ৰাষ্ট্ৰসংঘত ইৰাণৰ সমৰ্থনত ভাৰতৰ সৈতে একেই সুৰতে সুৰ মিলালে চীন-পাকিস্তানে । ভাৰতৰ এই সিদ্ধান্তই আচৰিত কৰিলে আমেৰিকাকে ধৰি ইউৰোপীয় দেশক ।
শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৩৯ সংখ্যক বিশেষ অধিৱেশনত ভাৰতে পশ্চিমীয়া ৰাষ্ট্ৰ বিশেষকৈ আমেৰিকাক আচৰিত কৰি তোলে । দৰাচলতে পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইৰাণৰ মানৱ অধিকাৰৰ পৰিস্থিতিক গৰিহণা দি এটা প্ৰস্তাৱ উত্থাপন কৰিছিল । কিন্তু ভাৰতে মুকলিকৈ ইৰাণক সমৰ্থন কৰি এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে ।
কি আছিল প্ৰস্তাৱত ?
ইৰাণৰ বিৰুদ্ধে এক প্ৰস্তাৱ উত্থাপন কৰি ইয়াৰ সপক্ষে পশ্চিমীয়া দেশসমূহে ভোটদান কৰিছিল । এই প্ৰস্তাৱৰ উদ্দেশ্য আছিল “ইৰাণৰ ইছলামিক ৰিপাব্লিকৰ মানৱ অধিকাৰৰ অৱনতি ঘটা পৰিস্থিতি”ক নিন্দা কৰা । যোৱা মাহত ইৰাণত হোৱা প্ৰতিবাদক লক্ষ্য কৰি বিশেষভাৱে এই প্ৰস্তাৱ উত্থাপন কৰা হৈছে, য’ত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে । পশ্চিমীয়া দেশসমূহে বিচাৰিছিল যে ৰাষ্ট্ৰসংঘই ইৰাণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰক । কিন্তু গ্লবেল চাউথৰ কেইবাখনো গুৰুত্বপূৰ্ণ দেশে ইয়াক পশ্চিমীয়া এজেণ্ডা বুলি অভিহিত কৰি এই প্ৰস্তাৱ নাকচ কৰে ।
প্ৰস্তাৱৰ সপক্ষে বা বিপক্ষে কিমান ভোটদান হ’ল ?
এই প্ৰস্তাৱত তেহৰাণক মানৱ অধিকাৰ উলংঘা বন্ধ কৰিবলৈ দাবী জনোৱা হৈছিল । ইয়াক ৪৭ জনীয়া পৰিষদৰ সন্মুখত দাখিল কৰা হয় । ২৫ জন সদস্যই সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৪ জন সদস্যই ভোটদানৰ পৰা বিৰত থাকে । ভাৰত আৰু চীনকে ধৰি ৭খন দেশে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে । ভোটদানৰ সময়ত ভৱনৰ পৰিৱেশ উত্তাল হৈ পৰে । প্ৰস্তাৱটোৰ ওপৰত ভোটদানৰ ফলাফল পৰ্দাত দেখুওৱা হৈছিল, য’ত বিশ্বক দুটা ফৈদত বিভক্ত হোৱা দেখা গৈছিল ।
ইৰাণৰ সৈতে একত্ৰিত ভাৰত, পাকিস্তান, চীন-
ভাৰতে সাধাৰণতে এনে বিতৰ্কিত প্ৰস্তাৱত প্ৰত্যক্ষভাৱে “হয়” বা “নহয়” ভোট দিয়াৰ পৰিৱৰ্তে নিৰপেক্ষ হৈ থকাৰ কূটনৈতিক স্থিতি গ্ৰহণ কৰে । কিন্তু এইবাৰ নিৰপেক্ষ হৈ থকাৰ পৰিৱৰ্তে পোনপটীয়াকৈ “নহয়” বুলি ভোট দিয়ে ভাৰতে । এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিয়া দেশসমূহৰ ভিতৰত আছিল ভাৰত, চীন, পাকিস্তান, ইৰাক, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু কিউবা । এয়া এটা বিৰল দৃশ্য আছিল যেতিয়া ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশ চীন আৰু পাকিস্তানে এটা আন্তঃৰাষ্ট্ৰীয় বিষয়ত একে পক্ষত ভোটদান কৰিছিল ।
সমৰ্থন কৰিলে এইসমূহ পশ্চিমীয়া দেশে ?
২৫খন দেশে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে । ইয়াৰ ভিতৰত আছিল ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, ইউৰোপীয় সংঘ, যুক্তৰাজ্য, জাপান, দক্ষিণ কোৰিয়া, আৰ্জেণ্টিনা, কোষ্টা ৰিকা, চিলি ।
ভোটদানত নিৰপেক্ষ হৈ থাকিল এই দেশসমূহ-
গ্ল’বেল চাউথৰ বহু দেশ ভোটদানৰ পৰা বিৰত থাকে । মুঠ ১৪খন সদস্য ৰাষ্ট্ৰই ভোটদানৰ সময়ত নিৰপেক্ষ হৈ থাকিবলৈ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত ব্ৰাজিল, দক্ষিণ আফ্ৰিকা, কাটাৰ, কুৱেইট, মালয়েছিয়া, বাংলাদেশ আদি অন্যতম ।
লগতে পঢ়ক : ট্ৰাম্পৰ সময়সীমাৰ ২৪ ঘন্টা পূৰ্বেই ডাঙৰ ঘোষণা; এতিয়াৰে পৰা আমেৰিকাৰ হ’ব টিকটক!









