আমেৰিকাৰ ডাঙৰ ঘোষণা; মুজতাবা খেমেইনীৰ ঠিকনা দিব পাৰিলে লাভ কৰিব ৯২ কোটি টকা

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আন জ্যেষ্ঠ বিষয়াসকলৰ বিৰুদ্ধে পুৰস্কাৰ ঘোষণা কৰিছে। এই পদক্ষেপৰ অধীনত ৯২ কোটিৰো অধিক পুৰস্কাৰ আগবঢ়োৱা হৈছে।

ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰাণৰ বিৰুদ্ধে নিৰন্তৰ আক্ৰমণ চলাই আছে। ইফালে আমেৰিকাই ইৰাণৰ নতুন উচ্চতম নেতা মোজতাবা খামেনেই আৰু ইৰাণৰ অন্যান্য জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।

আমেৰিকাই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনী আৰু আৰু ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ (আই আৰ জি চি)ৰ সৈতে জড়িত আন কেইবাজনো জ্যেষ্ঠ বিষয়াৰ অৱস্থিতিৰ সন্দৰ্ভত তথ্য প্ৰদান কৰিলে ১০ মিনিয়ন ডলাৰ পৰ্যন্ত পুৰস্কাৰ ঘোষণা কৰা হৈছে।১ কোটি ডলাৰ—অৰ্থাৎ ৯২ কোটি ৪৭ লাখ ৪৮ হাজাৰ টকা।

শুকুৰবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ ‘ৰিৱাৰ্ডছ ফৰ জাষ্টিছ’ কাৰ্যসূচীৰ জৰিয়তে ৰাজহুৱা কৰা হৈছে, যিটো কূটনৈতিক নিৰাপত্তা সেৱাই পৰিচালনা কৰে।

‘আঘাতপ্ৰাপ্ত মুজতাবা খেমেইনী’; ইৰাণৰ সৰ্বোচ্চ নেতাক লৈ ট্ৰাম্পৰ ডাঙৰ দাবী

ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি পোৱাৰ চাৰি দিনৰ পাছতো কোনো সন্ধান পোৱা নাই মুজতাবা খেমেইনীৰ। মাত্ৰ তেওঁৰ হৈ এটা লিখিত বাৰ্তা জাৰি কৰা হৈছে, যিটো ইৰাণৰ চৰকাৰী টেলিভিছনত পঢ়া হৈছে। মুজতাবা খেমেইনীৰ সন্দৰ্ভত ড’নাল্ড ট্ৰাম্পে এক ডাঙৰ মন্তব্য কৰিছে।

দিনক দিনে বৃদ্ধি পাইছে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ সংঘাতে সমগ্ৰ মধ্যপ্ৰাচ্যকে উত্তেজনা বৃদ্ধি ।আমেৰিকা-ইজৰাইলৰ বিমান আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ইৰাণে উপসাগৰীয় ৰাষ্ট্ৰ ইউ এ ই, বাহৰেইন, কুৱেইট, কাটাৰ, চৌদি আৰৱৰ ওপৰত আক্ৰমণ চলাইছে।

যুদ্ধৰ মাজতে ইৰাণৰ নতুন সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীক লৈ বিভিন্ন দাবী উত্থাপন হৈছে। ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে- ইৰাণৰ নৱনিযুক্ত সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজহুৱা স্থানত হাজিৰ হোৱা নাই।তথাপিও তেওঁ কোনোবা নহয় কোনোবা ৰূপত জীয়াই আছে।

ট্ৰাম্পে দাবী কৰিছে যে, ২৮ ফেব্ৰুৱাৰীত তেহৰাণত সংঘটিত আক্ৰমণৰ সময়ত আহত হৈছিল মুজতাবা খেমেইনী। ফক্স নিউজ ৰেডিঅ’ত ‘দ্য ব্রায়ান কিলমিড শ্ব’’ত ভাষণ দি ট্রাম্পে কয়, মই ভাবো যে হয়তো তেওঁ (মুজতাবা খেমেইনী) জীয়াই আছে।মই ভাবো তেওঁ আঘাত পাইছে, হয়তো কোনোবা নহয় কোনোবা ৰূপত জীয়াই আছে।

