মণিপুৰত চৰকাৰ গঠনৰ তৎপৰতা ! সকলো এনডিএ বিধায়কক বিজেপি হাইকমাণ্ডৰ জৰুৰী তলব

মণিপুৰ বিজেপিৰ সকলো বিধায়কৰ লগতে এন ডি এৰ মিত্ৰ বিধায়কক জৰুৰী আলোচনাৰ বাবে দিল্লীলৈ জৰুৰী তলব । বহু বিধায়ক ১ ফেব্ৰুৱাৰীতে দিল্লী বুলি ৰাওনা হোৱাৰ কথা ।

বিজেপি হাইকমাণ্ডে মণিপুৰ দলৰ সকলো বিধায়কৰ লগতে এন ডি এৰ মিত্ৰ বিধায়কক জৰুৰী আলোচনাৰ বাবে দিল্লীলৈ মাতি অনাৰ ফলত ৰাজ্যখনত নতুন ৰাজনৈতিক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । যোৱা ৩১ জানুৱাৰীত জাৰি কৰা এই নিৰ্দেশনাত ২ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত থাকিবলৈ সকলো বিধায়কক কোৱা হৈছে । আনহাতে বহু বিধায়ক ১ ফেব্ৰুৱাৰীতে দিল্লী বুলি ৰাওনা হোৱাৰ কথা ।

মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসনৰ আৰু ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা বিধানসভাৰ কাম-কাজ স্থগিত ৰখাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ১২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসনৰ প্ৰথম বছৰ সম্পূৰ্ণ হোৱাৰ সময় কাষ চাপি অহাৰ লগে লগে বৈঠকৰ সময়ে সম্ভাৱ্য ৰাজনৈতিক পুনৰ গঠন, শাসনৰ সিদ্ধান্  আৰু ৰাজ্যখনৰ ভৱিষ্যতৰ ৰোডমেপক লৈ প্ৰশ্ন উত্থাপন কৰিছে ।

যদিও বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আনুষ্ঠানিকভাৱে বৈঠকৰ কাৰ্যসূচী প্ৰকাশ কৰা নাই, তথাপিও এই আহ্বানে সম্ভাৱ্য ৰাজনৈতিক পুনৰ গঠন, শাসনৰ সিদ্ধান্ত আৰু ৰাজ্যৰ ভৱিষ্যতৰ ৰোডমেপৰ বিষয়ে জল্পনা-কল্পনাত ইন্ধন যোগাইছে । জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক সভাপতি এ শাৰদা দেৱীৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰাৰ বিপৰীতে বিজেপিৰ উত্তৰ-পূবৰ সমন্বয়ক সম্বিত পাত্ৰই ব্যক্তিগতভাৱে বিধায়কসকলৰ সৈতে যোগাযোগ কৰি ২ ফেব্ৰুৱাৰীৰ বিয়লি ২ বজাৰ ভিতৰত দিল্লীত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে ।

ইফালে মণিপুৰত দীৰ্ঘদিনীয়া প্ৰশাসনিক আৰু ৰাজনৈতিক অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিতত এই আলোচনাৰ সময় অতি গুৰুত্বপূৰ্ণ বুলি চৰ্চা চলিছে । ৰাজ্যখনক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ ওপৰত আলোচনা হ’ব পাৰে বুলি আশা কৰি বিধায়ক আৰু দলৰ বিষয়ববীয়াসকলে দিল্লীৰ পৰিঘটনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক : কেন্দ্ৰীয় বাজেটক ‘সংস্কাৰমুখী’ আখ্যা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

২৬টা সমষ্টিত কোনে কোনে লাভ কৰিব প্ৰাৰ্থিত্ব? আহি গ’ল বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি দল। এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে আহিছে বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা।

