ইৰাণৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থা ই আৰ এন এ আৰু মূল বাতৰি চেনেল প্ৰেছ টিভিয়ে এতিয়া আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু নিশ্চিত কৰিছে
ট্ৰাম্প আৰু ইজৰাইলৰ দাবীৰ পিছত ইৰাণৰ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় সংবাদ সংস্থা ই আৰ এন এ আৰু মূল বাতৰি চেনেল প্ৰেছ টিভিয়ে এতিয়া আনুষ্ঠানিকভাৱে আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যু নিশ্চিত কৰিছে । শনিবাৰে আক্ৰমণৰ সময়ত খেমেইনী নিজৰ কাৰ্যালয়ত আছিল ।
ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে এক বিবৃতিত খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সংগঠনটোৱে তেওঁৰ মৃত্যুক “সন্মানজনক শ্বহীদ” বুলি অভিহিত কৰি তেওঁৰ পথ অব্যাহত থাকিব বুলি কয় । বিবৃতিটোত আমেৰিকা আৰু “জায়নিষ্ট শাসন”ক দোষাৰোপ কৰি কঠোৰ ব্যৱস্থা আৰু প্ৰতিশোধৰ সতৰ্কবাণী দিয়া হৈছে । লগতে জনসাধাৰণক ৰাষ্ট্ৰীয় ঐক্য আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ।
প্ৰেছ টিভিয়ে পূৰ্বে প্ৰকাশ কৰিছিল যে, “ইছলামিক বিপ্লৱৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনী আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হয় ।” খেমেইনীৰ মৃত্যুৰ পিছত ইৰাণে এসপ্তাহজোৰা চৰকাৰী বন্ধ আৰু ৪০ দিন ৰাজহুৱা শোক ঘোষণা কৰে ।
উল্লেখ্য যে, ৮৬ বছৰীয়া আয়াতুল্লাহ আলী খেমেইনীৰ কাৰ্যকালতেই ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী আগুৱাই লৈ গৈছিল আৰু আমেৰিকা আৰু ইজৰাইলৰ সৈতে সংঘাত বৃদ্ধি কৰিছিল । তেওঁ ৰিভল্যুচনেৰী গাৰ্ড আৰু আঞ্চলিক প্ৰক্সি নেটৱৰ্ক শক্তিশালী কৰিছিল যদিও অৰ্থনৈতিক সংকট আৰু দমনৰ ফলত দেশত বৃহৎ প্ৰতিবাদৰ সৃষ্টি হয় । ২০২২ চনৰ মাহছা আমিনী আন্দোলনকে ধৰি বহু আন্দোলন কঠোৰভাৱে দমন কৰা হৈছিল । ১৯৮৯ চনত আয়াতুল্লাহ ৰুহোল্লাহ খেমেইনীৰ মৃত্যুৰ পিছত খেমেইনীয়ে ক্ষমতা দখল কৰি ইছলামিক ৰিপাব্লিকক নতুন ৰূপ দিয়ে । তেওঁ ছিয়া ধৰ্মগুৰু আৰু ৰিভল্যুচনেৰী গাৰ্ডৰ ক্ষমতা বৃদ্ধি কৰিছিল, যিটো পিছলৈ সামৰিক আৰু অৰ্থনৈতিকভাৱে এক অতি প্ৰভাৱশালী প্ৰতিষ্ঠানত পৰিণত হৈছিল ।
লগতে পঢ়ক : ইতিহাসৰ আটাইতকৈ নিষ্ঠুৰ শাসক খামেইনীৰ মৃত্যুঃ ড’নাল্ড ট্ৰাম্পৰ দাবী









