কাইলৈ ​​দিল্লীবাসীয়ে নিৰ্বাচন কৰিব নিজৰ চৰকাৰ, ই ভি এমত বন্দী হ’ব ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

বুধবাৰে দিল্লীবাসীয়ে নিজৰ চৰকাৰ নিৰ্বাচন কৰিব । ১.৫৬ কোটি ভোটাৰে ৭০খন বিধানসভা আসনৰ বাবে ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । ১৩,৭৬৬ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ হ’ব । ইয়াৰ বাবে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । মঙলবাৰে বিয়লি ভোটগ্ৰহণ বিষয়াসকলে ই ভি এম লৈ ভোটকেন্দ্ৰসমূহত উপস্থিত হৈ দায়িত্ব লয় । সৰ্বনিম্ন সংখ্যক প্ৰাৰ্থী পেটেল নগৰ আৰু কস্তুৰবা নগৰত পাঁচজনকৈ প্ৰাৰ্থী হোৱাৰ বিপৰীতে নতুন দিল্লীৰ আসনত ২৩ জন প্ৰাৰ্থী আছে ।

২০ শতাংশ ই ভি এম জৰুৰীকালীন অৱস্থাৰ বাবে সংৰক্ষিত-

বিষয়াসকলৰ মতে, নিৰ্ধাৰিত সময় ৬ বজালৈকে যদি কোনো ব্যক্তি শাৰীত থিয় হয় তেন্তে ভোটদান কৰিব পাৰিব । ইয়াৰ বাবে অতিৰিক্ত সময়ো দিয়া হ’ব । এটা ই ভি এমত মাত্ৰ ১৬ জন প্ৰাৰ্থীৰ নিৰ্বাচনী চিহ্ন থাকিব পাৰে । যদিহে অধিক প্ৰাৰ্থী থাকে তেন্তে দ্বিতীয়টো ই ভি এম ৰখা হৈছে । জনকপুৰী আৰু নতুন দিল্লীৰ আসনৰ ভোটকেন্দ্ৰত ব্যৱহাৰ হ’ব দুটা ই ভি এম । বাকী ৬৮খন আসনৰ বাবে কেন্দ্ৰসমূহত এটাকৈ ই ভি এম থাকিব । প্ৰায় ২০ শতাংশ ই ভি এম জৰুৰীকালীন পৰিস্থিতিৰ বাবে সংৰক্ষিত কৰি ৰখা হৈছে, যাতে ই ভি এমত কোনো ধৰণৰ বিজুতি বা সমস্যাৰ সৃষ্টি হ’লে তৎক্ষণাত সলনি কৰিব পৰা যায় ।

ভোটাৰ আই ডি কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট-

ভোট দিবলৈ হ’লে ভোটাৰ তালিকাত নাম থকাটো প্ৰয়োজনীয় । ভোটাৰ তালিকাত নাম থাকিলে ভোটাৰ আই ডি কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব । নিৰ্বাচন আয়োগে আন ১২ খন নথি-পত্ৰ আৰু প্ৰমাণপত্ৰক পৰিচয় পত্ৰ হিচাপে ভোটদানৰ বাবে ব্যৱহাৰ কৰিবলৈ অনুমোদন জনাইছে । এই নথিসমূহৰ যিকোনো এটাক পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰি ভোটদান কৰিব পাৰি ।

কাইলৈ ​​ৰাজহুৱা বন্ধ-

দিল্লী চৰকাৰে বুধবাৰক চৰকাৰী বন্ধ ঘোষণা কৰিছে । সোমবাৰে চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে ৰাজহুৱা ঘোষণা কৰি এক নিৰ্দেশ জাৰি কৰিছে । চৰকাৰী বিভাগ, স্থানীয় সংস্থা, ৰাজহুৱা খণ্ডৰ কোম্পানীকে ধৰি সকলো কাৰ্যালয়তে কৰ্মচাৰীৰ বাবে বন্ধ থাকিব, যাতে কৰ্মচাৰীসকলে ভোটদান কৰিব পাৰে ।

ভোটাৰৰ সংখ্যা…

মুঠ ভোটাৰ : ১৫৬১৪০০০

পুৰুষ : ৮৩৭৬১৭৩

মহিলা : ৭২৩৬৫৬০

অন্যান্য : ১২৬৭

দিল্লীত সমাপ্ত প্ৰচাৰ, ৫ ফেব্ৰুৱাৰীত ভোটদান…এগজিট প’লৰ বাবে নিৰ্দেশনা জাৰি নিৰ্বাচন আয়োগৰ

সোমবাৰে (৩ ফেব্ৰুৱাৰী) সন্ধিয়া ৬ বজাত দিল্লী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হয় । ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ হ’ব আৰু ৮ ফেব্ৰুৱাৰীত ফলাফল ঘোষণা কৰা হ’ব । নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজনৈতিক দলৰ ডাঙৰ ডাঙৰ নেতাসকলে জনসাধাৰণৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰে । ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ১.৫৬ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ।

এগজিট প’লৰ ওপৰত নিষেধাজ্ঞা কেতিয়ালৈ ?

ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে ৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬:৩০ বজালৈ এগজিট প’ল নিষিদ্ধ কৰিছিল । এই সন্দৰ্ভত দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়েও এক নিৰ্দেশ জাৰি কৰিছে । নিৰ্বাচন আয়োগে নিজৰ আদেশত সৰ্বসাধাৰণ ৰাইজৰ বিশেষকৈ নিউজ ব্যুৰো, মিডিয়া হাউচ, ৰেডিঅ’ আৰু টেলিভিছন চেনেল আদিৰ মনোযোগ ভাৰতীয় নিৰ্বাচন আয়োগৰ নং ৫৭৬/এগজিট /২০২৫/এছডিআৰ/পাৰ্ট-১ৰ অধিসূচনাত দিবলৈ জনোৱা হৈছে বুলি জানিবলৈ দিয়ে । ইয়াৰ দ্বাৰা এগজিট প’ল, অ’পিনিয়ন প’ল বা অন্য কোনো নিৰ্বাচনী সমীক্ষাৰ ফলাফল ছপা বা ইলেক্ট্ৰনিক মিডিয়াত বা অন্য কোনো ধৰণে প্ৰকাশ কৰাটো নিষিদ্ধ কৰা হৈছে ।

ভোটদানৰ বাবে ১৩ হাজাৰ ৭৬৬টা ভোটকেন্দ্ৰ-

দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ তথ্য অনুসৰি দিল্লীত ভোটগ্ৰহণৰ বাবে ১৩ হাজাৰ ৭৬৬টা ভোটগ্ৰহণ কেন্দ্ৰ সাজু কৰা হৈছে । ৮৩.৭৬ লাখ পুৰুষ, ৭২.৩৬ লাখ মহিলা আৰু ১২৬৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে । বিশেষভাৱে সক্ষম লোকৰ বাবে সংৰক্ষিত হৈছে ৭৩৩টা ভোটগ্ৰহণ কেন্দ্ৰ ।

ঘৰৰ পৰাই ভোটদান কৰিলে ৬৯৮০ জন লোকে-

জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে ঘৰৰ পৰাই ভোটদানৰ সুবিধাৰ অধীনত ৭৫৫৩ জন যোগ্য ভোটাৰৰ ভিতৰত ইতিমধ্যে ৬৯৮০ জন লোকে ভোটদান কৰিছে । ২৪ জানুৱাৰীৰ পৰা ঘৰৰ পৰা ভোটদানৰ সুবিধা আৰম্ভ হৈছে আৰু ই ৪ ফেব্ৰুৱাৰীলৈকে চলিব ।

আচৰণ বিধি উলংঘাৰ ১০০০ৰো অধিক গোচৰ পঞ্জীয়ন-

৭ জানুৱাৰীৰ পৰা আচৰণ বিধি বলবৎ হোৱাৰ পিছত আচৰণ বিধি উলংঘা কৰাৰ অভিযোগত ১০০০ৰো অধিক গোচৰ ৰুজু কৰা হৈছে ।

দিল্লীত নিয়োজিত অৰ্ধসামৰিক বাহিনীৰ ২২০টা কোম্পানী-

দিল্লীত অৰ্ধসামৰিক বাহিনীৰ ২২০টা কোম্পানী নিয়োগ কৰিছে নিৰ্বাচন আয়োগে । ১৯ হাজাৰ হোমগাৰ্ড আৰু ৩৫ হাজাৰ ৬২৬ দিল্লী আৰক্ষী জোৱানকো মোতায়েন কৰা হৈছে ।

নতুন দিল্লী বিধানসভা আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে

দিল্লীত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই মনোনয়ন দাখিল কৰিছে । এই ক্ষেত্ৰত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ কাৰণ বহু দলৰ নেতা এই শাৰীত আছে । আম আদমি পাৰ্টি, বিজেপি আৰু কংগ্ৰেছৰ অৰবিন্দ কেজৰিৱাল, মনীষ চিছোদিয়া, প্ৰৱেশ বাৰ্মা, ৰমেশ বিধুৰি, দেৱেন্দ্ৰ যাদৱকে ধৰি বহু শীৰ্ষ নেতাই মনোনয়ন দাখিলৰ বাবে আজিৰ দিনটো বাছি লৈছে ।

