এই নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান! ডোহাত হ’ব এই সংঘৰ্ষ

নৱেম্বৰতে দুবাৰকৈ মুখামুখি হ’ব ভাৰত-পাকিস্তান!

১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এ চি চি ৰাইজিং ষ্টাৰছ টুৰ্ণামেন্ট । ১৬ নৱেম্বৰত এই প্ৰতিযোগিতাত ভাৰত আৰু পাকিস্তানৰ মুখামুখি হোৱাৰ কথা । পূৰ্বে এ চি চি ইমাৰ্জিং টিমছ এছিয়া কাপ নামেৰে পৰিচিত এই প্ৰতিযোগিতাখন এতিয়া টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব । ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতাখন । ১৬ নৱেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব হাই ভল্টেজ মেচ ।

টুৰ্ণামেণ্টৰ সূচী চালে দুয়োটা ডাঙৰ প্ৰতিদ্বন্দ্বী দলে দুখন মেচত পৰস্পৰে মুখামুখি হ’ব পাৰে । ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনো দুয়োখন দেশৰ মাজত অনুষ্ঠিত হ’ব পাৰে ।

ভাৰত আৰু পাকিস্তানে কেনেকৈ দুবাৰ মুখামুখি হ’ব-

গ্ৰুপ এত আফগানিস্তান, বাংলাদেশ, হংকং আৰু শ্ৰীলংকা আছে । গ্ৰুপ বিত ভাৰত, ওমান, পাকিস্তান আৰু ইউ এ ই আছে ।

২১ নৱেম্বৰত দুখন ছেমি ফাইনেল আছে । প্ৰথমখন ছেমি ফাইনেলত গ্ৰুপ এৰ ১ নং দলে গ্ৰুপ বিৰ ২ নং দলৰ বিৰুদ্ধে খেলিব, আনহাতে দ্বিতীয় ছেমি ফাইনেলত গ্ৰুপ বিৰ ১ নং দলৰ বিৰুদ্ধে গ্ৰুপ এৰ ২ নং দলে খেলিব । তাৰ পিছত ২৩ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব ।

যিহেতু গ্ৰুপ বিত ভাৰত আৰু পাকৰ উপৰিও ওমান আৰু ইউ এ ইৰ দৰে দুৰ্বল দল অন্তৰ্ভুক্ত হৈছে, গতিকে ধাৰণা কৰা হৈছে যে ওমান আৰু ইউ এ ইয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব । এই দৃশ্যপটত ভাৰত আৰু পাকিস্তান হ’ব গ্ৰুপ বিৰ দুটা দল যিয়ে ছেমি ফাইনেলত গ্ৰুপ এৰ দুটা দলৰ সৈতে মুখামুখি হ’ব । যদিহে ভাৰত আৰু পাকিস্তানে ছেমি ফাইনেলত জয়লাভ কৰে তেন্তে ফাইনেললৈ আগবাঢ়িব পাৰে ।

ছেপ্টেম্বৰ মাহত এছিয়া কাপৰ পিছত ভাৰত আৰু পাকিস্তান পুৰুষ দলৰ মাজত হ’ব এইখন প্ৰথম ক্ৰিকেট সংঘৰ্ষ । অৱশ্যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপত দুয়োখন দেশৰ মহিলা দলৰ মুখামুখি হৈছিল । পুৰুষৰ দলে এছিয়া কাপত খেলা সময়ত দুয়োখন দেশৰ খেলুৱৈৰ মাজত কোনো ধৰণৰ হাত মিলোৱা বা আনুষ্ঠানিক অভিবাদন হোৱা নাছিল ।

ইণ্ডিয়া এৰ ৰাইজিং এছিয়া কাপৰ দলঃ  

প্ৰিয়ংশ আৰ্য্য, বৈভৱ সূৰ্যবংশী, নেহাল ৱাধেৰা, নমন ধীৰ (উপ-অধিনায়ক), সূৰ্য্যংশ শ্বেজদে, জিতেশ শৰ্মা (অধিনায়ক, উইকেটকীপাৰ), ৰমনদীপ সিং, হৰ্ষ ডুবে, আশুতোষ শৰ্মা, যশ ঠাকুৰ, গুৰজপনীত সিং, বৈশাখ বিজয় কুমাৰ, যুধবীৰ সিং চৰক, অভিষেক পোৰেল (উইকেটকীপাৰ), সুৱাশ শৰ্মা ।

