ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ; পুনৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ! সমীক্ষাত প্ৰকাশ পালে ডাঙৰ তথ্য…

সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । এই নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতেই এক সমীক্ষাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পুনৰ এবাৰ অসমত চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ পাইছে ।

২০২৬ চনৰ জানুৱাৰী মাহত চলোৱা ‘ইণ্ডিয়া টুডে-চি ভোটাৰ মুড অৱ দ্য নেচন’ জৰীপ অনুসৰি, যদি আজি অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে স্পষ্ট বহুমতেৰে পুনৰ ক্ষমতা দখল কৰিব । আনহাতে, কংগ্ৰেছ দল ৰাজ্যখনৰ মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে থাকিব ।

অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ সময়ত ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশে এক দ্বি-মেৰু কেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে । ইয়াত ভোটাৰৰ পছন্দ স্পষ্টভাৱে দুটা ৰাষ্ট্ৰীয় দলৰ প্ৰতি থকা দেখা গৈছে আৰু আঞ্চলিক বা সৰু দলসমূহৰ বাবে নিৰ্বাচনী যুঁজত অৱকাশ যথেষ্ট সীমিত হৈ পৰিছে ।

‘মুড অফ দ্য নেচন’ (MoTN)ৰ সমীক্ষা অনুসৰি, যদি আজিৰ দিনটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰিব । ইয়াৰ বিপৰীতে ৪৪ শতাংশ ভোটেৰে কংগ্ৰেছ দ্বিতীয় স্থানত থকাৰ বিপৰীতে অন্যান্য দলসমূহে মুঠ ৫.৮ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰিব ।

এই পৰিসংখ্যাই সূচাইছে যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট ৰাজ্যখনৰ সৰ্ববৃহৎ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব আৰু কংগ্ৰেছে মূল বিৰোধী শক্তি হিচাপে নিজৰ স্থিতি অটুট ৰাখিব ।

হিন্দু উত্তৰদাতাসকলৰ মাজত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে । সমীক্ষা অনুসৰি, যদি আজি নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে ৬৭.১ শতাংশ হিন্দু ভোটাৰে বিজেপি মিত্ৰজোঁটক নিৰ্বাচন কৰিব ।

এই শিতানত কংগ্ৰেছ বহুখিনি পিছপৰি আছে, আনহাতে ক্ষুদ্ৰ দলসমূহে মিলি মুঠ ৮.২ শতাংশ হিন্দু ভোটাৰৰ পছন্দ লাভ কৰিছে ।

ইফালে, মুছলমান ভোটাৰসকলৰ মাজত কংগ্ৰেছে সৰ্বাধিক সমৰ্থন লাভ কৰা দেখা গৈছে । ‘মুড অফ দ্য নেচন’ৰ সমীক্ষা অনুসৰি, ৭৮.৫ শতাংশ মুছলমান উত্তৰদাতাই কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ পছন্দ প্ৰকাশ কৰিছে । ইয়াৰ বিপৰীতে, মুছলমান ভোটাৰৰ মাজত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১৮.৫ শতাংশ সমৰ্থন লাভ কৰিছে । ক্ষুদ্ৰ দলসমূহে মিলি মুছলমান ভোটৰ ৩ শতাংশ সমৰ্থন লাভ কৰিছে ।

‘অন্যান্য’ শ্ৰেণীত, য’ত ক্ষুদ্ৰ ধৰ্মীয় আৰু সামাজিক গোটসমূহ অন্তৰ্ভুক্ত হৈ আছে, তাতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫৭.৭ শতাংশ সমৰ্থন লাভ কৰিছে । এইক্ষেত্ৰত কংগ্ৰেছ পিছ পৰি থকাৰ বিপৰীতে ক্ষুদ্ৰ দলসমূহৰ হাতত ২.৯ শতাংশ ভোটাৰৰ সমৰ্থন আছে ।

