অভিলেখ, আৱেগ আৰু নেতৃত্বৰ উদাহৰণ… আজি বিৰাট কোহলীৰ ওপজা দিন

৩৭ বছৰীয়া হ’ল বিৰাট কোহলী… ভাৰতীয় ক্ৰিকেটক নতুন উচ্চতা প্ৰদান কৰা কিং কোহলীৰ ওপজা দিন

বিৰাট কোহলীৰ ওপজা দিন ভাৰতীয় ক্ৰিকেটৰ অন্যতম নিৰ্ভৰযোগ্য আৰু বিস্ফোৰক বেটছমেন বিৰাট কোহলীয়ে আজি ৩৭ বছৰ সম্পূৰ্ণ কৰিলে । ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা দিল্লীৰ খেলুৱৈগৰাকীয়ে পৰৱৰ্তী ডেৰ দশকত এনে এক স্থানত উপনীত হ’ল য’ত উপস্থিত হোৱাটো সপোনতকৈ কোনোগুণে কম নহয় । নিজৰ প্ৰদৰ্শন,

বিৰাট কোহলীৰ ওপজা দিন

ভাৰতীয় ক্ৰিকেটৰ অন্যতম নিৰ্ভৰযোগ্য আৰু বিস্ফোৰক বেটছমেন বিৰাট কোহলীয়ে আজি ৩৭ বছৰ সম্পূৰ্ণ কৰিলে । ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱা দিল্লীৰ খেলুৱৈগৰাকীয়ে পৰৱৰ্তী ডেৰ দশকত এনে এক স্থানত উপনীত হ’ল য’ত উপস্থিত হোৱাটো সপোনতকৈ কোনোগুণে কম নহয় । নিজৰ প্ৰদৰ্শন, আবেগ, ফিটনেছৰ জৰিয়তে বিৰাটে ভাৰতীয় ক্ৰিকেটক এক নতুন দিশ দিছে ।

১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ সৈতে যাত্ৰাৰ শক্তিশালী আৰম্ভণি-

বিৰাট কোহলীয়ে ২০০৮ চনত ভাৰতক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয়ৰ দিশত আগুৱাই লৈ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল । তেতিয়া স্পষ্ট হৈ পৰিছিল যে এই যুৱ খেলুৱৈগৰাকীয়ে কিছু বিশেষ কৰিব । তেওঁ শচীন তেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু সৌৰভ গাংগুলীৰ পৰা প্ৰেৰণা লৈ ভাৰতীয় ক্ৰিকেটৰ নতুন প্ৰজন্মৰ মুখ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল ।

টেষ্ট ক্ৰিকেটৰ তাৰকা-

বিৰাট কোহলীয়ে ভাৰতৰ হৈ ১২৩খন টেষ্ট মেচ খেলি ৪৬.৮৫ গড়ে, ৩০ টা শতক আৰু ৩১টা অৰ্ধশতকৰ সহায়ত ৯,২৩০ ৰান সংগ্ৰহ কৰিছে । তেওঁৰ সৰ্বোত্তম স্ক’ৰ আছিল ২৫৪ । ২০১৬ চনৰ পৰা ২০১৯ চনৰ ভিতৰত তেওঁৰ প্ৰদৰ্শন অসাধাৰণ আছিল । ৪৩খন টেষ্টত ১৬ টা শতক, গড় ৬৬.৭৯ আৰু ৭টা দ্বি শতক এই সময়ছোৱাত আহিছিল । অধিনায়ক হিচাপে বিৰাটে ভাৰতক নতুন উচ্চতালৈ লৈ যায়, য’ত ৬৮খন মেচত ৪০খনত বিজয় সাব্যস্ত কৰে দলে । এয়া যিকোনো ভাৰতীয় অধিনায়কৰ বাবে সৰ্বোত্তম অভিলেখ । SENA দেশত ৭খন টেষ্ট জয় আৰু ২০১৯ চনত অষ্ট্ৰেলিয়াত এক ঐতিহাসিক ছিৰিজ জয়কে ধৰি বিদেশতো তেওঁ জয়লাভ কৰে । তেওঁৰ অধিনায়কত্বৰত ভাৰতে ৪৩ মাহ ধৰি টেষ্ট ৰেংকিঙত প্ৰথম স্থান দখল কৰি আছিল ।

