ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানীক হত্যা, আইডিএফৰ দাবী

ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী আৰু বাছিজ বাহিনীৰ অধিনায়ক গোলাম ৰেজা ছলেমানীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি দাবী কৰে ইজৰাইলে

ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মঙলবাৰে ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী আৰু বাছিজ বাহিনীৰ অধিনায়ক গোলাম ৰেজা ছলেমানীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি দাবী কৰে । আইডিএফে ছলেমানীৰ মৃত্যু নিশ্চিত কৰে যদিও ইৰাণৰ ক্ষমতাৰ শীৰ্ষ ব্যক্তি লাৰিজানী এই আক্ৰমণত নিহত নে আহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে দাবী কৰে যে আইডিএফৰ আক্ৰমণত লাৰিজানী নিহত হৈছে । ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত আলী লাৰিজানীক ইৰাণৰ অন্যতম শক্তিশালী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল । লাৰিজানী আয়াতুল্লাহ আলী খামেনেইৰ ঘনিষ্ঠ সহযোগী আছিল ।

ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে মঙলবাৰে লাৰিজানীৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰে, য’ত ইৰাণৰ নিৰাপত্তা মুৰব্বীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে । বিবৃতিটোত কোৱা হৈছে যে, “৪৭ বছৰ পূৰ্বে ইৰাণৰ ইছলামিক বিপ্লৱত জনসাধাৰণৰ বিজয়ৰ প্ৰাকক্ষণত পাহলৱী শাসনৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে ৰাজপথত ভিৰ কৰা শ্লোগান বাস্তৱিক নহয়, বৰঞ্চ টেপ ৰেকৰ্ডিংহে । এতিয়া ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ চহৰত লাখ লাখ আমেৰিকা বিৰোধী আৰু ইজৰাইল বিৰোধী প্ৰতিবাদসমূহ এআইৰ ছবিহে ।”

লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

ইৰাণৰ নতুন ব্ৰহ্মাস্ত্ৰ ‘ডান্সিং মিছাইল’ক লৈ আমেৰিকা-ইজৰাইলত হাহাকাৰ

মধ্যপ্ৰাচ্যৰ তয়াময়া যুদ্ধৰ মাজতে এইবাৰ এই উত্তেজনাত প্ৰৱেশ ঘটিছে ইৰাণৰ ডান্সিং মিছাইলৰ । এই ক্ষেপণাস্ত্ৰ এতিয়া ইজৰাইল-আমেৰিকাৰ মূৰৰ কামোৰণি হৈ পৰিছে । আমেৰিকা-ইজৰাইলৰ অত্যধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীকো এই মিছাইলে ধূলি দিবলৈ সক্ষম হৈছে ।

ইৰাণ, আমেৰিকা আৰু ইজৰাইলৰ মাজৰ সংঘাতত এটা নতুন অস্ত্ৰৰ আৱিৰ্ভাৱ হৈছে । ইৰাণৰ নতুন ব্ৰহ্মাস্ত্ৰ হিচাবে গণ্য কৰা এই ক্ষেপণাস্ত্ৰক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰা হৈছে । চলি থকা যুদ্ধত ইৰাণে প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিল আৰু ই ইজৰাইল-আমেৰিকাৰ ঘাটিসমূহৰ যথেষ্ট ক্ষতিসাধন কৰিছিল । এই মিছাইলে তীব্ৰ বেগত ‘নাচি নাচি’ লক্ষ্যৰ দিশে আগবাঢ়ি যায়, যাৰ ফলত আধুনিক বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, যেনে আইৰন ড’ম, পেট্ৰিয়াট বা থাড আদিয়ে ইয়াক বাধা দিয়াত অক্ষম হৈ পৰে । ইৰাণে ইয়াক ‘চেজিল-২’ বুলি উল্লেখ কৰিলেও বিশ্বই ইয়াক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰিছে । এই মিছাইলৰ আগত আমেৰিকা আৰু ইজৰাইল সম্পূৰ্ণ অসহায় হৈ পৰা পৰিলক্ষিত হৈছে ।

