ইৰাণৰ আটাইতকৈ পবিত্ৰ চহৰত খেমেইনীক কৰা হ’ব সমাধিস্থ…

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত হোৱা আয়াতুল্লাহ আলী খেমেইনীক মছহাদ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।তেহৰাণত অনুষ্ঠিত হ’ব খেমেইনীৰ বিদায়ী অনুষ্ঠান।

আমেৰিকা-ইজৰাইল যুদ্ধত নিহত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীক দেশখনৰ এখন পবিত্ৰ চহৰত সমাধিস্থ কৰাৰ প্ৰস্তুতি চলি আছে।

ইৰাণৰ অৰ্ধ-অফিচিয়েল ফাৰ্চ নিউজ এজেন্সীৰ উদ্ধৃতি দি,এ এফ পিয়ে প্ৰকাশ কৰে যে,তেওঁক মছহাদত সমাধিস্থ কৰা হ’ব,যিখন উত্তৰ-পূবৰ আটাইতকৈ পবিত্ৰ চহৰ।এই চহৰখনতেই খেমেইনীয়ে জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃকো ইমাম ৰজা দৰগাহৰ ভিতৰত সমাধিস্থ কৰা হৈছিল।

জানিব পৰা মতে, আজি নিশা ইৰাণৰ সময় অনুসৰি নিশা ১০ বজাৰ পৰা খেমেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ শোভাযাত্ৰা আৰম্ভ হ’ব।ইমাম খুমেইনী মছজিদত তিনিদিনীয়া বিদায়ী অনুষ্ঠান অনুষ্ঠিত হ’ব।সম্প্ৰতি সমাধিস্থ কাৰ্যসূচী চলি আছে,যিটো ঘোষণা কৰা হ’ব।

ইৰাণৰ দ্বিতীয় বৃহত্তম চহৰ হৈছে মছহাদ,ই দেশৰ অন্যতম গুৰুত্বপূৰ্ণ ধৰ্ম কেন্দ্ৰ।তাত ইমাম ৰেজাৰ দৰগাহ আছে,যিটো ছিয়া ইছলামৰ এটা প্ৰধান তীৰ্থস্থান,য’ত প্ৰতি বছৰে লাখ লাখ লোক উপস্থিত হয়।

খেমেইনী ইৰাণৰ আটাইতকৈ দীৰ্ঘদিনীয়া ৰাষ্ট্ৰপতি আছিল আৰু ১৯৭৯ চনৰ ইছলামিক বিপ্লৱৰ পিছত মাত্ৰ দ্বিতীয়জন সৰ্বোচ্চ নেতা আছিল।দেশৰ সৰ্বোচ্চ বিষয়া হিচাপে তেওঁৰ ওচৰত প্ৰতিৰক্ষা, অৰ্থনীতি, শিক্ষা আদি গুৰুত্বপূৰ্ণ চৰকাৰী বিষয়সমূহৰ চূড়ান্ত কৰ্তৃত্ব আছিল।

তিনি দশকৰো অধিক সময় ধৰি তেওঁ ইৰাণৰ ৰাজনৈতিক ব্যৱস্থাত শক্তিশালী দখল বজাই ৰাখিছিল আৰু সমগ্ৰ মধ্যপ্ৰাচ্যতে ইয়াৰ প্ৰভাৱ বৃদ্ধি কৰিলে।

লগতে পঢ়ক: মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে ভাৰতীয়ৰ বাবে চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ স্থাপন; হেল্পলাইন নম্বৰ মুকলি

‘আমি নিৰাপদ নহয়, আমাক ৰক্ষা কৰক’; যুদ্ধৰ মাজতে ইৰাণত আবদ্ধ ১১০ জন ভাৰতীয় ছাত্ৰৰ চৰকাৰক সহায়ৰ আবেদন

যুদ্ধৰ বাবে ইৰাণত আৱদ্ধ হৈ থকা ১১০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ইৰাণৰ পৰা তেওঁলোকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰলৈ সহায়ৰ বাবে আহ্বান জনাইছে।

ইৰাণ-ইজৰাইল যুদ্ধৰ মাজতে ইৰাণত আৱদ্ধ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে।এনে পৰিস্থিতিত ইৰাণত প্ৰায় ১০-১৫ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছে, যাৰ পৰিয়াল ভাৰতত থাকে।

এই ছাত্ৰ-ছাত্ৰী সকলে ইৰাণত চিকিৎসা বিজ্ঞান আদিত অধ্যয়নৰত। অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ইৰাণৰ তেহৰাণ, শ্বিৰাজ আদিত অধ্যয়ন কৰি আছে।এই ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় দূতাবাসে কুম চহৰলৈ লৈ গৈছে,একে সময়তে ইৰাণৰ উৰমিয়া চহৰত এতিয়াও প্ৰায় ১১০ জন ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে।ছাত্ৰ-ছাত্ৰীসকলৰ মতে, এতিয়া দূতাবাসে এইসকল ছাত্ৰ-ছাত্ৰীক তাতেই থাকিবলৈ কৈছে।

কিন্তু এতিয়া এই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জীয়াই থকাটো কঠিন হৈ পৰিছে।ছাত্ৰ-ছাত্ৰী সকলে জনোৱা মতে, তেওঁলোকৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত মিচাইল নিক্ষেপ কৰা হৈছে।

তেওঁলোকে জানিবলৈ দিয়া মতে, প্ৰথমে ইজৰাইল পক্ষই ৫০ কিলোমিটাৰ দূৰত আক্ৰমণ কৰিছিল, তাৰ পিছত ৫ কিলোমিটাৰ দূৰত পুৱা ২ বজাত,পুৱা ৬:৩০ বজাত ১কিলোমিটাৰ দূৰত  আৰু এতিয়া ১০০ মিটাৰত মিছাইল নিক্ষেপ কৰিছে।বৰ্তমান আটাইকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰ মমতাত নিজৰ গৃহভূমি ভাৰতলৈ উভতি আহিব বিচাৰিছে।

ছাত্ৰ-ছাত্ৰীসকলে কয় যে আমি দূতাবাসৰ সংস্পৰ্শত আছো যদিও তেওঁলোকে কয় যে আপোনালোক সকলোৱে এতিয়াই নিজৰ যত্ন লোৱা উচিত।অতি সোনকালে আপোনালোকৰ লগত যোগাযোগ কৰিম।বৰ্তমান তেহৰাণ আৰু শ্বিৰাজৰ ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ নিয়াৰ কাম চলি আছে, আনহাতে সীমান্তৰ ওচৰত থকা ১১০ জন ছাত্ৰ, আমি সকলোৱে উত্তৰ প্ৰদেশ, বিহাৰ, কেৰালা, মুম্বাই, পুনে, কাশ্মীৰ আদিৰ নিবাসী।

চৰকাৰ, অনুগ্ৰহ কৰি আমাক বচাওক, আপোনালোকে যেনেকৈ আগতে আমাক বচাইছিল, আমি আশা কৰিছো যে চৰকাৰে আমাক তেনেদৰেই সহায় কৰিব।যদিও ভাৰতীয় দূতাবাসে ইতিমধ্যে দুবাৰকৈ পৰামৰ্শ দিছে যে, অতি সোনকালে ছাত্ৰ-ছাত্ৰীক ইৰাণৰ পৰা ঘৰলৈ উভতি যাবলৈ কৈছিল। তথাপিও আমাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ বাবে আমি ইয়াতেই থাকিলোঁ।আমি বৈদেশিক মন্ত্ৰীক আহ্বান জনাইছো যে আমাক ইয়াৰ পৰা অতি সোনকালে উলিয়াই নিব লাগে।

লগতে পঢ়ক: কুৱেইটে ভুলতে ধ্বংস কৰিলে এফ-১৫ যুদ্ধ বিমানঃ আমেৰিকাৰ বিবৃতি

ইৰাণৰ ভয়ংকৰ আক্ৰমণ, কুৱেইটত ধ্বংস হ’ল আমেৰিকান ফাইটাৰ জেট

ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ মৃত্যু হৈছে

ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটো যুদ্ধৰ কলীয়া ডাৱৰে আগুৰি ধৰিছে । এই আক্ৰমণৰ পিছত ইৰাণে ইজৰাইল, ইৰাক, ইউ এ ইকে ধৰি কেইবাখনো দেশলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি প্ৰত্যাক্ৰমণ কৰে । ইফালে ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত এতিয়াও আক্ৰমণ অব্যাহত ৰাখিছে । ইফালে ইজৰাইল-আমেৰিকাৰ বিমান আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ মৃত্যু হৈছে ।

কুৱেইটত ধ্বংস হ’ল আমেৰিকাৰ এফ-১৫ যুঁজাৰু বিমান-

ইফালে ইৰাণৰ সংবাদ মাধ্যমে দাবী কৰিছে যে কুৱেইটত আমেৰিকাৰ এখন সামৰিক যুদ্ধ বিমান এফ-১৫ ধ্বংস হৈছে । দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ও প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে আকাশতে বিমানখনত জুই লাগিছে । এফ-১৫ যুদ্ধ বিমানক বিশ্বৰ অন্যতম মাৰাত্মক আৰু উন্নত যুদ্ধ বিমান বুলি গণ্য কৰা হয় । কিন্তু বিমানখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে পেৰাচুট লৈ পলায়ন কৰে পাইলটে । অৱশ্যে এই খবৰ এতিয়াও কোনেও নিশ্চিত কৰা নাই । আমেৰিকা বা কুৱেইটৰ সেনাবাহিনীৰ কোনোৱে বিবৃতি প্ৰদান কৰা নাই ।

কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই ঘটনাৰ পিছতে আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে । এই ঘটনাৰ মুঠ সংখ্যা আৰু সবিশেষ স্পষ্ট হোৱা নাই । ভিডিঅ’ ফুটেজত দেখা গৈছে যে বিমানখন জুইৰ শিখাই আগুৰি ধৰিছে আৰু দ্ৰুতগতিত তললৈ নামি আহিছে ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ

ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ

ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে নেতানিয়াহুৰ কাৰ্যালয় আৰু ইজৰাইলৰ বায়ুসেনাৰ কমাণ্ডাৰ ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে

ইৰাণৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণে মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰাৰ বিপৰীতে ইৰাণে নিৰন্তৰ প্ৰত্যাক্ৰমণ চলাই আহিছে । ইফালে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে দাবী কৰিছে যে নেতানিয়াহুৰ কাৰ্যালয় আৰু ইজৰাইলৰ বায়ুসেনাৰ কমাণ্ডাৰ ঘাটিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । আক্ৰমণৰ পিছত নেতানিয়াহুৰ স্থিতি অস্পষ্ট বুলিও তেওঁলোকে উল্লেখ কৰে ।

এই আক্ৰমণে ইজৰাইলক শলঠেকত পেলাইছে আৰু আই আৰ জি চিয়ে দাবী কৰিছে যে আক্ৰমণৰ পিছত নেতানিয়াহুৰ স্থিতি বৰ্তমান স্পষ্ট নহয় । আমেৰিকা-ইজৰাইলৰ যৌথ অভিযানত ইৰাণৰ সৰ্বোচ্চ নেতা আলী খামেনেইক হত্যা কৰাৰ পিছত ইজৰাইল-ইৰাণৰ সংঘাত তীব্ৰতৰ হোৱাৰ সময়তে এই ঘোষণা প্ৰকাশ পাইছে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেহৰাণ আৰু মিত্ৰ মিলিচীয়াই ইজৰাইলৰ চহৰ আৰু উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ ঘাটিসমূহত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ চলাইছে । অৱশ্যে ইৰাণে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে ইজৰাইলে ।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণৰ সামৰিক বিষয়াসকলক আত্মসমৰ্পণ কৰিবলৈ সকীয়াই দিছে । তেওঁ উল্লেখ কৰে যে সকলো লক্ষ্য পূৰণ নোহোৱালৈকে ইৰাণৰ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত থাকিব । ট্ৰাম্পে কয় যে বিনিময়ত তেওঁ সম্পূৰ্ণ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিব । তেওঁ ইৰাণৰ সামৰিক জোৱানসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় অন্যথা নিশ্চিত মৃত্যুৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়ে । ট্ৰাম্পে কয় যে ইৰানে বহু ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ।

ইফালে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুৰব্বী ৰাফেল মাৰিয়ানো গ্ৰ’ছিয়ে ইৰাণৰ পাৰমাণৱিক স্থানসমূহৰ আশে-পাশে থকা পৰিস্থিতিক অত্যন্ত চিন্তনীয় বুলি অভিহিত কৰি সম্ভাৱ্য তেজস্ক্রিয় বিকিৰণে গুৰুতৰ ৰূপ লব পাৰে বুলি সকীয়াই দিয়ে ৷ তেওঁ লগতে কয় যে ইৰাণৰ পাৰমাণৱিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ প্ৰচেষ্টা চলি আছে যদিও এতিয়াও কোনো সঁহাৰি পোৱা নাই ।