‘মুড অৱ দ্য নেচন’ৰ সমীক্ষাই অসমৰ নিৰ্বাচনী ৰাজনীতিত ক্ষুদ্ৰ আৰু আঞ্চলিক দলসমূহৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰভাৱৰ দিশটো আলোকপাত কৰিছে । সকলো সম্প্ৰদায়ৰ মাজত ‘অন্যান্য’ দলসমূহৰ সামগ্ৰিক ভোটৰ অংশীদাৰিত্ব মাত্ৰ ৫.৮ শতাংশহে । হিন্দু, মুছলমান আৰু অন্যান্য ভোটাৰ গোটসমূহৰ মাজতো তেওঁলোকৰ সমৰ্থন অতি সীমিত হৈ ৰৈছে, যিয়ে ইংগিত দিয়ে যে অসমৰ ভোটাৰৰ পছন্দ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু কংগ্ৰেছ— এই দুই মেৰুত কেন্দ্ৰীভূত হৈ পৰিছে ।

ইফালে ২০২৬ চনৰ জানুৱাৰী মাহত চলোৱা ইণ্ডিয়া টুডে-চি ভোটাৰ ‘মুড অফ দ্য নেচন’ (MOTN) সমীক্ষা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী পদটোৰ বাবে চলি থকা যুঁজখন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মাজত এক পোনপটীয়া প্ৰতিদ্বন্দিতালৈ ৰূপান্তৰিত হৈছে । সমীক্ষাৰ ফলাফল অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰাজ্যজুৰি ৪৭.৫ শতাংশ সমৰ্থনেৰে মুখ্যমন্ত্ৰীৰ পছন্দৰ দৌৰত আগবাঢ়ি আছে । আনহাতে গৌৰৱ গগৈয়ে ৪২.৬ শতাংশ সমৰ্থন লাভ কৰিছে ।

এই সমীক্ষাত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু ভোটাৰসকলৰ বিপুল সমৰ্থন লাভ কৰিছে, য’ত ৬৫.২ শতাংশ লোকে তেওঁক নিজৰ পচন্দৰ মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰিছে । ইয়াৰ উপৰিও, ‘অন্যান্য’ শ্ৰেণীৰ অন্তৰ্ভুক্ত উত্তৰদাতাসকলৰ মাজতো তেওঁ জনপ্ৰিয়তা তথা সমৰ্থন লাভ কৰিছে আৰু এই শ্ৰেণীৰ ৫৩.৩ শতাংশ লোকে ড০ শৰ্মাক সমৰ্থন জনাইছে ।

আনহাতে, গৌৰৱ গগৈয়ে মুছলমান ভোটাৰসকলৰ মাজত আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । জৰীপ অনুসৰি ৭৬.৪ শতাংশ মুছলমান উত্তৰদাতাই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে পচন্দ কৰিছে, আনহাতে এই বিশেষ শ্ৰেণীটোৰ মাত্ৰ ১৭.৭ শতাংশ লোকেহে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছে ।

এই ফলাফলবোৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত ভোটদানৰ পছন্দৰ এক স্পষ্ট বিভাজনৰ ইংগিত দিয়ে; য’ত বিজেপি নেতৃত্বাধীন চৰকাৰে অ-মুছলমান ভোটাৰসকলৰ মাজত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিছে, আনহাতে কংগ্ৰেছ দলে মুছলমান উত্তৰদাতাসকলৰ সমৰ্থন লাভ কৰা দেখা গৈছে ।

লগতে পঢ়ক : উত্তৰ-পূবৰ বাবে চৰকাৰৰ বৃহৎ পৰিকল্পনা… ‘চিকেন নেক’ত চলিব ভূগৰ্ভস্থ ৰে’ল

২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে আহিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা।

বিধান সভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সাজু হৈছে বিজেপি। সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে চলাইছে জোৰদাৰ প্ৰচাৰ। তাৰ মাজতে সাজু হৈ উঠিছে প্ৰায় সম্ভাৱ্য প্ৰাৰ্থীৰ নামৰ তালিকা।

এই সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাৰ মতে ডুমডুমাত ৰূপেশ গোৱালা, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, নাহৰকটীয়াত তৰংগ গগৈ, টিংখংত বিমল বৰা, খোৱাঙত চক্ৰধৰ গগৈ, ঢকুৱাখনাত নৱকুমাৰ দলে, লখিমপুৰত মানৱ ডেকা,ডিমৌত সুশান্ত বৰগোঁহাই, মাহমৰাত যোগেন মহন, গোলাঘাটত অজন্তা নেওগ, সৰুপথাৰত বিশ্বজিৎ ফুকন।

বঢ়মপুৰত জিতু গোস্বামী, নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, জাগীৰোডত পীয়ুষ হাজৰিকা, ন-দুৱাৰত পদ্ম হাজৰিকা, ঢেকীয়াজুলিত অশোক সিংহল, টিহুত চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীত জয়ন্তমল্ল বৰুৱা, ৰঙিয়াত ভৱেশ কলিতা, কমলপুৰত দিগন্ত কলিতা, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মা, বজালীত ৰণজিত কুমাৰ দাস, হাফলঙত নন্দিতা গাৰ্লোছা, লক্ষীপুৰত কৌশিক ৰায়, পাথাৰকান্দিত কৃষ্ণেন্দু পালে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট।

লগতে পঢ়ক: “উত্তৰ-পূৰ্বাঞ্চলক অপমান কৰি আহিছে ৰাহুল গান্ধীয়ে”: গলবস্ত্ৰ পৰিধান নকৰাক লৈ সৰব মুখ্যমন্ত্ৰী

এন ডি এয়েহে দিব পাৰিব সুৰক্ষা… কেৰালাত নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

কেৰালাত দেওবাৰে এক অনুষ্ঠানত আগন্তুক নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কেৰালাৰ শাসকীয় বাওঁ ডেম’ক্ৰেটিক ফ্ৰণ্ট (এল ডি এফ) আৰু বিৰোধী ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে দুয়োটা মিত্ৰজোঁটে ৰাজ্যখনক উগ্ৰ সংগঠনৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হৈছে কাৰণ তেওঁলোকে এনে সংগঠনক নিজৰ ভোট বেংক বুলি গণ্য কৰে । অমিত শ্বাহে দাবী কৰে যে কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেৰালা কৌমুডীৰ দ্বাৰা আয়োজন কৰা এক কনক্লেভত ভাষণ দি অমিত শ্বাহে কয় যে, “উপৰে উপৰে চালে কেৰালাৰ আইন-শৃংখলা পৰিস্থিতি শান্ত যেন লাগে, কিন্তু ভিতৰত এনে বহু বিপদৰ সৃষ্টি হৈছে, যিটো আগন্তুক সময়ত অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ।”

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা পি এফ আই আৰু জামাত-ই-ইছলামীৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, “এল ডি এফ বা ইউ ডি এফে কেৰালাক পি এফ আই আৰু জামাত-ই-ইছলামীৰ পৰা সুৰক্ষিত ৰাখিব পাৰিবনে ? কেতিয়াও নোৱাৰে । কাৰণ তেওঁলোকে ইয়াক নিজৰ ভোট বেংক বুলি গণ্য কৰে । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত ৰাখিব পাৰিব ।” তেওঁ জোৰ দি কয় যে উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ ।

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই)ৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মন্তব্য দি অমিত শ্বাহে কয় যে এল ডি এফ আৰু ইউ ডি এফ দুয়োটা দলে এই সিদ্ধান্তক মুকলিকৈ সমৰ্থন বা বিৰোধিতা কৰা নাছিল । তেওঁ কয় যে পি এফ আই নিষিদ্ধ কৰি আমি ইয়াৰ সমগ্ৰ কেডাৰক কাৰাগাৰৰ আঁৰত ৰাখিলোঁ আৰু ইয়াৰ ফলত সমগ্ৰ দেশখনেই সুৰক্ষিত হৈ পৰিছে ।’ অমিত শ্বাহে লগতে কয় যে “পৰ্দাৰ আঁৰত চলি থকা অদৃশ্য ভাবুকি” চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য

ডি কে শিৱকুমাৰ, প্ৰিয়ংকা গান্ধী, কানহাইয়া কুমাৰ…; নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিশেষ টীম গঠন