উল্লেখ্য যে, চেজিল-২ হৈছে ইৰাণৰ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা দুটা ষ্টেজৰ চলিড অথবা গোটা ইন্ধনযুক্ত মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইল (এম আৰ বি এম)। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৮ মিটাৰ আৰু ওজন প্ৰায় ২৩,৬০০ কিলোগ্ৰাম । ইয়াৰ ৰেঞ্জ ২০০০ কিলোমিটাৰ পৰ্যন্ত । ই ৭০০ৰ পৰা ১০০০ কিলোগ্ৰাম ওজনৰ ৱাৰহেড কঢ়িয়াব পাৰে, যি সাধাৰণ বা পাৰমাণৱিকো হ’ব পাৰে ।

ইয়াক মোবাইল লঞ্চাৰৰ পৰা নিক্ষেপ কৰিব পাৰি । যাৰ ফলত ইয়াক দ্ৰুতভাৱে আৰু যিকোনো স্থানৰ পৰা নিক্ষেপ কৰিব পৰা যায় । ইয়াৰ গোটা ইন্ধনৰ বাবেই ইয়াক উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাবলৈ মাত্ৰ কেইমিনিটমান সময় লাগে । আনহাতে পূৰ্বে পুৰণি প্ৰক্ৰিয়াত তৰল ইন্ধনযুক্ত ক্ষেপণাস্ত্ৰৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে । ইয়াৰ আটাইতকৈ স্বকীয় বৈশিষ্ট্য হ’ল ইয়াৰ মেনুভাৰেবল ৰি-এণ্ট্ৰি ভেহিকেল (MarRV), যি উৰণৰ সময়ত দিশ সলনি কৰিবলৈ সক্ষম ।

এই মিছাইল বতাহত নাচি নাচি যাত্ৰা কৰে বাবে ইয়াক ‘ডান্সিং মিছাইল’ বুলি অভিহিত কৰা হৈছে । বায়ুমণ্ডলত পুনৰ প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ ৱাৰহেডে তীব্ৰ বেগত দিশ সলনি কৰি ওপৰলৈ তললৈ, বাওঁ আৰু সোঁফালে ঘূৰি যায় । ফলস্বৰূপে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মাত্ৰ কেইছেকেণ্ডমানহে সময় পায় ।

আইৰন ডম বা পেট্ৰিয়টৰ দৰে ব্যৱস্থাই ইয়াক অনুসৰণ কৰিব নোৱাৰে কাৰণ ই অভাৱনীয়ভাৱে গতি কৰে । ইৰাণৰ সংবাদ মাধ্যম আৰু বিশেষজ্ঞসকলে ইয়াক ‘অপ্ৰতিৰোধ্য’ বুলি অভিহিত কৰিছে । ইয়াৰ গতি অত্যন্ত বেছি—প্ৰায় ১৭,০০০ কিলোমিটাৰ প্ৰতি ঘণ্টা ।

চেজিল-২ৰ আক্ৰমণত ইজৰাইল আৰু আমেৰিকাৰ কেইবাটাও সামৰিক ঘাটিৰ ক্ষতিসাধন হৈছে । এই আঘাতে টেল আভিভক জোকাৰি যায় আৰু বিমানবন্দৰ আৰু ৰাডাৰ ব্যৱস্থাৰ ক্ষতিসাধন হয় । আমেৰিকাৰ ঘাটিসমূহো যথেষ্ট প্ৰভাৱিত হয় । এই মিছাইলৰ ক্ষমতাই ৯০%তকৈ অধিক এয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দিবলৈ সক্ষম ।