ষ্টেণ্ডবাই খেলুৱৈ : গুৰনুৰ সিং ব্ৰাৰ, কুমাৰ কুশাগ্ৰা, তনুষ কোটিয়ান, সমীৰ ৰিজৱী আৰু শ্বেখ ৰছিদ ।

এ চি চি ৰাইজিং ষ্টাৰছ টুৰ্ণামেণ্টৰ সূচী-

১৪ নৱেম্বৰ : ওমান বনাম পাকিস্তান; ভাৰত বনাম ইউ এ ই

১৫ নৱেম্বৰ : বাংলাদেশ বনাম হংকং; আফগানিস্তান বনাম শ্ৰীলংকা

১৬ নৱেম্বৰ : ওমান বনাম ইউ এ ই; ভাৰত বনাম পাকিস্তান

১৭ নৱেম্বৰ : হংকং বনাম শ্ৰীলংকা; আফগানিস্তান বনাম বাংলাদেশ

১৮ নৱেম্বৰ : পাকিস্তান বনাম ইউ এ ই; ভাৰত বনাম ওমান

১৯ নৱেম্বৰ: আফগানিস্তান বনাম হংকং; বাংলাদেশ বনাম শ্ৰীলংকা

২১ নৱেম্বৰ : ছেমিফাইনেল – গ্ৰুপ এ নং ১ দল বনাম গ্ৰুপ বি নং ২ দল

গ্ৰুপ খ নং ১ দল বনাম গ্ৰুপ এ নং ২ দল

২৩ নৱেম্বৰ : ফাইনেল

লগতে পঢ়ক : ৩৭ বছৰীয়া হ’ল বিৰাট কোহলী… ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতা প্ৰদান কৰা কিং কোহলীৰ ওপজা দিন

কাবুলৰ ভাৰতৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

কাবুলৰ টেকনিকেল মিছনক সম্পূৰ্ণ দূতাবাসৰ মৰ্যাদা

আফগানিস্তানৰ সৈতে সম্পৰ্কক আৰু এখোজ আগুৱাই লৈ ভাৰতে মঙলবাৰে কাবুলত থকা টেকনিকেল মিছনৰ মৰ্যাদা সম্পূৰ্ণ দূতাবাসলৈ ঘূৰাই আনে । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত নিশ্চিত কৰা হৈছে যে ই “পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক গভীৰ” কৰাৰ উদ্দেশ্য পুনৰ দৃঢ় কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “চৰকাৰে কাবুলত থকা ভাৰতীয় টেকনিকেল মিছনৰ মৰ্যাদা আফগানিস্তানত থকা ভাৰতীয় দূতাবাসৰ সমপৰ্যায়ৰ মৰ্যাদা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি পুনৰ ঘূৰাই আনিছে।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই সিদ্ধান্তই ভাৰতৰ পাৰস্পৰিক স্বাৰ্থৰ সকলো ক্ষেত্ৰতে আফগান পক্ষৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ সংকল্পক আলোকপাত কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে কাবুলত থকা ভাৰতীয় দূতাবাসে আফগান সমাজৰ অগ্ৰাধিকাৰ আৰু আকাংক্ষাক মনত ৰাখি আফগানিস্তানৰ সৰ্বাংগীন উন্নয়ন, মানৱীয় সাহায্য আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপত ভাৰতৰ অৱদান আৰু অধিক বৃদ্ধি কৰিব ।

আগানিস্তানৰ তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী মুত্তাকীৰ ভাৰত ভ্ৰমণৰ প্ৰায় দুসপ্তাহৰ পাছত দুয়ো দেশৰ মাজত এই উন্নয়ন হৈছে । ১০ অক্টোবৰত মুত্তাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয় । আলোচনাৰ পিছত জাৰি কৰা এক যৌথ বিবৃতিত কোৱা হৈছিল যে দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ বিস্তৃত বিষয়সমূহৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক পৰিঘটনাসমূহো পৰ্যালোচনা কৰে ।

ইফালে জয়শংকৰে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু দুয়োখন দেশক সংযোগ কৰা গভীৰ সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ কথা পুনৰবাৰ উল্লেখ কৰে । তেওঁ আফগান জনসাধাৰণৰ আকাংক্ষা আৰু উন্নয়নমূলক প্ৰয়োজনীয়তাক সমৰ্থন কৰাৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাও প্ৰকাশ কৰে ।

