰিছো, যিটো ভাৰত বিৰোধী অপপ্ৰচাৰৰ আন এক প্ৰয়াস ।‘

আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিছিল-

তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতে ইতিমধ্যে কূটনৈতিক মাধ্যমেৰে পাকিস্তানৰ অনুৰোধ লাভ কৰিছে আৰু কেইঘণ্টামানৰ ভিতৰতে উত্তৰ দিয়া হৈছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, পাকিস্তানৰ আনুষ্ঠানিক অনুৰোধ ইছলামবাদত ভাৰতীয় উচ্চায়ুক্তই ১ ডিচেম্বৰৰ প্ৰায় ১ বজাত লাভ কৰে । চৰকাৰে ইয়াক মানৱীয় জৰুৰীকালীন অৱস্থা হিচাপে মানি একেদিনাই ৫:৩০ অনুমতি দিছিল ।

ৰণধীৰ জয়ছোৱালে কয়, “প্ৰাকৃতিক দুৰ্যোগ আৰু সাহায্যৰ সময়ত ভাৰত শ্ৰীলংকাৰ সৈতে থিয় দিয়ে । এই প্ৰত্যাহ্বানমূলক সময়ত ভাৰতে শ্ৰীলংকাৰ জনসাধাৰণক উপলব্ধ সকলো উপায়েৰে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” উল্লেখ্য যে, ভাৰতে লগে লগেই নিজৰ আকাশমাৰ্গ ব্যৱহাৰৰ অনুমতি দিয়াৰ পিছতো পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি থাকে ।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক্সত কয় যে, “পাকিস্তানে ভাৰতৰ পৰা শ্ৰীলংকালৈ মানৱীয় সাহায্য প্ৰদান কৰাত অহৰহ বাধা দি আছে । ইয়াৰ উপৰিও অভিযোগ কৰিছে যে ইয়াৰ এখন বিমানে আকাশমাৰ্গত প্ৰৱেশ কৰিবলৈ ৬০ ঘণ্টা ধৰি অপেক্ষা কৰি আছে ।”

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