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছে গঠন কৰিছে বিশেষ টীম। অসমৰ বাবে স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ হিচাপে দলটোৱে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক নিযুক্তি দিছে।

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে কংগ্ৰেছ। দলটোৱে অসম, কেৰালা, তামিলনাডু আৰু পশ্চিম বংগৰ বাবে নিৰ্বাচন পৰিচালনা শক্তিশালী কৰাৰ বাবে জ্যেষ্ঠ পৰ্যবেক্ষক আৰু পৰ্যবেক্ষক নিযুক্তি দিয়া হৈছে।

কংগ্ৰেছ নেতৃত্বই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি দলটোক ৰাজ্যসমূহত সক্ৰিয় অৱস্থালৈ আনি তৃণমূল পৰ্যায়ত কৌশল তীক্ষ্ণ কৰি তুলিছে।

অসম বিধানসভা নিৰ্বাচনৰ স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ হিচাপে দলটোৱে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাক নিযুক্তি দিছে।আনহাতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক জ্যেষ্ঠ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে।

অসমৰ বাবে জ্যেষ্ঠ পৰ্যবেক্ষক: ভূপেশ বাঘেল আৰু পৰ্যবেক্ষক: ডি.কে. শিৱকুমাৰ, স্ক্ৰীনিং কমিটীৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধী।

পশ্চিম বংগৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে আটাইতকৈ প্ৰত্যাহ্বানজনক হ’বলৈ গৈ আছে।দলটোৱে ইয়াত হেৰাই যোৱা ঠাইখিনি পুনৰ দখল কৰিবলৈ জ্যেষ্ঠ নেতাৰ টীম বনাইছে।

বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বংগৰ ৯২খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল,কিন্তু ইয়াৰ এজন প্ৰাৰ্থীও জয়ী হ’ব পৰা নাছিল।

বৰ্তমান বংগত কংগ্ৰেছৰ এখনো আসন নাই।বংগত কংগ্ৰেছে সুদীপ ৰয় বৰ্মন, শকীল আহমেদ খান, প্ৰকাশ যোশীক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে।

জ্যেষ্ঠ নেতা মুকুল ৱাছনিক আৰু তেলেংগানাৰ নেতা উত্তম কুমাৰ ৰেড্ডীক তামিলনাডুত মিত্ৰশক্তিৰ সৈতে সমন্বয় আৰু আসন ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰা হৈছে।

কেৰালাত যুৱ নেতৃত্ব আৰু আগ্ৰাসী প্ৰচাৰ কৌশলৰ বাবে দলটোৱে শচীন পাইলট আৰু কানহাইয়া কুমাৰৰ দৰে মুখৰ ওপৰত দায়িত্ব অৰ্পণ কৰিছে।

লগতে পঢ়ক: ছিৰিয়াছ কথাৰ বাবে নহয় ‘এন্টাৰটেইনাৰ’হে অখিল গগৈ: মুখ্যমন্ত্ৰী

২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই নিৰ্বাচনী যুঁজৰ বাবে শাসক-বিৰোধী উভয়েই সাজু হোৱা পৰিলক্ষিত হৈছে । দিছপুৰৰ মচনদ পুনৰ দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে । নিজৰ তিনিটা মিত্ৰ দলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰণকৌশল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বিজেপি । ইতিমধ্যে আগন্তুক নিৰ্বাচনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি ৰাজহুৱাকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপি, অগপ, বিপিএফ আৰু ইউপিপিএলকে ধৰি ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোঁটে এতিয়া নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন নিশ্চিত কৰাৰ লক্ষ্যৰে অধিক সংগঠিত নিৰ্বাচনী কৌশলৰ দিশে আগবাঢ়িছে ।

