আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ

আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ

বিত্ত সচিবে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি অংকিত ২৫০ ডলাৰৰ এখন নতুন নোট প্ৰৱৰ্তনৰ বাবে এক প্ৰাৰম্ভিক আৰ্হি কৰিছে বিত্ত বিভাগে আমেৰিকাৰ মুদ্ৰাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে তৎপৰ হৈ পৰিছে বৰ্তমানৰ চৰকাৰ । আমেৰিকাৰ বিত্ত সচিব স্কট বেচেণ্টে প্ৰকাশ কৰা অনুসৰি,

বিত্ত সচিবে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি অংকিত ২৫০ ডলাৰৰ এখন নতুন নোট প্ৰৱৰ্তনৰ বাবে এক প্ৰাৰম্ভিক আৰ্হি কৰিছে বিত্ত বিভাগে

আমেৰিকাৰ মুদ্ৰাৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনাৰ বাবে তৎপৰ হৈ পৰিছে বৰ্তমানৰ চৰকাৰ । আমেৰিকাৰ বিত্ত সচিব স্কট বেচেণ্টে প্ৰকাশ কৰা অনুসৰি, ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিকৃতি অংকিত ২৫০ ডলাৰৰ এখন নতুন নোট প্ৰৱৰ্তনৰ বাবে এক প্ৰাৰম্ভিক আৰ্হি বা মক-আপ (Mock-up) প্ৰস্তুত কৰিছে বিত্ত বিভাগে ।

আইন সলনিৰ প্ৰচেষ্টা-

বৰ্তমানৰ আমেৰিকান আইন অনুসৰি, কোনো জীৱিত ব্যক্তিৰ ছবি আমেৰিকাৰ মুদ্ৰাত ব্যৱহাৰ কৰিব নোৱাৰি । এই প্ৰসংগত বিত্ত সচিব বেচেণ্টে হোৱাইট হাউচৰ এক ব্ৰিফিঙত কয়, “আমেৰিকান মুদ্ৰাৰ বাবে দুটা প্ৰধান বাধ্যবাধকতা আছে—প্ৰথমটো হ’ল মুদ্ৰাত কোনো জীৱিত ব্যক্তি থাকিব নোৱাৰে আৰু দ্বিতীয়টো হ’ল ইয়াত ‘In God We Trust’ লিখা থাকিব লাগিব ।”

তেওঁ লগতে জানিবলৈ দিয়ে যে, এই আইনৰ প্ৰথমটো চৰ্ত সলনি কৰিবলৈ বৰ্তমান হাউচ আৰু চেনেটত এখন বিধেয়ক উত্থাপন কৰা হৈছে । এই বিধেয়ক গৃহীত হ’লেহে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ছবি নোটত অন্তৰ্ভুক্ত কৰাটো সম্ভৱ হ’ব । বিত্ত বিভাগে আইনৰ মৰ্যাদা ৰক্ষা কৰি আগতীয়াকৈ এই প্ৰস্তুতি চলাই ৰাখিছে বুলিও তেওঁ উল্লেখ কৰে ।

বিভাগৰ ভিতৰত বিবাদ আৰু প্ৰশাসনিক সালসলনি-

এই নতুন নোটৰ ডিজাইনক কেন্দ্ৰ কৰি আমেৰিকাৰ বিত্ত বিভাগৰ ‘ব্যুৰ’ অৱ এনগ্ৰেভিং এণ্ড প্ৰিন্টিং’-ৰ ভিতৰত এক ধৰণৰ অস্থিৰতা আৰু বিতৰ্কৰ সৃষ্টি হৈছে । ইয়াৰ মাজতেই বিভাগটোৰ সঞ্চালক পে ট্ৰিচিয়া চলিমেনক হঠাতে তেওঁৰ পদৰ পৰা আঁতৰাই অন্য বিভাগলৈ বদলি কৰা হৈছে ।

নিজৰ এই বিদায়ৰ সন্দৰ্ভত চলিমেনে কয়, “এই স্থানান্তৰ মোৰ ইচ্ছা নাছিল । মই কেতিয়াও অনুষ্ঠানটোৰ মূল্যবোধৰ সৈতে আপোচ কৰা নাই ।” বিভাগটোৰ পৰা তেওঁৰ এনে অস্বাভাৱিক প্ৰস্থানক লৈ এতিয়া চৰ্চা চলিছে ।

ট্ৰাম্পৰ আগ্ৰহ আৰু পূৰ্বৰ বিতৰ্ক-

ৰাষ্ট্ৰপতি ট্ৰাম্পে নিজৰ কাৰ্যকালত আমেৰিকাৰ মুদ্ৰা আৰু অৰ্থনীতিৰ ওপৰত নিজৰ শক্তিশালী প্ৰভাৱ পেলাবলৈ বিভিন্ন সময়ত আগ্ৰহ প্ৰকাশ কৰি আহিছে । যোৱা বছৰো তেওঁৰ ছবি থকা স্মাৰক মুদ্ৰা মুকলি কৰা হৈছিল, যিটো পদক্ষেপে ১৮৬৬ চনৰ এক দীৰ্ঘদিনীয়া আইনক লৈ তীব্ৰ আইনী বিতৰ্কৰ সৃষ্টি কৰিছিল ।

এতিয়া ২৫০ ডলাৰৰ এই নতুন নোটৰ প্ৰস্তাৱে আমেৰিকান ৰাজনীতি আৰু অৰ্থনৈতিক বৃত্তত নতুনকৈ বিতৰ্কৰ সূত্ৰপাত ঘটাইছে । সমগ্ৰ প্ৰক্ৰিয়াটো কংগ্ৰেছৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চন্দ্ৰত স্থায়ী ঘাটি নিৰ্মাণৰ বাবে NASA-ৰ বৃহৎ পৰিকল্পনা