ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতাকো হত্যা কৰাৰ ভাবুকি ইজৰাইলৰ; কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বেই খেমেইনীৰ পুত্ৰক ভাবুকি

ইৰাণৰ পৰৱৰ্তী সৰ্বোচ্চ নেতাকো হত্যা কৰাৰ ভাবুকি ইজৰাইলৰ; কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বেই খেমেইনীৰ পুত্ৰক ভাবুকি

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীক মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিছে। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ৪ মাৰ্চ বুধবাৰে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিলে তেওঁক হত্যা কৰাৰ মুকলি ভাবুকি দিয়ে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক পৰৱৰ্তী উচ্চতম

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীক মুকলিকৈ হত্যা কৰাৰ ভাবুকি দিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ৪ মাৰ্চ বুধবাৰে ইৰাণৰ নতুন উচ্চতম নেতাগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিলে তেওঁক হত্যা কৰাৰ মুকলি ভাবুকি দিয়ে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণত নিহত আলী খেমেইনীৰ পুত্ৰ মোজতাবা খেমেইনীক পৰৱৰ্তী উচ্চতম নেতা হিচাপে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ সময়তে এই ভাবুকি আহিছে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কঠোৰ শব্দৰে লিখা এটা পোষ্টত কাটজে কয় যে,ইৰাণৰ সন্ত্ৰাসবাদী চৰকাৰে যিজন নেতাই ইজৰাইলক ধ্বংস কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিব,আমেৰিকা আৰু মুক্ত বিশ্বক ভাবুকি দিয়া,অঞ্চলটোৰ দেশসমূহক ভয় খুৱাই আৰু ইৰাণৰ জনসাধাৰণক অত্যাচাৰ কৰিবলৈ বাছি লয়, তেন্তে স্পষ্টভাৱে তেওঁলোকক শেষ কৰাই আমাৰ লক্ষ্য হ’ব।’

কাটজে হিব্ৰু ভাষাত আৰু লিখিছে: “তেওঁৰ নাম যিয়েই নহওক আৰু য’তেই লুকাই নাথাকক কিয়।”

কাটজে কয় যে তেওঁ প্ৰধানমন্ত্ৰী আৰু ইজৰাইল প্ৰতিৰক্ষা বাহিনীক নিৰ্দেশ দিছে তেওঁলোকৰ মিছন সম্পূৰ্ণ কৰিবলৈ “প্ৰস্তুতি আৰু সম্ভৱপৰ সকলো ধৰণে কাম কৰক।” এই অভিযান ইজৰাইলৰ ‘অপাৰেচন ৰ’ৰিং লায়ন’ৰ লক্ষ্যৰ অংশ।তেওঁ কয় যে, “আমি আমাৰ আমেৰিকান অংশীদাৰসকলৰ সৈতে আমাৰ সকলো শক্তিৰে কাম কৰি যাম,যাতে এই শাসন ব্যৱস্থাৰ ক্ষমতা ভাঙি ইৰাণৰ জনসাধাৰণে ইয়াক উফৰাই নতুন চৰকাৰ গঠন কৰাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।”

লগতে পঢ়ক: ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰত খেমেইনীক কৰা হ’ব সমাধিস্থ…