লগতে পঢ়ক : ‘ইৰাণৰ বহু চহৰত পাৰমাণৱিক বিকিৰণৰ সতৰ্কবাণী’; আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ ডাঙৰ মন্তব্য

আমেৰিকা-ইৰাণ যুদ্ধত এইবাৰ হিজবুল্লাহৰ অংশগ্ৰহণ; যুদ্ধবিৰতি ভংগ কৰি ইজৰাইলৰ ওপৰত নিশাটো মিছাইল নিক্ষেপ

আমেৰিকা-ইৰাণ যুদ্ধত এইবাৰ অংশগ্ৰহণ কৰিছে হিজবুল্লাহে। ইৰাণৰ উচ্চতম নেতা খেমেইনীৰ হত্যাৰ প্ৰতিশোধ হিচাপে ইজৰাইলৰ ওপৰত আক্ৰমণ চলাইছিল হিজবুল্লাহে।

ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ পিছত মধ্যপ্ৰাচ্যই তীব্ৰ উত্তেজনাৰ মাজেৰে পাৰ হৈছে।

লেবাননত অৱস্থিত ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠন হিজবুল্লাহে সোমবাৰে কয় যে তেওঁলোকে নিশা ইজৰাইলক ৰকেট আৰু ড্ৰোনেৰে আক্ৰমণ কৰে।

তেওঁলোকৰ মতে, ইৰাণৰ সৰ্বোচ্চ নেতা খেমেইনীৰ হত্যাকাণ্ডৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ সংঘটিত কৰা হৈছে।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে সমগ্ৰ লেবাননত হিজবুল্লাহৰ ঘাটিসমূহতো বিমান আক্ৰমণ চলায়।

এক বিবৃতিত হিজবুল্লাই কয়, তেওঁলোকে ইজৰাইলক “বহু ক্ষেপণাস্ত্ৰ আৰু বহু ড্ৰোন”ৰে আক্ৰমণ কৰিছে।এই আক্ৰমণ লেবানন আৰু ইয়াৰ জনসাধাৰণক সুৰক্ষা দিবলৈ, আৰু ইজৰাইলৰ বাৰে বাৰে আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে কৰা হৈছে।’

এবছৰতকৈও অধিক সময়ৰ ভিতৰত হিজবুল্লাহে এইবাৰেহে প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

ইফালে ইজৰাইলী সেনাই সোমবাৰে সমগ্ৰ লেবাননত হিজবুল্লাহৰ লক্ষ্যত কেইবাটাও বিমান আক্ৰমণ চলোৱা বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক: ‘আমি এবাৰতে ৪৮ জন ইৰাণৰ নেতাক হত্যা কৰিলোঁ’; ট্ৰাম্পৰ ডাঙৰ দাবী

‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ইৰাণৰ জনসাধাৰণক বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান কৰিছে।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰাণৰ জনসাধাৰণক পোনপটীয়াকৈ আবেদন জনাইছে যে, তেওঁলোকে নিজৰ দেশৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিব লাগে।

আমেৰিকা আৰু ইজৰাইলৰ যৌথ সামৰিক আক্ৰমণত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ পিছত নেতান্যাহুৱে “বৰ্তমানৰ শাসন ব্যৱস্থাক উফৰাই পেলাবলৈ” গণ প্ৰতিবাদৰ আহ্বান জনাইছে।

শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পিছত প্ৰকাশ পোৱা এক ভিডিঅ’ বাৰ্তাত নেতান্যাহুৱে কয়  ইজৰাইলৰ সামৰিক অভিযানে ইৰাণৰ শাসন ব্যৱস্থাক দুৰ্বল কৰি তুলিব আৰু জনসাধাৰণক সেই শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ সুযোগ দিব, যাক তেওঁ ‘সন্ত্রাসবাদী শাসন ব্যৱস্থা’ বুলি অভিহিত কৰিছিল৷

তেওঁ লগতে কয় যে, ‘অনাগত দিনত আমি এই সন্ত্ৰাসবাদী শাসন ব্যৱস্থাৰ হাজাৰ হাজাৰ লক্ষ্যত আক্ৰমণ কৰিম।আমি ইৰাণৰ সাহসী জনসাধাৰণক একনায়কত্ববাদৰ শিকলিৰ পৰা মুক্ত হোৱাৰ পৰিস্থিতিৰ সৃষ্টি কৰিম।সেইবাবেই মই আপোনালোকৰ লগত আকৌ এবাৰ কথা পাতিছো।’