ইফালে এই মিছাইলৰ এটা ইউনিটৰ খৰচো অতি কম, তথাপিও ই ব্যয়বহুল প্ৰতিৰক্ষা ব্যৱস্থাক ধূলি দিবলৈ সক্ষম । ইয়াৰ ফলত ইৰাণৰ মনোবল বৃদ্ধি পাইছে, একে সময়তে আমেৰিকা আৰু ইজৰাইল ডাঙৰ লোকচানৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক : অকলশৰীয়া হৈ পৰিল ট্ৰাম্প; সহায়ৰ বাবে অস্বীকাৰ জাপান-অষ্ট্ৰেলিয়াৰ

‘ধেমালীৰ বাবেও তেহৰানৰ তেলৰ ঠিকনাত…’; ইৰাণত মুকলি ভাবুকি ট্ৰাম্পৰ

মধ্যপ্ৰাচ্যত আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ সংঘাত এক ভয়ংকৰ টাৰ্নিং পইণ্টত উপনীত হৈছে। যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ খাৰ্গ দ্বীপৰ তেল কেন্দ্ৰ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ হুংকাৰ দিছে।

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক বিবৃতিত চৰ্চা আৰম্ভ হৈছে।ট্ৰাম্পে ইৰাণৰ খাৰ্গ দ্বীপত অৱস্থিত তেল ৰপ্তানি টাৰ্মিনেলত অধিক আক্ৰমণৰ হুংকাৰ দিছে।

ইমানেই নহয়, তেওঁ ইয়াকো কৈছে যে, আমেৰিকাই ধেমালিৰ বাবেও তাত আকৌ আক্ৰমণ কৰিব পাৰে। ইয়াৰ উপৰিও তেওঁ নিজৰ অংশীদাৰ ৰাষ্ট্ৰসমূহক জনাইছে যে, তেওঁলোকে বিশ্বৰ অন্যতম জটিল তেলৰ পথৰ ভিতৰত অন্যতম হৰমুজ প্ৰণালীৰ নিৰাপত্তাৰ বাবে যুদ্ধজাহাজ নিয়োগ কৰক।

ইৰাণৰ সৈতে চলি থকা আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ তিনি সপ্তাহ হৈছে, কিন্তু শান্তিৰ ঠাইত এতিয়া ভাবুকি হে তীব্ৰতৰ হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এতিয়া ইৰাণক এক সতৰ্কবাণী জাৰি কৰিছে যিয়ে সমগ্ৰ বিশ্বক স্তম্ভিত কৰি তুলিছে।ট্ৰাম্পে কয় যে তেওঁ ইৰাণৰ তেলৰ স্থান সমূহত পুনৰ আক্ৰমণ কৰিব পাৰে—আৰু কেৱল ধেমালিৰ বাবেই তেনে কৰিব পাৰে।  

শনিবাৰে এনবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে অতি কঠোৰ সুৰত কয় যে আমেৰিকাৰ আক্ৰমণে খাৰ্গ দ্বীপত অৱস্থিত ইৰাণৰ তেল ৰপ্তানি টাৰ্মিনেলৰ এক বৃহৎ অংশ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে।বিষয়টো ইয়াতেই শেষ নহ’ল; ট্ৰাম্পে আৰু কয়, ‘ ‘আমি কেৱল ধেমালিৰ বাবে কেইবাবাৰো আক্ৰমণ কৰিব পাৰিলোঁহেঁতেন।’

লগতে পঢ়ক: ‘খেমেইনীৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব,ইয়াৰ মূল্য দিব লাগিব’; ট্ৰাম্পৰ ভাবুকি ইৰাণৰ

আমেৰিকাৰ ডাঙৰ ঘোষণা; মুজতাবা খেমেইনীৰ ঠিকনা দিব পাৰিলে লাভ কৰিব ৯২ কোটি টকা

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৯২ কোটিৰো অধিক পুৰস্কাৰ আগবঢ়োৱা হৈছে।

ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ চলাই আছে। ইফালে আমেৰিকাই ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই আৰু ইৰাণৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)ৰ সৈতে জড়িত আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ অৱস্থিতিৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিলে ১০ মিনিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।১ কোটি ডলাৰ—অৰ্থাৎ ৯২ কোটি ৪৭ লাখ ৪৮ হাজাৰ টকা।

শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ‘ৰিৱাৰ্ডছ ফৰ জাষ্টিছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে, যিটো কূটনৈতিক নিৰাপত্তা সেৱাই পৰিচালনা কৰে।

ট্ৰাম্পৰ সকীয়নিৰ পিছতে ইৰাণত আমেৰিকা-ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, কঁপি উঠিল তেহৰাণ

শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায়

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই এতিয়া আটাইতকৈ বিধ্বংসী ৰূপ ধাৰণ কৰিছে । শনিবাৰে গভীৰ নিশা আমেৰিকা আৰু ইজৰাইলৰ সামৰিক বাহিনীয়ে ইৰাণৰ ৰাজধানী তেহৰাণত ব্যাপক বিমান আক্ৰমণ চলায় । এইবাৰ আক্ৰমণৰ মূল লক্ষ্য আছিল ইৰাণৰ জীৱনৰেখা বুলি গণ্য কৰা তেল ডিপো আৰু শক্তিৰ আন্তঃগাঁথনি ।

আক্ৰমণৰ পিছত সমগ্ৰ ৰাজধানীত বিস্ফোৰণৰ শব্দ শুনা যায় আৰু দূৰ-দূৰণিৰ পৰাও জুইৰ শিখা আৰু ধোঁৱা দেখা যায় । ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি দক্ষিণ তেহৰাণৰ তেল ডিপো আৰু উত্তৰ-পশ্চিম অঞ্চলৰ শ্বাহৰাণ তেল ডিপোত ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হৈছে ।

আক্ৰমণ ইমানেই নিখুঁত আৰু বিধ্বংসী আছিল যে চুবুৰীয়া চহৰ কাৰাজলৈকে বিস্ফোৰণৰ শব্দ শুনা গৈছিল । ছ’চিয়েল মিডিয়াৰ ফুটেজত দেখা গৈছে যে তেহৰাণৰ আকাশ বিশাল জুইৰ গোলক আৰু ক’লা ধোঁৱাৰ ঢৌৱে আৱৰি ধৰিছে ।

ইজৰাইলৰ সেনাই এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি দাবী কৰিছে যে ইৰাণৰ সশস্ত্ৰ বাহিনীয়ে ব্যৱহাৰ কৰি থকা ইন্ধন সংৰক্ষণ কেন্দ্ৰসমূহক লক্ষ্য কৰি লোৱা হৈছে । তেহৰাণৰ সমীপৰ ‘শ্বাহৰ-ই-ৰে’ জিলাৰ মূল শোধনাগাৰ আৰু আলবৰ্জ প্ৰদেশৰ কেইবাটাও তেল ডিপো আক্ৰমণৰ সন্মুখীন হৈছে ।

বিশেষজ্ঞসকলৰ মতে শক্তিৰ সুবিধাসমূহৰ ওপৰত এই প্ৰত্যক্ষ আক্ৰমণ ইৰাণৰ অৰ্থনীতি আৰু সামৰিক সামৰ্থ্যক ক্ষতিগ্ৰস্ত কৰাৰ এক ইচ্ছাকৃত কৌশল । বিগত সপ্তাহৰ সংঘাতত ইৰাণৰ শক্তি আন্তঃগাঁথনিক এই পৰিসৰত লক্ষ্য কৰি লোৱা হৈছে ।

লগতে পঢ়ক : ক্ষমা খোজাৰ পাছতো অব্যাহত আক্ৰমণ, ডুবাইৰ মেৰিনা টাৱাৰত ইৰাণী ড্ৰোনৰ আঘাত

