ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন

ইৰাণে ইজৰাইলক দিছে প্ৰত্যুত্তৰ; ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ,টেল আভিভত বাজিছে চাইৰেন

ইজৰাইলৰ আক্ৰমণৰ পিছতেই এতিয়া ইৰাণে দিছে প্ৰত্যুত্তৰ। ইজৰাইলৰ জেৰুজালেমত বাজিছে চাইৰেন। সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা । ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে যুদ্ধ।বৰ্তমান দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিশোধমূলক আক্ৰমণ চলাইছে ইৰাণে। ইজৰাইললৈ ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে।ইজৰাইলৰ সেনা

ইজৰাইলৰ আক্ৰমণৰ পিছতেই এতিয়া ইৰাণে দিছে প্ৰত্যুত্তৰ। ইজৰাইলৰ জেৰুজালেমত বাজিছে চাইৰেন। সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা ।

ইৰাণ আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে যুদ্ধ।বৰ্তমান দুয়োখন দেশৰ মাজত তীব্ৰ যুদ্ধ চলি আছে।ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিশোধমূলক আক্ৰমণ চলাইছে ইৰাণে।

ইজৰাইললৈ ৭০টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ইৰাণে।ইজৰাইলৰ সেনা আইডিএফে কয় যে ইৰাণৰ পৰা ইজৰাইল অভিমুখে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে,সমগ্ৰ দেশখনতে সক্ৰিয় কৰা হৈছে এলাৰ্ট।

ইৰাণৰ ক্ষেপণাস্ত্ৰৰ পৰিসৰৰ অধীনলৈ অহা ইজৰাইলৰ চহৰসমূহৰ ভিতৰত জেৰুজালেম, হাইফা, শ্বেফেলা আদি অন্যতম।বৰ্তমান জেৰুজালেমত ছাইৰেন বাজি আছে।ইফালে শেহতীয়া খবৰ অনুসৰি ইৰাণে দ্বিতীয়বাৰৰ বাবে ইজৰাইলৰ ফালে ক্ষেপণাস্ত্ৰৰ চালান প্ৰেৰণ কৰিছে।ইজৰাইলে নিজৰ সমস্ত শক্তিৰে ধ্বংস কৰি আছে ইৰাণৰ এই ক্ষেপণাস্ত্ৰ।

খবৰ অনুসৰি উত্তৰ ইজৰাইলত কেইবাটাও বিস্ফোৰণৰ শব্দ শুনা গৈছে।ইজৰাইলে নিজৰ ক্ষেপণাস্ত্ৰ বিৰোধী প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে।ইজৰাইলে সমগ্ৰ দেশতে জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছে।

লগতে পঢ়ক: ‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া