এই সাক্ষাৎকাৰটো বৃহস্পতিবাৰে ৰেকৰ্ডিং কৰা হৈছিল আৰু শুকুৰবাৰে পুৱা সম্প্ৰচাৰ কৰা হৈছিল। মুজতাবা খেমেইনী কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দিয়া বক্তব্যৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই মন্তব্য দিছে।

লগতে পঢ়ক: ‘পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ

‘প্ৰতিশোধ লোৱা হ’ব’; দায়িত্ব লোৱাৰ পিছতে প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন মুজতাবা খেমেইনীৰ

দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে ইৰাণৰ সৰ্বোচ্চ নেতা মুজতাবা খেমেইনীয়ে। তেওঁ কয় যে-প্ৰতিজন শ্বহীদৰ প্ৰতিশোধ লোৱা হ’ব।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ মুজতাবা খেমেইনীয়ে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰলৈ দেশবাসীক সম্বোধন কৰে। মুজতাবা খেমেইনীয়ে কয় যে, যুদ্ধ বন্ধ নোহোৱালৈকে হৰমুজ প্ৰণালী বন্ধ থাকিব আৰু সেনাই ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগে।

যাৰ বাবে বিশ্বৰ তেল বজাৰত যে তেল সংকট অব্যাহত থাকিব সেয়া স্পষ্ট হৈ পৰিছে। মুজতাবা খেমেইনীয়ে কয় যে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সেনাৰ সকলো ঘাটি খালী কৰিব লাগে।যেতিয়ালৈকে সেয়া নহয় তেতিয়ালৈকে আমি আক্ৰমণ কৰি যাম।

ইৰাণৰ সৰ্বোচ্চ নেতা গৰাকীয়ে মিনাব স্কুল আক্ৰমণৰ “শ্বহীদ”ৰ প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।তেওঁ কয়  সকলো শ্বহীদৰ প্ৰতিশোধ নিশ্চিতভাৱে লোৱা হ’ব। প্ৰতিশোধ সম্পূৰ্ণৰূপে লাভ নকৰালৈকে যুদ্ধ চলি থাকিব।

তেওঁ কয় যে, ইৰাণে নিজৰ শত্ৰু আমেৰিকাৰ পৰা “ক্ষতিপূৰণ আদায়” কৰিব।যদি আমেৰিকাই ইয়াক নাকচ কৰে, তেন্তে ইৰাণে তেওঁলোকৰ সম্পত্তি জব্দ কৰিব বা একে পৰিমাণে ধ্বংস কৰিব।

মুজতাবা খেমেইনীয়ে কয় যে, শান্তি সেই সকল লোকৰ বাবে হে থাকিব,যিসকলে ইৰাণ আৰু ইয়াৰ জনসাধাৰণৰ মংগল বিচাৰে।মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো।মহান খেমেইনী আৰু শ্বহীদ খেমেইনী এই দুজন মহানেতাৰ সিংহাসনত প্ৰণাম কৰাটো মোৰ বাবে কঠিন।

শ্বহীদ সকল এতিয়া সকলোতকৈ ভাল স্থানত আছে আৰু তেওঁলোকে ফল পাব। আমাৰ নেতাৰ মৃত্যুৱে সদায় এইটো দেখুৱাইছে যে তেওঁ সদায় সঁচা কথা কৈছিল।তেওঁৰ চৰিত্ৰ মহান আছিল। দায়িত্ব বহুত ডাঙৰ আৰু আমি আল্লাহৰ পৰা শক্তি বিচাৰিছো।নেতা আৰু জনসাধাৰণৰ সম্পৰ্ক সদায় থাকে।ইৰাণৰ জনসাধাৰণে বিশ্বক দেখুৱাইছে যে আমি মহান মানুহ।আল্লাহে আমাক সমৰ্থন কৰিছে, আমি পবিত্ৰ কোৰানৰ সহায় লব বিচাৰো।

লগতে পঢ়ক: হৰমুজ প্ৰণালী পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে প্ৰথমখন তেল টেংকাৰ…