এন ডি এয়েহে দিব পাৰিব সুৰক্ষা… কেৰালাত নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

এন ডি এয়েহে দিব পাৰিব সুৰক্ষা… কেৰালাত নিৰ্বাচনী ৰণশিঙা বজালে গৃহমন্ত্ৰী অমিত শ্বাহে

কেৰালাত দেওবাৰে এক অনুষ্ঠানত আগন্তুক নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কেৰালাৰ শাসকীয় বাওঁ ডেম’ক্ৰেটিক ফ্ৰণ্ট

কেৰালাত দেওবাৰে এক অনুষ্ঠানত আগন্তুক নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় যে, উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কেৰালাৰ শাসকীয় বাওঁ ডেম’ক্ৰেটিক ফ্ৰণ্ট (এল ডি এফ) আৰু বিৰোধী ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ অভিযোগ কৰে যে দুয়োটা মিত্ৰজোঁটে ৰাজ্যখনক উগ্ৰ সংগঠনৰ পৰা ৰক্ষা কৰাত ব্যৰ্থ হৈছে কাৰণ তেওঁলোকে এনে সংগঠনক নিজৰ ভোট বেংক বুলি গণ্য কৰে । অমিত শ্বাহে দাবী কৰে যে কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত আৰু উন্নত কৰি তুলিব পাৰিব ।

কেৰালা কৌমুডীৰ দ্বাৰা আয়োজন কৰা এক কনক্লেভত ভাষণ দি অমিত শ্বাহে কয় যে, “উপৰে উপৰে চালে কেৰালাৰ আইন-শৃংখলা পৰিস্থিতি শান্ত যেন লাগে, কিন্তু ভিতৰত এনে বহু বিপদৰ সৃষ্টি হৈছে, যিটো আগন্তুক সময়ত অতি বিপজ্জনক বুলি প্ৰমাণিত হ’ব পাৰে ।”

কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰা পি এফ আই আৰু জামাত-ই-ইছলামীৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয়, “এল ডি এফ বা ইউ ডি এফে কেৰালাক পি এফ আই আৰু জামাত-ই-ইছলামীৰ পৰা সুৰক্ষিত ৰাখিব পাৰিবনে ? কেতিয়াও নোৱাৰে । কাৰণ তেওঁলোকে ইয়াক নিজৰ ভোট বেংক বুলি গণ্য কৰে । কেৱল এন ডি এয়েহে কেৰালাক সুৰক্ষিত ৰাখিব পাৰিব ।” তেওঁ জোৰ দি কয় যে উন্নত কেৰালাৰ দৰেই নিৰাপদ কেৰালাও গুৰুত্বপূৰ্ণ ।

পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পি এফ আই)ৰ ওপৰত নিষেধাজ্ঞাৰ বিষয়ে মন্তব্য দি অমিত শ্বাহে কয় যে এল ডি এফ আৰু ইউ ডি এফ দুয়োটা দলে এই সিদ্ধান্তক মুকলিকৈ সমৰ্থন বা বিৰোধিতা কৰা নাছিল । তেওঁ কয় যে পি এফ আই নিষিদ্ধ কৰি আমি ইয়াৰ সমগ্ৰ কেডাৰক কাৰাগাৰৰ আঁৰত ৰাখিলোঁ আৰু ইয়াৰ ফলত সমগ্ৰ দেশখনেই সুৰক্ষিত হৈ পৰিছে ।’ অমিত শ্বাহে লগতে কয় যে “পৰ্দাৰ আঁৰত চলি থকা অদৃশ্য ভাবুকি” চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ‘মই নেহৰুৰ অন্ধভক্ত নহয়’; দেশৰ প্ৰথম প্ৰধানমন্ত্ৰীক লৈ শশী থাৰুৰ বিস্ফোৰক মন্তব্য