ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন

ইজৰাইলৰ আক্ৰমণৰ পিছতেই এতিয়া ইৰাণে দিছে প্ৰত্যুত্তৰ। ইজৰাইলৰ জেৰুজালেমত বাজিছে চাইৰেন। সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা ।

ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে যুদ্ধ।বৰ্তমান দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিশোধমূলক আক্ৰমণ চলাইছে ইৰাণে।

ইজৰাইললৈ ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে।ইজৰাইলৰ সেনা আইডিএফে কয় যে ইৰাণৰ পৰা ইজৰাইল অভিমুখে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে,সমগ্ৰ দেশখনতে সক্ৰিয় কৰা হৈছে এলাৰ্ট।

ইৰাণৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰৰ অধীনলৈ অহা ইজৰাইলৰ চহৰসমূহৰ ভিতৰত জেৰুজালেম, হাইফা, শ্বেফেলা আদি অন্যতম।বৰ্তমান জেৰুজালেমত ছাইৰেন বাজি আছে।ইফালে শেহতীয়া খবৰ অনুসৰি ইৰাণে দ্বিতীয়বাৰৰ বাবে ইজৰাইলৰ ফালে ক্ষেপণাস্ত্ৰৰ চালান প্ৰেৰণ কৰিছে।ইজৰাইলে নিজৰ সমস্ত শক্তিৰে ধ্বংস কৰি আছে ইৰাণৰ এই ক্ষেপণাস্ত্ৰ।

খবৰ অনুসৰি উত্তৰ ইজৰাইলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে।ইজৰাইলে নিজৰ ক্ষেপণাস্ত্ৰ বিৰোধী প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে।ইজৰাইলে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

লগতে পঢ়ক: ‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

ইজৰাইল আৰু আমেৰিকাই মিলি ইৰাণৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে। একেলগে কমেও ৩০ টা স্থানত আক্ৰমণ কৰিছে।

ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে।ইজৰাইলে ইৰাণৰ ৰাষ্ট্ৰপতি ভৱনক লক্ষ্য কৰি লৈছে,ইয়াৰ উপৰিও ইৰাণৰ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে।

ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী অট্টালিকাক লক্ষ্য কৰি লোৱা হৈছে।জানিব পৰা মতে ইৰাণৰ উচ্চতম নেতা আলী খামেইনি এই সময়ত তেহৰাণত নাই।তেওঁক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।

ইৰাণৰ ওপৰত ইজৰাইলে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।আক্ৰমণৰ পিছত ৰাজধানী তেহৰাণৰ কেইবাটাও স্থানত অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল।

জানিব পৰা মতে, আমেৰিকাৰ এফ-২২ ৰেপ্টৰ যুদ্ধ বিমানেও এই আক্ৰমণত অংশগ্ৰহণ কৰিছে। তেহৰাণৰ ৩০ স্থানত বেলিষ্টিক মিছাইলৰ সহায়ত একেলগে এই আক্ৰমণ সংঘটিত কৰিছিল।

ইয়াৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।আক্ৰমণৰ সময়ত আমেৰিকা আৰু ইজৰাইলে খামেইনিৰ কাৰ্যালয়কো লক্ষ্য কৰি লৈছিল।

লগতে পঢ়ক: ‘সংস্থাসমূহে এন্থ্ৰপিক প্ৰযুক্তি ব্যৱহাৰ কৰা বন্ধ কৰক’; ট্ৰাম্পে দিলে আলটিমেটাম

‘পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই’; ইজৰাইলৰ পৰা পাকিস্তানক সকীয়নী প্ৰধানমন্ত্ৰী মোদীৰ

ইজৰাইলৰ পৰাই পাকিস্তানক সকীয়নী দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, সন্ত্ৰাসবাদৰ কোনো স্থান নাই।

ইজৰাইল ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কয় যে কোনো কাৰণতে সন্ত্ৰাসবাদ মানি ল’ব নোৱাৰি। তেওঁ কয় যে, ভাৰত আৰু ইজৰাইলে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰোধিতা কৰি কান্ধত কান্ধ মিলাই থিয় দিছে আৰু ভৱিষ্যতেও কৰি যাব। ইজৰাইলৰ মাটিৰ পৰা দিয়া এই বক্তব্যক পাকিস্তানৰ বাবে এক শক্তিশালী বাৰ্তা হিচাপে বিবেচিত হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, পৃথিৱীত সন্ত্ৰাসবাদীৰ কোনো স্থান নাই। ভাৰত আৰু ইজৰাইল সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালীভাৱে থিয় দিব।

পশ্চিম এছিয়াৰ শান্তি আৰু স্থিৰতাৰ বাবে ভাৰতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে, সেইবাবেই ভাৰতে আৰম্ভণিৰে পৰা আলোচনা আৰু শান্তিপূৰ্ণ সমাধানৰ পোষকতা কৰি আহিছে।

গাজা শান্তি পৰিকল্পনাই শান্তিৰ পথ প্ৰশস্ত কৰিছে। তেওঁ ইজৰাইলৰ নেতৃত্বৰ সৈতে আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰে।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ভাৰতীয় প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয় যে ৯ বছৰ পূৰ্বে তেওঁ ইজৰাইল ভ্ৰমণ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হোৱাৰ সৌভাগ্য লাভ কৰিছিল আৰু আকৌ ইয়াত উপস্থিত হোৱাটো এক গৌৰৱ আৰু আৱেগিক অভিজ্ঞতা। ইজৰাইলৰ সংসদে প্ৰদান কৰা সন্মানৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৰ মাজত দ্বিপাক্ষিক আলোচনা; ভাৰত আৰু ইজৰাইলৰ মাজত বৃহৎ চুক্তিৰ সম্ভাৱনা

প্ৰধানমন্ত্ৰী মোদী আৰু নেতান্যাহুৰ মাজত দ্বিপাক্ষিক আলোচনা; ভাৰত আৰু ইজৰাইলৰ মাজত বৃহৎ চুক্তিৰ সম্ভাৱনা

ইজৰাইল ভ্ৰমণৰ দ্বিতীয়দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নেতান্যাহুৰ মাজত দ্বিপাক্ষিক আলোচনা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মাজত ইতিমধ্যে দ্বিপাক্ষিক আলোচনা আৰম্ভ হৈছে।

এই সময়ছোৱাত ভাৰত আৰু ইজৰাইলৰ মাজত ড্ৰ’ন ক্ৰয় আৰু যৌথ উৎপাদনকে ধৰি বহু বৃহৎ প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হ’ব পাৰে। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা চুক্তিটো মোহৰ লাগিব পাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা প্ৰথমে জেৰুজালেমৰ হ’ল’কাষ্ট স্মৃতিসৌধ ‘যাদ ৱাশ্বেম’ত উপস্থিত হয়। তাত তেওঁ হিটলাৰৰ নাজী শাসনৰ সময়ত নিহত ৬০ লাখ ইহুদীক শ্ৰদ্ধাঞ্জলি জনায়।

ইয়াৰ পিছত মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি ইচাক হাৰ্জোগক সাক্ষাৎ কৰে।দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

এই সময়ত ইচাকে কয় যে ভাৰতৰ অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে,যিটোৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি আছে।আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি গৰাকীক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই।

লগতে পঢ়ক: ইনষ্টাগ্ৰামত ১০ কোটীৰ ক্লাবত প্ৰৱেশ কৰা বিশ্বৰ প্ৰথমজন নেতা, প্ৰধানমন্ত্ৰী মোদীৰ আন এক অভিলেখ

ইজৰাইললৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী; ভাৰতৰ সৈতে “হেক্সাগাঁন” মিত্ৰতা নেতান্যাহুৰ

দুদিনীয়া ভ্ৰমণসূচীৰে আজি ইজৰাইললৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে নেতান্যাহুৱে ভাৰতক ষড়ভুজ মিত্ৰতাত অন্তৰ্ভুক্ত কৰিছে পাকিস্তান আৰু তুৰ্কিয়েৰ দৰে দেশক মোক্ষম আঘাত দিছে।

দিল্লীৰ পালাম বায়ুসেনা ষ্টেচনৰ পৰা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইললৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিছু সময়ৰ পূৰ্বে তেওঁৰ বিমানখনে উৰা মাৰিছে।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ইজৰাইলৰ মাজত বহু বৃহৎ চুক্তি স্বাক্ষৰিত হ’ব।ইয়াত প্ৰতিৰক্ষা চুক্তি বিশিষ্ট।টেল আভিভত প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ভাৰতক হেক্সাগাঁন মিত্ৰতাত অন্তৰ্ভুক্ত কৰি তুৰ্কিয়ে আৰু পাকিস্তানৰ দৰে দেশক মোক্ষম আঘাত দিছে।

ইজৰাইললৈ যোৱাৰ পূৰ্বে এক্সত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছিল,‘আজি আৰু কাইলৈৰ বাবে ​​ইজৰাইললৈ ভ্ৰমণলৈ যাম।আমাৰ দুয়োখন ৰাষ্ট্ৰৰ মাজত এক শক্তিশালী আৰু বহুমুখী কৌশলগত অংশীদাৰিত্ব আছে’।

‘কিছু বছৰৰ পৰা দুয়োখন দেশৰ সম্পৰ্কটো যথেষ্ট সুদৃঢ় হৈছে।মই প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে আলোচনা কৰিম, য’ত প্ৰতিৰক্ষা, প্ৰযুক্তি, উদ্ভাৱন, বাণিজ্য, কৃষি, জল ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়ে আলোচনা কৰা হ’ব’।

‘মই ইজৰাইলৰ ৰাষ্ট্ৰপতি ইসাক হৰোগকো লগ কৰিম।আজি সন্ধিয়া মই ইজৰাইলৰ সংসদ নেচেটক সম্বোধন কৰিম।এয়া আমাৰ শক্তিশালী সংসদীয় আৰু গণতান্ত্ৰিক সম্পৰ্কক সন্মান জনোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।’

ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নেচেটত এইটোৱেই হ’ব প্ৰথম ভাষণ,যিয়ে দুয়োখন দেশৰ মাজত গভীৰ বন্ধুত্ব আৰু ভাগ কৰা মূল্যবোধৰ ওপৰত আলোকপাত কৰে।

লগতে পঢ়ক: দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ইজৰাইললৈ প্ৰধানমন্ত্ৰী মোদী, উৎসাহী নেতেনিয়াহু 

দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে ইজৰাইললৈ প্ৰধানমন্ত্ৰী মোদী, উৎসাহী নেতেনিয়াহু

বুধবাৰে ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

২৫ আৰু ২৬ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ইজৰাইল ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নেতানিয়াহুৰ আমন্ত্ৰণত ৯ বছৰৰ মূৰত ইজৰাইল ভ্ৰমণ কৰিব মোদীয়ে । তেওঁ শেষবাৰৰ বাবে ২০১৭ চনত ইজৰাইল ভ্ৰমণ কৰিছিল ।

বুধবাৰে ইজৰাইলৰ ৰাজধানী টেল আভিভৰ বেন গুৰিয়ান বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ব্যক্তিগতভাৱে মোদীক আদৰিবলৈ বিমানবন্দৰলৈ যাব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু তেওঁৰ পত্নী ছাৰা । প্ৰধানমন্ত্ৰী মোদীৰ এয়া দ্বিতীয়টো ইজৰাইল ভ্ৰমণ ।

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু নেতানিয়াহুৱে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব আৰু দুয়োখন দেশৰ সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে কৌশলগত আৰু প্ৰতিৰক্ষা অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা, এআই, চাইবাৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা আৰু দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব আগুৱাই নিয়া ।

বুধবাৰে ইজৰাইলৰ সংসদ নেচেটত ভাষণ দিব প্ৰধানমন্ত্ৰী মোদীয়ে । ইজৰাইলৰ বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ বৰ্জন কৰাৰ হুংকাৰ দিছে, যাৰ উত্তৰত অধ্যক্ষ আমিৰ ওহানাই নেচেটত খালী হৈ থকা আসনসমূহ প্ৰাক্তন সাংসদৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে । সন্ধিয়া তেওঁ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব । নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নৈশ ভোজৰো আয়োজন কৰিছে ।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ ফেব্ৰুৱাৰীত হ’ল’কাষ্ট স্মাৰক পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । ইজৰাইলৰ ৰাষ্ট্ৰপতি হাৰ্জোগকো সাক্ষাৎ কৰিব তেওঁ ।

মোদীৰ ভ্ৰমণত ভাৰত আৰু ইজৰাইলৰ মাজত প্ৰতিৰক্ষা সহযোগিতা, বাণিজ্য, প্ৰযুক্তি আৰু নিৰাপত্তা চুক্তিসমূহ উন্নীতকৰণৰ ওপৰত আলোচনা কৰা হ’ব । এই ভ্ৰমণৰ সময়ত নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বুজাবুজি চুক্তিও স্বাক্ষৰিত হ’ব পাৰে ।

উল্লেখ্য যে ভাৰত-ইজৰাইলৰ সম্পৰ্ক অতি শক্তিশালী আৰু কৌশলগত । ১৯৯২ চনত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয় । তেতিয়াৰ পৰা বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, কৃষি আদি ক্ষেত্ৰত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে । ইজৰাইল ভাৰতৰ প্ৰধান প্ৰতিৰক্ষা অংশীদাৰ আৰু দুয়োখন দেশৰ মাজত বাণিজ্যৰ মূল্য কেইবা কোটি ডলাৰ ।

লগতে পঢ়ক : এতিয়াৰে পৰা ‘কেৰালাম’ নামেৰে জনা যাব কেৰালাক, মোদী কেবিনেটৰ সিদ্ধান্ত

লেবাননত ইজৰাইলৰ বিমান আক্ৰমণ; ১০ জনৰ মৃত্যুৰ

ইজৰাইলে লেবাননৰ ওপৰত এক বৃহৎ বিমান আক্ৰমণ চলাইছে।খবৰ অনুসৰি এই আক্ৰমণত ১০ জন লোক নিহত হৈছে।

ইজৰাইলে পূব লেবাননত বিমান আক্ৰমণ চলাইছে।এই শেহতীয়া আক্ৰমণে পুনৰবাৰ অঞ্চলটোৰ পৰিস্থিতি ভয়াৱহ কৰি তুলিছে।স্থানীয় সংবাদ মাধ্যমৰ মতে,এই আক্ৰমণত কমেও ১০ জন লোকৰ মৃত্যু হৈছে।

ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনটোৱে নিশ্চিত কৰিছে যে নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ এজন জ্যেষ্ঠ বিষয়াও আছে।২০২৪ চনৰ নৱেম্বৰ মাহত যুদ্ধ শেষ হোৱাৰ পিছত লেবাননত সংঘটিত হোৱা অন্যতম মাৰাত্মক আক্ৰমণ বুলি গণ্য কৰা হয়।

ইজৰাইলে দাবী কৰিছে যে তেওঁলোকৰ বাহিনীয়ে বেকা উপত্যকাৰ স্থানসমূহক লক্ষ্য কৰি লৈছিল, যাৰ ওপৰত অভিযোগ আছিল যে, তেওঁলোকে ইজৰাইল আৰু লেবাননৰ মাজত হোৱা চুক্তি উলংঘা কৰিছিল।

বেকা আক্ৰমণৰ কেইঘণ্টামান পূৰ্বে ইজৰাইলে দক্ষিণ লেবাননৰ পেলেষ্টাইনী শৰণাৰ্থী শিবিৰতো বিমান আক্ৰমণ চলাইছিল।

