বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা; দলৰ পৰা বহিষ্কাৰ ৪ নেতাক

বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিজন নেতাক ছবছৰৰ বাবে বহিষ্কাৰ কৰিছে। দলটোৱে সেই নেতাসকলৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে,যিয়ে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।বিজেপিয়ে দলবিৰোধী কাৰ্যকলাপৰ আখ্যা দি

বিহাৰত বিদ্ৰোহীৰ বিৰুদ্ধে বিজেপিৰ ব্যৱস্থা

ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিহাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা চাৰিজন নেতাক ছবছৰৰ বাবে বহিষ্কাৰ কৰিছে।

দলটোৱে সেই নেতাসকলৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে,যিয়ে এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছিল।বিজেপিয়ে দলবিৰোধী কাৰ্যকলাপৰ আখ্যা দি চাৰিওজন নেতাক বহিষ্কাৰ কৰিছে।

যি চাৰিগৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে,ইয়াৰ ভিতৰত বাহাদুৰগঞ্জৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বৰুণ সিং অন্তৰ্ভূক্ত আছে।তদুপৰি গোপালগঞ্জৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা অনুপ কুমাৰ শ্ৰীবাস্তৱকো বহিষ্কাৰ কৰা হৈছে।

কহলগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিধায়ক পৱন যাদৱকো দলৰ পৰা বহিষ্কাৰ কৰিছে বিজেপিয়ে।পৱন যাদৱৰ বিৰুদ্ধে দলৰ সিদ্ধান্ত উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

বৰহাৰাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা সূৰ্য ভান সিঙকো ছবছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

মিত্ৰতাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবেই বিজেপিয়ে এই নেতাসকলক বহিষ্কাৰ কৰিছিল।দলৰ নিয়ম অনুসৰি,দল বা মিত্ৰজোঁটৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো অনুশাসনহীনতা বুলি গণ্য কৰা হয়,যাৰ ফলত এই বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

লগতে পঢ়ক: ‘শাসনলৈ আহিলেই ৱাকফ আইনখন ডাষ্টবিনত পেলাই দিম’; তেজস্বী যাদৱৰ বিস্ফোৰক মন্তব্য