চুবুৰীয়া দেশসমূহক নকৰে আক্ৰমণ, বিচাৰিলে ক্ষমা ; ইৰাণৰ ৰাষ্ট্ৰপতিৰ বিস্ফোৰক মন্তব্য

ইৰাণ আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰিছে।ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে ইৰাণে আৰু কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰে।

ইৰাণৰ পৰা  এক বৃহৎ আৰু চাঞ্চল্যকৰ কূটনৈতিক বিবৃতি আহিছে।ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দেশখনক টেলিভিছনযোগে দিয়া ভাষণত ঘোষণা কৰে যে ইৰাণে চুবুৰীয়া দেশৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।তেওঁলোকে চুবুৰীয়া দেশসমূহক ক্ষমা বিচৰাই নহয়, বৰঞ্চ আন কোনো দেশক আক্ৰমণ কৰাৰ ইৰাণৰ  কোনো উদ্দেশ্য নাই বুলিও স্পষ্ট কৰি দিলে।

ৰাষ্ট্ৰপতি পেজেস্কিয়ানে তেওঁৰ ভাষণত শান্তিৰ হাত আগবঢ়ায়, আনহাতে, ইয়াৰ সাৰ্বভৌমত্বৰ সন্দৰ্ভতো কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।তেওঁ কয় যে, “যিসকলে আমি বিনাচৰ্তৰে আত্মসমৰ্পণ কৰাৰ সপোন দেখিছে, এই সপোনটো তেওঁলোকে নিজৰ কবৰলৈ লগত লৈ যাব।”

চুবুৰীয়া দেশসমূহক সম্বোধন কৰি তেওঁ কয় যে ইৰাণ এখন শান্তিপ্ৰেমী দেশ আৰু সামৰিক ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত আঞ্চলিক স্থিতিশীলতাৰ স্বাৰ্থত লোৱা হৈছে। সমগ্ৰ অঞ্চলটোত যুদ্ধৰ আশংকা তীব্ৰতৰ হৈ পৰাৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে। এই পৰিস্থিতি তেতিয়ালৈকে বলবৎ থাকিব যেতিয়ালৈকে ইৰাণৰ ওপৰত কৰা আক্ৰমণ সেইখন চুবুৰীয়া দেশৰ মাটিৰ পৰা সংঘটিত নহয়।

মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে স্পষ্টভাৱে কৈছে যে ইৰাণে কোনো ধৰণৰ হেঁচাত শিৰনত নকৰে।ইৰাণে ইজৰাইল বা আমেৰিকাৰ কাৰোৰে ওচৰত আত্মসমৰ্পণ নকৰে বুলিও তেওঁ কয়।

লগতে পঢ়ক: মধ্য প্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে পাকিস্তানে; ছৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ

মধ্য প্ৰাচ্যৰ যুদ্ধত এণ্ট্ৰি মাৰিব পাৰে পাকিস্তানে; ছৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ

আমেৰিকা-ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে চৌদি আৰৱত উপস্থিত পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰ। ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠক আছিম মুনিৰৰ।

আমেৰিকা-ইজৰাইল আক্ৰমণৰ পিছত ইৰাণে সেই উপসাগৰীয় দেশসমূহক অহৰহ লক্ষ্য কৰি লৈছে, যিয়ে আমেৰিকাক সমৰ্থন কৰিছে। প্ৰথম অৱস্থাত কেৱল সামৰিক ঘাটিকে লক্ষ্য কৰি লোৱা হৈছিল,কিন্তু শেহতীয়া আক্ৰমণৰ পৰা দেখা গৈছে যে ছৌদি আৰৱৰ তৈলখাদকো লক্ষ্য কৰি লোৱা হৈছে।

