হৰমুজ প্ৰণালী পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে প্ৰথমখন তেল টেংকাৰ...

হৰমুজ প্ৰণালী পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিলে প্ৰথমখন তেল টেংকাৰ…

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে হৰমুজ প্ৰণালী পাৰ হৈ মুম্বাইত উপস্থিত হৈছে এখন ভাৰতীয় তেল টেংকাৰ। যি সময়ত কোনো জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব পৰা নাই, সেই সময়ত ভাৰতীয় তেল টেংকাৰখনৰ নিৰাপদ যাত্ৰাক এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে। ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ

মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধৰ মাজতে হৰমুজ প্ৰণালী পাৰ হৈ মুম্বাইত উপস্থিত হৈছে এখন ভাৰতীয় তেল টেংকাৰ। যি সময়ত কোনো জাহাজে হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব পৰা নাই, সেই সময়ত ভাৰতীয় তেল টেংকাৰখনৰ নিৰাপদ যাত্ৰাক এক বৃহৎ সফলতা বুলি বিবেচিত হৈছে।

ইৰাণৰ ওপৰত ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণৰ মাজত প্ৰকৃত যুদ্ধক্ষেত্ৰত পৰিণত হৈছে হৰমুজ প্ৰণালী।বিশ্বজুৰি তেল বাণিজ্যৰ বাবে হৰমুজ প্ৰণালী এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ, যিটো ইতিমধ্যে ইৰাণে বন্ধ কৰি দিছে।হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে মধ্যপ্ৰাচ্যৰ পৰা অহা তেল বিশ্বৰ তেলৰ বজাৰত প্ৰৱেশ কৰিব নোৱাৰাৰ ফলত তেলৰ মূল্য আকাশলংঘী হৈছে।

য’ত অন্য দেশৰ তেল টেংকাৰে হৰমুজ প্ৰণালী পাৰ হ’ব পৰা নাই একে সময়তে ভাৰতে এক উল্লেখযোগ্য সফলতা লাভ কৰিছে।যুদ্ধৰ মাজতে নিৰাপদে মুম্বাইত উপস্থিত হৈছে এখন ভাৰতীয় তেল টেংকাৰ।

মুম্বাই প’ৰ্ট ট্ৰাষ্টে জনোৱা মতে, বুধবাৰে টেংকাৰখন মুম্বাই বন্দৰত উপস্থিত হয়। জাহাজখনে হৰমুজ প্ৰণালী নিৰাপদে পাৰ হোৱাটো অত্যন্ত বিপজ্জনক আছিল কিন্তু ভাৰতীয় অধিনায়কৰ বুদ্ধিমত্তাৰ বাবে টেংকাৰখন হৰমুজ প্ৰণালী পাৰ হৈ আহিলে।

হৰমুজ প্ৰণালীৰ বিপদজনক অঞ্চলৰ মাজেৰে পাৰ হৈ অহাৰ সময়ত জাহাজখনে কিছু সময়ৰ বাবে নিজৰ ট্ৰেকিং ব্যৱস্থাটো বন্ধ কৰি ‘ডাৰ্ক মোড’ত প্ৰৱেশ কৰে। জাহাজখনে ১,৩৫,৩৩৫ মেট্ৰিক টন খাৰুৱা তেল কঢ়িয়াই আনিছে, ইয়াৰ আনলোডিং আৰম্ভ হৈছে আৰু ইয়াক মুম্বাই শোধনাগাৰলৈ লৈ যোৱা হ’ব।

লগতে পঢ়ক: সকাহ… ইৰানে ভাৰতৰ বাবে খুলিলে হৰমুজৰ পথ

শেহতীয়া প্ৰৱন্ধসমূহ