লগতে পঢ়ক : ভাৰতৰ সৈতে কৌশলগত মিত্ৰতা ঘোষণা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাৰ

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

আজি ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী

বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ’ব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হৰিণী অমৰাসূৰ্য়া । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া হ’ব তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতত থাকিব । এই সময়ছোৱাত ভাৰতীয় নেতাসকলৰ সৈতে সাক্ষাৎ কৰি শিক্ষা, প্ৰযুক্তি, বাণিজ্যিক সহযোগিতাৰ দৰে মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰিব তেওঁ ।

এই ভ্ৰমণৰ সময়ত অমৰসূৰ্যাই আই আই টি দিল্লী আৰু নিটি আয়োগ ভ্ৰমণ কৰিব, য’ত তেওঁ শিক্ষা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ভাৰত-শ্ৰীলংকাৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব । শ্ৰীলংকাৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ এই ক্ষেত্ৰত নতুন সুযোগ বিচাৰি উলিওৱাত গুৰুত্ব দিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে তেওঁৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত গভীৰ আৰু বহুমুখী দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব ।

বৃহস্পতিবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত হিন্দু মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে । ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে বি এ অনাৰ্ছ (সমাজবিজ্ঞান) অধ্যয়ন কৰিছিল তেওঁ । প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই মহাবিদ্যালয়খনলৈ তেওঁৰ এয়া প্ৰথম ভ্ৰমণ ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ; সাক্ষৰিত হ’ল ৬খনকৈ চুক্তি

অষ্ট্ৰেলিয়া ভ্ৰমণত ৮খন মেচ খেলিব ভাৰতীয় দলে; জানক দুয়োটা দলৰ স্কোৱাড আৰু সম্পূৰ্ণ সূচী

অষ্ট্ৰেলিয়া ভ্ৰমণত ৮খন মেচ খেলিব ভাৰতীয় দলে

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তত অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিব ভাৰতীয় দলে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টিম ইণ্ডিয়াই তিনিখন এদিনীয়া আৰু ৫খন টি-২০ মেচকে ধৰি ৮খন মেচ খেলিব । এই দুয়োটা শৃংখলাৰ বাবে ভাৰতে প্ৰথমে দল ঘোষণা কৰিছিল । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই টি-২০ আৰু এদিনীয়া দুয়োটা শৃংখলাৰ বাবে দল ঘোষণা কৰিছে । জানক ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া আৰু টি-২০ শৃংখলাৰ সম্পূৰ্ণ সূচী আৰু মেচৰ সময় ।

অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতীয় দলে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচত অংশগ্ৰহণ কৰিব । ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলা ২৫ অক্টোবৰলৈকে চলিব আৰু তিনিওখন মেচ পুৱা ৯:০০ বজাৰ পৰা আৰম্ভ হ’ব । ইয়াৰ পিছত ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব টি-২০ ছিৰিজ আৰু ৮ নৱেম্বৰলৈকে এই শৃংখলা চলিব । এই ছিৰিজৰ সকলো মেচ ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১:৪৫ বজাৰ পৰা আৰম্ভ হ’ব ।

ভাৰত বনাম অষ্ট্ৰেলিয়া  এদিনীয়া শৃংখলা-

প্ৰথম এদিনীয়া – ১৯ অক্টোবৰ, পাৰ্থ

দ্বিতীয় এদিনীয়া – ২৩ অক্টোবৰ, এডিলেইড

তৃতীয় এদিনীয়া – ২৫ অক্টোবৰ, ছিডনী

ভাৰত বনাম অষ্ট্ৰেলিয়া টি-২০ শংখলা-

প্ৰথম টি২০ – ২৯ অক্টোবৰ, কেনবেৰা

দ্বিতীয় টি২০ – ৩১ অক্টোবৰ, মেলবৰ্ণ

তৃতীয় টি-২০ – ২ নৱেম্বৰ, হোবাৰ্ট

চতুৰ্থ টি-২০ – ৬ নৱেম্বৰ, গোল্ড কোষ্ট

পঞ্চম টি-২০ – ৮ নৱেম্বৰ, ব্রিজবেন

এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল-

শুভমন গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ (সহ-অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰানা, মহম্মদ চিৰাজ, আৰ্শদীপ সিং, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), প্ৰসিধ কৃষ্ণ, আৰু যশস্বী জয়ছোৱাল ।

