চিকিৎসালয়ত আক্ৰমণ কাপুৰুষোচিত কাৰ্যঃ পাকিস্তানক কঠোৰ নিন্দা ভাৰতৰ

কাবুলৰ এখন চিকিৎসালয়ত সংঘটিত হোৱা আক্রমণক গৰিহণা দি পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে

আফগানিস্তানৰ কাবুলৰ এখন চিকিৎসালয়ত সংঘটিত হোৱা আক্রমণক গৰিহণা দি পাকিস্তানক তীব্ৰ সমালোচনা কৰিছে ভাৰতে ৷ ভাৰতে স্পষ্টকৈ উল্লেখ কৰিছে যে এয়া কোনো সামৰিক অভিযান নাছিল, বৰঞ্চ নিৰীহ লোকক লক্ষ্য কৰি কৰা কাপুৰুষোচিত আক্ৰমণ আছিল । কোনো চিকিৎসালয়ক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি ল’ব নালাগে । ভাৰত চৰকাৰে কয় যে পাকিস্তানে এতিয়া সমগ্ৰ ঘটনা ঢাকিবলৈ চেষ্টা কৰিব । ভাৰতে ইয়াক বৰ্বৰ, কাপুৰুষোচিত আৰু অমানৱীয় হিংসা বুলি অভিহিত কৰিছে ।

ভাৰত চৰকাৰে ইয়াক অভিযান আখ্যা দিয়ে । অৱশ্যে সত্যটো হ’ল এয়া সাধাৰণ নাগৰিকৰ ওপৰত হোৱা প্ৰত্যক্ষ আক্ৰমণ । ই কোনো সামৰিক অভিযান নহয় । পাকিস্তানে প্ৰত্যুত্তৰ দিব লাগিব । ভাৰতে উল্লেখ কৰে যে এয়া কেৱল আক্ৰমণ নহয়, আফগান ভূমি আৰু ইয়াৰ সাৰ্বভৌমত্বৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ । ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি পাব পাৰে । উত্তেজনা আৰু অধিক ভয়াৱহ কৰি তুলিছে পাকিস্তানে । ভাৰতে উল্লেখ কৰিছে যে এই আক্ৰমণ ৰমজান মাহত সংঘটিত হৈছে । এই সময়ত শান্তি আৰু মানৱতাৰ কথা কোৱা হয় আৰু চিকিৎসালয়ত আক্ৰমণ কৰাটো আৰু অধিক লজ্জাজনক বুলি ভাৰতে উল্লেখ কৰে ।

এই বিষয়টোক সহজভাৱে নল’বলৈ আৰু দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ভাৰতে বিশ্বৰ আন দেশসমূহকো আহ্বান জনাইছে । অৱশেষত ভাৰতে আফগানিস্তানৰ জনসাধাৰণৰ সৈতে সংহতি প্ৰকাশ কৰি নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে আৰু আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰে ।

ভাৰতে স্পষ্ট বাৰ্তা দিছে যে চিকিৎসালত কৰা আক্ৰমণ কোনো কাৰণতে ন্যায্য হ’ব নোৱাৰে আৰু ইয়াক লুকুৱাবলৈ কৰা যিকোনো প্ৰচেষ্টা বিফল হ’ব ।

লগতে পঢ়ক : আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক, ৪০০ লোকৰ মৃত্যুৰ দাবী

হৰমুজ পাৰ হৈ ভাৰত পালেহি নন্দাদেৱী, কঢ়িয়াই আনিছে ৪৭ হাজাৰ মেট্ৰিক টন গেছ

হৰমুজ নিৰাপদে পাৰ হৈ ভাৰতত উপস্থিত হৈছে আন এখন এল পি জি টেংকাৰ নন্দা দেৱী

হৰমুজ প্ৰণালীৰ মাজেৰে সোমবাৰে ভাৰতত উপস্থিত হোৱা শিৱালিকৰ পিছতে আন এক ভাল খবৰ প্ৰকাশ পাইছে । শিৱালিকৰ পিছতে হৰমুজ নিৰাপদে পাৰ হৈ ভাৰতত উপস্থিত হৈছে আন এখন এল পি জি টেংকাৰ নন্দা দেৱী । ৪৭ হাজাৰ মেট্ৰিক টনতকৈও অধিক তৰলীকৃত পেট্ৰলিয়াম গেছ কঢ়িয়াই ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে নন্দা দেৱী । গুজৰাটৰ ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে জাহাজখন । মধ্যপ্ৰাচ্যৰ গভীৰ সংকটৰ মাজতে এইখনেই হৈছে হৰমুজ প্ৰণালী অতিক্ৰম কৰা দ্বিতীয়খন ভাৰতীয় জাহাজ ।

ইয়াৰ এদিন পূৰ্বে আন এখন এল পি জি টেংকাৰ শিৱালিকে ৪৬ হাজাৰ মেট্ৰিক টনৰো অধিক এল পি জি কঢ়িয়াই গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হৈছিল । এই পৰিমাণ ভাৰতীয় পৰিয়ালত ব্যৱহৃত ১৪.২ কিলোগ্ৰামৰ প্ৰায় ৩২.৪ মিলিয়ন ঘৰুৱা চিলিণ্ডাৰৰ সমতুল্য আছিল । অনুমান কৰা হৈছে যে এই এখন জাহাজে ভাৰতৰ বাবে প্ৰায় এদিনৰ মুঠ এল পি জি আমদানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব ।

শনিবাৰে জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই উল্লেখ কৰে যে ক্ৰমে ১৬ মাৰ্চ আৰু ১৭ মাৰ্চত শিৱালিক আৰু নন্দা দেৱীৰ আগমনৰ সম্ভাৱনা আছে । সিনহাই কয়, “পাৰস্য উপসাগৰীয় অঞ্চলৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু যোৱা ২৪ ঘণ্টাত কোনো অশুভ কাণ্ডৰ খবৰ পোৱা নাই । পাৰস্য উপসাগৰত ২৪খন ভাৰতৰ পতাকা থকা জাহাজ আছিল । ইয়াৰে দুখন জাহাজ শিৱালিক আৰু নন্দা দেৱীয়ে নিৰাপদে পাৰ হৈ এতিয়া ভাৰত অভিমুখে ৰাওনা হৈছে ।”

লগতে পঢ়ক : হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে

ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই

সোমবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে হৰমুজ প্ৰমালীৰ মাজেৰে জাহাজৰ নিৰাপদ গতি নিশ্চিত কৰাৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে কোনো দ্বিপাক্ষিক আলোচনা কৰা নাই । গুৰুত্বপূৰ্ণ জলপথটো মুকলি কৰি ৰাখিবলৈ কেইবাখনো দেশক যুদ্ধ জাহাজ নিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ভাৰতে এই বিবৃতি প্ৰকাশ কৰিছে । ভাৰতে এই বিষয়ত অংশীদাৰ আৰু কেইবাখনো দেশৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ট্ৰুথছ’চিয়েলত এটা পোষ্টত উল্লেখ কৰিছে যে ইৰানে হৰমুজ প্ৰণালী কৃত্ৰিমভাৱে বন্ধ কৰাৰ প্ৰচেষ্টাৰ ফলত চীন, ফ্ৰান্স, জাপান, দক্ষিণ কোৰিয়া, যুক্তৰাজ্য আৰু অন্যান্য ক্ষতিগ্ৰস্ত দেশসমূহ প্ৰভাৱিত হৈছে । তেওঁ এই দেশসমূহক জলপথটো সুৰক্ষিত আৰু মুকলি কৰি ৰাখিবলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিবলৈ আহ্বান জনায় । অৱশ্যে এই দেশসমূহে এতিয়াও কোনো তাৎক্ষণিক প্ৰতিশ্ৰুতি দিয়া নাই ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে এই বিষয়ত বহু দেশৰ মাজত চলি থকা আলোচনাৰ বিষয়ে ভাৰত অৱগত, কিন্তু দ্বিপাক্ষিক পৰ্যায়ত আমেৰিকাৰ সৈতে কোনো আলোচনা হোৱা নাই ।

সংবাদ মাধ্যমৰ ব্রিফিঙত এই বিষয় সন্দর্ভত সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে, “আমি জানো যে এই বিশেষ বিষয়টো কেইবাখনো দেশত আলোচনা চলি আছে । আমি এতিয়াও দ্বিপাক্ষিকভাৱে আলোচনা কৰা নাই ।” তেওঁ আৰু কয় যে ভাৰতে এই বিষয়ত বিভিন্ন অংশীদাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিব ।

উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে হৰমুজ প্ৰণালীৰ মাজেৰে জাহাজ চলাচল বন্ধ কৰি ৰাখিছে আৰু জাহাজ আক্ৰমণ কৰাৰ ভাবুকি দিছে । ইয়াৰ ফলত জাহাজৰ যাতায়ত যথেষ্ট হ্ৰাস পাইছে আৰু পেট্ৰ’ল, ডিজেল, গেছৰ বিশ্বব্যাপী সংকটৰ সৃষ্টি হৈছে । অৱশ্যে ইৰাণে কেইবাখনো দেশৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হোৱাৰ আশ্বাস দিছে, যাৰ ফলত কিছুমান দেশৰ জাহাজে হৰমুজেৰে পুনৰ পাৰ হৈ যাবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : যুদ্ধৰ মাজতে হৰমুজ পাৰ হৈ গুজৰাট পালেহি এল পি জি ভৰ্তি শিৱালিক

ভাৰত আমাৰ বন্ধুঃ হৰমুজ প্ৰণালীক লৈ ইৰানে দিলে ডাঙৰ সংকেত

ইৰানে ভাৰতক অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ পথ প্ৰদানৰ বাবে পদক্ষেপ ল’ব পাৰে

হৰমুজ প্ৰণালীক লৈ ক্ৰমবৰ্ধমান উত্তেজনা আৰু সামুদ্ৰিক নিৰাপত্তাৰ চিন্তাৰ মাজতে ইৰানে ভাৰতক এক উল্লেখযোগ্য সংকেত প্ৰদান কৰিছে । ভাৰতত থকা ইৰানৰ ৰাষ্ট্ৰদূত মহম্মদ ফাথালীয়ে উল্লেখ কৰিছে যে ইৰানে ভাৰতক অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ পথ প্ৰদানৰ বাবে পদক্ষেপ ল’ব পাৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ফাথালীয়ে এই বিষয়ে স্পষ্ট ইংগিত দিয়ে । ভাৰতীয় জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদ যাতায়তৰ অনুমতি দিয়া হ’ব নেকি বুলি সোধাত তেওঁ কয় যে ভাৰত আমাৰ বন্ধু আৰু এই ক্ষেত্ৰত ইতিবাচক উন্নয়ন শীঘ্ৰে আশা কৰিব পাৰি ।

তেওঁ ক’লে, “হয়, কাৰণ ভাৰত আমাৰ বন্ধু । দুই-তিনি ঘণ্টাৰ ভিতৰতে দেখা পাব ।” সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ এই বক্তব্য তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । পাৰস্য উপসাগৰীয় অঞ্চলত যোৱা কিছুদিন ধৰি উত্তেজনা বৃদ্ধি পাইছে । ইয়াৰ ফলত বহু দেশত সাগৰীয় পথৰ নিৰাপত্তাক লৈ উদ্বেগ সৃষ্টি হৈছে । বিশেষকৈ হৰমুজ প্ৰণালীক বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সাগৰীয় পথ হিচাপে গণ্য কৰা হয় । ইয়াৰ মাজেৰে বৃহৎ পৰিমাণৰ তেল আৰু বাণিজ্যিক জাহাজ পাৰ হৈ যায় ।

এই সাগৰীয় পথটো ভাৰতৰ বাবেও অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো ইয়াৰ মাজেৰে দেশৰ বহু বণিক জাহাজ ট্ৰেনজিট হয় । গতিকে ইৰানৰ এই ইংগিত ভাৰতৰ বাবে সকাহ বুলি বিবেচিত হৈছে । যদিও ৰাষ্ট্ৰদূতগৰাকীয়ে বিতংভাৱে কোৱা নাই, তথাপিও তেওঁৰ বক্তব্যই ইংগিত দিয়ে যে সামুদ্ৰিক যাতায়ত সন্দৰ্ভত ভাৰত আৰু ইৰানৰ মাজত সহযোগিতা অব্যাহত আছে ।

লগতে পঢ়ক : আমেৰিকাৰ যুদ্ধ জাহাজ আব্ৰাহাম লিংকনত মিছাইল আক্ৰমণৰ দাবী ইৰানৰ

ইতিহাস সৃষ্টি কৰি তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ চেম্পিয়ন ভাৰত;  পুনৰ খিতাপ জয়ৰ পৰা বঞ্চিত কিৱি বাহিনী

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত টি-২০ বিশ্বকাপৰ ফাইনেলত ৯৬ ৰানত জয়লাভ কৰে টিম ইণ্ডিয়াই।এই মহান বিজয়ৰ জৰিয়তে টিম ইণ্ডিয়াই একেৰাহে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে।