ইৰাণৰ নাগৰিকসকলক সম্বোধন কৰি নেতানিয়াহুৱে এই মুহূৰ্তক ‘বিৰল ঐতিহাসিক সুযোগ’ বুলি অভিহিত কৰে আৰু ৰাইজক মনে মনে নাথাকিবলৈ আহ্বান জনায়। তেওঁ কয় যে, ‘ইৰাণৰ নাগৰিকসকল, এই সুযোগ হেৰাই যাবলৈ নিদিব।এনে সুযোগ প্ৰতিটো প্ৰজন্মত এবাৰকৈ আহে।মনে মনে বহি নাথাকিবা, আপোনালোকৰ সময় সোনকালে আহি আছে।’

লগতে পঢ়ক: আমেৰিকাৰ যুদ্ধজাহাজ আব্ৰাহাম লিংকনত ইৰাণৰ আক্ৰমণ; বেলেষ্টিক মিছাইল নিক্ষেপ

ছুপ্ৰিম লীডাৰ আলী খেমেইনীৰ মৃত্যু, ইৰাণৰ সেনাই নিশ্চিত কৰিছে তথ্য

ইৰাণৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থা ই আৰ এন এ আৰু মূল বাতৰি চেনেল প্ৰেছ টিভিয়ে এতিয়া আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু নিশ্চিত কৰিছে

ট্ৰাম্প আৰু ইজৰাইলৰ দাবীৰ পিছত ইৰাণৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থা ই আৰ এন এ আৰু মূল বাতৰি চেনেল প্ৰেছ টিভিয়ে এতিয়া আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু নিশ্চিত কৰিছে । শনিবাৰে আক্ৰমণৰ সময়ত খেমেইনী নিজৰ কাৰ্যালয়ত আছিল ।

ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সংগঠনটোৱে তেওঁৰ মৃত্যুক “সন্মানজনক শ্বহীদ” বুলি অভিহিত কৰি তেওঁৰ পথ অব্যাহত থাকিব বুলি কয় । বিবৃতিটোত আমেৰিকা আৰু “জায়নিষ্ট শাসন”ক দোষাৰোপ কৰি কঠোৰ ব্যৱস্থা আৰু প্ৰতিশোধৰ সতৰ্কবাণী দিয়া হৈছে । লগতে জনসাধাৰণক ৰাষ্ট্ৰীয় ঐক্য আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ।

প্ৰেছ টিভিয়ে পূৰ্বে প্ৰকাশ কৰিছিল যে, “ইছলামিক বিপ্লৱৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হয় ।” খেমেইনীৰ মৃত্যুৰ পিছত ইৰাণে এসপ্তাহজোৰা চৰকাৰী বন্ধ আৰু ৪০ দিন ৰাজহুৱা শোক ঘোষণা কৰে ।

উল্লেখ্য যে, ৮৬ বছৰীয়া আয়াতুল্লাহ আলী খেমেইনীৰ কাৰ্যকালতেই ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী আগুৱাই লৈ গৈছিল আৰু আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত বৃদ্ধি কৰিছিল । তেওঁ ৰিভল্যুচনেৰী গাৰ্ড আৰু আঞ্চলিক প্ৰক্সি নেটৱৰ্ক শক্তিশালী কৰিছিল যদিও অৰ্থনৈতিক সংকট আৰু দমনৰ ফলত দেশত বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয় । ২০২২ চনৰ মাহছা আমিনী আন্দোলনকে ধৰি বহু আন্দোলন কঠোৰভাৱে দমন কৰা হৈছিল । ১৯৮৯ চনত আয়াতুল্লাহ ৰুহোল্লাহ খেমেইনীৰ মৃত্যুৰ পিছত খেমেইনীয়ে ক্ষমতা দখল কৰি ইছলামিক ৰিপাব্লিকক নতুন ৰূপ দিয়ে । তেওঁ ছিয়া ধৰ্মগুৰু আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ ক্ষমতা বৃদ্ধি কৰিছিল, যিটো পিছলৈ সামৰিক আৰু অৰ্থনৈতিকভাৱে এক অতি প্ৰভাৱশালী প্ৰতিষ্ঠানত পৰিণত হৈছিল ।