এক্সত জাৰি কৰা এক বিবৃতিত ইজৰাইলী সেনাই দাবী কৰে যে আইন আল-হেলৱেহ অঞ্চলত ‘হামাছৰ এটা কমাণ্ড চেণ্টাৰ’ক লক্ষ্য কৰি লোৱা হৈছে।ছিদন চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত এই ঘন জনবসতিপূৰ্ণ শিবিৰত আক্ৰমণত দুজন লোক নিহত হয়।

লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী মোদী এজন মহান ব্যক্তি, কিন্তু ভাৰতে শুল্ক দিবই লাগিব…’; ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত ট্ৰাম্পৰ ডাঙৰ দাবী

ইজৰাইল ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী মোদী, উৎফুল্লিত নেতানিয়াহু…

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আদৰণি জনোৱা হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইজৰাইল ভ্ৰমণক লৈ অতিশয় উৎসাহিত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু । আমেৰিকাৰ প্ৰধান ইহুদী সংগঠনৰ ৰাষ্ট্ৰপতি সন্মিলনত ভাষণৰ সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীক এক বৃহৎ আদৰণি জনোৱা হ’ব । উৎসাহেৰে ৰাইজক সম্বোধন কৰি তেওঁ কয়, “অহা সপ্তাহত ইয়ালৈ কোন আহিব ? নৰেন্দ্ৰ মোদী ।”

নেতানিয়াহুৱে আৰু কয় যে ইজৰাইল আৰু ভাৰতৰ মাজত এক শক্তিশালী অংশীদাৰিত্ব আছে আৰু সকলো ধৰণৰ সহযোগিতাৰ বিষয়ে আলোচনা কৰিব । ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কয় যে ভাৰতৰ জনসংখ্যা ১.৫ বিলিয়ন আৰু ইমান বৃহৎ জনসংখ্যা থকা দেশ হিচাপে ভাৰতে ইজৰাইলক অতিশয় সন্মান কৰে । এই কাৰণেই ইজৰাইলেও ভাৰতক সন্মান কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অগ্ৰাধিকাৰ দিয়ে । বিশ্বাস কৰা হৈছে যে এই ভ্ৰমণৰ সময়ত প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব, যাৰ ফলত ভাৰত-ইজৰাইলৰ অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হ’ব ।

উল্লেখ্য যে, ২৭-২৮ ফেব্ৰুৱাৰীত ইজৰাইল ভ্ৰমণৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই যদিও বিশ্বাস কৰা হৈছে যে তৃতীয় কাৰ্যকালত এইটোৱেই হ’ব প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম ইজৰাইল ভ্ৰমণ । ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ ইজৰাইললৈ ঐতিহাসিক ভ্ৰমণ কৰিছিল । সেই ভ্ৰমণ ভাৰত-ইজৰাইল সম্পৰ্কৰ এক বৃহৎ টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হৈছে, যিয়ে তেওঁলোকক নতুন কৌশলগত স্তৰলৈ উন্নীত কৰিছে । মোদীৰ এই সম্ভাৱ্য ভ্ৰমণ এনে এটা সময়ত হ’ব যেতিয়া দুয়োখন দেশে নিজৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ দিশত আগবাঢ়িছে ।

লগতে পঢ়ক : ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ? শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

অস্ত্ৰ ত্যাগ কৰক অন্যথা বিষম হ’ব পৰিণতি… হামাছক কঠোক সকীয়নি ট্ৰাম্পৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত ট্ৰাম্পে স্পষ্টভাৱে কয় যে যদিহে হামাছে শীঘ্ৰেই অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ নকৰে তেন্তে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব । তেওঁ সকীয়াই দিয়ে যে হামাছক আত্মসমৰ্পণ কৰিবলৈ অতি কম সময় দিয়া হ’ব ।