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ খিতাপ দখল কৰিলে টিম ইণ্ডিয়াই। দেওবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ভাৰতে ৯৬ ৰানত জয়লাভ কৰি তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে।এই মেচখনত টছত জয়ী হোৱাৰ পাছত নিউজিলেণ্ডৰ দলটোৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডৰ দলটোৱে ১৫৯ ৰান সংগ্ৰহ কৰি পতন ঘটায়।

ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপৰ ইতিহাসত তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। লগতে প্ৰথমবাৰৰ বাবে আয়োজক দলে টি-২০ বিশ্বকাপৰ ট্ৰফী লাভ কৰিছে।একে সময়তে নিউজিলেণ্ডৰ দলটোৱে পুনৰবাৰ খিতাপ জয়ৰ পৰা বঞ্চিত হৈছে।

লগতে পঢ়ক: ঘোষণা হ’ল আই পি এল২০২৬ৰ উদ্বোধনী মেচ;  এইটো দিনৰ পৰা আৰম্ভ হ’ব প্ৰতিযোগিতা

প্ৰথমবাৰলৈ খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ ভাৰতৰ; শোক প্ৰস্তাৱত স্বাক্ষৰ বৈদেশিক সচিবৰ

ইৰাণৰ প্ৰাক্তন উচ্চতম নেতা আলী খামেনেইৰ মৃত্যুত বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসত উপস্থিত হয়। বৈদেশিক সচিব গৰাকীয়ে শোক প্ৰস্তাৱত স্বাক্ষৰ কৰে।

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুৰ ষষ্ঠ দিনৰ দিনা ভাৰতে শোক প্ৰকাশ কৰিছে।বৃহস্পতিবাৰে নতুন দিল্লীত থকা ইৰাণৰ দূতাবাসত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত হৈ শোক প্ৰস্তাৱত স্বাক্ষৰ কৰে।

তেওঁ ভাৰত চৰকাৰৰ হৈ এই স্বাক্ষৰ কৰে। য’ত ভাৰতে শেহতীয়া ঘটনাটোক লৈ ইৰাণৰ প্ৰতি শোক আৰু সংহতি প্ৰকাশ কৰাৰ লগতে প্ৰাক্তন উচ্চতম নেতা আয়াতুল্লাহ আলী খেমেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

২০২৬ চনৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণত আয়াতুল্লাহ আলী খেমেইনীৰ নিহত হৈছিল।এই ঘটনাই সমগ্ৰ ইৰাণক জোকাৰি গৈছে।

লগতে পঢ়ক: ভীষণ পৰিণতিৰ সন্মুখীন হ’ব লাগিবঃ যুদ্ধ জাহাজ ধ্বংসৰ পিছতে আমেৰিকাক ইৰাণৰ সকীয়নি

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টছত জয়লাভ ভাৰতৰ; টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত

আজি কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হ’ব আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।টচত জয়ী হৈ ভাৰতে বলিঙৰ সিদ্ধান্ত লৈছে।

কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দলৰ মাজত অনুষ্ঠিত হৈছে আই চি চি টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ-৮ মেচ।

প্ৰতিযোগিতাখনৰ চতুৰ্থ ছেমি ফাইনেলৰ দলটো এই খেলখনৰ পৰাই নিৰ্ণয় কৰা হ’ব। যিয়ে জয়ী হ’ব সেই দলটোৱেই শীৰ্ষ-৪ত স্থান লাভ কৰিব।

দুয়োটা দলৰ ২-২ পইণ্ট আছে আৰু আজিৰ খেলখনত জয়ী হোৱা দলটোৱে ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিব।দুয়োটা দলৰ বাবে আজিৰ খেলখন নিৰ্ণায়ক বুলি প্ৰমাণিত হ’বলৈ গৈ আছে।

ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে টছ জয় কৰি বল কৰাৰ সিদ্ধান্ত লৈছে। এই নকআউট মেচত ৱেষ্ট ইণ্ডিজৰ দলে প্ৰথমে বেটিং কৰিব। ভাৰতীয় বলাৰসকলে ৱেষ্ট ইণ্ডিজক নূন্যতম ৰান সংগ্ৰহ কৰাত সীমাবদ্ধ ৰখাত গুৰুত্ব দিব লাগিব।