আজি নতুন দিল্লীৰ আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে । এই সময়ছোৱাত পত্নী সুনীতা কেজৰিৱালৰ উপৰিও বহু মহিলা সমৰ্থকো তেওঁৰ সৈতে উপস্থিত থাকে ।

আম আদমী পাৰ্টিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ এটা পোষ্টত কোৱা হৈছে, “অৰবিন্দ কেজৰিৱালে দিল্লীৰ মাতৃ আৰু ভগ্নীসকলক লগত লৈ নতুন দিল্লী বিধানসভা আসনৰ পৰা মনোনয়ন দাখিল কৰিছে । আমি আগতে মাতৃ আৰু ভগ্নীসকলৰ সৈতে কাম কৰিছো আৰু কৰি যাম । আম আদমী পাৰ্টি আৰু আমাৰ নেতাসকলৰ বিৰুদ্ধে বিজেপিয়ে যিমানেই ষড়যন্ত্ৰ নকৰক, দিল্লীৰ ৰাইজে কেজৰিৱালজীক পুনৰ ঘূৰাই আনিবলৈ গৈ আছে ।”

মনোনয়ন দাখিল কৰাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে সুনীতা কেজৰিৱাল আৰু মহিলা সমৰ্থকৰ সৈতে পদযাত্ৰা বাহিৰ কৰে । মনোনয়ন দাখিল কৰাৰ পূৰ্বে কেজৰিৱালে কন’ট প্লেচৰ হনুমান মন্দিৰ আৰু বাল্মিকী মন্দিৰত প্ৰাৰ্থনা কৰে । এই সময়ছোৱাত অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালো তেওঁৰ সৈতে উপস্থিত আছিল ।

ছিছ’ডিয়াৰো মনোনয়ন-

আম আদমী পাৰ্টিৰ প্ৰাৰ্থী হিচাপে আজি জাংপুৰাৰ পৰা আপ নেতা মনীষ ছিছ’দিয়াইও মনোনয়ন দাখিল কৰিব । আপৰ সৌৰভ ভৰদ্বাজে বৃহত্তৰ কৈলাশৰ পৰা মনোনয়ন দাখিল কৰিব আৰু বাবৰপুৰৰ পৰা গোপাল ৰাইয়ে মনোনয়ন দাখিল কৰিব ।

ইয়াৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে এটা ছ’চিয়েল মিডিয়া পোষ্টত কৈছিল- “আজি মই মনোনয়ন দাখিল কৰিবলৈ ওলাইছো । সমগ্ৰ দিল্লীৰ পৰা মোৰ বহু মাতৃ-ভগ্নীয়ে মোক আশীৰ্বাদ দিবলৈ সংগ দিব । মনোনয়ন দাখিল কৰাৰ আগতে মই বাল্মিকী মন্দিৰলৈ যাম আৰু হনুমান মন্দিৰত প্ৰভুৰ আশীৰ্বাদ বিচাৰিম ৷”

২০২৫ চনৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হ’ব দেশৰ ৰাজধানী দিল্লীত, জানেনে এইবাৰ কোন কোন ৰাজ্যত হ’ব ৰাজনৈতিক যুদ্ধ ?

২০২৫ বৰ্ষ আৰম্ভ হৈছে আৰু তাৰ লগে লগে ৰাজনৈতিক ক্ষেত্ৰখনো সাজু হৈছে । ২০২৫ চনত দেশৰ ৰাজধানী দিল্লীত হ’ব প্ৰথমখন ৰাজনৈতিক যুদ্ধ । ইয়াৰ তাৰিখ ঘোষণা কৰা হৈছে । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ বাবে ৫ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ কৰা হ’ব আৰু ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিল্লীত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৭ জানুৱাৰী আৰু ১৮ জানুৱাৰীৰ ভিতৰত মনোনয়ন পত্ৰ পৰীক্ষণ কৰা হ’ব ।

দিল্লীৰ বাহিৰেও আন কিছুমান ৰাজ্যতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ উপৰিও এইবাৰ লোকসভা আৰু বিধানসভাৰ উপ-নিৰ্বাচনো অনুষ্ঠিত হ’ব । জানক ২০২৫ চনত ক’ত বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব ।

