ইজৰাইল-ভাৰতৰ সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ মন্তব্য

‘ক্ৰেজি লাভ’…ইজৰাইল-ভাৰতৰ সম্পৰ্কক লৈ প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ ডাঙৰ মন্তব্য

ভাৰতৰ সৈতে বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইজৰাইল আৰু ভাৰতৰ মাজত ক্ৰমাৎ গভীৰ হৈ অহা বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । বৃহস্পতিবাৰে ৱেষ্ট বেংকত আয়োজিত এক সন্মিলনত ভাষণ দি নেতানিয়াহুৱে স্পষ্ট কৰি দিয়ে যে বিশ্বৰ যিকোনো দেশৰ

ভাৰতৰ সৈতে বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে

ইজৰাইল আৰু ভাৰতৰ মাজত ক্ৰমাৎ গভীৰ হৈ অহা বন্ধুত্বক লৈ পুনৰবাৰ মুখ খুলিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে । বৃহস্পতিবাৰে ৱেষ্ট বেংকত আয়োজিত এক সন্মিলনত ভাষণ দি নেতানিয়াহুৱে স্পষ্ট কৰি দিয়ে যে বিশ্বৰ যিকোনো দেশৰ তুলনাত ভাৰতে তেওঁলোকক সৰ্বাধিক আৰু অটুট সমৰ্থন আগবঢ়াই আহিছে ।

ভাৰতৰ প্ৰতি ইজৰাইলৰ বিশেষ আস্থা-

ভাষণ প্ৰসংগত নেতানিয়াহুৱে কয়, “সমগ্ৰ বিশ্বতে আমাৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰি আমাৰ বিৰুদ্ধে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে, কিন্তু ভাৰতত তেনে পৰিস্থিতি নাই । ভাৰতত ইজৰাইলৰ বাবে যি প্ৰচণ্ড মৰম বা ‘ক্ৰেজি লাভ’ দেখা যায়, সেয়া অনন্য ।” তেওঁ লগতে উল্লেখ কৰে যে বিশ্বৰ অন্যান্য ঠাইৰ তুলনাত ভাৰততেই তেওঁৰ অনুগামীৰ সংখ্যা সৰ্বাধিক ।

গাজা যুদ্ধক লৈ নেতানিয়াহুৰ পৰৱৰ্তী লক্ষ্য-

ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে গাজা যুদ্ধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়েও অৱগত কৰে । তেওঁ কয় যে বৰ্তমান ইজৰাইলী সেনাই গাজা ষ্ট্ৰিপৰ ৬০ শতাংশ অঞ্চল নিয়ন্ত্ৰণ কৰিছে আৰু অতি সোনকালে এই লক্ষ্য ৭০ শতাংশলৈ বৃদ্ধি কৰা হ’ব । হামাছৰ বিৰুদ্ধে এই সামৰিক অভিযান পৰ্যায়ক্ৰমে চলি থাকিব বুলিও তেওঁ পুনৰ দোহাৰে ।

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পিছত নতুন মাত্ৰা-

ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ এই নতুন গতিধাৰাৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ ভূমিকা অতি গুৰুত্বপূৰ্ণ । যোৱা ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী মোদীয়ে সম্পন্ন কৰা ইজৰাইল ভ্ৰমণৰ পাছত দুয়োখন দেশে নিজৰ সম্পৰ্কক ‘শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰিছে ।

সহযোগিতাৰ মূল ক্ষেত্ৰসমূহ : প্ৰতিৰক্ষা, বাণিজ্য, চাইবাৰ চিকিউৰিটি, কৃত্ৰিম বুদ্ধিমত্তা (AI), কৃষি, শক্তি আৰু প্ৰযুক্তিবিদ্যা ।

ভৱিষ্যতৰ দিশ : ছেমিকণ্ডাক্টৰ, কোৱাণ্টাম প্ৰযুক্তি, ফিনটেক আৰু ডিজিটেল স্বাস্থ্য খণ্ডতো দুয়োখন দেশে একেলগে কাম কৰি আছে ।

ঐতিহাসিক পৰিৱৰ্তন-

১৯৯২ চনত কূটনৈতিক সম্পৰ্ক স্থাপিত হোৱাৰ পাছত ২০১৭ চনত প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক ইজৰায়েল ভ্ৰমণক এই সম্পৰ্কৰ এক ‘টাৰ্নিং পইণ্ট’ হিচাপে গণ্য কৰা হয় । এই ভ্ৰমণৰ পাছতেই ভাৰতৰ বৈদেশিক নীতিত এক নতুন ধাৰাৰ সূচনা হয় । বৰ্তমান এছিয়াৰ ক্ষেত্ৰত ভাৰত ইজৰায়েলৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ হৈ পৰিছে ।

ইণ্ডিয়া-মিডল ইষ্ট-ইউৰোপ ইকনমিক কৰিডৰ (IMEC) আৰু I2U2-ৰ দৰে মঞ্চত দুয়োখন দেশে কৌশলগতভাৱে একেলগে খোজ আগবঢ়াইছে, যি বিশ্বৰ ৰাজনীতিত এক শক্তিশালী সমীকৰণ হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : আইন সলনি কৰি ২৫০ ডলাৰৰ নোটত ট্ৰাম্পৰ ছবি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা : বিতৰ্কত আমেৰিকাৰ বিত্ত বিভাগ