হৰমুজ নিৰাপদে পাৰ হৈ ভাৰতত উপস্থিত হৈছে আন এখন এল পি জি টেংকাৰ নন্দা দেৱী
হৰমুজ প্ৰণালীৰ মাজেৰে সোমবাৰে ভাৰতত উপস্থিত হোৱা শিৱালিকৰ পিছতে আন এক ভাল খবৰ প্ৰকাশ পাইছে । শিৱালিকৰ পিছতে হৰমুজ নিৰাপদে পাৰ হৈ ভাৰতত উপস্থিত হৈছে আন এখন এল পি জি টেংকাৰ নন্দা দেৱী । ৪৭ হাজাৰ মেট্ৰিক টনতকৈও অধিক তৰলীকৃত পেট্ৰলিয়াম গেছ কঢ়িয়াই ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে নন্দা দেৱী । গুজৰাটৰ ৱাদিনাৰ বন্দৰত উপস্থিত হৈছে জাহাজখন । মধ্যপ্ৰাচ্যৰ গভীৰ সংকটৰ মাজতে এইখনেই হৈছে হৰমুজ প্ৰণালী অতিক্ৰম কৰা দ্বিতীয়খন ভাৰতীয় জাহাজ ।
ইয়াৰ এদিন পূৰ্বে আন এখন এল পি জি টেংকাৰ শিৱালিকে ৪৬ হাজাৰ মেট্ৰিক টনৰো অধিক এল পি জি কঢ়িয়াই গুজৰাটৰ মুন্দ্ৰা বন্দৰত উপস্থিত হৈছিল । এই পৰিমাণ ভাৰতীয় পৰিয়ালত ব্যৱহৃত ১৪.২ কিলোগ্ৰামৰ প্ৰায় ৩২.৪ মিলিয়ন ঘৰুৱা চিলিণ্ডাৰৰ সমতুল্য আছিল । অনুমান কৰা হৈছে যে এই এখন জাহাজে ভাৰতৰ বাবে প্ৰায় এদিনৰ মুঠ এল পি জি আমদানিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব ।
শনিবাৰে জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই উল্লেখ কৰে যে ক্ৰমে ১৬ মাৰ্চ আৰু ১৭ মাৰ্চত শিৱালিক আৰু নন্দা দেৱীৰ আগমনৰ সম্ভাৱনা আছে । সিনহাই কয়, “পাৰস্য উপসাগৰীয় অঞ্চলৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু যোৱা ২৪ ঘণ্টাত কোনো অশুভ কাণ্ডৰ খবৰ পোৱা নাই । পাৰস্য উপসাগৰত ২৪খন ভাৰতৰ পতাকা থকা জাহাজ আছিল । ইয়াৰে দুখন জাহাজ শিৱালিক আৰু নন্দা দেৱীয়ে নিৰাপদে পাৰ হৈ এতিয়া ভাৰত অভিমুখে ৰাওনা হৈছে ।”
লগতে পঢ়ক : হৰমুজত যুদ্ধজাহাজ মোতায়েন : ট্ৰাম্পৰ আহ্বানৰ প্ৰত্যুত্তৰ দিলে ভাৰতে