গাজা সংকট সন্দৰ্ভত হামাছক শেষ সকীয়নি দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । ফ্ল’ৰিডাস্থিত তেওঁৰ মাৰ-এ-লাগো এষ্টেটত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক সাক্ষাৎ কৰাৰ পিছত ট্ৰাম্পে স্পষ্টভাৱে কয় যে যদিহে হামাছে শীঘ্ৰেই নিজৰ অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ নকৰে তেন্তে ই ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব ।

সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে কয় যে গাজাত স্থায়ী শান্তিৰ বাবে হামাছৰ নিৰস্ত্ৰকৰণ অতি প্ৰয়োজনীয় । তেওঁ সকীয়াই দিয়ে যে হামাছক আত্মসমৰ্পণ কৰিবলৈ অতি কম সময় দিয়া হ’ব । যদি নকৰে, তেন্তে তেওঁলোকে ভুগিবলৈ সাজু হোৱা উচিত ।

নেতানিয়াহুৰ সৈতে আলোচনাত কেন্দ্ৰীয় বিষয় হৈ থাকিল গাজা-

ট্ৰাম্পে কয় যে নেতানিয়াহুৰ সৈতে তেওঁৰ আলোচনাৰ মূল এজেণ্ডা আছিল গাজাত যুদ্ধবিৰতি আৰু হামাছৰ ভূমিকা । তেওঁ কয় যে এই বিষয়ত দুয়োখন দেশৰ মাজত সহমত আছে । ট্ৰাম্পৰ মতে, “আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হৈছো । আমি যি দিশত যাব বিচাৰো সেই সন্দৰ্ভত আমাৰ মতভেদ অতি কম ।”

অৱশ্যে ট্ৰাম্পে এই কথাও স্বীকাৰ কৰে যে ৱেষ্ট বেংক সন্দৰ্ভত আমেৰিকা আৰু ইজৰাইলৰ মতামত সম্পূৰ্ণৰূপে একেই নহয় । ৱেষ্ট বেংকত ক্ৰমবৰ্ধমান হিংসাই শান্তি প্ৰক্ৰিয়াৰ ক্ষতি কৰিব পাৰে নেকি বুলি সোধাত তেওঁ কয় যে এই বিষয়টো দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । ট্ৰাম্পে কয় যে ৱেষ্ট বেংকৰ ক্ষেত্ৰত আমি ১০০ শতাংশ একমত বুলি ক’ব নোৱাৰো যদিও আমি নিশ্চিতভাৱে এটা সিদ্ধান্তত উপনীত হ’ম । মতানৈক্যৰ মাজতো ট্ৰাম্পে আস্থা প্ৰকাশ কৰে যে সকলো বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব পৰা যাব । তেওঁ কয় যে আমেৰিকা শান্তিৰ দিশত আগবাঢ়িবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু গাজাত স্থিতিশীলতা তেতিয়াহে সম্ভৱ হ’ব যেতিয়া হিংসা আৰু অস্ত্ৰ-শস্ত্ৰৰ সম্পূৰ্ণ অন্ত পৰিব ।

নেতানিয়াহুক প্ৰশংসা ট্ৰাম্পৰ-

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক মুকলিকৈ প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । তেওঁলোকৰ বৈঠকৰ সময়ত ট্ৰাম্পে নেতানিয়াহুক যুদ্ধকালীন প্ৰধানমন্ত্ৰী বুলি অভিহিত কৰি কয় যে তেওঁ ইজৰাইলক অতি বিপদজনক সময়ৰ পৰা উলিয়াই আনিছে । ট্ৰাম্পে কয় যে তেওঁ এক কল্পনাতীত কাম কৰিছে । সেই সময়ত যদি ভুল প্ৰধানমন্ত্ৰী থাকিল হেতেন তেন্তে অকপটে ক’বলৈ গ’লে হয়তো আজি ইজৰাইলৰ অস্তিত্বই নাথাকিল হেতেন ।

লগতে পঢ়ক : আমেৰিকা এতিয়া প্ৰকৃত ৰাষ্ট্ৰসংঘঃ ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰত-পাককে ধৰি ৮ খন যুদ্ধৰ সমাধানৰ দাবী