দিল্লীৰ পাছত বিহাৰৰ পাল-

ৰাজধানী দিল্লীৰ পাছত দেশৰ দৃষ্টি বিহাৰৰ ওপৰত থাকিব । ভাৰতীয় ৰাজনীতিৰ পৰীক্ষাগাৰ বুলি কোৱা এই ৰাজ্যখনত অক্টোবৰ-নৱেম্বৰ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । বিহাৰত বিধানসভাৰ আসন ২৪৩খন । বিহাৰৰ নিৰ্বাচন দুটাৰ পৰা তিনিটা পৰ্যায়ত সম্পূৰ্ণ হ’ব পাৰে । বিহাৰ নিৰ্বাচনৰ বাবে এতিয়াও সময় আছে যদিও ইয়াত ৰাজনৈতিক বাজি লগাবলৈ আৰম্ভ কৰিছে আৰু সকলো দলেই নিজৰ নিজৰ ধৰণে ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে । ২০২০ চনত বিহাৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ইয়াত এন ডি এয়ে ২৪৩খন আসনৰ ভিতৰত ১২৫খন আসন লাভ কৰি ক্ষমতালৈ আহিছিল ।

বহু ৰাজ্যত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন-

বিধানসভা নিৰ্বাচনৰ উপৰিও চলিত বৰ্ষত বহু ৰাজ্যৰ বিধানসভাৰ আসনতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ ভিতৰত আটাইতকৈ উত্তপ্ত আসনখন হৈছে উত্তৰ প্ৰদেশৰ মিল্কিপুৰ বিধানসভাৰ আসন । এই আসনখন অযোধ্যা (ফৈজাবাদ) লোকসভা আসনৰ অন্তৰ্গত । য’ৰ পৰা সমাজবাদী পাৰ্টিৰ আৱাধেশ প্ৰসাদে নিৰ্বাচনত জয়ী হৈ সকলোকে আচৰিত কৰি তুলিলে । ইয়াৰ উপৰিও জম্মু-কাশ্মীৰৰ দুখন আসন, গুজৰাট, কেৰালা আৰু তামিলনাডু বিধানসভাৰ এখনকৈ আসন অন্তৰ্ভুক্ত কৰা হৈছে ।

এই লোকসভাৰ আসনতো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব-

পশ্চিম বংগৰ বাছিৰহাট লোকসভাৰ আসনতো এইবাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে । তৃণমূল কংগ্ৰেছৰ নেতা হাজী নুৰুল ইছলাম আছিল বাছিৰহাটৰ সাংসদ । কিন্তু ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়, যাৰ বাবে আসনখন খালী হৈ পৰে । এনে পৰিস্থিতিত নিৰ্বাচন আয়োগে এইবাৰ এই আসনখনৰ ওপৰত উপ-নিৰ্বাচন ঘোষণা কৰিব পাৰে ।

এটা পৰ্যায়ত হ’ব ভোটগ্ৰহণ…ঘোষণা হ’ল দিল্লী বিধানসভা নিৰ্বাচনৰ দিন

মঙলবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে । ২০২৫ চনৰ ৫ ফেব্ৰুৱাৰীত দিল্লীৰ ৭০খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । ৮ ফেব্ৰুৱাৰীত ভোটগণনা হ’ব আৰু ইয়াৰ লগে লগে স্পষ্ট হ’ব যে দিল্লীত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব ?

দিল্লীৰ নিৰ্বাচনৰ সময়সূচী-

নিৰ্বাচনৰ অধিসূচনা- ১০ জানুৱাৰী

মনোনয়নৰ শেষ তাৰিখ- ১৭ জানুৱাৰী

মনোনয়ন পত্ৰ পৰীক্ষণ- ১৮ জানুৱাৰী

মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ- ২০ জানুৱাৰী

ভোটদানৰ তাৰিখ- ৫ ফেব্ৰুৱাৰী

গণনাৰ তাৰিখ- ৮ ফেব্ৰুৱাৰী

‘পৃথিৱীৰ দেশসমূহত মাহজুৰি গণনা চলে’

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে আমাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছিল যে সন্ধিয়া ৫ বজাৰ পিছত ভোটদানৰ সংখ্যা কেনেকৈ বৃদ্ধি পায় ?  কোটি কোটি ভোট কেনেকৈ বৃদ্ধি পায় ?  এই কথা মনত ৰাখিব লাগিব যে খণ্ড দণ্ডাধীশসকলে পুৱা ৯:৩০ বজা, ১১:৩০ বজা, দুপৰীয়া ১:৩০, ৩:৩০ বজা আৰু সন্ধিয়া ৫:৩০ বজাৰ ভিতৰত ভোটদানৰ তথ্য সংগ্ৰহ কৰে । ভোটদান শেষ হোৱাৰ সময়ত প্ৰপত্ৰ ১৭-চি দিয়া হয় । সন্ধিয়া ৭:৩০ বজাৰ ভিতৰত যেতিয়া বিষয়াজনে সকলো মেচিন সংগ্ৰহ কৰে, তেতিয়া তেওঁৰ ভোটগ্ৰহণ কেন্দ্ৰৰ চূড়ান্ত পৰিসংখ্যা জনা যায়, আনহাতে আমাক ৬ বজাত সংখ্যাটো দিবলৈ কোৱা হয় । মানুহে পাহৰি যায় যে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশবোৰত এমাহ পৰ্যন্ত ভোট গণনা চলি থাকে ।

চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ-

যোৱা সোমবাৰে দিল্লী বিধানসভা নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছিল নিৰ্বাচন আয়োগে । এই নিৰ্বাচনত প্ৰায় দুই লাখ ভোটাৰৰ বয়স ১৮ৰ পৰা ১৯ বছৰৰ ভিতৰত । বিধানসভা নিৰ্বাচনত তেওঁলোকে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ প্ৰয়োগ কৰিব । এই তালিকাত মুঠ ১,৫৫,২৪,৮৫৮ জন ভোটাৰ আছে । পুৰুষ ভোটাৰৰ সংখ্যা ৮৫,৪৯,৬৪৫ জন, আনহাতে মহিলা ভোটাৰৰ সংখ্যা ৭১,৭৩,৯৫২ গৰাকী । তৃতীয় লিংগৰ লোকৰ সংখ্যা ১২৬১ গৰাকী ।

কেজৰিৱালৰ পদত্যাগৰ পৰা জম্মু-কাশ্মীৰ নিৰ্বাচনলৈ… ২০২৪ৰ কেইটামান গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিঘটনা

আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ পৰা বিদায় ল’ব ২০২৪ বৰ্ষই । ২০২৪ বৰ্ষটোৱে দেশবাসীক সকলো ক্ষেত্ৰতে দিলে মিশ্ৰিত অভিজ্ঞতা । এই বছৰটোতে ৰাজনীতিৰ পৰা সংস্কৃতিলৈ, ব্যৱসায়ৰ পৰা ক্ৰীড়ালৈ দেশত ঘটিল অনেক গুৰুত্বপূৰ্ণ পৰিঘটনা । এই বছৰটোৱে এৰি থৈ গৈছে কিছু ঐতিহাসিক পৰিঘটনা যিয়ে হয়তো দেশৰ ৰাজনৈতিক পৰিস্থিতিত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব । এই বছৰটোতে নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ইতিহাস ৰচনা কৰে । গতিকে ৰাজনৈতিক ক্ষেত্ৰখনত ২০২৪ বৰ্ষত ঘটা কেইটামান গুৰুত্বপূৰ্ণ পৰিঘটনাৰ ওপৰত চকু ফুৰাওঁ আহক ।

লোকসভা নিৰ্বাচন ২০২৪-

১৯ ​​এপ্ৰিলৰ পৰা ১ জুনৰ ভিতৰত ৭টা পৰ্যায়ত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচন আছিল ২০২৪ বৰ্ষৰ অন্যতম বৃহৎ পৰিঘটনা । ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ শাসকীয় মিত্ৰজোঁটে নিজৰ নিৰ্ধাৰিত লক্ষ্য – ‘অবকি বাৰ ৪০০ পাৰ’ হ’বলৈ সক্ষম নহ’ল । যদিও এন ডি এয়ে ৪০০ৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলেও কিন্তু ক্ষমতা অক্ষুণ্ণ ৰাখিলে । যাৰ ফলত নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সক্ষম হয় । আনহাতে, বিৰোধীৰ ইণ্ডি ব্লকে ৰাজনৈতিক সৌভাগ্য অৰ্জন কৰাত ব্যৰ্থ হয় । অৱশ্যে কংগ্ৰেছে ৫২ৰ পৰা ৯৯খনলৈ আসন বৃদ্ধি কৰাত সফল হৈছিল ।

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন-

২০২৪ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে ৰাজনৈতিক বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছিল । কিয়নো ৰাজ্যখনৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱা শাসকীয় মহাযুটীয়ে ব্যাপক জয় লাভ কৰিব বুলি কোনেও আশা কৰা নাছিল । লোকসভা নিৰ্বাচনত হোৱা পৰাজয় অতিক্ৰমি বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৩২খন আসন লাভ কৰাৰ বিপৰীতে একনাথ শিন্দেৰ শিৱসেনা আৰু অজিত পাৱাৰৰ এন চি পিয়ে ক্ৰমে ৫৭ আৰু ৪১খন আসন লাভ কৰে । ইফালে কংগ্ৰেছ নেতৃত্বাধীন মহা বিকাশ আঘাড়ীয়ে এই নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত দলটোৱে আটাইতকৈ শোচনীয় প্ৰদৰ্শন কৰি মাত্ৰ ১৬খন আসনহে লাভ কৰে । শৰদ পাৱাৰৰ এন চি পি (এছ পি)য়ে মাত্ৰ ১০ খন আসন লাভ কৰাৰ বিপৰীতে উদ্ধৱ থাকৰে (ইউ বি টি)য়ে ২০ খন আসন লাভ কৰে ।

