ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী আৰু বাছিজ বাহিনীৰ অধিনায়ক গোলাম ৰেজা ছলেমানীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি দাবী কৰে ইজৰাইলে
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মঙলবাৰে ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী আৰু বাছিজ বাহিনীৰ অধিনায়ক গোলাম ৰেজা ছলেমানীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি দাবী কৰে । আইডিএফে ছলেমানীৰ মৃত্যু নিশ্চিত কৰে যদিও ইৰাণৰ ক্ষমতাৰ শীৰ্ষ ব্যক্তি লাৰিজানী এই আক্ৰমণত নিহত নে আহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী কাটজে দাবী কৰে যে আইডিএফৰ আক্ৰমণত লাৰিজানী নিহত হৈছে । ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুৰ পিছত আলী লাৰিজানীক ইৰাণৰ অন্যতম শক্তিশালী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল । লাৰিজানী আয়াতুল্লাহ আলী খামেনেইৰ ঘনিষ্ঠ সহযোগী আছিল ।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে মঙলবাৰে লাৰিজানীৰ উদ্ধৃতিৰে এক বিবৃতি প্ৰকাশ কৰে, য’ত ইৰাণৰ নিৰাপত্তা মুৰব্বীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তীব্ৰ সমালোচনা কৰে । বিবৃতিটোত কোৱা হৈছে যে, “৪৭ বছৰ পূৰ্বে ইৰাণৰ ইছলামিক বিপ্লৱত জনসাধাৰণৰ বিজয়ৰ প্ৰাকক্ষণত পাহলৱী শাসনৰ প্ৰধানমন্ত্ৰীয়ে দাবী কৰিছিল যে ৰাজপথত ভিৰ কৰা শ্লোগান বাস্তৱিক নহয়, বৰঞ্চ টেপ ৰেকৰ্ডিংহে । এতিয়া ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ চহৰত লাখ লাখ আমেৰিকা বিৰোধী আৰু ইজৰাইল বিৰোধী প্ৰতিবাদসমূহ এআইৰ ছবিহে ।”
লগতে পঢ়ক : চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ









