ইৰাণ আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে এক গুৰুত্বপূৰ্ণ বিবৃতি প্ৰকাশ কৰিছে।ৰাষ্ট্ৰপতিগৰাকীয়ে স্পষ্ট কৰি দিছে যে ইৰাণে আৰু কোনো চুবুৰীয়া দেশক আক্ৰমণ নকৰে।
ইৰাণৰ পৰা এক বৃহৎ আৰু চাঞ্চল্যকৰ কূটনৈতিক বিবৃতি আহিছে।ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে দেশখনক টেলিভিছনযোগে দিয়া ভাষণত ঘোষণা কৰে যে ইৰাণে চুবুৰীয়া দেশৰ ওপৰত আক্ৰমণ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।তেওঁলোকে চুবুৰীয়া দেশসমূহক ক্ষমা বিচৰাই নহয়, বৰঞ্চ আন কোনো দেশক আক্ৰমণ কৰাৰ ইৰাণৰ কোনো উদ্দেশ্য নাই বুলিও স্পষ্ট কৰি দিলে।
ৰাষ্ট্ৰপতি পেজেস্কিয়ানে তেওঁৰ ভাষণত শান্তিৰ হাত আগবঢ়ায়, আনহাতে, ইয়াৰ সাৰ্বভৌমত্বৰ সন্দৰ্ভতো কঠোৰ স্থিতি গ্ৰহণ কৰিছিল।তেওঁ কয় যে, “যিসকলে আমি বিনাচৰ্তৰে আত্মসমৰ্পণ কৰাৰ সপোন দেখিছে, এই সপোনটো তেওঁলোকে নিজৰ কবৰলৈ লগত লৈ যাব।”
চুবুৰীয়া দেশসমূহক সম্বোধন কৰি তেওঁ কয় যে ইৰাণ এখন শান্তিপ্ৰেমী দেশ আৰু সামৰিক ব্যৱস্থা বন্ধ কৰাৰ সিদ্ধান্ত আঞ্চলিক স্থিতিশীলতাৰ স্বাৰ্থত লোৱা হৈছে। সমগ্ৰ অঞ্চলটোত যুদ্ধৰ আশংকা তীব্ৰতৰ হৈ পৰাৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে। এই পৰিস্থিতি তেতিয়ালৈকে বলবৎ থাকিব যেতিয়ালৈকে ইৰাণৰ ওপৰত কৰা আক্ৰমণ সেইখন চুবুৰীয়া দেশৰ মাটিৰ পৰা সংঘটিত নহয়।
মধ্যপ্ৰাচ্যত চলি থকা উত্তেজনাৰ মাজতে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে স্পষ্টভাৱে কৈছে যে ইৰাণে কোনো ধৰণৰ হেঁচাত শিৰনত নকৰে।ইৰাণে ইজৰাইল বা আমেৰিকাৰ কাৰোৰে ওচৰত আত্মসমৰ্পণ নকৰে বুলিও তেওঁ কয়।