টি-২০ ছিৰিজৰ বাবে ভাৰতীয় দল-

সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমন গীল (সহ-অধিনায়ক), তিলক বাৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, জিতেশ শৰ্মা (উইকেটকীপাৰ), অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু চেমছন (উইকেটকীপাৰ), ৰিংকু সিং, আৰু ৱাশ্বিংটন সুন্দৰ ।

এদিনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়াৰ দল-

মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, ট্ৰেভিছ হেড, এলেক্স কেৰী, কুপাৰ কনলি, বেন ড্ৱাৰ্শ্বুইছ, জোছ ইংলিছ, নাথান এলিছ, কেমেৰুন গ্ৰীণ, জোছ হেজলউড, মিচেল ওৱেন, মেথিউ ৰেনশ্ব, মেথিউ শ্বৰ্ট, মিচেল ষ্টাৰক, আৰু এডাম জাম্পা ।

টি-২০ ছিৰিজৰ বাবে অষ্ট্ৰেলিয়াৰ দল-

মিচেল মাৰ্ছ (অধিনায়ক), ট্ৰেভিছ হেড, শ্বীন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডাভিদ, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচেল ওৱেন, জোছ হেজলউড, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্ট’ইনিছ, আৰু এডাম জাম্পা ।

লগতে পঢ়ক : ৰিয়ান পৰাগৰ এই কামে জিনিলে হৃদয়; কুকুৰৰ বাবে দান কৰিলে সকলো জাৰ্চী

পুটিনৰ ডাঙৰ নিৰ্দেশ; ‘ট্ৰাম্পৰ শুল্কৰ পৰা ভাৰতক ক্ষতি হ’বলৈ নিদিয়ে ৰাছিয়াই’

‘ট্ৰাম্পৰ শুল্কৰ পৰা ভাৰতক ক্ষতি হ’বলৈ নিদিয়ে ৰাছিয়াই’

আমেৰিকাই ভাৰতক নত শিৰ কৰাবলৈ বাধ্য কৰিবলৈ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।ড’নাল্ড ট্ৰাম্পে ভাবিছিল যে ইয়াৰ ফলত ভাৰত-ৰাছিয়াৰ বন্ধুত্ব ভংগ হ’ব আৰু শুল্ক চাপত ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিব।

ইয়াৰ ফলত ৰাছিয়া দুৰ্বল হ’ব। ৰাছিয়া-ইউক্ৰেইন ধ্বংস হ’ব।কিন্তু ভাৰত-ৰাছিয়াৰ বন্ধুত্ব শেষ হোৱাৰ সলনি বেছি শক্তিশালীহে হৈছে।

এই কাৰণেই ৰাছিয়াই এতিয়া নিজৰ বন্ধু ভাৰতক শুল্কৰ বাবে অধিক লোকচান হ’বলৈ নিদিয়ে।ট্ৰাম্পৰ শুল্কত হোৱা লোকচানৰ ক্ষতিপূৰণ ৰাছিয়াই নিজেই দিব ভাৰতক।

ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে নিজৰ চৰকাৰক আদেশ দিছে যে, নতুন দিল্লীয়ে খাৰুৱা তেলৰ গধুৰ আমদানিৰ বাবে ভাৰতৰ সৈতে বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

বৃহস্পতিবাৰে সন্ধিয়া ভাৰতকে ধৰি ১৪০খন দেশৰ নিৰাপত্তা আৰু ভূ-ৰাজনৈতিক বিশেষজ্ঞৰ আন্তঃৰাষ্ট্ৰীয় ভালদৈ আলোচনা মঞ্চত ভাষণ দি পুটিনে এই কথাত গুৰুত্ব আৰোপ কৰে যে ৰাছিয়া আৰু ভাৰতৰ মাজত কেতিয়াও কোনো সমস্যা বা উত্তেজনা হোৱা নাই আৰু তেওঁলোকে সদায় নিজৰ সংবেদনশীলতাক মনত ৰাখি পদক্ষেপ গ্ৰহণ কৰি আহিছে।

পুটিনে কয় যে ভাৰতৰ সৈতে ৰাছিয়াৰ কোনো সমস্যা বা আন্তঃৰাজ্যিক উত্তেজনা কেতিয়াও হোৱা নাই।ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি অভিহিত কৰে আৰু কয় যে তেওঁলোকৰ বিশ্বাসৰ সম্পৰ্কত তেওঁ শান্তি অনুভৱ কৰিছিল।

