"দুয়োখন দেশ একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে..."; ভাৰত-ব্ৰাজিলৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ

“দুয়োখন দেশে একেলগে সন্ত্ৰাসবাদৰ বিৰুদ্ধে…”;  ভাৰত-ব্ৰাজিলৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ

ভাৰত-ব্ৰাজিলৰ মাজত এক ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা হয়। প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ মাজত হোৱা আলোচনাই বাণিজ্য, প্ৰযুক্তি আৰু এআই সহযোগিতাৰ ক্ষেত্ৰত এক নতুন দিশ দিছে। ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্কত আজি এক নতুন অধ্যায় সংযোজন কৰা হৈছে।ভাৰত আৰু ব্ৰাজিলৰ মাজত বাণিজ্যিক

ভাৰত-ব্ৰাজিলৰ মাজত এক ডাঙৰ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰা হয়। প্ৰধানমন্ত্ৰী মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ মাজত হোৱা আলোচনাই বাণিজ্য, প্ৰযুক্তি আৰু এআই সহযোগিতাৰ ক্ষেত্ৰত এক নতুন দিশ দিছে।

ভাৰত আৰু ব্ৰাজিলৰ সম্পৰ্কত আজি এক নতুন অধ্যায় সংযোজন কৰা হৈছে।ভাৰত আৰু ব্ৰাজিলৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাত এনে গুৰুত্বপূৰ্ণ বিষয়ত একমতত উপনীত হৈছে,যিয়ে দুয়োখন দেশৰ অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব পাৰে।

ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়,‘ৰাষ্ট্ৰপতি লুলা আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আদৰণি জনাই মই আনন্দিত হৈছো।তেওঁৰ দৃষ্টিভংগী আৰু প্ৰেৰণাদায়ক নেতৃত্বৰ দ্বাৰা ভাৰত-ব্ৰাজিলৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি লাভৱান হৈ আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, কিছু বছৰ ধৰি দুয়োগৰাকী নেতাৰ মাজত কেইবাখনো বৈঠক হৈছে আৰু প্ৰতিবাৰেই ৰাষ্ট্ৰপতি লুলাৰ ভাৰতৰ প্ৰতি গভীৰ বন্ধুত্ব আৰু বিশ্বাস স্পষ্টভাৱে অনুভৱ কৰা হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ৰাষ্ট্ৰপতি লুলাৰ এই ভ্ৰমণে ঐতিহাসিক এ আই ইমপেক্ট ছামিটকো শক্তিশালী কৰিছে আৰু দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ব্ৰাজিল,লেটিন আমেৰিকাত ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ আছে। দুয়োখন দেশে অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্যক ২০ বিলিয়ন ডলাৰৰ বাহিৰলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।

লগতে পঢ়ক: থেংক ইউ ইণ্ডিয়া… ভাৰত ভ্ৰমণক স্মৰণীয় আখ্যা দি দেশলৈ উভতিল ৰাষ্ট্ৰপতি মেক্ৰন