শনিবাৰে বজালীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাৰিটা দলৰ অংশীদাৰিত্ব অক্ষত আছে যদিও আগন্তুক নিৰ্বাচনত মিত্ৰতাই কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত বিতং আলোচনা চলি আছে । তেওঁ কয়,‘বৰ্তমান চাৰিটা দল অগপ, বিজেপি, বিপিএফ আৰু ইউপিপিএল একেলগে আছে । নিৰ্বাচনৰ সময়ত আমি কেনেদৰে আগবাঢ়ো সেয়া কৌশলেৰে পৰিকল্পনা কৰিব লাগিব । আমাৰ উদ্দেশ্য স্পষ্ট- কৌশলগতভাৱে পৰিকল্পনা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত কৰিব লাগিব ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, শনিবাৰে নিৰ্বাচন পৰিচালনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে অগপ, বিপিএফ আৰু ইউপিপিএল নেতৃত্বৰ সৈতে অচিৰেই বৈঠক অনুষ্ঠিত হোৱাৰ লগতে আভ্যন্তৰীণ মূল্যায়ন আৰু প্রার্থীৰ সমীক্ষাও আৰম্ভ কৰা হ’ব ৷

উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিৰ এটা লক্ষ্য হৈছে নতুন মুখ প্ৰক্ষেপ কৰা । ড০ শৰ্মাই কয় যে দলটোৱে কেৱল পুৰণি প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰে আৰু নতুনক অগ্ৰাধিকাৰ দিব লাগিব ।

তেওঁ কয়, ‘বিজেপি কেৱল পুৰণি মুখ লৈ জীয়াই থকা দল নহয়, যদি আমি নতুন প্ৰাৰ্থী আনিব নোৱাৰো তেন্তে দলটো স্থবিৰ হৈ পৰিব । সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিটো নিৰ্বাচনত পাঁচৰ পৰা দহখন নতুন মুখৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । সম্ভৱ হ’লে আমি এই সংখ্যাৰ বাহিৰলৈয়ো যোৱা উচিত ।’

প্ৰজন্মৰ পৰিৱৰ্তন আৰু বৃহৎ প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰাৰ্থী চূড়ান্ত কৰাৰ সময়ত যুৱ নেতা আৰু মহিলাসকলে অধিক গুৰুত্ব লাভ কৰিব । তেওঁ কয়, ‘মই আমাৰ প্ৰাৰ্থীৰ তালিকাত অধিক যুৱক-যুৱতী আৰু মহিলাক স্থান দিব বিচাৰো । দলৰ ভৱিষ্যতৰ বাবে আৰু অধিক গতিশীল ৰাজনৈতিক পৰিৱেশৰ বাবে তেওঁলোকৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় । আমি যদি ভাল আৰু সক্ষম প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ সক্ষম হওঁ তেন্তে সঁচাকৈয়ে সুখী হ’ম ।’

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন

অসমত আৰম্ভ নিৰ্বাচনকেন্দ্ৰিক কুচকাৱাজ; শীঘ্ৰেই ভোটাৰ তালিকাৰ বিশেষ সংশোধনী

ভোটাৰ তালিকাৰ বিশেষ সংশোধনী

সোমবাৰে নিৰ্বাচন আয়োগে অসমৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে । ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি আয়োগে উল্লেখ কৰিছে । নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক নিৰ্দেশ জাৰি কৰি এই বিশেষ পুনৰীক্ষণৰ তাৰিখ ১ জানুৱাৰী, ২০২৬ তাৰিখ হ’ব বুলি উল্লেখ কৰিছে । আয়োগৰ মতে, এই প্ৰক্ৰিয়াটো বাৰ্ষিক বিশেষ সাৰাংশ পুনৰীক্ষণ আৰু তালিকাৰ বিশেষ পুনৰীক্ষণৰ মাজৰ প্ৰক্ৰিয়া ।

সূচী অনুসৰি ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে পৰীক্ষণ কৰা হ’ব । ২৭ ডিচেম্বৰত সংযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব আৰু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব ।

ইফালে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে ৰাজ্যত ভোটাৰ তালিকাৰ “বিশেষ সংশোধন” কৰাৰ সিদ্ধান্তক আদৰণি জনাই ৰাজ্য চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয় । মুখ্যমন্ত্রীগৰায়ে সামাজিক মাধ্যমযোগে লিখিছে- ২০২৬ চনৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ তালিকাৰ বিশেষ সংশোধন কৰিবলৈ নির্বাচন আয়োগে লোৱা সিদ্ধান্তক অসম চৰকাৰে আদৰণি জনাইছে ৷

