আমেৰিকাৰ ডাঙৰ ঘোষণা; মুজতাবা খেমেইনীৰ ঠিকনা দিব পাৰিলে লাভ কৰিব ৯২ কোটি টকা

আমেৰিকাৰ ডাঙৰ ঘোষণা; মুজতাবা খেমেইনীৰ ঠিকনা দিব পাৰিলে লাভ কৰিব ৯২ কোটি টকা

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৯২ কোটিৰো অধিক পুৰস্কাৰ আগবঢ়োৱা হৈছে। ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ চলাই আছে। ইফালে আমেৰিকাই ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই আৰু ইৰাণৰ অন্যান্য

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৯২ কোটিৰো অধিক পুৰস্কাৰ আগবঢ়োৱা হৈছে।

ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ চলাই আছে। ইফালে আমেৰিকাই ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই আৰু ইৰাণৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)ৰ সৈতে জড়িত আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ অৱস্থিতিৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিলে ১০ মিনিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।১ কোটি ডলাৰ—অৰ্থাৎ ৯২ কোটি ৪৭ লাখ ৪৮ হাজাৰ টকা।

শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ‘ৰিৱাৰ্ডছ ফৰ জাষ্টিছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে, যিটো কূটনৈতিক নিৰাপত্তা সেৱাই পৰিচালনা কৰে।