আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে
ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ভূপতিত কৰা বুলি দাবী কৰিছে । ইৰাণৰ সংবাদ মাধ্যমৰ মতে, দেশখনৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই এই কাৰ্য সংঘটিত কৰে আৰু শেহতীয়াকৈ সামৰিক উত্তেজনাৰ মাজতে ইয়াক এক বৃহৎ সফলতা বুলি অভিহিত কৰিছে তেওঁলোকে । অৱশ্যে এই দাবী এতিয়াও নিশ্চিত হোৱা নাই । ইয়াৰ পূৰ্বে আই আৰ জি চিয়ে এফ-১৫ৰ দৰে আমেৰিকাৰ যুঁজাৰু বিমানক ভূপতিত কৰাৰ দাবী কৰিছিল, যাক আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে “ভিত্তিহীন” বুলি উলাই কৰিছিল ।
এই ঘটনা সন্দৰ্ভত আমেৰিকা বা ইয়াৰ পশ্চিম এছিয়াৰ মিত্ৰ ৰাষ্ট্ৰৰ পৰা কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা হোৱা নাই । ইফালে চলি থকা আমেৰিকা-ইৰাণৰ উত্তেজনাৰ সময়ত আমেৰিকাৰ সামৰিক লোকচানৰ সন্দৰ্ভত নতুন তথ্য ওলাইছে । বিভিন্ন বাতৰি অনুসৰি এতিয়ালৈকে আমেৰিকাই প্ৰায় ১৮খন সামৰিক বিমান হেৰুৱাইছে । এখন এফ-৩৫ যুঁজাৰু বিমানো ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ পোৱা গৈছে ।
সৰ্বাধিক লোকচান হৈছে ড্ৰোনৰ । বাৰখন ইউ এছ এম কিউ-৯ ৰিপাৰ ড্ৰোন ধ্বংস কৰা হৈছে । এম কিউ-৯ ৰিপাৰ হৈছে দীৰ্ঘ দূৰত্বৰ নিৰীক্ষণ আৰু নিখুঁত আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা এক অত্যাধুনিক ড্ৰোন । ই হেলফায়াৰ মিছাইলেৰে সজ্জিত আৰু ই প্ৰায় ২৭ ঘণ্টা ধৰি আকাশত থাকিব পাৰে ।
লগতে পঢ়ক : ঈদ পালন কৰি উভতি অহা ২৩ জনৰ সৈতে শোকাৱহ ঘটনা, কেইবাজনো সন্ধানহীন