মোদীৰ নেতৃত্বত ভাৰতৰ জাতীয়তাবাদী চৰকাৰক প্ৰশংসা কৰি পুটিনে তেওঁক সুষম, বুদ্ধিমান আৰু জাতি-বন্ধুত্বপূৰ্ণ নেতা বুলিও অভিহিত কৰে।

লগতে পঢ়ক; ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

৫ বছৰৰ পিছত পুনৰ আৰম্ভ হ’ব ভাৰত আৰু চীনৰ মাজত পোনপটীয়া বিমান সেৱা…

ভাৰত আৰু চীনৰ মাজত আৰম্ভ হ’ব পোনপটীয়া বিমান সেৱা

ভাৰত আৰু চীনে বহুদিনৰ মূৰত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰিবলৈ সন্মত হৈছে। গালৱান সংঘৰ্ষৰ পিছত পাঁচ বছৰীয়া সম্পৰ্কত উত্তেজিত হৈ পৰাৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

বৃহস্পতিবাৰে এই আনুষ্ঠানিক ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।ইয়াৰ পিছতে বিমান সংস্থা ইণ্ডিগোৱেও ঘোষণা কৰে যে ২৬ অক্টোবৰৰ পৰা ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হ’ব।

দৰাচলতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ বিবৃতিত কয় যে,“এই বছৰৰ আৰম্ভণিৰ পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক ক্ৰমান্বয়ে স্বাভাৱিক কৰাৰ বাবে চৰকাৰৰ পন্থাৰ অংশ হিচাপে দুয়োখন দেশৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই কাৰিকৰী পৰ্যায়ত আলোচনাত মিলিত হৈছে যাতে প্ৰত্যক্ষ বিমান সেৱা পুনৰ আৰম্ভ কৰিব পৰা যায় আৰু বিমান সেৱা চুক্তিখন সংশোধন কৰিব পৰা যায়।”

ডক্লাম বিবাদৰ পিছত প্ৰত্যক্ষ বিমান সেৱা বন্ধ কৰি দিয়া হৈছিল আৰু ক’ভিড-১৯ মহামাৰীৰ বাবে ইয়াক আৰু অধিক পিছুৱাই দিয়া হৈছিল।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এতিয়া আলোচনাৰ অন্তত সিদ্ধান্ত লোৱা হৈছে যে ২০২৫ চনৰ অক্টোবৰৰ শেষৰ ফালে ভাৰত আৰু চীনৰ মাজৰ প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হ’ব।

এই বিমানসমূহ দুয়োখন দেশৰ বিমান সংস্থাৰ বাণিজ্যিক অনুমোদন আৰু পৰিচালনাৰ সকলো নিয়ম মানি চলাৰ অধীনত থাকিব।

লগতে পঢ়ক: গুগলৰ সতৰ্কবাণী; Oracle ডাটা চুৰিৰ আঁৰত বৃহৎ চাইবাৰ আক্ৰমণ

ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ

ভূটানৰ সৈতে ক্ৰছ বৰ্ডাৰ ৰে’ল প্ৰকল্পৰ ঘোষণা ভাৰতৰ

সোমবাৰে ভাৰতে ভূটানৰ সৈতে দুটা নতুন ৰে’ল প্ৰকল্পৰ কথা ঘোষণা কৰে । চৰকাৰে কয় যে ভূটানৰ চহৰ ছামচে আৰু গেলেফুলৈ চাৰি হাজাৰ কোটিৰো অধিক ব্যয় সাপেক্ষে দুয়োখন দেশৰ সীমা অতিক্ৰম কৰা অথবা ক্ৰছ বৰ্ডাৰ ৰে’ল সংযোগ স্থাপন কৰা হ’ব ।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সংবাদ মাধ্যমৰ আগত এই ৰে’ল প্রকল্পসমূহৰ কথা ঘোষণা কৰে ৷ মিশ্ৰীয়ে কয় যে দুয়োখন চৰকাৰে বানাৰহাট (পশ্চিম বংগ)ক সামচেৰ সৈতে আৰু কোকৰাঝাৰ (অসম)ক গেলেফুৰ সৈতে সংযোগ কৰা দুয়ো দেশৰ সীমা অতিক্ৰম কৰা ৰে’ল সংযোগ স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছে ।

