‘ক্ৰেজি লাভ’…ইজৰাইল-ভাৰতৰ সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ মন্তব্য

ভাৰতৰ সৈতে বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে

ইজৰাইল আৰু ভাৰতৰ মাজত ক্ৰমাৎ গভীৰ হৈ অহা বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । বৃহস্পতিবাৰে ৱেষ্ট বেংকত আয়োজিত এক সন্মিলনত ভাষণ দি নেতানিয়াহুৱে স্পষ্ট কৰি দিয়ে যে বিশ্বৰ যিকোনো দেশৰ তুলনাত ভাৰতে তেওঁলোকক সৰ্বাধিক আৰু অটুট সমৰ্থন আগবঢ়াই আহিছে ।

ভাৰতৰ প্ৰতি ইজৰাইলৰ বিশেষ আস্থা-

ভাষণ প্ৰসংগত নেতানিয়াহুৱে কয়, “সমগ্ৰ বিশ্বতে আমাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি আমাৰ বিৰুদ্ধে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে, কিন্তু ভাৰতত তেনে পৰিস্থিতি নাই । ভাৰতত ইজৰাইলৰ বাবে যি প্ৰচণ্ড মৰম বা ‘ক্ৰেজি লাভ’ দেখা যায়, সেয়া অনন্য ।” তেওঁ লগতে উল্লেখ কৰে যে বিশ্বৰ অন্যান্য ঠাইৰ তুলনাত ভাৰততেই তেওঁৰ অনুগামীৰ সংখ্যা সৰ্বাধিক ।

গাজা যুদ্ধক লৈ নেতানিয়াহুৰ পৰৱৰ্তী লক্ষ্য-

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে গাজা যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও অৱগত কৰে । তেওঁ কয় যে বৰ্তমান ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপৰ ৬০ শতাংশ অঞ্চল নিয়ন্ত্ৰণ কৰিছে আৰু অতি সোনকালে এই লক্ষ্য ৭০ শতাংশলৈ বৃদ্ধি কৰা হ’ব । হামাছৰ বিৰুদ্ধে এই সামৰিক অভিযান পৰ্যায়ক্ৰমে চলি থাকিব বুলিও তেওঁ পুনৰ দোহাৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছত নতুন মাত্ৰা-

ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ এই নতুন গতিধাৰাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যোৱা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পন্ন কৰা ইজৰাইল ভ্ৰমণৰ পাছত দুয়োখন দেশে নিজৰ সম্পৰ্কক ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছে ।

সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ : প্ৰতিৰক্ষা, বাণিজ্য, চাইবাৰ চিকিউৰিটি, কৃত্ৰিম বুদ্ধিমত্তা (AI), কৃষি, শক্তি আৰু প্ৰযুক্তিবিদ্যা ।

ভৱিষ্যতৰ দিশ : ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম প্ৰযুক্তি, ফিনটেক আৰু ডিজিটেল স্বাস্থ্য খণ্ডতো দুয়োখন দেশে একেলগে কাম কৰি আছে ।

ঐতিহাসিক পৰিৱৰ্তন-

১৯৯২ চনত কূটনৈতিক সম্পৰ্ক স্থাপিত হোৱাৰ পাছত ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইজৰায়েল ভ্ৰমণক এই সম্পৰ্কৰ এক ‘টাৰ্নিং পইণ্ট’ হিচাপে গণ্য কৰা হয় । এই ভ্ৰমণৰ পাছতেই ভাৰতৰ বৈদেশিক নীতিত এক নতুন ধাৰাৰ সূচনা হয় । বৰ্তমান এছিয়াৰ ক্ষেত্ৰত ভাৰত ইজৰায়েলৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে ।

ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (IMEC) আৰু I2U2-ৰ দৰে মঞ্চত দুয়োখন দেশে কৌশলগতভাৱে একেলগে খোজ আগবঢ়াইছে, যি বিশ্বৰ ৰাজনীতিত এক শক্তিশালী সমীকৰণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ

ভাৰতৰ প্ৰতিৰক্ষা হ’ব অধিক শক্তিশালী: অগ্নি-১ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ

ভাৰতত অগ্নি-১ৰ পৰা অগ্নি-৫লৈকে বিভিন্ন ৰেঞ্জৰ ক্ষেপণাস্ত্ৰ আছে।যাৰ প্ৰত্যেকৰে সুকীয়া বৈশিষ্ট্য আছে।এই ক্ষেপণাস্ত্ৰসমূহে পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম।

প্ৰতিৰক্ষা ক্ষমতাক আৰু অধিক শক্তিশালী কৰি ভাৰতে চুটি দূৰত্বৰ বেলিষ্টিক মিছাইল ‘অগ্নি-১’ সফলতাৰে পৰীক্ষণকৰে। এই পৰীক্ষাণটো ওড়িশাৰ চণ্ডীপুৰত অৱস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, পৰীক্ষাণৰ সময়ত এই ক্ষেপণাস্ত্ৰই নিৰ্ধাৰিত সকলো পৰিমাপ সফলতাৰে পূৰণ কৰে। এই অভিযান ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডে নিৰীক্ষণ কৰিছিল। সফল পৰীক্ষাণৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাই এক বৃহৎ উত্থান লাভ কৰিছে। এই সাফল্যই দেশৰ নিৰাপত্তাৰ প্ৰস্তুতি আৰু অধিক শক্তিশালী কৰিব বুলি প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয়।

‘অগ্নি-১’ ভাৰতৰ থলুৱা বেলিষ্টিক মিছাইল ছিৰিজৰ এটা মূল উপাদান। এই মিছাইলটোৱে অতি নিখুঁত, চুটি দূৰত্বৰ আক্ৰমণ চলাব পৰা ক্ষমতা লাভ কৰে। ইয়াক বিশেষভাৱে দ্ৰুত প্ৰতিশোধমূলক ব্যৱস্থাৰ বাবে ডিজাইন কৰা হৈছে। পৰীক্ষাৰ সময়ত ক্ষেপণাস্ত্ৰটোৱে নিজৰ নিৰ্দিষ্ট লক্ষ্যত সম্পূৰ্ণ নিখুঁতভাৱে আঘাত হানে। ইয়াৰ উৰণ আৰু কাৰিকৰী প্ৰদৰ্শন সম্পূৰ্ণ সফল হৈছিল। যিকোনো ভাবুকিৰ তৎক্ষণাত প্ৰতি সঁহাৰি জনাবলৈ ভাৰতে নিজৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ আধুনিকীকৰণ অহৰহ কৰি আছে।

ইয়াৰ পূৰ্বে ২০২৬ চনৰ ৮ মে’ত ভাৰতে উন্নত অগ্নি ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ কৰিছিল। এই পৰীক্ষা ওড়িশাৰ ডাঃ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা কৰা হৈছিল।

লগতে পঢ়ক; আকাশত ভাৰতৰ মহাশক্তিৰ প্ৰদৰ্শন, অগ্নি মিছাইলৰ সফল পৰীক্ষণ

পশ্চিম এচিয়াত উত্তেজনা হ্ৰাসৰ বাবে ভাৰতৰ যিকোনো পদক্ষেপক আদৰণি জনাব ইৰানে: উপ-বৈদেশিক মন্ত্ৰী

ইৰানৰ আইনী আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ-বৈদেশিক মন্ত্ৰী কাজেম ঘৰিবাবাদীয়ে ভাৰতৰ নিৰপেক্ষ ভূমিকাৰ উচ্চ প্ৰশংসা কৰে

পশ্চিম এচিয়াত চলি থকা উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতে লোৱা যিকোনো পদক্ষেপক ইৰানে মুকলিকৈ আদৰণি জনাব বুলি ঘোষণা কৰিছে । নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ (BRICS) দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে ইৰানৰ আইনী আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ-বৈদেশিক মন্ত্ৰী কাজেম ঘৰিবাবাদীয়ে ভাৰতৰ “নিৰপেক্ষ” ভূমিকাৰ উচ্চ প্ৰশংসা কৰে ।

এক সংস্কৃতিৰ দুই দেশ-

ৰাষ্ট্ৰীয় ৰাজধানীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ঘৰিবাবাদীয়ে ভাৰতক শান্তিৰ সমৰ্থক বুলি অভিহিত কৰি কয়, “ভাৰত আৰু ইৰান হৈছে একে সংস্কৃতিৰ দুখন দেশ । দুয়োখন দেশে নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰে আৰু আমি জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক বিশেষ গুৰুত্ব দিওঁ ।” তেওঁ লগতে কয় যে ইৰানে ভাৰতৰ পৰা অহা যিকোনো কূটনৈতিক প্ৰচেষ্টাক সঁহাৰি জনাবলৈ সাজু ।

চাবাহাৰ বন্দৰ আৰু সামুদ্ৰিক নিৰাপত্তা-

কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চাবাহাৰ বন্দৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পটো তেহৰানৰ বাবে এক শীৰ্ষ অগ্ৰাধিকাৰ । ভাৰতে এই ক্ষেত্ৰত দেখুওৱা আগ্ৰহক তেওঁ স্বীকাৰ কৰে আৰু ইয়াৰ ভৱিষ্যতৰ অগ্ৰগতি ভাৰতৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে ।

ইফালে, হৰমুজ প্ৰণালীৰ উত্তেজনাৰ সন্দৰ্ভত তেওঁ কয় যে যদিহে আমেৰিকাই ইৰানৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে, ইৰানী পুঁজি মুকলি কৰে আৰু যুদ্ধৰ পৰিৱেশ সমাপ্ত কৰিবলৈ আগবাঢ়ি আহে, তেন্তে ইৰানে সামুদ্ৰিক পথ সম্পূৰ্ণ মুকলি কৰি দিবলৈ সাজু । ইয়াৰ উপৰিও ইৰান আৰু ওমানে এই প্ৰণালীৰে পাৰ হোৱা জাহাজৰ ওপৰত মাচুল আৰোপ কৰাৰ এক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিছে ।

ভাৰতৰ বাবে বিশেষ সুবিধা উপসাগৰীয় অঞ্চলৰ অস্থিৰতাৰ মাজতে ইৰানে ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত যাতায়তৰ বাবে বিশেষ সহযোগিতা আগবঢ়াইছে । ঘৰিবাবাদীয়ে সদৰী কৰে যে ইতিমধ্যে ১১ খন ভাৰতীয় জাহাজক এই পথেৰে যোৱাৰ অনুমতি দিয়া হৈছে, যিটো আন কোনো দেশক দিয়া হোৱা নাই । ভাৰতৰ শক্তি সুৰক্ষাৰ বাবে এই পদক্ষেপ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।

মধ্যস্থতাৰ প্ৰসংগ ইৰান আৰু আমেৰিকাৰ মাজৰ মধ্যস্থতাৰ সন্দৰ্ভত তেওঁ কয় যে পাকিস্তান হৈছে শেহতীয়া দেশ যিয়ে দুই দেশৰ মাজত যোগাযোগৰ মাধ্যম হিচাপে কাম কৰিছে । ইয়াৰ পূৰ্বে মিচৰ, কাটাৰ আৰু ওমানেও একেধৰণৰ ভূমিকা লৈছিল। অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে এই দেশসমূহে কেৱল যোগাযোগৰ সুবিধা কৰি দিছে, তেওঁলোক মূল আলোচনাৰ অংশ নহয় ।

ব্ৰিকছ বৈঠকৰ পৰা ইৰানে এক ইতিবাচক যুটীয়া ঘোষণা পত্ৰ আশা কৰিছে যদিও সংগঠনটোৰ ভিতৰতে এখন আৰৱ দেশে ইৰান বিৰোধী স্থিতি লোৱাৰ ইংগিতো তেওঁৰ বক্তব্যত প্ৰকাশ পায় ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতি ঝি জিনপিংক সাক্ষাৎ কৰিবলৈ চীনত উপস্থিত ডনাল্ড ট্ৰাম্প

শান্তিৰ দিশত প্ৰতিটো পদক্ষেপক আমি আদৰণি জনাওঁ: ইজৰাইল-লেবাননৰ যুদ্ধবিৰতিক লৈ প্ৰতিক্ৰিয়া ভাৰতৰ

বৃহস্পতিবাৰৰ পৰা লেবানন আৰু ইজৰাইলৰ মাজত কাৰ্যকৰী হোৱা ১০দিনীয়া যুদ্ধবিৰতিৰ পাছতে এই মন্তব্য প্ৰকাশ পাইছে

ইজৰাইল আৰু লেবাননৰ মাজত শেহতীয়াকৈ কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ প্ৰতি ভাৰতে আনুষ্ঠানিকভাৱে সমৰ্থন প্ৰকাশ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আঞ্চলিক স্থিৰতাৰ লক্ষ্যৰে কৰা সকলো প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে । শুকুৰবাৰে এক সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এই শেহতীয়া কূটনৈতিক অগ্ৰগতিক আদৰণি জনাই কয় যে, “শান্তিৰ দিশত লোৱা প্ৰতিটো পদক্ষেপক ভাৰতে আদৰণি জনাইছে ।”

বৃহস্পতিবাৰৰ পৰা লেবানন আৰু ইজৰাইলৰ মাজত কাৰ্যকৰী হোৱা ১০দিনীয়া যুদ্ধবিৰতিৰ পাছতে এই মন্তব্য প্ৰকাশ পাইছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দুয়োখন দেশৰ নেতৃত্বৰ মাজত এক অভূতপূৰ্ব উদ্বোধনী বৈঠকৰ সুবিধা কৰি দিবলৈ চেষ্টা কৰা বুলি ইংগিত দিয়াৰ সময়তে এই যুদ্ধবিৰতি আৰম্ভ হৈছে । এই উত্তৰণক তেহৰাণৰ সৈতে চলি থকা সংঘাত সমাপ্ত কৰিবলৈ ৱাশ্বিংটনে চলোৱা এক ব্যাপক কূটনৈতিক প্ৰচেষ্টাৰ অংশ হিচাপে গণ্য কৰা হৈছে । ইৰানে সমগ্ৰ আলোচনাৰ সময়ছোৱাত এক দৃঢ় স্থিতি গ্ৰহণ কৰি আহিছে আৰু তেহৰাণৰ নেতৃত্বই জোৰ দি কৈছে যে যিকোনো চুক্তিৰ অংশ হিচাপে লেবাননৰ যুদ্ধবিৰতি অন্তৰ্ভুক্ত হ’ব লাগিব ।

ইৰান আৰু আমেৰিকাৰ মাজত চলি থকা শান্তি প্ৰক্ৰিয়াত পাকিস্তানৰ জড়িত হোৱাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত জয়ছোৱালে কয় যে নতুন দিল্লীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে । তেওঁ কয়, “আমি পশ্চিম এছিয়াৰ যুদ্ধৰ সকলো ঘটনাপ্ৰবাহ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰি আছো ।” যোৱা ২৮ ফেব্ৰুৱাৰীত ইৰানৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলে চলোৱা সামৰিক অভিযানৰ পাছতে পশ্চিম এছিয়াত বৰ্তমানৰ এই যুদ্ধৰ সূত্ৰপাত হৈছিল । ইয়াৰ পাছতে ২ মাৰ্চত হিজবুল্লাহই ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলোৱাৰ ফলত লেবাননো এই সংঘাতত জড়িত হৈ পৰে আৰু যুদ্ধখন অধিক ব্যাপক হৈ পৰে ।

ভাৰতৰ পৰ্যবেক্ষণৰ সমান্তৰালকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও আশা প্ৰকাশ কৰিছে যে এই সময়ছোৱাত হিজবুল্লাহই দায়িত্বশীলভাৱে কাম কৰিব । ‘ট্ৰুথ ছ’চিয়েল’ত) এক পোষ্ট যোগে ট্ৰাম্পে লিখে, “মই আশা কৰোঁ এই গুৰুত্বপূৰ্ণ সময়ছোৱাত হিজবুল্লাহই ভালদৰে আৰু সঠিক আচৰণ কৰিব । যদি তেওঁলোকে তেনে কৰে, তেন্তে এয়া তেওঁলোকৰ বাবে এক মহান মুহূৰ্ত হ’ব । আৰু হত্যা নহ য়। অৱশেষত শান্তি স্থাপন হ’বই লাগিব !” ৰাষ্ট্ৰপতিগৰাকীয়ে এই পৰিস্থিতিক এক সম্ভাৱ্য সফলতা বুলি অভিহিত কৰি কয় যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু লেবাননৰ ৰাষ্ট্ৰপতি জোছেফ আউন ৪৪ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে হোৱাইট হাউচত মিলিত হ’ব পাৰে ।

লগতে পঢ়ক : মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

দেশত পুনৰ লকডাউনৰ হ’ব নেকি ? উৰাবাতৰিৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীয়ে দিলে উত্তৰ

হৰদীপ সিং পুৰীয়ে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু লকডাউনৰ উৰাবাতৰি সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে

কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ আৰু লকডাউনৰ উৰাবাতৰি সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰে । তেওঁ কয় যে বিশ্বৰ পৰিস্থিতি অনিশ্চিত হৈ আছে আৰু আমি শক্তি, যোগান শৃংখল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ সৈতে জড়িত পৰিস্থিতি গভীৰ ভাৱে নিৰীক্ষণ কৰি আছো ।

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে দেশলৈ ইন্ধন, শক্তি আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰি আছে । তেওঁ লগতে কয় যে যিকোনো সম্ভাৱ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ তেওঁলোক সম্পূৰ্ণৰূপে সাজু ।

পুনৰ হ’ব নেকি লকডাউন ?

হৰদীপ পুৰীয়ে কয় যে ভাৰতে বিশ্বৰ অনিশ্চয়তাৰ সন্মুখত স্থিতিস্থাপকতা প্ৰদৰ্শন কৰিছে আৰু সময়োপযোগী, সক্ৰিয় আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰি যাব । তেওঁ উল্লেখ কৰে যে লকডাউন সন্দৰ্ভত প্ৰচাৰিত উৰাবাতৰি সম্পূৰ্ণ মিছা । চৰকাৰী পর্যায়ত এনে কোনো প্রস্তাৱ বিবেচনাধীন হোৱা নাই বুলি স্পষ্ট কৰি দিব বিচাৰিছোঁ বুলি উল্লেখ কৰে তেওঁ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে এই সময়ত আমাৰ সকলোৰে বাবে শান্ত, দায়িত্বশীল আৰু ঐক্যবদ্ধ হৈ থকাটো অতি গুৰুত্বপূৰ্ণ । এনে পৰিস্থিতিত উৰাবাতৰি প্ৰচাৰ কৰা আৰু অপ্ৰয়োজনীয় ভয়ৰ সৃষ্টি কৰাটো দায়িত্বহীন আৰু ক্ষতিকাৰক ।

ইফালে যোৱা এমাহত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে, প্ৰতি বেৰেলত প্ৰায় ৭০ ডলাৰৰ পৰা প্ৰায় ১২২ ডলাৰলৈ বৃদ্ধি পাইছে । ফলস্বৰূপে বিশ্বজুৰি গ্ৰাহকৰ বাবে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে । তেওঁ ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে যে দক্ষিণ-পূব এছিয়াত প্ৰায় ৩০%ৰ পৰা ৫০%, উত্তৰ আমেৰিকাত ৩০%, ইউৰোপত ২০%, আৰু আফ্ৰিকাত ৫০% মূল্য বৃদ্ধি পাইছে ।

হৰদীপ পুৰীয়ে কয় যে মোদী চৰকাৰৰ হাতত দুটা বিকল্প আছিল- হয় আন সকলো দেশৰ দৰে নাগৰিকৰ বাবে মূল্য বহু পৰিমাণে বৃদ্ধি কৰা, নহয় নিজৰ বিত্তৰ ওপৰত বোজা বহন কৰা, যাতে সাধাৰণ মানুহ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অস্থিৰতাৰ পৰা সুৰক্ষিত হয় ।

লগতে পঢ়ক : ইন্ধনক লৈ মোদী চৰকাৰৰ ঐতিহাসিক সিদ্ধান্ত, পেট্ৰ’ল-ডিজেলৰ শুল্কত বৃহৎ কৰ্তন

শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব । এই দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে চীন, ৰাছিয়া, ইৰাক, পাকিস্তান আদিও আছে । অৰ্থাৎ ভাৰতীয় জাহাজক এই পথেৰে নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব । অৱশ্যে এটা চৰ্ত হ’ল জাহাজসমূহে প্ৰথমে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।

বিশ্বৰ অন্যতম বৃহৎ তেল যোগান পথ এই প্ৰণালীটোক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লৈছে ইৰাণে । যদি এই পথ সম্পূৰ্ণৰূপে বন্ধ কৰা হয় তেন্তে ভাৰতৰ দৰে দেশৰ তেলৰ মূল্য আৰু যোগান দুয়োটাতে ইয়াৰ প্ৰভাৱ পৰিব ।

ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছেও এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ কয় যে হৰমুজ প্ৰমালী বন্ধ হোৱাৰ ফলত তেল, গেছ, সাৰৰ যোগানত ব্যাঘাত জন্মিছে, বিশেষকৈ কৃষিৰ বতৰত বিশ্বত প্ৰভাৱ পৰিছে ।

গুটেৰেছে আমেৰিকা আৰু ইজৰাইলক শীঘ্ৰেই যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনায়, কিয়নো ই সাধাৰণ নাগৰিকৰ বাবে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু বিশ্ব অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাইছে । ইৰাণক চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈও আহ্বান জনায় ।

ইৰাণৰ এই সিদ্ধান্তই ভাৰতক যথেষ্ট সকাহ দিছে, কিয়নো ভাৰতৰ বহুখিনি তেল এই পথেৰে আহে । এই পথটো বন্ধ হৈ থকা হ’লে পেট্ৰ’ল-ডিজেলৰ দাম অধিক ব্যয়বহুল হ’ল হেঁতেন । ইৰাণে পূৰ্বে স্পষ্ট কৰি দিছিল যে শত্ৰুতাহীন জাহাজ (অৰ্থাৎ ইৰাণৰ সৈতে শত্ৰুতা নথকা দেশৰ জাহাজ) এই পথৰ মাজেৰে পাৰ হ’ব পাৰে, কিন্তু এতিয়া এই নিয়ম আৰু কঠোৰ কৰা হৈছে । প্ৰতিখন জাহাজে প্ৰথমে অনুমতি ল’ব লাগিব আৰু সুৰক্ষাৰ নিয়ম মানি চলিব লাগিব ।

লগতে পঢ়ক : আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ

বৃদ্ধি পাব পাৰে লোকসভাৰ আসনৰ সংখ্যা! কি এই ৫০+৩৩ ফৰ্মূলা ?

চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

মহিলা সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে । জানিব পৰা মতে চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এই প্ৰস্তাৱিত গাঁথনিত মহিলাৰ বাবে প্ৰায় ২৭৩খন আসন সংৰক্ষণ থাকিব বুলি কোৱা হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত এই নতুন ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা চলি আছে । খবৰ অনুসৰি এই বিষয়ত বিৰোধী নেতাসকলৰ সৈতেও চৰকাৰ বৈঠকত মিলিত হৈ এক ব্যাপক ঐকমত্য গঢ়ি তুলিছে । যদিও এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও ৰাজনৈতিক মহলত ই উত্তপ্ত আলোচনাৰ সূচনা কৰিছে ।

ইতিমধ্যে মহিলা সংৰক্ষণ আইনখন সংসদে গৃহীত কৰিছে যদিও নতুন লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ ইয়াৰ কাৰ্যকৰীকৰণৰ চৰ্ত আছিল । শেহতীয়াকৈ চৰকাৰে গ্ৰহণক কৰা এই পদক্ষেপক এতিয়া সেই প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ কৌশল হিচাপে দেখা গৈছে । লোকসভাৰ আসনৰ সম্ভাৱ্য সম্প্ৰসাৰণ কেৱল মহিলাৰ প্ৰতিনিধিত্বত সীমাবদ্ধ নহয়; বৰঞ্চ ই ৰাজনৈতিক ভাৰসাম্য আৰু সংসদীয় গাঁথনিতো প্ৰভাৱ পেলাব পাৰে বুলি চৰ্চা চলিছে ।

জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন (নাৰী শক্তি বন্দন অধিনিয়ম) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে । সংসদত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে এক অতি বিশেষ ফৰ্মূলা প্ৰস্তুত কৰিছে । এই ফৰ্মূলা হৈছে ৫০+৩৩ইফালে চলিত সংসদীয় অধিবেশনতে এই গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।

প্ৰস্তাৱিত ফৰ্মূলা অনুসৰি প্ৰথমে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব । ইয়াৰ পিছত যি মুঠ নতুন আসনৰ সৃষ্টি হ’ব, তাৰ ৩৩ শতাংশ আসন পোনপটীয়াকৈ মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব ।

উল্লেখ্য যে, বৰ্তমান লোকসভাত ৫৪৩ খন আসন আছে । নতুন প্ৰস্তাৱ অনুসৰি ৫০ শতাংশ আসন বৃদ্ধিৰ পিছত এই সংখ্যা প্ৰায় ৮১৬ লৈ বৃদ্ধি পাব । এই ৮১৬ খন আসনৰ ভিতৰত এক-তৃতীয়াংশ অৰ্থাৎ প্ৰায় ২৭৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ।

আনহাতে এই প্ৰক্ৰিয়া কেতিয়া আৰু কেনেকৈ কাৰ্যকৰী হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও চৰকাৰে এই দিশত দ্ৰুতগতিত আগবাঢ়িছে বুলি জানিব পৰা গৈছে । মহিলা ভোটাৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণৰ বিষয়টো ৰাজনৈতিক দলসমূহৰ বাবে এক মূল নিৰ্বাচনী বিষয় হিচাপে পৰিগণিত হ’ব পাৰে ।

সামাজিক দৃষ্টিকোণৰ পৰা নাৰীৰ বাবে আসন সংৰক্ষণক ৰাজনৈতিক সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হয় । সমৰ্থকসকলে কয় যে ইয়াৰ দ্বাৰা সংসদত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাব আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী শক্তিশালী হ’ব । কিন্তু লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ একাংশ বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আৰু দুখন জাহাজ, ইৰাণে দিলে সেউজ সংকেত

দুয়োখন জাহাজ পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ বাবে কিছু সকাহ । দুখনকৈ এল পি জি টেংকাৰ “পাইন গেছ” আৰু “জগ বসন্ত” পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব । শেহতীয়া খবৰ অনুসৰি জাহাজ দুখনে নিজৰ পৰিচয় পৰীক্ষা কৰোৱাৰ পিছত হৰমুজ প্ৰণালী পাৰ হ’বলৈ সাজু হৈছে ।

পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত উপসাগৰীয় অঞ্চলত আবদ্ধ হৈ থকা ভাৰতৰ পতাকা থকা ২২খন জাহাজৰ ভিতৰত এই দুখন জাহাজ অন্যতম । ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্ৰণালী হৈছে এক অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ, যাৰ মাজেৰে উপসাগৰীয় দেশসমূহৰ তেল আৰু গেছ বিশ্বজুৰি পৰিবহ হয় । ইয়াৰ পূৰ্বে প্ৰায় ৯২,৭১২ টন এল পি জি কঢ়িয়াই অনা “শিৱালিক” আৰু “নন্দা দেৱী” নামৰ দুখন জাহাজে গুজৰাটৰ মুন্দ্ৰা আৰু কণ্ডলা বন্দৰত নিৰাপদে উপস্থিত হৈছিল । দুয়োখন জাহাজেই দেশৰ বাবে প্ৰায় এদিনৰ বাবে প্ৰয়োজনীয় ৰন্ধন গেছ কঢ়িয়াই আনিছিল ।

যুদ্ধ আৰম্ভ হোৱাৰ সময়ত মুঠ ২৮খন ভাৰতীয় জাহাজ হৰমুজ প্ৰমালীত, ২৪খন পশ্চিম অংশত আৰু চাৰিখন পূব অংশত আৱদ্ধ হৈ আছিল । যোৱা কিছুদিনত দুয়োপক্ষৰ পৰা দুখনকৈ জাহাজ নিৰাপদে যাত্ৰা কৰিবলৈ সক্ষম হৈছে । ১৬ মাৰ্চত শিৱালিক জাহাজখন মুন্দ্ৰা বন্দৰত উপস্থিত হোৱাৰ বিপৰীতে ১৭ মাৰ্চত কণ্ডলাত উপস্থিত হয় নন্দা দেৱী । ইফালে ৮০,৮৮৬ টন খাৰুৱা তেল কঢ়িয়াই অনা তেল টেংকাৰ “জাগ লড়কী” ১৮ মাৰ্চত মুন্দ্ৰাত উপস্থিত হয় । আন এখন টেংকাৰ “জগ প্ৰকাশ” ওমানৰ পৰা আফ্ৰিকা অভিমুখে ৰাওনা হয় আৰু নিৰাপদে হৰমুজ প্ৰণালী পাৰ হৈ তাঞ্জানিয়া অভিমুখে ৰাওনা হৈছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ

ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ড০ মাছুদ পেজেছস্কিয়ানৰ সৈতে শনিবাৰে ফোনযোগে বাৰ্তালাপ কৰে । বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ঈদ উল-ফিটৰ আৰু ইৰাণৰ নৱবৰ্ষ নৌৰুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে । দুয়োগৰাকী নেতাই কেৱল উৎসৱৰ আনন্দৰ ভাগ-বতৰা কৰাই নহয়, মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ লগতে কেইবাটাও জৰুৰী নিৰাপত্তাজনিত বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ।

এই উৎসৱে সমগ্ৰ পশ্চিম এছিয়ালৈ শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । শেহতীয়াকৈ অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে তেওঁৰ এই বাৰ্তাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । তেওঁ নিৰ্দ্বিধায় কয় যে আঞ্চলিক শান্তি হৈছে বিশ্ব উন্নয়নৰ প্ৰকৃত পথ ।

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম এছিয়াৰ জটিল আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । তেওঁৰ মতে এনে আক্ৰমণে কেৱল আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাই নহয়, বিশ্বৰ যোগান শৃংখলতো গুৰুতৰভাৱে ব্যাঘাত জন্মাইছে, যাৰ ফলত বিশ্ব অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিছে ।

আন এক গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যাতায়তৰ স্বাধীনতা সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহ যাতে মুকলি আৰু সম্পূৰ্ণ নিৰাপদ হৈ থাকে, বাণিজ্যত কোনো ধৰণৰ ব্যাঘাত নপৰে সেয়া নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ ।

শেষত প্ৰধানমন্ত্ৰীয়ে ইৰাণত বসবাস কৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে ইৰাণ চৰকাৰে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে শলাগ লয় । ইৰাণে ভাৰতীয়সকলৰ প্ৰতি লোৱা পদক্ষেপৰ বাবে পেজেছস্কিয়ানক ধন্যবাদ জনায় ।

লগতে পঢ়ক : মহাযুদ্ধৰ জুই! ইৰানৰ মিছাইল আক্ৰমণত কঁপিল আমেৰিকা-ব্ৰিটেইন