এদিনীয়াৰ চেজ মাষ্টাৰ বিৰাট-

বিৰাট কোহলীক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এদিনীয়া বেটছমেন বুলি গণ্য কৰা হয় । ৩০৫খন খেলত তেওঁ ৫৭.৭১ গড়ে, ৫১টা শতক আৰু ৭৫টা অৰ্ধশতকৰ সহায়ত ১৪,২৫৫ ৰান সংগ্ৰহ কৰিছে । ৰান চেজৰ সময়ত তেওঁৰ বেটিং ব্যতিক্ৰমী, ৰাণ চেজত গড়ে ৮৯.২৯ত ৬ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে তেওঁ । ৮,০০০ আৰু ১৪,০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা দ্ৰুততম খেলুৱৈ বিৰাট কোহলী । ২০২৩ চনৰ বিশ্বকাপত তেওঁ ৭৬৫ ৰান (গড়ে ৯৫+) কৰি ইতিহাস ৰচনা কৰি টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় । ২০১১ চনৰ বিশ্বকাপ আৰু ২০১৩ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ জয়ৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

নিৰ্ভৰযোগ্য টি-২০ ৰান-মেচিন-

টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বিৰাটে ১২৫খন মেচত গড়ে ৪৮.৬৯ আৰু ১৩৭+ ষ্ট্ৰাইক ৰেটত ৪,১৮৮ ৰান সংগ্ৰহ কৰিছে, য’ত এটা শতক আৰু ৩৮টা অৰ্ধশতক আছে । লক্ষ্য অনুসৰণ কৰাৰ সময়ত তেওঁ ৪২খন মেচত গড়ে ৭৮ ৰান সংগ্ৰহ কৰিছে । তেওঁ দুবাৰকৈ টি-২০ বিশ্বকাপ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট (২০১৪, ২০১৬) হিচাপে নিৰ্বাচিত হৈছে । ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত তেওঁৰ মেচ বিজয়ী ইনিংছ ৭৬ ৰানে ভাৰতক খিতাপ দখল কৰাত সহায় কৰিছিল ।

আই চি চিৰ প্ৰতিযোগিতাত বিৰাটৰ আধিপত্য-

আই চি চিৰ প্ৰতিযোগিতাত ৯০খন মেচত ৬১.৩৩ গড়ে ৩৮০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে বিৰাটে । তেওঁ তিনিবাৰকৈ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান লাভ কৰিছে । এই সন্মান অৰ্জন কৰা তেওঁ একমাত্ৰ ক্ৰিকেটাৰ । আই চি চিৰ নকআউট মেচত তেওঁৰ ১০০০+ ৰাণে ডাঙৰ প্ৰতিযোগিতাত তেওঁৰ নিৰ্ভৰযোগ্যতা প্ৰদৰ্শন কৰে ।

আই পি এলত কিং কোহলীৰ ৰাজকীয় চফৰ-

বিৰাট কোহলীয়ে আই পি এলৰ সমগ্ৰ কেৰিয়াৰত কেৱল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ খেলিছে । ২৬৭খন মেচত ৮৬৬১ ৰান সংগ্ৰহ কৰিছে তেওঁ । য’ত ৮টা শতক আৰু ৬৩টা অৰ্ধশতক অন্তৰ্ভূক্ত আছে । কোহলীয়ে ২০১৬ চনৰ আই পি এল ছিজনত ৯৭৩ ৰান সংগ্ৰহ কৰি ইতিহাস ৰচনা কৰে আৰু ২০২৪ চনত ৭৪১ ৰাণেৰে পুনৰ অৰেঞ্জ কেপ লাভ কৰে । এইবাৰ ১৮ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত তেওঁ আৰ চি বিক প্ৰথম খিতাপ দখল কৰিবলৈ নেতৃত্ব দিয়ে ।

উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটত ফিটনেছক নতুন উচ্চতালৈ উন্নীত কৰিছে বিৰাট কোহলীয়ে । তেওঁৰ নেতৃত্বত যো-য়ো পৰীক্ষাৰ দৰে মানদণ্ড ৰূপায়ণ কৰা হৈছিল । তেওঁ দলৰ ভিতৰত আত্মবিশ্বাস, আক্ৰমণাত্মকতা আৰু অনুশাসনৰ এক অনন্য ভাৰসাম্য গঢ়ি তুলিছে । বিৰাট কোহলী কেৱল ৰান মেচিন নহয়, এটা যুগ । তেওঁ প্ৰমাণ কৰিছে যে ক্ৰিকেট কেৱল খেল নহয়, আবেগ আৰু ফিটনেছৰো খেল । ৩৭ বছৰ বয়সতো বিৰাট ভাৰতীয় ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ আদৰ্শ হৈয়ে আছে ।

লগতে পঢ়ক : শক্তিশালী প্ৰদৰ্শনৰ পিছতো ৰেংকিঙত অৱনমিত স্মৃতি মান্ধানা; জেমিমাহৰ দীঘল জাঁপ

শেহতীয়া প্ৰৱন্ধসমূহ