জুবিন হত্যাৰ গোচৰঃ আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

জুবিন হত্যাৰ গোচৰঃ আজি সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে । এই গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি, অৰ্থাৎ ৪ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব ।

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আইনী প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত চলি আছে । এই গোচৰৰ অন্যতম প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি আজি, অৰ্থাৎ ৪ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ’ব । উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ আদালতত এই গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰাৰ কথা আছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন খাৰিজ কৰিছিল । ইয়াৰ পিছতে অভিযুক্ত শৰ্মাই ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু যোৱা ২৬ মে’ত এই জামিন আবেদন দাখিল কৰে । জানিব পৰা মতে, যোৱা বছৰৰ ১ অক্টোবৰত এই গোচৰৰ আন এজন সহ-অভিযুক্ত শ্যাম কানু মহন্তৰ সৈতে সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গুৰুতৰ অভিযোগ গঠন :

শেহতীয়াকৈ বিচাৰক শৰ্মিলা ভূঞাৰ নেতৃত্বত বহা বিশেষ ফাষ্ট ট্ৰেক আদালতে এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ পৰ্যবেক্ষণ কৰি সিদ্ধাৰ্থ শৰ্মাকে ধৰি মুঠ সাতজন অভিযুক্তৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে অভিযোগ গঠন কৰিছে । ‘ৰাজ্য বনাম সিদ্ধাৰ্থ শৰ্মা আৰু অন্য ছয়জন’ (State vs Siddhartha Sharma and Six Others) শীৰ্ষক এই গোচৰটোত অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ কেইবাটাও অতি গুৰুতৰ ধাৰাত অভিযুক্ত কৰা হৈছে ।

অভিযুক্তসকলৰ বিৰুদ্ধে অনা মূল অভিযোগসমূহ হ’ল :

-অপৰাধমূলক ষড়যন্ত্ৰ

-হত্যা আৰু ইচ্ছাকৃত নৰহত্যা (যি হত্যাৰ পৰ্যায়ভুক্ত নহয়)

-ধনদাবী আৰু প্ৰৱঞ্চনা

-অপৰাধমূলক বিশ্বাসভংগ

-অপৰাধৰ প্ৰমাণ নাইকিয়া কৰাৰ চেষ্টা

আদালতৰ মজিয়াত আন কোন কোন অভিযুক্ত ?

এই হাই-প্ৰফাইল গোচৰটোত সিদ্ধাৰ্থ শৰ্মাৰ উপৰিও আন যি ছয়জন অভিযুক্তৰ নাম সাঙোৰ খাই পৰিছে, তেওঁলোক হ’ল ক্ৰমে- শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য ।

বিশেষ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগ গঠন কৰাৰ পিছত এতিয়া মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে । সমগ্ৰ ৰাজ্যবাসীৰ চকু এতিয়া উচ্চ ন্যায়ালয়ৰ ওপৰত নিবদ্ধ হৈছে । আজি প্ৰধান অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিব নে পুনৰ কাৰাগাৰলৈ যাব লাগিব, সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তলৈ এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক : এই ঘটনাৰ উচিত বিচাৰ হ’বঃ মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ মন্তব্য নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা

শেহতীয়া প্ৰৱন্ধসমূহ