লগতে পঢ়ক: ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আজি ভাৰতৰ অগ্নিপৰীক্ষা, ছেমি ফাইনেলৰ লক্ষ্যৰে ইডেনত যুঁজিব সূৰ্য বাহিনীয়ে

ছেমিফাইনেলৰ দিশে এখোজ টীম ইণ্ডিয়াৰ; সৰ্বোচ্চ স্ক’ৰ কৰাৰ পাছত ৭২ ৰানত জয়লাভ

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত জিম্বাবৱেক ৭২ ৰানত পৰাস্ত কৰিলে ভাৰতে।এই জয়েৰে টীম ইণ্ডিয়াই ছেমিফাইনেলৰ দিশে এখোজ আগবাঢ়ি গৈছে।

বৃহস্পতিবাৰে (২৬ ফেব্ৰুৱাৰী) চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে জিম্বাবৱেৰ বিৰুদ্ধে খেলিছিল।

এই মেচখনত ভাৰতীয় দলটোৱে ৭২ ৰানত জয়লাভ কৰে।মেচখনত ভাৰতীয় দলটোৱে জিম্বাবৱেক ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছিল,কিন্তু জিম্বাবৱে দলটোৱে ৬ উইকেটত ১৮৪ ৰানহে সংগ্ৰহ কৰে।

ভাৰতীয় দলটোৱে এতিয়া ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিলেহে ছেমি ফাইনেলত প্ৰৱেশ কৰিব লাগিব।অহা ১ মাৰ্চত কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত-ৱেষ্ট ইণ্ডিজৰ খেলখন অনুষ্ঠিত হ’ব।

আজিৰ মেচখনত জিম্বাবৱেই টছত জয়লাভ কৰি টীম ইণ্ডিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়।এইবাৰ প্লেইং ১১ত সঞ্জু চেমছনে সুযোগ লাভ কৰে।

ধাৰাবাহিকভাৱে ব্যৰ্থ হৈ থকা অভিষেক শৰ্মাই অৱশেষত ৫৫ ৰানৰ অৰ্ধশতকৰ ইনিংছ খেলে। আনহাতে হাৰ্দিক পাণ্ডিয়াই ৫০ ৰান আৰু তিলক বাৰ্মাই ৪৪ ৰানৰ ধুমুহাময় ইনিংছ খেলে। ভাৰতে ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ আটাইতকৈ বেছি আৰু টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক স্ক’ৰ লাভ কৰিছিল।

লগতে পঢ়ক: ২০২৬ চনৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৰ্বাধিক স্ক’ৰ;  জিম্বাবৱেক বান্ধি দিলে ২৫৭ ৰাণৰ লক্ষ্য

“দুয়োখন দেশে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে…”;  ভাৰত-ব্ৰাজিলৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ

ভাৰত-ব্ৰাজিলৰ মাজত এক ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা হয়। প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ মাজত হোৱা আলোচনাই বাণিজ্য, প্ৰযুক্তি আৰু এআই সহযোগিতাৰ ক্ষেত্ৰত এক নতুন দিশ দিছে।

ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্কত আজি এক নতুন অধ্যায় সংযোজন কৰা হৈছে।ভাৰত আৰু ব্ৰাজিলৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাত এনে গুৰুত্বপূৰ্ণ বিষয়ত একমতত উপনীত হৈছে,যিয়ে দুয়োখন দেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব পাৰে।

ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়,‘ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো।তেওঁৰ দৃষ্টিভংগী আৰু প্ৰেৰণাদায়ক নেতৃত্বৰ দ্বাৰা ভাৰত-ব্ৰাজিলৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি লাভৱান হৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কিছু বছৰ ধৰি দুয়োগৰাকী নেতাৰ মাজত কেইবাখনো বৈঠক হৈছে আৰু প্ৰতিবাৰেই ৰাষ্ট্ৰপতি লুলাৰ ভাৰতৰ প্ৰতি গভীৰ বন্ধুত্ব আৰু বিশ্বাস স্পষ্টভাৱে অনুভৱ কৰা হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাষ্ট্ৰপতি লুলাৰ এই ভ্ৰমণে ঐতিহাসিক এ আই ইমপেক্ট ছামিটকো শক্তিশালী কৰিছে আৰু দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ব্ৰাজিল,লেটিন আমেৰিকাত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছে। দুয়োখন দেশে অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্যক ২০ বিলিয়ন ডলাৰৰ বাহিৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন