অন্ত পৰিল নীতিশ কুমাৰ যুগৰ, বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল সম্ৰাট চৌধুৰী

শেহতীয়াকৈ বিহাৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ । তেওঁ এতিয়া দিল্লীত থাকি সংসদৰ উচ্চ সদনত অংশগ্ৰহণ কৰিব ।

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে থকা দুই দশকৰো অধিক কাৰ্যকালৰ অন্ত পেলাইছে নীতিশ কুমাৰে । মঙলবাৰে ৰাজ্যপাল চৈয়দ আতা হাছনাইনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তেওঁ । পদত্যাগৰ পিছতে নীতিশে ছ’চিয়েল মিডিয়াত এটা পোষ্টত কয়, “আমি বিহাৰৰ জনসাধাৰণৰ বাবে বহু কাম কৰিছো । আমি ইমান দিনে তেওঁলোকক অবিৰতভাৱে সেৱা আগবঢ়াই আহিছো । আমি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু সেয়ে আজি কেবিনেট বৈঠকৰ অন্তত মই ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিলোঁ । এতিয়া, এখন নতুন চৰকাৰে ইয়াত কাম-কাজৰ দায়িত্ব ল’ব ।”

শেহতীয়াকৈ বিহাৰৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল নীতিশ কুমাৰ । তেওঁ এতিয়া দিল্লীত থাকি সংসদৰ উচ্চ সদনত অংশগ্ৰহণ কৰিব । ইফালে ভাৰতীয় জনতা পাৰ্টিৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বলৈ সাজু হৈছে । বিহাৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ নেতৃত্ব দিব । সম্ৰাট চৌধুৰী বিজেপিৰ এগৰাকী বিশিষ্ট ব্যক্তি আৰু ইয়াৰ পূৰ্বেও দলৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । কাইলৈ ​​(১৫ এপ্ৰিল) পুৱা ১১ বজাত লোকভৱনত নতুন মন্ত্ৰীসভাৰ সৈতে শপত গ্ৰহণ কৰিব তেওঁ ।

বিজেপি আৰু এন ডি এ বিধায়িনী দলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰী পদৰ বাবে সম্ৰাট চৌধুৰীৰ নাম অনুমোদন জনোৱা হয় । উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাই বিজেপিৰ জ্যেষ্ঠ নেতা মংগল পাণ্ডে, দিলীপ জয়ছোৱাল, আৰু ৰেণু দেৱীৰ সৈতে আনুষ্ঠানিকভাৱে সম্ৰাট চৌধুৰীক দলৰ বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ আগবঢ়ায় । এই প্ৰস্তাৱত অনুমোদন জনাইছিল কেন্দ্ৰীয় পৰ্যবেক্ষক শিৱৰাজ সিং চৌহানে । ইয়াৰ পিছত নীতিশ কুমাৰে এন ডি এ বিধানসভা দলৰ বৈঠকত সম্ৰাট চৌধুৰীক আদৰণি জনায় আৰু সকলো মিত্ৰশক্তিয়ে মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁৰ নাম সমৰ্থন কৰে ।

ইফালে সম্ৰাট চৌধুৰীয়ে বিহাৰৰ জনসাধাৰণৰ সেৱাৰ সুযোগ দিয়াৰ বাবে বিজেপিক কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ এক্সত লিখিছে, “এয়া কেৱল মোৰ বাবে এটা পদ নহয়, বৰঞ্চ বিহাৰৰ জনসাধাৰণৰ আস্থা আৰু সপোন পূৰণৰ সেৱা কৰাৰ এক পবিত্ৰ সুযোগ । মই সম্পূৰ্ণ নিষ্ঠা, দায়বদ্ধতা আৰু সততাৰে সকলোৰে আশা পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছো ।”

সম্ৰাট চৌধুৰীয়ে আৰু কয় যে তেওঁ ভৱিষ্যতে বিহাৰক উন্নয়নৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিব । তেওঁ এক্সত লিখিছে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্ব আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ নিৰ্দেশনাত মই বিহাৰক উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিম । আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সমৰ্থন মোৰ সৰ্বোচ্চ শক্তি ।”

লগতে পঢ়ক : তামিলনাডু বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে মুকলি কৰিলে ইস্তাহাৰ

বিহাৰত নীতিশ যুগৰ অন্ত, আজি পদত্যাগ কৰিব সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল চৈয়দ আতা হাছনাইনৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব

বিহাৰত অন্ত পৰিল নীতিশ যুগৰ । ২০ বছৰ ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে থকা নীতিশ কুমাৰে আজি দিনৰ ১১ বজাত কেবিনেট বৈঠক অনুষ্ঠিত কৰিব । বৈঠকত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অনুমোদন জনাব । ইয়াৰ পিছতে তেওঁ জনতা দল ইউনাইটেডৰ বিধায়িনী দলৰ বৈঠকত অংশ ল’ব । ইফালে ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰো বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যপাল চৈয়দ আতা হাছনাইনৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব ।

মুখ্যমন্ত্ৰীৰ পদত্যাগৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী তথা পৰ্যবেক্ষক শিৱৰাজ সিং চৌহানৰ তত্বাৱধানত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এখন বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত বিহাৰৰ মুখ্যমন্ত্রী ঘোষণা কৰিব শিৱৰাজ সিং চৌহানে । জানিব পৰা মতে বিজেপি হাইকমাণ্ডে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিছে । আজি দিল্লীৰ পৰা আহিব বিজেপিৰ সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান । দুয়োগৰাকী নেতাই এন ডি এৰ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰিব । ইয়াৰ পিছত নতুন মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবীত মোহৰ লগাব ।

ইফালে সোমবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় ঝা, লল্লন সিং, বিজেন্দ্ৰ যাদৱ, বিজয় চৌধুৰী, শ্ৰৱণ কুমাৰ, জামা খান উপস্থিত আছিল । আটাইকেইগৰাকীয়ে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে । বৈঠকত ১৪ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া এন ডি এৰ বিধায়িনী দলৰ বৈঠক আৰু জে ডি ইউৰ কোটা আৰু মন্ত্ৰীত্ব সন্দৰ্ভত আলোচনা কৰা হয় । বৈঠকৰ অন্তত লল্লন সিং আৰু সঞ্জয় ঝাই উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিবলৈ যায় । প্ৰায় ৩৫ মিনিট ধৰি চলিছিল এই বৈঠক ।

আনহাতে ১৫ এপ্ৰিলত বিহাৰে লাভ কৰিব নতুন মুখ্যমন্ত্ৰী । পুৱা ১১ বজাত লোক ভৱনত শপতগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছে । আন ২১গৰাকী মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । প্ৰথমবাৰৰ বাবে বিজেপিয়ে জ্যেষ্ঠ ভাতৃৰ ভূমিকা পালন কৰিব । নতুন মুখ্যমন্ত্ৰীৰ দৌৰত চৰ্চাত আছে সম্ৰাট চৌধুৰীৰ নাম ।

লগতে পঢ়ক : সোণৰ বাংলাক মমতা বেনার্জীয়ে চিণ্ডিকেট ৰাজলৈ ৰূপান্তৰ কৰাৰ অভিযোগ অমিত শ্বাহৰ

বিহাৰত প্ৰথমবাৰৰ বাবে বিজেপিৰ মুখ্যমন্ত্ৰী; শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়

১৫ এপ্ৰিলত বিহাৰে লাভ কৰিব বাৰতীয় জনতা পাৰ্টীৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী । লোক ভৱনত ইতিমধ্যে শপতগ্ৰহণৰ বাবে প্ৰস্তুতি তীব্ৰগতিত চলি আছে । আজি বিহাৰ লোক ভৱনত ৰাজ্যপালৰ সচিব গোপাল মীনাৰ অধ্যক্ষতাত পাটনা জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয় । পাটনাৰ বিভাগীয় আয়ুক্ত, ডি এম, এছ এছ পি, সকলো এছ পি, এ ডি এম আৰু এছ ডি এমে ইয়াত অংশ লয় । অহা ১৫ এপ্ৰিলত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । পুৱা ১১ বজাত শপত গ্ৰহণ কৰিব নতুন মুখ্যমন্ত্ৰীয়ে । বিশেষ কথাটো হ’ল নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব । ইয়াৰ বাবে সকলো প্ৰস্তুতি চলি আছে । মঙলবাৰে বিয়লিৰ ভিতৰত সকলো প্ৰস্তুতি সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

বিমানবন্দৰ, অনে মাৰ্গ আৰু ৰাজভৱনত পাটনা জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । মঙলবাৰে সন্ধিয়া পাটনাত উপস্থিত হৈ লোকভৱনত থাকিব প্ৰধানমন্ত্ৰীগৰাকী । লোক ভৱনত সকলো প্ৰস্তুতি চলি আছে । অট্টালিকাটোৰ চাৰিওফালে নিৰাপত্তা কটকটীয়া কৰা হৈছে । বাট-পথতো বেৰিকেড লগোৱা হৈছে ।

জানিব পৰা মতে কাইলৈ কেবিনেট বৈঠক সমাপ্ত কৰাৰ পিছত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজৰ দলৰ বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত তেওঁ ৩:৩০ বজাত ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব । ৰাজ্যিক সভাপতি সঞ্জয় সৰৱাগীয়ে স্পষ্টকৈ উল্লেখ কৰে যে ১৪ এপ্ৰিলত প্ৰথমবাৰৰ বাবে বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ পিছত চৰকাৰ গঠন প্ৰক্ৰিয়া আগবাঢ়িব । নিৰ্ধাৰিত সময় অনুসৰি সকলো আগবাঢ়িছে । বিজেপিৰ বৈঠকৰ পাছত এন ডি এৰ বিধায়িনী দলৰ নেতাসকলৰ বৈঠক হ’ব ৷ এই বৈঠকত সকলো বিধায়কে বিজেপিয়ে বাছনি কৰা প্ৰাৰ্থীক অনুমোদন দিব ।

লগতে পঢ়ক : কবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল’বলৈ সাজু ভাৰতঃ প্ৰধানমন্ত্ৰী মোদী

শীতলা মাতা মন্দিৰত অঘটন : পদপিষ্ট হৈ অতিকমেও ৮ জন লোকৰ মৃত্যু, আহত বহুতো

দীপনগৰ আৰক্ষী থানা এলেকাৰ ভিতৰৰ মাঘৰাৰ শীতলা মন্দিৰত সংঘটিত হয় এই ঘটনা

বিহাৰৰ নালন্দা স্থিত এটা মন্দিৰত মঙলবাৰে পুৱা সংঘটিত হোৱা এক কৰুণ ঘটনাত ৭গৰাকী মহিলা ভক্তৰ মৃত্যু হয় । এই ঘটনাত আন কেইবাজনো আহত হয় বুলি জানিব পৰা গৈছে । ইফালে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও ধাৰণা কৰা হৈছে । দীপনগৰ আৰক্ষী থানা এলেকাৰ ভিতৰৰ মাঘৰাৰ শীতলা মন্দিৰত সংঘটিত হয় এই ঘটনা ।

এখ হূলস্থূলীয়া পৰিৱেশত, ঠেলা-হেঁচাৰ বাবে পদপিষ্ট হৈ এইসকল লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । অতিমাত্ৰা ভিৰ আৰু পৰিচালনাৰ ত্ৰুতিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্যে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ হৈছে ।

উল্লেখ্য যে প্ৰতি মঙলবাৰে হাজাৰ হাজাৰ ভক্ত পূজা কৰিবলৈ এই মন্দিৰত উপস্থিত হয় । এই মঙলবাৰে নিৰাপত্তাৰ ব্যৱস্থা সম্পূৰ্ণ ত্ৰুতিপূৰ্ণ আছিল বুলি অভিযোগ উত্থাপন হৈছে । পূজা কৰিবলৈ অপেক্ষা কৰি থকা ভক্তৰ বৃহৎ জনসমাগমৰ বাবেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় কেইবাখনো এম্বুলেন্স । লগতে জিলা প্ৰশাসনৰ দলো ঘটনাস্থলীত আহি উপস্থিত হয় ।

এই ঘটনাত আহত ভক্তৰ সংখ্যা প্ৰায় ১০ৰ পৰা ১২ জন বুলি অনুমান কৰা হৈছে । আহতসকলক চিকিৎসাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । মন্দিৰ কমপ্লেক্স সম্পূৰ্ণৰূপে খালী কৰা হৈছে । ঘটনাৰ পিছতে আহি উপস্থিত হৈছে বৃহৎ আৰক্ষী বাহিনী ।