ইফালে, ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছালমানে পাকিস্তানৰ সেনা প্ৰধান আৰু ফিল্ড মাৰ্শ্বাল আছিম মুনিৰক সাক্ষাৎ কৰে আৰু ইৰাণৰ আক্ৰমণ ৰোধ কৰাৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তেওঁৰ এই বক্তব্যক এনে এক লক্ষণ হিচাপে দেখা গৈছে যে পাকিস্তানেও এতিয়া ইৰাণৰ সৈতে যুদ্ধত যোগদান কৰিব।

ছৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী খালিদ বিন ছালমানে ৰিয়াদত পাকিস্তান সেনা প্ৰধান জেনেৰেল আছিম মুনিৰক সাক্ষাৎ কৰে।এইখন কেৱল আনুষ্ঠানিক বৈঠক নাছিল, বৰঞ্চ এই সময়ছোৱাত দুয়োখন দেশৰ মাজত হোৱা সামৰিক চুক্তিৰ অধীনত ইৰাণৰ আক্ৰমণ ৰোধৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছিল।

ছৌদি প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “পাকিস্তানৰ সেনা প্ৰধান আৰু প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী, ফিল্ড মাৰ্শ্বাল অসীম মুনিৰৰ সৈতে সাক্ষাৎ কৰা হয়।আমি ৰাজ্যখন (চৌদি আৰৱ)ৰ ওপৰত ইৰাণৰ আক্ৰমণ আৰু ইয়াক প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনা আমাৰ যুটীয়া কৌশলগত প্ৰতিৰক্ষা চুক্তিৰ অধীনত হৈছিল।আমি এইটো কথাৰ ওপৰত গুৰুত্ব দিলোঁ যে এনে কাৰ্য্যই আঞ্চলিক নিৰাপত্তা আৰু স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰে।”

লগতে পঢ়ক: ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ প্ৰস্তুতি চলাইছে ট্ৰাম্প!অস্ত্ৰৰ উৎপাদন চাৰিগুণ বৃদ্ধি কৰিব আমেৰিকাই

‘যদি যুদ্ধ ২-৩ সপ্তাহলৈকে চলি থাকে তেন্তে ধ্বংস নিশ্চিত’; কাটাৰৰ শক্তি মন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

ইজৰাইল-আমেৰিকা আৰু ইৰাণৰ যুদ্ধৰ বাবে কাটাৰে তেওঁলোকৰ নিজৰ বৃহৎ এল এন জি প্লাণ্ট ৰাছ লাফান ঔদ্যোগিক চহৰত থকা এল এন জি ৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে।

ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ ভয়ংকৰ হৈ পৰিছে,ইজৰাইলৰ হৈ আমেৰিকাই ইৰাণক আক্ৰমণ কৰিছে,এই সংঘাত যোৱা ৭ দিন ধৰি চলি আছে, আৰু প্ৰতিদিনেই নিৰিহ লোকৰ মৃত্যু হৈছে।ইফালে সমগ্ৰ বিশ্বই এই যুদ্ধৰ ফলত অৰ্থনৈতিকভাৱে প্ৰভাৱিত হ’ব, কাৰণ এই যুদ্ধৰ কেন্দ্ৰবিন্দু হৈছে খাৰুৱা তেল।

এতিয়া যুদ্ধৰ সপ্তম দিনটোত খাৰুৱা তেলৰ সন্দৰ্ভত এক বৃহৎ সতৰ্কবাণী ওলাইছে। কাটাৰৰ শক্তি মন্ত্ৰী সাদ আল-কাবীয়ে কয় যে মধ্যপ্ৰাচ্যৰ পৰা শক্তিৰ যোগান বন্ধ হ’লে এই সংকটে বিশ্বৰ অৰ্থনীতিক কঁপাই তুলিব পাৰে।