তেওঁ কয়, “এই প্ৰক্ৰিয়াই সকলো যোগ্য নাগৰিকৰ বাবে স্পষ্ট, আপডেটেড আৰু সঠিক তালিকা প্ৰস্তুত কৰাত সহায় কৰিব । এই পুনৰীক্ষণ স্বচ্ছ আৰু সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰে নিৰ্বাচন আয়োগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব ।” উল্লেখ্য যে, ২০২৬ চনত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ।

উল্লেখ্য যে যোৱা অক্টোবৰ মাহত জাৰি কৰা এক অধিসূচনাৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগে ১২খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তালিকাৰ দ্বিতীয় পৰ্যায়ৰ SIR ঘোষণা কৰিছিল । এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব । আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, আৰু পশ্চিম বংগত এছ আই আৰ অনুষ্ঠিত হৈ আছে । ইফালে অসমত এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ বাবে ৰাজ্যখনত এতিয়া SIR নহয় বুলি ঘো,ণা কৰিছিল নিৰ্বাচন আয়োগে ।

নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি-

-১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ছপা কৰা হ’ব ভোটাৰৰ তথ্য

-২০ তাৰিখৰ পৰা ঘৰে ঘৰে যাব বুথ পৰ্যায়ৰ বিষয়া । প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব বিষয়াসকলে ।

-২১-২৬ ডিচেম্বৰৰ ভিতৰত প্ৰস্তুত কৰিব খচৰা ভোটাৰ তালিকা

-২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ হ’ব

-বিসংগতি থাকিলে ১৯ জানুৱাৰীলৈ দিব পাৰিব অভিযোগ

-২ ফেব্ৰুৱাৰীৰ পূৰ্বে নিস্পত্তি কৰা হ’ব সকলো অভিযোগ

-১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

লগতে পঢ়ক : দিল্লী বিস্ফোৰণক লৈ আপত্তিজনক পোষ্ট দি আৰক্ষীৰ জালত ১৫জন

বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা; দলৰ পৰা বহিষ্কাৰ ৪ নেতাক

বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিজন নেতাক ছবছৰৰ বাবে বহিষ্কাৰ কৰিছে।

দলটোৱে সেই নেতাসকলৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে,যিয়ে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।বিজেপিয়ে দলবিৰোধী কাৰ্যকলাপৰ আখ্যা দি চাৰিওজন নেতাক বহিষ্কাৰ কৰিছে।

যি চাৰিগৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে,ইয়াৰ ভিতৰত বাহাদুৰগঞ্জৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বৰুণ সিং অন্তৰ্ভূক্ত আছে।তদুপৰি গোপালগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা অনুপ কুমাৰ শ্ৰীবাস্তৱকো বহিষ্কাৰ কৰা হৈছে।

কহলগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিধায়ক পৱন যাদৱকো দলৰ পৰা বহিষ্কাৰ কৰিছে বিজেপিয়ে।পৱন যাদৱৰ বিৰুদ্ধে দলৰ সিদ্ধান্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

বৰহাৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সূৰ্য ভান সিঙকো ছবছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

মিত্ৰতাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেই বিজেপিয়ে এই নেতাসকলক বহিষ্কাৰ কৰিছিল।দলৰ নিয়ম অনুসৰি,দল বা মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো অনুশাসনহীনতা বুলি গণ্য কৰা হয়,যাৰ ফলত এই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: ‘শাসনলৈ আহিলেই ৱাকফ আইনখন ডাষ্টবিনত পেলাই দিম’; তেজস্বী যাদৱৰ বিস্ফোৰক মন্তব্য

দিল্লীত শূণ্য ফলাফলেৰে হেট্ৰিক…এখনো আসন লাভ নকৰিলে কংগ্ৰেছে

বিগত দুবাৰৰ দৰে এইবাৰো কংগ্ৰেছে দিল্লী বিধানসভা নিৰ্বাচনত খাতা খুলিব নোৱাৰিলে । যিহেতু এইবাৰ কংগ্ৰেছে নিজৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিছিল আৰু ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি দলটোৰ ডাঙৰ নেতা আৰু সকলো জ্যেষ্ঠ নেতাই প্ৰচাৰ চলাইছিল । ইয়াৰ বাহিৰেও জনসাধাৰণক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰাৰ স্বাৰ্থত দলটোৱে বিজেপি আৰু আম আদমী পাৰ্টিতকৈ অধিক জনকল্যাণমূলক আঁচনি আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দিল্লীৰ ভোটাৰসকলে কংগ্ৰেছক প্ৰত্যাখান কৰে । নিৰ্বাচনী প্ৰচাৰৰ সময়ত বহু কংগ্ৰেছ নেতাই দাবী কৰিছিল যে তেওঁলোকৰ দলটোৱে পুৰণি ৰাজনৈতিক ভূমি পুনৰ লাভ কৰাত সফল হ’ব । কিন্তু শেষত এই নিৰ্বাচনৰ ফলাফলত মুখথেকেছা খাবলগীয়া হয় দলটোৱে ।

য’ত শক্তিশালী আছিল, তাতো লাভ নকৰিলে সফলতা

এই নিৰ্বাচনত কংগ্ৰেছে বহু জ্যেষ্ঠ নেতাক প্ৰচাৰত থিয় কৰাইছিল । ইয়াৰ উপৰিও একাংশ নতুন মুখৰ ওপৰতো বাজি ধৰিছিল, য’ত যুৱ নেতাক অধিক অগ্ৰাধিকাৰ দিয়া হৈছিল । ইয়াৰ বাহিৰেও কংগ্ৰেছে পৰম্পৰাগতভাৱে যিবোৰ অঞ্চলত মজবুত দখল আছিল সেইবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল । কিন্তু এই প্ৰচেষ্টাসমূহৰ পিছতো কংগ্ৰেছে নিজৰ পুৰণি স্থিতি পুনৰ লাভ কৰাত চূড়ান্ত ব্যৰ্থ হয় ।

লাভ কৰিব নোৱাৰিলে ২০১৩ চনৰ সন্মানো-

কেৱল এয়াই নহয় ২০১৩ চনৰ নিৰ্বাচনৰ সন্মানো লাভ কৰিব নোৱাৰিলে কংগ্ৰেছে । সেই সময়ত দলটোৱে আঠখন আসন লাভ কৰিছিল । সেয়েহে তেওঁলোকৰ প্ৰদৰ্শনৰ কোনো বিশেষ উন্নতি দেখা নগ’ল । আনহাতে ২০১৩ চনৰ পূৰ্বে কংগ্ৰেছৰ সমৰ্থনৰ ভিত্তি আছিল শক্তিশালী । ১৯৯৮, ২০০৩ আৰু ২০০৮ চনত তেওঁলোকে চৰকাৰ গঠন কৰিছিল । এইদৰে দিল্লী নিৰ্বাচনত বিজেপি আৰু আম আদমী পাৰ্টিৰ মাজত কঠোৰ যুঁজ হৈছিল আৰু কংগ্ৰেছে আশা কৰিছিল যে দলটোৱে পুৰণি স্থিতি পুনৰ লাভ কৰিবলৈ সক্ষম হ’ব ।

নিৰ্বাচনৰ ফলাফলৰ পিছত বিজেপি আৰু আম আদমী পাৰ্টিয়েও কংগ্ৰেছৰ প্ৰদৰ্শনক লৈ প্ৰশ্ন উত্থাপন কৰিছে । তেওঁলোকৰ নেতাসকলে দাবী কৰিছে যে কংগ্ৰেছে দিল্লীৰ ভোটাৰৰ আস্থা হেৰুৱাইছে । তেওঁলোকৰ ভোটদানৰ শতাংশ সামান্য বৃদ্ধি হৈছে । আনহাতে দলটোৰ নেতাসকলে ডাঙৰ ডাঙৰ দাবী কৰি আছিল ।

‘আৰু যুঁজক নিজৰ মাজতে !’, দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কোনে কি ক’লে জানক

দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক বিজয় সাব্যস্ত কৰিছে । দিল্লী আম আদমী পাৰ্টিৰ দুৰ্গ হৈ আহিছে, সেয়েহে দিল্লীত আপৰ দুৰ্গ ভাঙি পৰাটো অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ দলৰ ৰাজনীতিত ডাঙৰ আঘাত হিচাপে প্ৰমাণিত হৈছে । ইতিমধ্যে দিল্লী নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে । ইয়াৰ মাজতে অতি আকৰ্ষণীয় প্ৰতিক্ৰিয়া দিছে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই । ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত ওমৰ আব্দুল্লাই লিখিছে, ‘আৰু যুঁজক নিজৰ মাজতে !’ ওমৰ আব্দুল্লাই এটা GIF শ্বেয়াৰ কৰিছে য’ত লিখা আছে, ‘হেঁপাহ পলুৱাই যুঁজক, ইজনে সিজনক শেষ কৰি দিয়ক !’

অনুমান কৰা হৈছে যে দিল্লীত মিত্ৰতা কৰাৰ পৰিৱৰ্তে পৃথকে পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছ আৰু আম আদমী পাৰ্টিক ওমৰ আব্দুল্লাই কটাক্ষ কৰিছে । দুয়োটা দলেই ইণ্ডি মিত্ৰজোঁটৰ অংশ, কিন্তু বিধানসভা নিৰ্বাচনত পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰচাৰৰ সময়ত ইজনে সিজনক তীব্ৰ আক্ৰমণ চলাইছিল ।

সঞ্জয় ৰাউতে কয়- বিজেপিৰ পৰাজয় নিশ্চিত আছিল, যদি…

দিল্লী নিৰ্বাচনৰ ধাৰা সন্দৰ্ভত শিৱসেনাৰ ইউ বি টি নেতা সঞ্জয় ৰাউতে কয় যে ‘প্ৰাথমিক ধাৰাসমূহে কঠোৰ প্ৰতিদ্বন্দ্বিতা দেখুৱাইছে । যদি কংগ্ৰেছ আৰু আম আদমী পাৰ্টিয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হ’লহেঁতেন তেন্তে ফলাফল বেলেগ হ’লহেঁতেননে ?  কংগ্ৰেছ আৰু আপৰ বিৰোধী দল বিজেপি । দুয়োটাই বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ যুঁজিছিল, কিন্তু বেলেগে বেলেগে এই যুঁজ দিলে, যদি একেলগে যুঁজিলহেতেন তেন্তে বিজেপিৰ পৰাজয় নিশ্চিত আছিল ।

‘অৰবিন্দ কেজৰিৱালে নিজৰ ভাবমূৰ্তি নিকা কৰি ৰাখিব নোৱাৰিলে’

দিল্লীৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সমাজ কৰ্মী আন্না হাজাৰে কয় যে ‘মই বহুদিন ধৰি কৈ আহিছো যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীজনৰ চৰিত্ৰ ভাল হ’ব লাগে আৰু তেওঁৰ ভাল ধাৰণা থাকিব লাগে আৰু তেওঁৰ ভাবমূৰ্তি পৰিষ্কাৰ হ’ব লাগে, কিন্তু আপে এই কাম কৰিব নোৱাৰিলে । সুৰা আৰু টকাৰ জালত পৰিল । তেওঁৰ (অৰবিন্দ কেজৰিৱাল) ভাবমূর্তি কলংকিত আৰু সেইবাবেই তেওঁ কম ভোট পালে ৷ মানুহে দেখিলে যে আগতে চৰিত্ৰৰ কথা কোৱা অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে সুৰা কেলেংকাৰীৰ অভিযোগ । ৰাজনীতিত অভিযোগ উত্থাপন হয় । মানুহে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব লাগিব আৰু সত্য সদায় সত্য হৈয়েই থাকে । মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ যে মই ৰাজনীতিত প্ৰৱেশ নকৰো আৰু এতিয়াও মই সেই সিদ্ধান্তত আছো ।’