জানিব পৰা মতে মঙলবাৰে নালন্দা বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছে সমাৱৰ্তন অনুষ্ঠান । ৰাজগীৰত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে অংশগ্ৰহণ কৰাৰ কথা । মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এই সমাৱৰ্তনত অংশগ্ৰহণ কৰিব । উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীও তেওঁৰ লগত থাকিব । ইয়াৰ মাজতে মন্দিৰত এই কৰুণ ঘটনা সংঘটিত হৈছে ।

লগতে পঢ়ক : ফিলিপাইনছত জৰুৰীকালীন অৱস্থা, পাকিস্তানত স্মাৰ্ট লকডাউন… ইৰাণ যুদ্ধৰ বাবে ভয়াৱহ সংকটত কেইবাখনো দেশ

এম এল চি পদৰ পৰা পদত্যাগ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ; কেতিয়া এৰিব মুখ্যমন্ত্ৰীৰ আসন?

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰৰ বিধান পৰিষদৰ পৰা পদত্যাগক লৈ জল্পনা-কল্পনা অব্যাহত আছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰে এম এল চি পদৰ পৰা পদত্যাগক লৈ তীব্ৰ জল্পনা-কল্পনা চলি আছিল। কিন্তু বিহাৰ ৰাজনীতিৰ পৰা এক ডাঙৰ খবৰ পোহৰলৈ আহিছে। তেওঁ বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে, জেডিইউয়ে তেওঁৰ পদত্যাগৰ পত্ৰ তেওঁলোকৰ হাতত থকা বুলি উল্লেখ কৰে। অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰা হ’ব।তেওঁ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰাই পোনপটীয়াকৈ অধ্যক্ষ আৱাধেশ নাৰায়ণ সিঙক পদত্যাগ পত্ৰ দাখিল কৰে।

নীতিশ কুমাৰ ২০০৬ চনৰ পৰা  ধাৰাবাহিকভাৱে বিধান পৰিষদৰ সদস্য হৈ আছিল। ২০২৪ চনৰ ৭ মে’ত চতুৰ্থবাৰৰ বাবে তেওঁ কাউন্সিলৰ সদস্য হয় আৰু তেওঁৰ কাৰ্যকাল ২০৩০ চনলৈকে আছিল।

অৱশ্যে ২০২৬ চনৰ ১৬ মাৰ্চত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে এতিয়া তেওঁ পৰিষদৰ সদস্যপদ ত্যাগ কৰিব লাগিব। এতিয়া অনুমান কৰা হৈছে যে তেওঁ অতি সোনকালে মুখ্যমন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিব।বিহাৰত গঠন হ’ব নতুন চৰকাৰ।ইফালে জেডিইউৰ নেতা মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈয়েই আছে।

দৰাচলতে,নীতিশ কুমাৰে মুখ্যমন্ত্রীৰ পদৰ পৰা পদত্যাগ কৰাক লৈ অব্যাহত আছে চাচপেন্স৷ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ নিয়ম অনুসৰি পৰিষদৰ সদস্যপদ ত্যাগ কৰিব লাগিব। অৱশ্যে এম এল চি পদৰ পৰা পদত্যাগ কৰাৰ পিছতো নীতিশ কুমাৰে ছমাহ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব পাৰে। কিন্তু ১০ এপ্ৰিলত ৰাজ্যসভাৰ সদস্য হিচাপে নীতিশ কুমাৰ শপত গ্ৰহণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়ক: মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ মূৰত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

বিহাৰ ৰাজ্যসভাৰ নিৰ্বাচনত এন ডি এৰ ক্লিন ছুইপ

ৰাজ্যসভাৰ নিৰ্বাচন বিহাৰত এন ডি এয়ে ক্লিন ছুইপেৰে বৃহৎ বিজয় সাব্যস্ত কৰিছে

ৰাজ্যসভাৰ নিৰ্বাচন বিহাৰত এন ডি এয়ে ক্লিন ছুইপেৰে বৃহৎ বিজয় সাব্যস্ত কৰিছে । ৫খনকৈ আসনত জয়লাভ কৰিছে এন ডি এ । পঞ্চম আসনখনত জয়ী হ’বলৈ এন ডি এক প্ৰয়োজন আছিল তিনিজন বিধায়কৰ । এই প্ৰয়োজনীয়তাৰ মাজতে গ্ৰেণ্ড এলায়েন্সৰ চাৰিজন বিধায়কে ভোটদানৰ পৰা বিৰত থাকে । গ্ৰেণ্ড এলায়েন্সক জয়ী হ’বলৈ প্ৰয়োজন হৈছিল ছয়জন বিধায়কৰ । তেজস্বী যাদৱে এআইএমআইএমৰ পৰা পাঁচজন আৰু বিএছপিৰ পৰা এজন বিধায়ক লাভ কৰি এই কাম পৰিচালনা কৰিছিল যদিও অনুপস্থিত আছিল আৰজেডিৰ এজন বিধায়ক আৰু তিনিজন কংগ্ৰেছ বিধায়ক ।

এই চাৰিজন বিধায়ক ভোটদানৰ পৰা বিৰত থকাত অৱশেষত ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফল এন ডি এৰ পক্ষত যায় । লগে লগে পঞ্চম আসনখনো এন ডি এলৈ যায় । ভোটদান নকৰা বিধায়কসকলৰ ভিতৰত আছে বাল্মিকীনগৰৰ কংগ্ৰেছৰ বিধায়ক সুৰেন্দ্ৰ কুশৱাহা, ফৰ্বছগঞ্জৰ কংগ্ৰেছ বিধায়ক মনোজ বিশ্বাস, মণিহাৰীৰ কংগ্ৰেছ বিধায়ক মনোহৰ সিং, ঢাকাৰ আৰজেডিৰ বিধায়ক ফৈছাল ৰহমান ।

এই নির্বাচনত নীতিশ কুমাৰে প্রথম অগ্রাধিকাৰৰ ৪৪টা ভোট লাভ কৰে ৷ নীতিন নবীনে ৪৪টা, উপেন্দ্ৰ কুশৱাহা আৰু ৰামনাথ ঠাকুৰে ৪২টা ভোট লাভ কৰে । ইফালে গ্ৰেণ্ড এলায়েন্সৰ প্ৰাৰ্থী এ ডি সিঙে ৩৭টা ভোট লাভ কৰে ।

জেডিইউৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী শ্ৰৱণ কুমাৰে দাবী কৰে যে এনডিএৰ ২০২ গৰাকী বিধায়কে ভোটদান কৰাৰ বিপৰীতে বিৰোধী গ্ৰেণ্ড এলায়েন্সৰ চাৰিজন বিধায়কে ভোটদানৰ পৰা বিৰত থাকে । মিত্ৰজোঁটে পূৰ্ণ শক্তিৰে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত প্ৰৱেশ কৰে । আমাৰ মিত্ৰতাই নিজৰ ঐক্য আৰু কৌশলগত শক্তি প্ৰদৰ্শন কৰিছে ।

লগতে পঢ়ক : বিজেপিয়ে প্ৰকাশ কৰিলে ১৪৪ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা, ‘দিদি’ৰ বিৰুদ্ধে যুঁজত সুবেন্দু অধিকাৰী

সক্ৰিয় ৰাজনীতিলৈ নীতিশ পুত্ৰ, আজি জেডিইউত যোগ দিব নিশান্ত কুমাৰে

সক্ৰিয় ৰাজনীতিলৈ নীতিশ পুত্ৰ । আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে ।

আজি অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে জেডিইউত যোগদান কৰিব বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত-এ । দিনৰ ১ বজাত জেডিইউৰ মুখ্য কাৰ্যালয়ত তেওঁ দলত যোগদান কৰিব । এই কাৰ্যসূচীত উপস্থিত থাকিব জেডিইউৰ জ্যেষ্ঠ নেতাসকল । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ঘনিষ্ঠ বিধায়ক হৰি নাৰায়ণ সিঙে শনিবাৰে দাবী কৰে যে দলৰ অধ্যক্ষৰ পুত্ৰ নিশান্তক পিতৃৰ পদত্যাগৰ পিছত গঠন হ’বলগীয়া নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব ।

হৰি নাৰায়ণ সিং নালন্দা জিলাৰ হৰনাউটৰ বিধায়ক, য’ৰ পৰা কুমাৰে নিজেই আশীৰ দশকত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । লগতে তেওঁ দাবী কৰে যে নিশান্তে ৪০ বছৰ বয়সত ৰাজনীতিত প্ৰৱেশ কৰিছে আৰু অহা মাহত ৰাজ্যিক বিধান পৰিষদলৈ নিৰ্বাচিত হ’ব । জেডিইউৰ সভাপতিগৰাকীয়ে পদত্যাগ কৰি ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তৰ বিষয়ে সতীৰ্থসকলক অৱগত কৰাৰ এদিন পিছতে সিঙে সাংবাদিকৰ আগত কয় যে শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয় ।

বৈঠকত সৰ্বসন্মতিক্ৰমে নিশান্তক নতুন চৰকাৰত উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে সিদ্ধান্ত লোৱা হয় যে নিশান্তে আনুষ্ঠানিকভাৱে জেডি(ইউ)ত যোগদান কৰিব । যিহেতু তেওঁ সাংবিধানিক পদত অধিষ্ঠিত হ’বলৈ বিধায়িনী দলৰ সদস্য হ’ব লাগিব, সেয়েহে এপ্ৰিল মাহত তেওঁ বিধান পৰিষদলৈ নিৰ্বাচিত হ’ব, য’ত প্ৰতি দুবছৰৰ মূৰে মূৰে ৯খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় । তেতিয়া তেওঁ পিতৃৰ পদত্যাগৰ ফলত খালী হোৱা আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰয়োজন নাথাকিব ।

ইফালে, দেওবাৰে নিশান্ত কুমাৰে আনুষ্ঠানিকভাৱে দলত যোগদান কৰিব বুলি নিশ্চিত কৰিছে জেডিইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই । ঝাই কয় যে দলে দিয়া যিকোনো দায়িত্ব ল’বলৈ তেওঁ সাজু । নতুন চৰকাৰে নীতিশ কুমাৰৰ নিৰ্দেশনাত কাম কৰিব ।

লগতে পঢ়ক : ৰাষ্ট্ৰপতিক অপমান কৰি টিএমচিয়ে সকলো সীমা অতিক্ৰম কৰিলেঃ মমতা চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

কাইলৈ ​​জেডিইউত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই; হ’ব উপ মুখ্যমন্ত্ৰী

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত দলৰ সাংসদ, বিধায়ক, এম এল চিৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে কাইলৈ ​​দলত যোগদান কৰিব নীতিশৰ পুত্ৰ নিশান্তই।

বিহাৰৰ ৰাজনীতিত পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নীতিশ কুমাৰ।প্ৰায় ২০ বছৰ ক্ষমতাত থকাৰ পিছত এতিয়া ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্ত লৈছে নীতিশ কুমাৰে। হঠাৎ লোৱা এই সিদ্ধান্তত আচৰিত হৈ পৰিছে দলীয় কৰ্মীসকল।ইয়াৰ বাবে নেতা-কৰ্মীৰ মাজতো ক্ষোভ দেখা গৈছে।

এতিয়া এই সন্দৰ্ভত নীতিশ কুমাৰে নিজৰ বাসগৃহ ১ এন্নে মাৰ্গত জেডিইউৰ বিধায়ক, বিধান পৰিষদ আৰু সাংসদসকলৰ সৈতে বৈঠকত মিলিত হয়।এই বৈঠকৰ সময়ত দলৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ঝাই শনিবাৰে নীতিশৰ পুত্ৰ নিশান্ত কুমাৰে দলত যোগদান কৰিব বুলি অৱগত কৰে।

তেওঁক ৰাজ্যৰ উপ মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ’ব।বৈঠকত নিশান্তক দললৈ অনাৰ দাবী উত্থাপন কৰা হয়, যাক সকলোৱে সমৰ্থন কৰে।বৈঠকত মুখ্যমন্ত্রী নীতিশ কুমাৰে ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্ত আৰু ভৱিষ্যতৰ ৰাজনৈতিক সিদ্ধান্তৰ বিষয়ে দলৰ নেতাসকলক অৱগত কৰে৷তেওঁ কয় যে তেওঁ সকলো চাই থাকিব।

প্ৰায়ে দেখা গৈছে যে যেতিয়াই নীতিশ কুমাৰে কোনো ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত লৈছে, তাৰ আগতে দলৰ নেতাৰ এখন বৈঠক আহ্বান কৰি সেই সম্পৰ্কে তথ্য দিয়া হৈছে।কিন্তু ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তৰ তথ্য যিদৰে হঠাতে ওলাই আহিল, দলৰ নেতা-কৰ্মীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ভুল বাৰ্তা প্ৰেৰণ কৰিলে।

একাংশ দলীয় কৰ্মীয়ে এইটো নীতিশ কুমাৰৰ হেঁচাত বিজেপিয়ে লোৱা সিদ্ধান্ত বুলি গণ্য কৰে।পাটনাকে ধৰি বহু জিলাত জেডিইউ আৰু বিজেপি নেতাৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰা হয়।এনে পৰিস্থিতিত এই বৈঠকৰ জৰিয়তে নীতিশ কুমাৰে আনুষ্ঠানিকভাৱে দলৰ নেতাসকলৰ সন্মুখত নিজৰ কথা দাঙি ধৰিলে।দিল্লীত থাকিও সকলো নিৰীক্ষণ কৰি যাব বুলিও তেওঁ কয়।

লগতে পঢ়ক: পশ্চিম বংগত নিৰ্বাচনৰ পূৰ্বে ডাঙৰ আলোড়ন; ৰাজ্যপাল চি ভি আনন্দ বসুৰ পদত্যাগ

বিহাৰত অন্ত পৰিল নীতিশ যুগৰ!বিহাৰত বিজেপিৰেই মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত

নীতিশ কুমাৰৰ পিছত বিহাৰত বিজেপি মুখ্যমন্ত্ৰী হোৱাটো প্ৰায় নিশ্চিত হৈছে।জানিব পৰা মতে ১০ এপ্ৰিললৈ মুখ্যমন্ত্ৰী পদত থাকিব নীতিশ কুমাৰ। তেওঁ ততাতৈয়াকৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰে।

বিহাৰত যে বিজেপি মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। নতুন চৰকাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নীতিশ কুমাৰৰ মাজত বিতৰ্ক হৈ আছে।

তাৰ মাজতে খবৰ আহিছে যে, শীঘ্ৰে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ নকৰে নীতিশ কুমাৰে।জানিব পৰা মতে,আচলতে ১০ এপ্ৰিলৰ ভিতৰত নতুন চৰকাৰ গঠন হ’ব কাৰণ ১০ এপ্ৰিলৰ পিছত ৰাজ্যসভাৰ কাৰ্যকাল আৰম্ভ হ’ব।এনে পৰিস্থিতিত খবৰ আহিছে যে নীতিশ কুমাৰে তেতিয়াহে পদত্যাগ কৰিব আৰু নতুন চৰকাৰ গঠন হ’ব।

নীতিশ কুমাৰে বৃহস্পতিবাৰে (৫ মাৰ্চ) অমিত শ্বাহৰ উপস্থিতিত ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰে।গৃহমন্ত্ৰী গৰাকীয়ে কয় যে,‘নীতিশ কুমাৰে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশ কৰিছে।২০০৫ চনৰ পৰা আজিলৈকে তেওঁৰ কাৰ্যকাল বিহাৰৰ ইতিহাসৰ সোণালী পৃষ্ঠা হিচাপে লিখা হ’ব।

কেৱল এয়াই নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নীতিশ কুমাৰক প্ৰশংসা কৰি এই কথা কয়,তেওঁ বিহাৰত জংঘল ৰাজৰ অন্ত পেলালে। উন্নয়নক গতি প্ৰদান কৰিছিল আৰু ৰাজ্যৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।ইমান দীঘলীয়া কাৰ্যকালৰ পাছতো নীতিশ কুমাৰৰ ওপৰত এটাও দাগ নাই।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল নীতিশ কুমাৰৰ, সংগ দিলে অমিত শ্বাহে