বিহুৰ আগত নে পিছত! কেতিয়া আৰু কেইটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ'ব নিৰ্বাচন

বিহুৰ আগত নে পিছত! কেতিয়া আৰু কেইটা পৰ্যায়ত ৰাজ্যত অনুষ্ঠিত হ’ব নিৰ্বাচন

১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ । অসমৰ স্বীকৃত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহে আগন্তুক বিধানসভা নিৰ্বাচন এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক (EC) অনুৰোধ জনাইছে । ১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ ।

১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ ।

অসমৰ স্বীকৃত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহে আগন্তুক বিধানসভা নিৰ্বাচন এটা অথবা সৰ্বাধিক দুটা পৰ্যায়ত অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক (EC) অনুৰোধ জনাইছে । ১৭ ফেব্ৰুৱাৰীত ৰাজনৈতিক দলসমূহৰ সৈতে বৈঠকত মিলিত হয় নিৰ্বাচন আয়োগ ।

ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ কমিটিৰ সৈতে মহানগৰীত অনুষ্ঠিত পৃথক পৃথক বৈঠকত দলসমূহে এই দাবী উত্থাপন কৰে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ, নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ সৈতে বৰ্তমান তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত আছে । ভ্ৰমণৰ দ্বিতীয় দিনা আয়োগে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ উপস্থিতিত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক সাক্ষাৎ কৰে ।

বৈঠকত অংশগ্ৰহণ কৰা দলসমূহ:

আম আদমী পাৰ্টী (AAP), ভাৰতীয় জনতা পাৰ্টি (BJP), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (CPI-M) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট (AIUDF), অসম গণ পৰিষদ (AGP), বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) আৰু ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল (UPPL) এ এই বৈঠকত অংশগ্ৰহণ কৰে ।

জানিব পৰা মতে অধিকাংশ দলেই নিৰ্বাচন “এটা বা সৰ্বাধিক দুটা পৰ্যায়ত” অনুষ্ঠিত কৰাৰ দাবী জনাইছে । ইয়াৰ উপৰিও, বিহুৰ কথা মনত ৰাখি নিৰ্বাচনৰ দিন ধাৰ্য কৰিবলৈ তেওঁলোকে আয়োগক অনুৰোধ জনাইছে । ইফালে শাসনাধীষ্ঠ দল বিজেপিয়ে বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনোৱাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজনৈতিক দলসমূহে অসমত চলোৱা “ভোটাৰ তালিকাৰ বিশেষ সংশোধন” প্ৰক্ৰিয়াৰ শলাগ লয় । লগতে ৰাজ্যখনত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় ।

নিৰ্বাচন আয়োগে তেওঁলোকৰ এই ভ্ৰমণকালত মুখ্য সচিব, গৃহ সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি প্ৰশাসনিক তথা নিৰাপত্তা ব্যৱস্থাৰ বুজ লোৱাৰ কথা আছে । উল্লেখ্য যে ১২৬ জনীয়া অসম বিধানসভাৰ বৰ্তমানৰ কাৰ্যকাল ২০ মে’ত সমাপ্ত হ’ব, যাৰ বাবে মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন হোৱাৰ সম্ভাৱনা আছে । ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীত আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ।

লগতে পঢ়ক : ‘কংগ্ৰেছৰ সময়ত CM হোৱা হ’লে কাললৈ কলংক ৰৈ গ’লহেতেন’: হিমন্ত বিশ্ব শৰ্মা

শেহতীয়া প্ৰৱন্ধসমূহ