জম্মু-কাশ্মীৰ নিৰ্বাচন-

২০১৯ চনত বাতিল হোৱা ৩৭০ অনুচ্ছেদৰ অধীনত ৰাজ্যখনক বিশেষ মৰ্যাদা প্ৰদান কৰাৰ এদশক পিছত অনুষ্ঠিত হোৱাৰ বাবে ২০২৪ চনৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হয় । ওমৰ আব্দুল্লাহ নেতৃত্বাধীন নেশ্যনেল কনফাৰেন্স (এন চি)য়ে এই নিৰ্বাচনত দৰ্শনীয় প্ৰত্যাৱৰ্তন কৰি ৪২খন আসন লাভ কৰে । বিজেপিয়ে ২৯খন আসন লাভ কৰাৰ বিপৰীতে মেহবুবা মুফতীৰ পি ডি পি-এ ১০খন আসন লাভ কৰে ।

হাৰিয়ানা নিৰ্বাচন-

ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যখনত ক্ষমতা অক্ষুণ্ণ ৰাখে, য’ত এগজিট প’লত ক্ষমতা বিৰোধী ঢৌৰ দাবী কৰা হৈছিল । অৱশ্যে সেই সকলো এগজিট প’ল মিছা প্ৰমাণিত হয় । বিজেপিৰ সময়মতে মুখ্যমন্ত্ৰী সলনি কৰা কৌশলে (মনোহৰ লাল খট্টৰৰ ঠাইত নয়াব সিং ছৈনীক অধিষ্ঠীত কৰা) এই নিৰ্বাচনত কাম কৰিছিল ।

অৰবিন্দ কেজৰিৱালৰ পদত্যাগ-

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নকৰাৰ বাবে দৃঢ়তাৰে অটল অৰবিন্দ কেজৰিৱালে ১৭ ছেপ্টেম্বৰত এক আশ্চৰ্যকৰ পদক্ষেপেৰে পদত্যাগ কৰি দলৰ সহযোগী আতিশীক এই পদ গ্ৰহণ কৰাৰ পথ মুকলি কৰি দিয়ে । আবকাৰী নীতি কেলেংকাৰী গোচৰত, জামিনত কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে প্ৰতিজ্ঞা কৰিছিল যে দিল্লীৰ জনসাধাৰণে ক্লিন চিট দিয়াৰ পিছতহে তেওঁ এই পদগ্ৰহণ কৰিব ।

জেললৈ গ’ল হেমন্ত ছোৰেন-

ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বাবে ২০২৪ বৰ্ষটো অভূতপূৰ্ব আছিল । নতুন বছৰটোৱে তেওঁৰ বাবে এক ডাঙৰ জোকাৰণি কঢ়িয়াই আনিছিল, কিয়নো তেওঁ জানুৱাৰী মাহত খননৰ অভিযোগত জেললৈ যাবলগীয়া হয় । অৱশ্যে পিছত তেওঁ মুক্তি লাভ কৰে । জামিন লাভ কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিৰোধী বিজেপিক পৰাস্ত কৰে । ২০২৪ চনৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত তেওঁৰ দলটোৱে ৩৪খন আসন লাভ কৰে আৰু তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠীত হয় ।

মণিপুৰ বিষয়-

২০২৩ চনৰ মে’ মাহত মেইটেই আৰু কুকি-সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হোৱাৰ পিছত আৰম্ভ হোৱা জাতিগত হিংসাৰ বিষয়টো ২০২৪ চনতো সমাধান নোহোৱা বিষয় হৈয়ে থাকিল । এইবাৰো কেইবাবাৰো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, যাৰ ফলত উত্তৰ-পূব ৰাজ্যখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ।

প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ নিৰ্বাচনী অভিষেক-

নেহৰু-গান্ধী পৰিয়ালৰ আন এগৰাকী সদস্য প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৱায়ানাদ লোকসভাৰ উপ-নিৰ্বাচনত ৬৪.৯৯% ভোটৰে জয়লাভ কৰি নিৰ্বাচনী অভিষেক ঘটায় । ভাতৃ ৰাহুল গান্ধীয়ে খালী কৰা লোকসভাৰ আসন ৱায়ানাদৰ পৰা প্ৰিয়ংকাই বিপুল ব্যৱধানত জয়লাভ কৰে ।

উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তম-

২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল – ৱায়ানাদ আৰু ৰায়বৰেলী । দুয়োখন আসনতে তেওঁ জয়লাভ কৰে । গান্ধীয়ে তেওঁৰ পৰিয়ালৰ দুৰ্গ হিচাপে পৰিগণিত হোৱা ৰায়বৰেলী আসনখন অক্ষুণ্ণ ৰখাৰ সিদ্ধান্ত লয় । এয়া আছিল গান্ধীৰ বাবে দক্ষিণৰ পৰা উত্তৰলৈ এক বৃহৎ পৰিৱৰ্তন ।

নবীন পাটনায়কৰ পৰাজয়-

নবীন পাটনায়ক নিঃসন্দেহে ওড়িশাৰ আটাইতকৈ ডাঙৰ ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈ আহিছে যদিও ২০২৪ বৰ্ষটো তেওঁৰ বাবে এক ডাঙৰ বিপৰ্যয় হিচাপে প্ৰমাণিত হ’ল । বিজেপিৰ হাতত অপ্ৰত্যাশিত পৰাজয়ৰ সন্মুখীন হ’ল পাটনায়ক । ওড়িশা বিধানসভা নিৰ্বাচনত শাসকীয় দলটোৰ আসনৰ সংখ্যা ৫১খনলৈ হ্ৰাস পোৱাৰ বিপৰীতে গেৰুৱা দলটোৱে ৭৮খন আসন লাভ কৰি পাটনায়কৰ ২৪ বছৰীয়া শাসনৰ অন্ত পেলায় ।

মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষৰ শপত গ্ৰহণ; দায়িত্ব ল’লে বিজেপিৰ বিধায়কে

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক কালিদাস কোলাম্বকাৰে শুকুৰবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে । মহাৰাষ্ট্ৰ বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শপত গ্ৰহণ কৰে কোলাম্বকাৰে । তেওঁ ৯ বাৰ বিধায়ক হৈ ৰূপে নিৰ্বাচিত হৈছে । ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেওঁক শপত গ্ৰহণ কৰোৱাই ।

‘প্ৰ’ টেম অধ্যক্ষ’ হিচাপে তেওঁ ২৮৮গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱাব । ইয়াৰ পিছত ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ সংখ্যক বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ সময়ত তেওঁ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন পৰিচালনা কৰিব । অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন, তাৰ পিছত দেৱেন্দ্ৰ ফাড়নৱিছৰ নেতৃত্বত গ্ৰেণ্ড এলায়েন্স চৰকাৰে আস্থা ভোট বিচাৰিব । ১৬ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ নাগপুৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধান মণ্ডলৰ শীতকালীন অধিৱেশন ।

ইয়াৰ পূর্বে বৃহস্পতিবাৰে সন্ধিয়া ফাড়নৱীছে ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মহাযুটীৰ মিত্রজোঁটৰ নেতা একনাথ শিন্দে আৰু অজিত পাৱাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত উপ-মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে । ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি-শিৱসেনা-এন চি পিৰ মহাযটী মিত্ৰজোঁটে ২৮৮খন বিধানসভাৰ আসনৰ ভিতৰত ২৩০খন আসন লাভ কৰিছিল ।

উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ বাবে অনুৰোধ কৰিছে : গোগাৱলে

শিৱসেনাৰ বিধায়ক ভাৰত গোগাৱলে কয় যে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ দাবী জনাইছে । বিভাগৰ আৱণ্টন সন্দৰ্ভত আলোচনা চলি আছে । ৰাজ্যিক বিধানসভাৰ শীতকালীন অধিৱেশনৰ ঠিক পূৰ্বে ১১ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে । দেৱেন্দ্ৰ ফাড়নৱিছ যেতিয়া উপ-মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ হোম পৰ্টফলিঅ’তো আছিল । পূৰ্বৰ মহাযুটী চৰকাৰত শিৱসেনাই যি বিভাগ পাতিছিল সেই বিভাগসমূহ সলনি কৰাৰ প্ৰয়াস কৰা হৈছে । দুদিনত সম্পূৰ্ণ হ’ব দপ্তৰ আবণ্টনৰ আলোচনা ।

নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে বিজেপিয়ে, ৮ ডিচেম্বৰৰ পৰা সকলো বিধানসভা সমষ্টিতে অনুষ্ঠিত কৰিব পৰিৱৰ্তন যাত্ৰা

আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে ধাৰাবাহিকভাৱে জনসাধাৰণৰ কাষ চাপিছে আৰু পৰিৱৰ্তনৰ আহ্বান জনাইছে । ইয়াৰ অধীনত বৰ্তমান পৰিৱৰ্তন সভাৰ আয়োজন কৰা হৈছে যদিও অহা সপ্তাহৰ পৰা সমগ্ৰ দিল্লীত পৰিৱৰ্তন যাত্ৰাৰ আয়োজন কৰা হ’ব । ইয়াৰ বাবে সূচী চূড়ান্ত কৰা হৈছে । দেওবাৰে দলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱ আৰু প্ৰাক্তন ৰাজ্যিক সভাপতি সতীশ উপাধ্যায়ে পৰিৱৰ্তন যাত্ৰাৰ আয়োজন সন্দৰ্ভত তথ্য প্ৰদান কৰে । সংবাদমেলত ৰাজ্যিক সংবাদ মাধ্যমৰ মুৰব্বী প্ৰবীণ শংকৰ কাপুৰো উপস্থিত থাকে ।

৭০টা বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হ’ব এই পৰিৱৰ্তন যাত্ৰা-

বীৰেন্দ্ৰ সচদেৱে কয় যে দিল্লী বিজেপিয়ে ৮ ডিচেম্বৰৰ পৰা দিল্লীৰ আটাইকেইটা বিধানসভা সমষ্টিতে পৰিৱৰ্তন যাত্ৰা কৰিবলৈ ওলাইছে । এই পৰিৱৰ্তন যাত্ৰা সতীশ উপাধ্যায়ৰ নেতৃত্বত ৭০টা বিধানসভা সমষ্টিৰ মাজেৰে পাৰ হ’ব । এই যাত্ৰা প্ৰতিদিনে দিল্লীৰ সাতটা লোকসভা সমষ্টিৰ এটাকৈ স্থানৰ পৰা আৰম্ভ হ’ব আৰু এইদৰে প্ৰতিদিনে প্ৰতিটো লোকসভা সমষ্টিৰ অন্তৰ্গত এটাকৈ বিধানসভা সমষ্টি সামৰি লোৱা হ’ব । প্ৰতিদিনে পুৱাৰে পৰা অঞ্চলটোৰ কোনো এটা ধৰ্মীয় স্থানৰ পৰা পৰিৱৰ্তন যাত্ৰা আৰম্ভ হ’ব আৰু সন্ধিয়া বিধানসভা পৰ্যায়ৰ জনসভাৰ ৰূপত সামৰণি পৰিব ।

সচদেৱে কয় যে এই যাত্ৰা কোনো ৰথত নহয়, পদযাত্ৰাৰ ৰূপত হ’ব, যাতে প্ৰতিদিনে প্ৰতিটো বিধানসভা সমষ্টিৰ বিশ হাজাৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা যায় । তেওঁ কয় যে যেতিয়া আপুনি কোনো ব্যক্তিক ব্যক্তিগতভাৱে লগ পায় আৰু তেওঁৰ সৈতে কথা পাতে তেতিয়া তেওঁ আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে আপোনাৰ সৈতে সংযোগ অনুভৱ কৰিবলৈ আৰম্ভ কৰে । সাধাৰণ জনতাৰ কাষ চাপিবলৈ যাত্ৰা আয়োজন কৰাৰ ইতিহাস আছে বিজেপিৰ । এই যাত্ৰাও একে ধৰণেৰে সম্পন্ন কৰা হ’ব, য’ত আমি বৃহৎ পৰিসৰত মানুহৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰিম ।

‘দিল্লীৰ জনসাধাৰণ এতিয়া ক্ষমতা পৰিবৰ্তনৰ মোডত আছে’-

সতীশ উপাধ্যায়ে কয় যে দিল্লীত এখন দুৰ্নীতিগ্ৰস্ত চৰকাৰ চলি আছে যদিও এতিয়া ধন দাবী আৰু সাধাৰণ নাগৰিকৰ মাজত ভয়ৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে । ইয়াৰ বাবেই দিল্লীৰ জনসাধাৰণে এতিয়া ক্ষমতা পৰিবৰ্তনৰ মোডত আছে আৰু এইবাৰ বিধানসভাৰ পৰা দেশ বিৰোধী মানসিকতাৰে চৰকাৰক উভালি পেলোৱাৰ সিদ্ধান্ত লৈছে । পৰিৱৰ্তন যাত্ৰাৰ জৰিয়তে বিজেপিয়ে পোনপটীয়াকৈ জনসাধাৰণৰ মাজলৈ নিজৰ বাৰ্তা প্ৰেৰণ কৰিব । অহা ৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা পৰিৱৰ্তন যাত্ৰা অহা ২০ ডিচেম্বৰলৈকে চলিব । বিজেপিৰ বহু শীৰ্ষ নেতাইও সময়ে সময়ে এই যাত্ৰাত অংশগ্ৰহণ কৰিব ।