লগতে পঢ়ক : ইতিহাসৰ আটাইতকৈ নিষ্ঠুৰ শাসক খামেইনীৰ মৃত্যুঃ ড’নাল্ড ট্ৰাম্পৰ দাবী

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী নাছিৰজাদেহৰ মৃত্যুৰ দাবী

ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰৰ মৃত্যু হৈছে

মধ্যপ্ৰাচ্যত আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা সামৰিক সংঘাতে সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰিছে । কেইবাখনো দেশত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ চলি আছে, যাৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ মহম্মদ পাকপুৰৰ মৃত্যু হৈছে ।

ৰয়টাৰৰ তথ্য অনুসৰি ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আমিৰ নাছিৰজাদেহ আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ কমাণ্ডাৰ মহম্মদ পাকপুৰ ইজৰাইলৰ আক্ৰমণত নিহত হৈছে । অৱশ্যে ইৰাণে এতিয়াও এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই ।

ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ লক্ষ্যত আমেৰিকা আৰু ইজৰাইলে আক্ৰমণ কৰাৰ লগে লগে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে । ইৰাণে এই কাৰ্যক নিজৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি ঘোষণা কৰি প্ৰতিশোধমূলক আক্ৰমণ চলায় আৰু পৰৱৰ্তী সময়ত উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি লয় ।

কাটাৰ, বাহৰেইন, ইউ এ ই, চৌদি আৰৱতো বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে । কেইবাখনো দেশে নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে । সাধাৰণ নাগৰিকক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ পৰামৰ্শ দিয়া হৈছে । সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোৰ বহু বিমানবন্দৰ, বিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ কৰি দিয়া হৈছে ।

ইফালে বৰ্ধিত এই সংঘাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ফ্ৰান্স, ৰাছিয়া, কাটাৰ, ইউৰোপীয় সংঘকে ধৰি কেইবাখনো দেশে ডি-এস্কেলেচন আৰু কূটনৈতিক সমাধানৰ আহ্বান জনাইছে । ৰাষ্ট্ৰসংঘতো শীঘ্ৰেই হস্তক্ষেপৰ দাবী উত্থাপন হৈছে । ইফালে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ এজন শীৰ্ষ সেনাধ্যক্ষৰ মৃত্যু হোৱাৰ দাবীয়ে সংকট আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক : মধ্য প্ৰাচ্যত যুদ্ধৰ বিভীষিকা, এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱে ল’লে ডাঙৰ সিদ্ধান্ত

আমেৰিকাৰ সাতটা সামৰিক ঘাটিত ইৰাণৰ বিধ্বংসী আক্ৰমণ, বাহৰেইন, কুৱেইট, কাটাৰ আৰু ইউ এ ইৰ ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ

মধ্যপ্ৰাচ্যৰ ৭টা আমেৰিকাৰ সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে ।

ইজৰাইলৰ পিছত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে ইৰাণে । দেশখনে মধ্যপ্ৰাচ্যৰ ৭টা আমেৰিকাৰ সামৰিক ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে । যদি ইজৰাইলকো ধৰা হয় তেন্তে ইৰাণে একেলগে আঠখন দেশৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে । শেহতীয়া তথ্য অনুসৰি ইৰাণে ছৌদি আৰব, জৰ্ডান, বাহৰেইন, কুৱেইট, কাটাৰ, ইউ এ ইত অৱস্থিত আমেৰিকাৰ নৌসেনাৰ ঘাটিসমূহত আক্ৰমণ চলাইছে । বাহৰেইনে শনিবাৰে কয় যে এই ক্ষেপণাস্ত্ৰ আক্ৰমণ আমেৰিকাৰ নৌসেনাৰ ৫ম ফ্লীট মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে ।

বাহৰেইনে শনিবাৰে কয় যে দেশখনত থকা আমেৰিকাৰ নৌসেনাৰ ৫ম ফ্লীটৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে ইৰাণে । বাহৰেইনৰ মানমা চহৰতো বিস্ফোৰণৰ শব্দ শুনা গৈছে ।

ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছে । ইউ এ ইৰ আল ধাফ্ৰা এয়াৰ বেছ, কুৱেইটত থকা আমেৰিকাৰ সামৰিক ঘাটি, ছৌদি আৰৱত থকা আমেৰিকাৰ ঘাটি আৰু বাহৰেইনত থকা আমেৰিকাৰ ঘাটিত ইৰাণে আক্ৰমণ চলাইছে । কাটাৰৰ ৰাজধানী ডোহাতো বিস্ফোৰণৰ শব্দ শুনা গৈছে । দোহাত থকা এয়াৰবেছ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে ।

সংযুক্ত আৰব আমিৰশ্বাহীতো আক্ৰমণ সংঘটিত কৰিছে কৰিছে ইৰাণে । কুৱেইট, ইউ এ ই, বাহৰেইনৰ কেইবাটাও আমেৰিকাৰ সামৰিক ঘাটিতো আক্ৰমণ কৰা হৈছে ।

বাহৰেইনৰ একাধিক স্থানত আক্ৰমণ-

বাহৰেইনৰ সংবাদ সংস্থাই কয় যে দেশৰ বাহিৰৰ পৰা হোৱা আক্ৰমণত একাধিক স্থানত লক্ষ্য কৰি লোৱা হৈছে । বাহৰেইনে এই আক্ৰমণক দেশৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰকাশ্য উলংঘা বুলি অভিহিত কৰি বাহৰেইন কৰ্তৃপক্ষই “জৰুৰীকালীন ব্যৱস্থা” ৰূপায়ণ কৰিছে বুলি কয় ।

কাটাৰত একাধিক বিস্ফোৰণ-

কাটাৰত মোবাইল ফোনত ৱাৰ্নিং এলাৰ্ট বাজিছিল, য’ত মানুহক আশ্ৰয় বিচাৰিবলৈ আহ্বান জনোৱা হয় । কাটাৰৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে আৰু সকলো বিমান সেৱা বাতিল কৰা হৈছে ।

কাটাৰ এয়াৰৱেজ গ্ৰুপে নিশ্চিত কৰিছে যে কাটাৰ এয়াৰৱেজৰ গ্ৰাউণ্ডিঙৰ বাবে ডোহালৈ অহা-যোৱা কৰা বিমান সেৱা সাময়িকভাৱে বন্ধ হৈ পৰিছে । বিমান সংস্থাটোৱে চৰকাৰী অংশীদাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ক্ষতিগ্ৰস্ত যাত্ৰীসকলক সহায় কৰি আছে আৰু আকাশমাৰ্গ পুনৰ মুকলি হ’লেই বিমান সেৱা পুনৰ আৰম্ভ কৰিব বুলি কৈছে ।

কুৱেইটত চাইৰেন আৰু বিস্ফোৰণৰ খবৰ-

প্ৰত্যক্ষদৰ্শীয়ে কুৱেইটৰ আমেৰিকান সেনা কেন্দ্ৰত চাইৰেন আৰু বিস্ফোৰণৰ শব্দ শুনা বুলি জনাইছে । কাটাৰৰ আল উবাইদ এয়াৰ বেছ আক্ৰমণৰ লগতে কুৱেইটৰ আল চেলেম এয়াৰ বেছকো আক্ৰমণ কৰা হয় । ইউ এ ইৰ আল ধাফ্ৰা এয়াৰ বেছত আক্ৰমণ কৰা হৈছে বুলি জানিব পৰা গৈছে । তদুপৰি বাহৰেইনত থকা আমেৰিকাৰ সামৰিক ঘাটিত ইৰাণে ধাৰাবাহিকভাৱে আক্ৰমণ চলায় ।

আবুধাবিত এজন লোকৰ মৃত্যু-

ইৰাণৰ এই আক্ৰমণত চৌদি আৰৱৰ ৰাজধানী ৰিয়াদ আৰু ইউ এ ইৰ ডুবাই আৰু আবুধাবিক লক্ষ্য কৰি লোৱা হয় । আবুধাবিত এজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । ডুবাইত এক শক্তিশালী বিস্ফোৰণৰ খবৰ পোৱা গৈছে । ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ জনোৱাৰ কথা উল্লেখ কৰিছে ইউ এ ইয়ে ।

ইৰাকত দুজন লোক নিহত-

শনিবাৰে বাগদাদৰ দক্ষিণে থকা জুৰ্ফ আল-ছাখৰত বিমান আক্ৰমণৰ পিছত কমেও চাৰিটা বিস্ফোৰণত ইৰাকৰ দুজন যোদ্ধা নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয় ।

লগতে পঢ়ক : ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন