অসমকে ধৰি আন ৩ ৰাজ্যৰ ঘোষণা হ’ল নিৰ্বাচনৰ দিন; ৪ মে’ত ফলাফল

নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া অসম, পশ্চিম বংগ, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।

ভাৰতৰ নিৰ্বাচন আয়োগে ২০২৬ চনত অনুষ্ঠিত হ’বলগীয়া চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে।পশ্চিম বংগ, অসম, কেৰালা, তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত অনুষ্ঠিত হ’ব এই বিধানসভা নিৰ্বাচন। তাৰে আজি দিন ঘোষণা কৰা হ’ল।ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পৰ্যায়, প্ৰাৰ্থীৰ মনোনয়নৰ তাৰিখ, ভোটগ্ৰহণৰ তাৰিখ, ফলাফলৰ দিন ঘোষণা কৰা হৈছে।

অসম, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত এটা পৰ্যায়ত আৰু পশ্চিম বংগত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন।মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে উল্লেখ কৰে যে অসমত ২০ মে’, পশ্চিম বংগত ৭ মে’  কেৰালা ২৩ মে’, পুডুচেৰীত ১৫ জুন আৰু তামিলনাডুত ১০ মে’ ২০২৬ ত বৰ্তমানৰ চৰকাৰসমূহৰ কাৰ্যকাল অন্ত পৰিব। কেৰালাত ১৪০, পুডুচেৰীত ৩০, অসমত ১২৬, তামিলনাডুত ২৩৪ আৰু পশ্চিম বংগত ২৯৪খন বিধানসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।   

লগতে পঢ়ক: ঘোষণা কৰা হ’ল অসমত বিধানসভা নিৰ্বাচনৰ দিন; ৯ এপ্ৰিলত হ’ব ৰাজ্যত নিৰ্বাচন

ঘোষণা কৰা হ’ল অসম বিধানসভা নিৰ্বাচনৰ দিন

৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে কৰিলে ঘোষণা। ৪ মে’ত ঘোষণা কৰা হ’ব ফলাফল।

নিৰ্বাচন আয়োগে দেওবাৰে, ১৫ মাৰ্চত অসম, তামিলনাডু, পশ্চিম বংগ, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ পিছত অহা ৯ এপ্ৰিলত অসমত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সংবাদমেল সম্বোধন কৰি মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে জনালে এই কথা।

ব’হাগ পূৰ্বেই ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ৪ মে’ত ঘোষণা কৰা হ’ল ফলাফল।জানিব পৰা মতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে ২৩ মাৰ্চ। অসমত এইবাৰ ২.৫ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোট। তাৰে ৫.৭৫ লাখ ভোটাৰে প্ৰথমবাৰলৈ ভোটদান কৰিব। এইবাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে থাকিব কেইবাটাও নতুন নিয়ম।

প্ৰতিটো ভোটকেন্দ্ৰত প্ৰথমবাৰলৈ থাকিব ৱেব কাষ্টিং। প্ৰথমবাৰৰ বাবে ভোট কেন্দ্ৰৰ ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন। নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে আজিৰে পৰা জাৰি হ’ল নিৰ্বাচনী অধিসূচনা।

লগতে পঢ়ক: আজিয়ে ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন

আজিয়ে ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন

অসমৰ লগতে আন চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবেও নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে

দেওবাৰে বিয়লি ঘোষণা হ’ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ দিন । অসমৰ লগতে আন চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবেও নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে । আজি বিয়লি ভাৰতৰ নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিবলৈ সাজু হৈছে ।

আজি নতুন দিল্লীত বিয়লি ৪ বজাত অনুষ্ঠিত হ’বলগীয়া এক সংবাদমেলত নিৰ্বাচন আয়োগে তামিলনাডু, পশ্চিম বংগ, কেৰালা, অসম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰীৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়ুক্ত ড° সুখবীৰ সিং সান্ধু আৰু ড° বিবেক যোশীৰ উপস্থিতিত এই ঘোষণা কৰা হ’ব ।

নিৰ্বাচনী সূচী ঘোষণাৰ লগে লগেই নিৰ্বাচন হ’বলগীয়া আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী আচৰণ বিধি বলবৎ হ’ব, যিয়ে নিৰ্বাচনৰ সময়ছোৱাত ৰাজনৈতিক দল, প্ৰাৰ্থী আৰু চৰকাৰৰ কাম-কাজ নিয়ন্ত্ৰণ কৰিব ।

নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰা, মনোনয়ন পত্ৰ দাখিলৰ আৰম্ভণি আৰু অন্তিম তাৰিখ, মনোনয়ন পত্ৰ পৰীক্ষা, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন, ভোটগ্ৰহণৰ তাৰিখ আৰু ভোট গণনাৰ দিন উল্লেখ কৰি এক বিতং সময়সূচী প্ৰদান কৰাৰ সম্ভাৱনা আছে । এই নিৰ্বাচনী অনুশীলন অত্যন্ত তাৎপৰ্যপূৰ্ণ কাৰণ এই পাঁচোটা অঞ্চলৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল চলিত বৰ্ষৰ মে’ আৰু জুন মাহৰ ভিতৰত শেষ হ’ব, যাৰ বাবে নতুন জনদেশৰ প্ৰয়োজন হৈছে ।

এই ঘোষণাৰ পূৰ্বে আয়োগে চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰি এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক পদক্ষেপ ইতিমধ্যে সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক : কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা, কোন সমষ্টিত কোনে পালে টিকট ?

কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা, কোন সমষ্টিত কোনে পালে টিকট ?

কংগ্ৰেছ দলে ঘোষণা কৰিলে আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা

অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে । দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ৰাজ্যৰ বিভিন্ন সমষ্টিৰ বাবে মনোনীত প্ৰাৰ্থীসকলৰ নামত অনুমোদন জনাইছে ।

দলীয় নেতৃত্বই প্ৰকাশ কৰা তালিকা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২০টাতকৈও অধিক সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰা হৈছে । ইফালে তালিকা অনুসৰি ১৫ টা সমষ্টি কংগ্ৰেছে মিত্ৰ দললৈ এৰিছে ।

দ্বিতীয় প্ৰাৰ্থী তালিকাত কোন কেইটা সমষ্টিত কাক কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে-

গোলকগঞ্জঃ কাৰ্তিক চন্দ্ৰ ৰায়

বিৰছিং জৰুৱাঃ ৱাজেদ আলী চৌধুৰী

বিলাসীপাৰাঃ অমৃত বাদশ্বাহ

মানকাচাৰঃ মহিবুৰ ৰহমান

গোৱালপাৰা পূবঃ আবুল কালাম ৰছিদ আলম

দুধনৈঃ কিশোৰ কুমাৰ ব্ৰহ্ম

সৃজনগ্ৰামঃ নুৰুল ইছলাম

মন্দিয়াঃ আব্দুল খালেক

ছমৰীয়াঃ ৰেকিবুদ্দিন আহমেদ

ৰঙিয়াঃ প্ৰাণজিৎ চৌধুৰী

ডিমৰীয়াঃ কিশোৰ কুমাৰ বৰুৱা

নিউ গুৱাহাটীঃ শান্তনু বৰা

মঙলদৈঃ ৰিজুমণি তালুকদাৰ

হোজাইঃ জিলি চৌধুৰী

ঢেকীয়াজুলিঃ বাতাছ ওৰাং

ৰঙাপৰাঃ কাৰ্তিক চন্দ্ৰ কুৰ্মী

গহপুৰঃ ড০ শংকৰজ্যোতি কুটুম

ধেমাজিঃ শৈলেন সোণোৱাল

তিনিচুকীয়াঃ ডেভিদ ফুকন

টিংখাংঃ বিপুল গগৈ

দেৰগাঁওঃ সাগৰিকা বৰা

ধলাইঃ ধ্ৰুৱজ্যোতি পুৰকায়স্থ

কৰিমগঞ্জ (দক্ষিণ)- আমিনুৰ ৰছিদ চৌধুৰী

মিত্ৰ দলৰ বাবে দ্বিতীয়খন তালিকাত কংগ্ৰেছ দলে এৰিলে ১৫টাকৈ সমষ্টি-

ভৱানীপুৰ-সৰভোগ, বজালী, পলাশবাৰী,

মধ্য গুৱাহাটী, গোৰেশ্বৰ, মৰিগাঁও, বঢ়মপুৰ, বিন্নাকান্দি, বিহালী, শদিয়া, ডিব্ৰুগড়, সৰুপথাৰ, ডিফু, আমৰি ।

লগতে পঢ়ক : পৰাজয়ৰ শতকৰ দিশে আগবাঢ়িছে কংগ্ৰেছ: প্ৰধানমন্ত্ৰী মোদীৰ তীক্ষ্ণ সমালোচনা

১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে ১৭ তাৰিখে প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থী তালিকা।

বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক দল সমূহ। তাৰ মাজতে ৰাজ্যৰ কেইবাটাও দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে জানিবলৈ দিয়া মতে ১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।

জানিবলৈ পোৱা মতে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম।আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থী তালিকা। ১৬ তাৰিখে দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক হ’ব তাৰ পিছতে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা।

লগতে পঢ়ক: ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

কংগ্ৰেছ ত্যাগ কৰি হুকহুকাই কান্দি উঠিল জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই শনিবাৰে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । পদত্যাগৰ পিছতে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰে গুৰুতৰ অভিযোগ ।

সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছ উঠিছে পদত্যাগৰ জোৱাৰ । বিশেষকৈ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পিছতে দলটোৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সমিতিৰ নেতা পৰ্যায়লৈ দেখা দিছে প্ৰচণ্ড বিদ্ৰোহে । কংগ্ৰেছৰ প্ৰথমখন তালিকাত টিকট লাভ কৰা একাংশ প্ৰাৰ্থীক লৈ তীব্ৰ আপত্তি দৰ্শাইছে নেতা-কৰ্মীসকলে । এই তালিকা প্ৰকাশৰ পিছতে ইয়াক কংগ্ৰেছৰ বংশবাদ বুলিও অভিযোগ কৰিছে তেওঁলোকে ।

ইফালে দল ত্যাগ অব্যাহত থকাৰ মাজতে শনিবাৰে কংগ্ৰেছে লাভ কৰে আন এক মোক্ষম আঘাত । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই শনিবাৰে দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে । তেওঁ অভিযোগ কৰে যে সংগঠনটোৰ ভিতৰত সাধাৰণ ঘৰৰ পৰা অহা নেতাসকলক গুৰুত্ব দিয়া নহয় ।

নলবাৰীৰ নিজগৃহত এক সংবাদমেল সম্বোধন কৰি কলিতাই দাবী কৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে কেৱল প্ৰভাৱশালী বা ৰাজনৈতিক পৰিয়ালৰ লোককহে অগ্ৰাধিকাৰ দিয়ে । তেওঁ অভিযোগ কৰি কয়, “এজন সাধাৰণ পৰিয়ালৰ হোৱাৰ বাবে আমাক দলত মূল্যায়ন কৰা নহয় । কেৱল মন্ত্ৰীৰ পুত্ৰ বা প্ৰভাৱশালী পৰিয়ালৰ লোকসকলেহে গুৰুত্ব পায় ।”

ৰাতুল কলিতাই কয় যে তেওঁ দলটোৰ আটাইতকৈ দুৰ্বল তথা বেয়া সময়ছোৱাতো দলৰ হৈ কাম কৰিছিল । তেওঁ উল্লেখ কৰে যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দলীয় টিকট বিচাৰিছিল যদিও জ্যেষ্ঠ নেতা প্ৰদ্যুৎ কুমাৰ ভূঞাই প্ৰতিদ্বন্দ্বিতা কৰাৰ ইচ্ছা প্ৰকাশ কৰাত তেওঁ আঁতৰি আহিছিল । পিছত, যেতিয়া তেওঁ পুনৰ আবেদন কৰিছিল, দলে তেওঁৰ পৰিৱৰ্তে দ্বীপ বায়নক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল ।

তেওঁ আৰু দাবী কৰে যে এইবাৰো আবেদন কৰা স্বত্বেও তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হয় । তেওঁ অভিযোগ কৰে যে প্ৰায় ৯০ ঘণ্টা পাৰ হোৱাৰ পিছতো দলৰ কোনো জ্যেষ্ঠ নেতাই এই সন্দৰ্ভত তেওঁৰ সৈতে যোগাযোগ কৰা নাই । কলিতাই তাঞ্জিল হুছেইন আৰু প্ৰতীক বৰদলৈৰ দৰে নেতাৰ প্ৰসংগ টানি আনি দলৰ ভিতৰত চলা বংশবাদক লৈয়ো প্ৰশ্ন উত্থাপন কৰে ।

ৰাতুল কলিতাৰ পদত্যাগৰ পিছতে নলবাৰীৰ কেইবাজনো কংগ্ৰেছ নেতা আৰু কৰ্মীয়েও দল ত্যাগ কৰে । বাতৰি অনুসৰি, তেওঁৰ ২০ জনতকৈও অধিক সমৰ্থকে পদ আৰু প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছে ।

কলিতাই কয় যে সন্ধিয়া আলোচনাৰ অন্তত তেওঁ কোনটো ৰাজনৈতিক দলত যোগদান কৰিব সেই বিষয়ে সিদ্ধান্ত ল’ব । ইয়াৰ লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ভূমি কেলেংকাৰী আৰু অন্যান্য বিতৰ্কত অভিযুক্ত হোৱা স্বত্বেও বিজেপিৰ প্ৰাক্তন নেতা অশোক শৰ্মাক কেনেকৈ কংগ্ৰেছৰ টিকট দিয়া হ’ল ।

ইফালে কংগ্ৰেছ দল ত্যাগ কৰিয়ে হুকহুকাই কান্দি উঠে দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই । নলবাৰীৰ নিজ বাসগৃহত সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে দেখা যায় এই দৃশ্য । আনহাতে শনিবাৰে পুৱা গুৱাহাটীৰ ৰাজীৱ ভৱনত সেৱা জনাই কংগ্ৰেছ দলৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছিল ৰাতুল কলিতাই । সামাজিক মাধ্যমযোগে তেওঁ “দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতা কৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক । আৰু এটা কথা- Plz don’t underestimate the power of a true Congressman” বুলি দলৰ প্ৰতি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল তেওঁ ।

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল যোগেন মহন, তেৰছ গোৱালা আৰু প্ৰমোদ বড়োৰ

বিধানসভা নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থী তালিকা

ঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা

ৰাজ্যত বাজিল বিধানসভা নিৰ্বাচনৰ ৰণ ডংকা । নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে । ইয়াৰ মাজতে মঙলবাৰে কংগ্ৰেছে ঘোষণা কৰিছে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৰাজ্যৰ ৪২টা বিধানসভা সমষ্টিৰ বাবে দলে ঘোষণা প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হৈছে ।

প্ৰণতি ফুকন, ৰিপুণ বৰাৰ দৰে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছী নেতাক টিকট প্ৰদান কৰিছে দলে । লগতে যোৰহাট সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে টিকট লাভ কৰিছে । উল্লেখ্য যে, ৰাইজৰ দলৰ সৈতে মিত্ৰতা চূড়ান্ত হোৱাৰ পূৰ্বেই মঙলবাৰে এই তালিকা ঘোষণা কৰে কংগ্ৰেছে ।