তেওঁ কয় যে ভাৰত আৰু ভূটানৰ মাজত অসাধাৰণ বিশ্বাস, পাৰস্পৰিক সন্মান আৰু বুজাবুজিৰ সম্পৰ্ক আছে । যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূটান ভ্ৰমণৰ সময়ত ৰে’ল সংযোগ স্থাপনৰ চুক্তি স্বাক্ষৰিত হৈছিল ।

বৈষ্ণৱে কয় যে এই প্ৰকল্পসমূহ ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ পৰা আৰম্ভ হ’ব । তেওঁ কয় যে প্ৰায় ৪,০৩৩ কোটি বিনিয়োগৰ প্ৰস্তাৱ দিয়া হৈছে । এই পদক্ষেপৰ অধীনত ৮৯ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’লৱে নেটৱৰ্ক নিৰ্মাণ কৰা হ’ব বুলিও উল্লেখ কৰে ৰে’ল মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : জি এছ টি সংগ্ৰহে ভৰালে চৰকাৰী কোষাগাৰ… আগষ্ট মাহত অভিলেখ সংখ্যক সংগ্ৰহ

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়…চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে একত্ৰিত হ’ব দুয়ো দেশ

ভাৰত-আমেৰিকা মহাকাশ সহযোগিতাৰ এক নতুন অধ্যায়

শেহতীয়াকৈ ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত বহু উত্থান-পতনৰ পৰিলক্ষিত হৈছে । এফালে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্কৰ বাবে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ বিপৰীতে আনফালে ভাৰত আৰু আমেৰিকাই মহাকাশ সহযোগিতাৰ দিশত এক নতুন অধ্যায় লিখিবলৈ ওলাইছে । আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসে আয়োজন কৰা এক বিশেষ কাৰ্যসূচীত দুয়োখন দেশে এই কথাৰ ইংগিত দিছে । ‘ভাৰত-আমেৰিকা মহাকাশ সহযোগিতা : ভৱিষ্যত অংশীদাৰিত্বৰ সীমা’ শীৰ্ষক এই অনুষ্ঠানটো সোমবাৰে ইণ্ডিয়া হাউচত অনুষ্ঠিত হয়, য’ত দুয়োখন দেশৰ বিষয়া আৰু মহাকাশচাৰীয়ে অংশগ্ৰহণ কৰে ।

এই অনুষ্ঠানত নাছা-ইছৰোৰ যৌথ উপগ্ৰহ নিছাৰ মিছন আৰু ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ কঢ়িয়াই নিয়া এক্সিয়াম মিছন-৪ উদযাপন কৰা হয় । আমেৰিকাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ, নিক হেগ আৰু বুচ উইলমৰেও ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰি মহাকাশ জীৱনৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰে ।

আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কোৱাট্ৰাই ইয়াক বিজ্ঞান, প্ৰযুক্তি আৰু বাণিজ্যিক অংশীদাৰিত্বৰ বাবে এক শক্তিশালী মঞ্চ বুলি অভিহিত কৰে । তেওঁ কয় যে ভাৰতৰ মহাকাশ কাৰ্যসূচী এতিয়া কম খৰচত মহান কাম সাধনৰ বাবে পৰিচিত আৰু আমেৰিকাৰ সৈতে এই সহযোগিতাই মানুহৰ মহাকাশ উৰণৰ সীমা ঠেলি দিব ।

নাছাৰ ড০ কেৰেন ছেইণ্ট জেৰমেইনে নিছাৰক আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ আৰ্হি বুলি অভিহিত কৰি উল্লেখ কৰে যে যেতিয়া দুখন দেশে অভিজ্ঞতা ভাগ-বতৰা কৰে তেতিয়া বৈজ্ঞানিক অগ্ৰগতি ত্বৰান্বিত হয় । শুভাংশু শুক্লাই লগতে কয় যে নিছাৰৰ মহাকাশ যাত্ৰা আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ শক্তি আৰু ভাৰতৰ বিশ্বব্যাপী ভূমিকাৰ প্ৰমাণ ।

লগতে পঢ়ক : নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে… পি চি বিয়ে নিলম্বন কৰিলে নিজৰেই বিষয়াক

ভাৰতৰ হাতত হোৱা নিৰ্লজ্জ পৰাজয় সহ্য কৰিব পৰা নাই পাকিস্তানে

ভাৰতীয় দলৰ বৰ্জনত ক্ষুব্ধ পাকিস্তানে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । আচলতে এছিয়া কাপ ২০২৫ৰ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল মেচ । এই মেচখন জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী দলৰ লগত হাত মিলোৱা নাছিল । অধিনায়ক সূৰ্যকুমাৰ যাদৱে দলটোক ছয়ৰে জয়ৰ দিশে আগুৱাই নিয়াৰ পিছত পেভিলিয়নলৈ উভতি আহে আৰু সেই সময়ত পাকিস্তানী খেলুৱৈসকল খেলপথাৰতেই উপস্থিত আছিল ।

নিলম্বন কৰিলে নিজৰ বিষয়াক-

ডুবাইত অনুষ্ঠিত হোৱা এই হাই ভল্টেজ মেচখনত পৰাজয়ৰ পাছত পাকিস্তানী খেলুৱৈয়ে ভাৰতীয় খেলুৱৈৰ সৈতে হাত মিলাব খুজিছিল যদিও ভাৰতীয় দলটোৱে ইয়াৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি দিয়ে । এইদৰে ভাৰতীয় দলৰ দ্বাৰা নিজৰ দেশ বয়কট হোৱাৰ বাবে ক্ষুব্ধ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে । পাকিস্তানী সংবাদ মাধ্যমৰ মতে, ভাৰতে পাকিস্তানী খেলুৱৈৰ সৈতে হাত নিমিলোৱাৰ বিতৰ্কৰ পিছত পি চি বিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সঞ্চালক উছমান ৱাহালাক নিলম্বন কৰিছে । সূত্ৰৰ উদ্ধৃতি দি পাকিস্তানৰ ‘এ স্প’ৰ্টছে’ দাবী কৰিছে যে মেচ ৰেফাৰীৰ আচৰণ আৰু ভাৰতৰ এই কাৰ্যক আনুষ্ঠানিক সঁহাৰি দিয়াত পলম হোৱাৰ বাবে ৱাহালাক পদৰ পৰা অপসাৰণ কৰা হৈছে ।

মহছিন নাকৱীয়ে প্ৰকাশ কৰে অসন্তুষ্টি-

ইয়াৰ পূৰ্বে সোমবাৰে পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীয়েও ভাৰতৰ দ্বাৰা পাকিস্তানী দলটোক কৰা বয়কটৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ ইয়াক ‘ক্রীড়া মনোভাৱৰ অভাৱ’ বুলি অভিহিত কৰি কয় যে ভাৰতে ৰাজনীতিক খেলৰ মাজলৈ টানি আনিছে ৷ নাকৱীয়ে লিখিছে, ‘ভাৰত-পাকিস্তানৰ খেলৰ পিছত ক্ৰীড়া মনোভাৱৰ তীব্ৰ অভাৱ দেখা গৈছিল । খেলখনলৈ ৰাজনীতি অনাটো খেলৰ মনোভাৱৰ বিৰুদ্ধে । আশাকৰোঁ ভৱিষ্যতে সকলো দলে মৰ্যাদাৰে জয় উদযাপন কৰিব ।’

আনুষ্ঠানিক অভিযোগ উত্থাপন পি চি বিৰ-

খেলখনৰ অন্তত পি চি বিয়ে আনুষ্ঠানিক বিবৃতিযোগে ভাৰতীয় দলৰ আচৰণৰ বিৰুদ্ধে এছিয়ান ক্ৰিকেট কাউন্সিলত আনুষ্ঠানিক অভিযোগ দাখিল কৰা বুলি উল্লেখ কৰে । পি চি বিৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ভাৰতীয় খেলুৱৈসকলে হাত নিমিলোৱা আচৰণৰ বিৰুদ্ধে দলৰ পৰিচালক নৱেদ চিমাই তীব্ৰ প্ৰতিবাদ দাখিল কৰিছে । ইয়াক খেলৰ মনোভাৱৰ বিৰুদ্ধে আৰু অসাংবিধানিক বুলি গণ্য কৰা হৈছে । ইয়াৰ প্ৰতিবাদত আমি আমাৰ অধিনায়ক (ছালমান আগা)ক মেচৰ পিছৰ অনুষ্ঠানলৈ পঠিয়াব পৰা নাছিলো ।’

লগতে পঢ়ক : মহম্মদ ছিৰাজে লাভ কৰিলে আই চি চিৰ বিশেষ বঁটা… কেৰিয়াৰত প্ৰথমবাৰৰ বাবে বৃহৎ সাফলতা অৰ্জন