তেওঁ এক সাক্ষাৎকাৰত কৈছে যে, ‘যুদ্ধৰ বাবে তেল ৰপ্তানিত প্ৰভাৱিত হয় তেন্তে অহা ২ৰ পৰা ৩ সপ্তাহত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১৫০ ডলাৰৰ ওপৰলৈ বৃদ্ধি পাব পাৰে।’ তেওঁ কয় যে, এতিয়া যুদ্ধ তৎক্ষণাত শেষ হ’লেও উৎপাদন আৰু যোগান স্বাভাৱিক মাত্ৰালৈ ঘূৰি আহিবলৈ কেইবা সপ্তাহৰ পৰা মাহৰ সময় লাগিব পাৰে।

দৰাচলতে, যুদ্ধৰ বাবে কাটাৰে নিজৰ বৃহৎ এল এন জি প্লাণ্ট ৰাছ লাফান ঔদ্যোগিক চহৰত থকা এল এন জি ৰ উৎপাদন সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে। ইয়াৰ ফলত বিশ্বব্যাপী গেছ যোগানৰ ক্ষেত্ৰতো উদ্বেগ প্ৰকাশ পাইছে।

বিশ্লেষণ সংস্থাৰ তথ্য অনুসৰি কাটাৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে একেলগে পাকিস্তানৰ এল এন জি আমদানিৰ ৯৯%, বাংলাদেশৰ ৭২% আৰু ভাৰতৰ ৫৩% ৰ যোগানৰ প্ৰয়োজন পূৰণ কৰে। ইফালে শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৮৬ ডলাৰলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: ইৰাণৰ প্ৰতিশোধ; পাৰ্চী উপসাগৰত আমেৰিকাৰ টেংকাৰত ভয়ংকৰ আক্ৰমণ

ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতাকো হত্যা কৰাৰ ভাবুকি ইজৰাইলৰ; কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বেই খেমেইনীৰ পুত্ৰক ভাবুকি

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীক মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ৪ মাৰ্চ বুধবাৰে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিলে তেওঁক হত্যা কৰাৰ মুকলি ভাবুকি দিয়ে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক পৰৱৰ্তী উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ সময়তে এই ভাবুকি আহিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কঠোৰ শব্দৰে লিখা এটা পোষ্টত কাটজে কয় যে,ইৰাণৰ সন্ত্ৰাসবাদী চৰকাৰে যিজন নেতাই ইজৰাইলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিব,আমেৰিকা আৰু মুক্ত বিশ্বক ভাবুকি দিয়া,অঞ্চলটোৰ দেশসমূহক ভয় খুৱাই আৰু ইৰাণৰ জনসাধাৰণক অত্যাচাৰ কৰিবলৈ বাছি লয়, তেন্তে স্পষ্টভাৱে তেওঁলোকক শেষ কৰাই আমাৰ লক্ষ্য হ’ব।’

কাটজে হিব্ৰু ভাষাত আৰু লিখিছে: “তেওঁৰ নাম যিয়েই নহওক আৰু য’তেই লুকাই নাথাকক কিয়।”

কাটজে কয় যে তেওঁ প্ৰধানমন্ত্ৰী আৰু ইজৰাইল প্ৰতিৰক্ষা বাহিনীক নিৰ্দেশ দিছে তেওঁলোকৰ মিছন সম্পূৰ্ণ কৰিবলৈ “প্ৰস্তুতি আৰু সম্ভৱপৰ সকলো ধৰণে কাম কৰক।” এই অভিযান ইজৰাইলৰ ‘অপাৰেচন ৰ’ৰিং লায়ন’ৰ লক্ষ্যৰ অংশ।তেওঁ কয় যে, “আমি আমাৰ আমেৰিকান অংশীদাৰসকলৰ সৈতে আমাৰ সকলো শক্তিৰে কাম কৰি যাম,যাতে এই শাসন ব্যৱস্থাৰ ক্ষমতা ভাঙি ইৰাণৰ জনসাধাৰণে ইয়াক উফৰাই নতুন চৰকাৰ গঠন কৰাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।”

লগতে পঢ়ক: ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰত খেমেইনীক কৰা হ’ব সমাধিস্থ…