ট্ৰাম্পে আমেৰিকাৰ সকলো সংস্থাক এন্থ্ৰপিকৰ এআই প্ৰযুক্তি বন্ধ কৰিবলৈ নিৰ্দেশনা দি কোম্পানীটোক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিপদ বুলি অভিহিত কৰিছে।
আমেৰিকাত কৃত্ৰিম বুদ্ধিমত্তাৰ জগতত শুকুৰবাৰে এক বৃহৎ ভূমিকম্পৰ সৃষ্টি হয়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এন্থ্ৰপিকক প্ৰত্যক্ষ আক্ৰমণ চলাই সকলো ফেডাৰেল সংস্থাক ইয়াৰ এআই ব্যৱস্থা ব্যৱহাৰ কৰাটো তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে আমেৰিকাৰ যুদ্ধ বিভাগৰ সৈতে OpenAI-এ এক উল্লেখযোগ্য চুক্তি কৰিছে, যাৰ বাবে কোম্পানী দুটাৰ মাজত কৌশলগত দূৰত্ব আৰু অধিক গভীৰ হৈছে।
ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে, ‘মই নিৰ্দেশ দিছো যে আমেৰিকা চৰকাৰৰ প্ৰতিটো সংস্থাই তৎক্ষণাত এন্থ্ৰপিকৰ প্ৰযুক্তি ব্যৱহাৰ বন্ধ কৰক।
আমাক ইয়াৰ প্ৰয়োজন নাই আমি ইয়াক নিবিচাৰো আৰু এতিয়া ইয়াক ব্যৱহাৰ নকৰো ‘। তেওঁ কয় যে, প্ৰতিৰক্ষা বিভাগকে ধৰি যিসমূহ সংস্থাত ইয়াক ব্যৱহাৰ কৰি থকা হৈছে, তেওঁলোকে ৬ মাহৰ ভিতৰত ফেজ-আউট সম্পূৰ্ণ কৰিব লাগিব।
ট্ৰাম্পে এন্থ্ৰপিকৰ ওপৰত অভিযোগ উত্থাপন কৰিছে যে, কোম্পানীটোৱে প্ৰতিৰক্ষা মন্ত্ৰালয়ক হেঁচা প্ৰয়োগ কৰি যুদ্ধ চলোৱাৰ ধৰণত প্ৰভাৱ পেলাব বিচাৰিছে,যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি হয়।