কোনে ক’ত টিকট লাভ কৰিছে জানক-

-গৌৰীপুৰত আব্দুছ শোভান আলী চৰকাৰ

-গোৱালপাৰা ৱেষ্টত (এছ টি) মাৰ্কলিন মাৰাক

-বঙাইগাঁৱত গিৰিশ বৰুৱা

-বৰপেটা (এছ চি)ত মহানন্দ চৰকাৰ

-বকো-ছয়গাঁৱ (এছ টি)ত ৰমেন সিং ৰাভা

-হাজো-শুৱালকুছিত (এছ চি) নন্দিতা দাস

-কমলপুৰত সত্যব্ৰত কলিতা

-দিছপুৰত মীৰা বৰঠাকুৰ

-বৰক্ষেত্ৰীত দিগন্ত বৰ্মন

-নলবাৰীত অশোক কুমাৰ শৰ্মা

-টিহুত ৰাতুল পাটোৱাৰী

-ছিপাঝাৰত বিনন্দ কুমাৰ শইকীয়া

-জাগীৰোড (এছ চি)ত বুবুল দাস

-ৰুপহীহাটত নুৰুল হুদা

-চামগুৰিত তাঞ্জিল হুছেইন

-ৰহা (এছ চি) উৎপল বণিয়া

-লামডিঙত স্বপন কৰ

-বৰছলাত ৰিপুন বৰা

-বিহুপুৰীয়াত নাৰায়ণ ভূঞা

-জোনাই (এছ টি) ৰাজ কুমাৰ মেদক

-ডুমডুমাত দুৰ্গা ভূমিজ

-মাৰ্ঘেৰিটাত প্ৰতীক বৰদলৈ

-চাবুৱা-লাহোৱালত প্ৰাঞ্জল ঘাটোৱাৰ

-দুলীয়াজানত ধ্ৰুৱ গগৈ

-নাহৰটীয়াত প্ৰণতি ফুকন

-সোণাৰীত উৎপল গগৈ

-ডিমৌ অজয় কুমাৰ গগৈ

-নাজিৰাত দেবব্ৰত শইকীয়া

-মাজুলী (এছ টি) ইন্দ্ৰনীল পেগু

-টীয়কত পল্লবী শইকীয়া গগৈ

-যোৰহাটত গৌৰৱ গগৈ

-গোলাঘাটত বিতোপন শইকীয়া

-বোকাজান (এছ টি) ৰতন ইংতি

-ৰংখাং (এছ টি)ত আগষ্টিন ইংখি

-লখিমপুৰত শান্তি কুমাৰ সিংহ

-উদাৰবন্দত অজিত সিং

-বৰখলাত ড০ অমিত কুমাৰ কালৱাৰ

-শিলচৰত অভিজিত পাল

-সোনাইত আমিনুল হক লস্কৰ

-উত্তৰ কৰিমগঞ্জত জাকাৰিয়া আহমেদ

-পাথাৰকান্দিত কাৰ্তিক সেনা সিনহা

-ৰাম কৃষ্ণ নগৰ (এছ চি)ত সুৰুচি ৰয়

উল্লেখ্য যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ এই প্ৰাৰ্থী তালিকাত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, ৰিপুন বৰাৰ লগতে চামগুৰিত ৰকিবুল পুত্ৰ তাঞ্জিল হুছেইন আৰু মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক টিকট প্ৰদান কৰিছে দলে ।

লগতে পঢ়ক : ৰাজ্যসভালৈ যাব নীতিন নবীন, বিজেপিয়ে প্ৰকাশ কৰিলে ৯ জনীয়া প্ৰাৰ্থী তালিকা

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক অসম বিধানসভা নিৰ্বাচনত বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য কৰে । কাজিৰঙাত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা নিশ্চিত কৰি কয় যে আগন্তুক নিৰ্বাচনত তেলীয়ে দুলীয়াজানৰ পৰা দলক প্ৰতিনিধিত্ব কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইংগিত দিয়ে যে মাহমৰাৰ পৰা এগৰাকী সুকীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব আৰু দুলীয়াজানত তেৰছ গোৱালাৰ ঠাইত তেলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰি দিয়ে । আসনখনক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ বিশ্বাস অনুসৰি তেৰছ গোৱালাৰ পৰিৱৰ্তে ৰামেশ্বৰ তেলীয়ে আগন্তুক বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।

ইফালে শেহতীয়াকৈ বিজেপিত যোগদান কৰা আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাক টিকট দিয়া নিদিয়া সন্দৰ্ভত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে যে আগন্তুক নিৰ্বাচনত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহ’ব বুলি তেওঁ বৰুৱাক ইতিমধ্যে জনোৱা হৈছে । এই সম্পৰ্কে বৰুৱাই দলত যোগদান কৰোঁতেই স্পষ্ট কৰি দিয়া হৈছে বুলি কয় মুখ্যমন্ত্ৰীয়ে । ড০ শৰ্মাই কয় যে তেওঁক দলীয় টিকট প্ৰদান কৰা নহ’ব বুলি তেওঁ আগতেই স্পষ্ট কৰি দিয়া হৈছিল ।

ইফালে, বিজেপিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । দলটোৱে উচ্চ সদনৰ বাবে অসমৰ পৰা তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰক্ষেপ কৰিছে । তৃতীয়খন আসনৰ বাবে ইউপিপিএলৰ প্ৰমোদ বড়োৰ নাম প্ৰাৰ্থী হিচাবে ঘোষণা কৰা হৈছে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

বিহুৰ আগত নে পিছত! কেতিয়া আৰু কেইটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন

১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ ।

অসমৰ স্বীকৃত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহে আগন্তুক বিধানসভা নিৰ্বাচন এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক (EC) অনুৰোধ জনাইছে । ১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ ।

ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ কমিটিৰ সৈতে মহানগৰীত অনুষ্ঠিত পৃথক পৃথক বৈঠকত দলসমূহে এই দাবী উত্থাপন কৰে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ সৈতে বৰ্তমান তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত আছে । ভ্ৰমণৰ দ্বিতীয় দিনা আয়োগে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক সাক্ষাৎ কৰে ।

বৈঠকত অংশগ্ৰহণ কৰা দলসমূহ:

আম আদমী পাৰ্টী (AAP), ভাৰতীয় জনতা পাৰ্টি (BJP), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (CPI-M) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF), অসম গণ পৰিষদ (AGP), বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) এ এই বৈঠকত অংশগ্ৰহণ কৰে ।

জানিব পৰা মতে অধিকাংশ দলেই নিৰ্বাচন “এটা বা সৰ্বাধিক দুটা পৰ্যায়ত” অনুষ্ঠিত কৰাৰ দাবী জনাইছে । ইয়াৰ উপৰিও, বিহুৰ কথা মনত ৰাখি নিৰ্বাচনৰ দিন ধাৰ্য কৰিবলৈ তেওঁলোকে আয়োগক অনুৰোধ জনাইছে । ইফালে শাসনাধীষ্ঠ দল বিজেপিয়ে বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজনৈতিক দলসমূহে অসমত চলোৱা “ভোটাৰ তালিকাৰ বিশেষ সংশোধন” প্ৰক্ৰিয়াৰ শলাগ লয় । লগতে ৰাজ্যখনত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

নিৰ্বাচন আয়োগে তেওঁলোকৰ এই ভ্ৰমণকালত মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি প্ৰশাসনিক তথা নিৰাপত্তা ব্যৱস্থাৰ বুজ লোৱাৰ কথা আছে । উল্লেখ্য যে ১২৬ জনীয়া অসম বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল ২০ মে’ত সমাপ্ত হ’ব, যাৰ বাবে মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ।

লগতে পঢ়ক : ‘কংগ্ৰেছৰ সময়ত CM হোৱা হ’লে কাললৈ কলংক ৰৈ গ’লহেতেন’: হিমন্ত বিশ্ব শৰ্মা