আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

ইজৰাইল আৰু আমেৰিকাই মিলি ইৰাণৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে। একেলগে কমেও ৩০ টা স্থানত আক্ৰমণ কৰিছে। ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে।ইজৰাইলে ইৰাণৰ ৰাষ্ট্ৰপতি ভৱনক লক্ষ্য কৰি লৈছে,ইয়াৰ উপৰিও ইৰাণৰ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে। ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী অট্টালিকাক

ইজৰাইল আৰু আমেৰিকাই মিলি ইৰাণৰ ওপৰত মিছাইল আক্ৰমণ কৰিছে। একেলগে কমেও ৩০ টা স্থানত আক্ৰমণ কৰিছে।

ইজৰাইল আৰু আমেৰিকাই ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে।ইজৰাইলে ইৰাণৰ ৰাষ্ট্ৰপতি ভৱনক লক্ষ্য কৰি লৈছে,ইয়াৰ উপৰিও ইৰাণৰ চোৰাংচোৱা সংস্থাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হৈছে।

ইৰাণৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী অট্টালিকাক লক্ষ্য কৰি লোৱা হৈছে।জানিব পৰা মতে ইৰাণৰ উচ্চতম নেতা আলী খামেইনি এই সময়ত তেহৰাণত নাই।তেওঁক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।

ইৰাণৰ ওপৰত ইজৰাইলে কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।আক্ৰমণৰ পিছত ৰাজধানী তেহৰাণৰ কেইবাটাও স্থানত অট্টালিকাৰ পৰা ধোঁৱা ওলোৱা দেখা গৈছিল।

জানিব পৰা মতে, আমেৰিকাৰ এফ-২২ ৰেপ্টৰ যুদ্ধ বিমানেও এই আক্ৰমণত অংশগ্ৰহণ কৰিছে। তেহৰাণৰ ৩০ স্থানত বেলিষ্টিক মিছাইলৰ সহায়ত একেলগে এই আক্ৰমণ সংঘটিত কৰিছিল।

ইয়াৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।আক্ৰমণৰ সময়ত আমেৰিকা আৰু ইজৰাইলে খামেইনিৰ কাৰ্যালয়কো লক্ষ্য কৰি লৈছিল।

লগতে পঢ়ক: ‘সংস্থাসমূহে এন্থ্ৰপিক প্ৰযুক্তি ব্যৱহাৰ কৰা বন্ধ কৰক’; ট্ৰাম্পে দিলে আলটিমেটাম

শেহতীয়া প্ৰৱন্ধসমূহ