বিধান সভা নিৰ্বাচনৰ বাবে টঙালি বান্ধি সাজু হৈছে বিজেপি। সমষ্টিয়ে সমষ্টিয়ে বিজেপিয়ে চলাইছে জোৰদাৰ প্ৰচাৰ। তাৰ মাজতে সাজু হৈ উঠিছে প্ৰায় সম্ভাৱ্য প্ৰাৰ্থীৰ নামৰ তালিকা।

এই সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাৰ মতে ডুমডুমাত ৰূপেশ গোৱালা, মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা, নাহৰকটীয়াত তৰংগ গগৈ, টিংখংত বিমল বৰা, খোৱাঙত চক্ৰধৰ গগৈ, ঢকুৱাখনাত নৱকুমাৰ দলে, লখিমপুৰত মানৱ ডেকা,ডিমৌত সুশান্ত বৰগোঁহাই, মাহমৰাত যোগেন মহন, গোলাঘাটত অজন্তা নেওগ, সৰুপথাৰত বিশ্বজিৎ ফুকন।

বঢ়মপুৰত জিতু গোস্বামী, নগাঁও-বটদ্ৰৱাত ৰূপক শৰ্মা, মৰিগাঁৱত ৰমাকান্ত দেউৰী, জাগীৰোডত পীয়ুষ হাজৰিকা, ন-দুৱাৰত পদ্ম হাজৰিকা, ঢেকীয়াজুলিত অশোক সিংহল, টিহুত চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীত জয়ন্তমল্ল বৰুৱা, ৰঙিয়াত ভৱেশ কলিতা, কমলপুৰত দিগন্ত কলিতা, জালুকবাৰীত ড০ হিমন্ত বিশ্ব শৰ্মা, বজালীত ৰণজিত কুমাৰ দাস, হাফলঙত নন্দিতা গাৰ্লোছা, লক্ষীপুৰত কৌশিক ৰায়, পাথাৰকান্দিত কৃষ্ণেন্দু পালে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা প্ৰকট।

লগতে পঢ়ক: “উত্তৰ-পূৰ্বাঞ্চলক অপমান কৰি আহিছে ৰাহুল গান্ধীয়ে”: গলবস্ত্ৰ পৰিধান নকৰাক লৈ সৰব মুখ্যমন্ত্ৰী

ৰাজনৈতিক প্ৰৰোচনাত পৰি শংকৰজ্যোতিৰ বিৰুদ্ধে যুৱতীয়ে দিছিল নেকি বিশেষ ফেচবুক পোষ্ট ?  

শেহতীয়াকৈ প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাক লৈ সামাজিক মাধ্যমৰ লগতে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা পৰিলক্ষিত হৈছে । অনতিপলমে সক্ৰিয় ৰাজনীতিত খোজ পেলাবলৈ সাজু হোৱা প্ৰাক্তন ছাত্ৰ নেতাগৰাকীক লক্ষ্য কৰি যুৱতীগৰাকীয়ে দিয়া বিশেষ ফেচবুক পোষ্ট কিয় ডিলিট কৰিব লগা হ’ল বুলিও এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে ।

ছাত্ৰ সংগঠনৰ মজিয়াৰ পৰা এইবাৰ সক্ৰিয় ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ সাজু হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা । বহুদিনীয়া চৰ্চাৰ অন্তত অৱশেষত শনিবাৰে শংকৰজ্যোতি বৰুৱাই আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত (বিজেপি) যোগদান কৰাটো প্ৰায় নিশ্চিত হৈছে ।

খবৰ অনুসৰি, শনিবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত কেইবাজনো প্ৰাক্তন সতীৰ্থৰ সৈতে তেওঁ গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিব । ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত এই যোগদান প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমযোগে শীঘ্ৰেই নিজৰ নতুন ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । তেওঁৰ এই পোষ্টটোৰ পিছতেই অসমৰ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছিল । এই পোষ্টৰ পিছতে একাংশই তেওঁক সমালোচনাও কৰিছিল । বহুতে তেওঁ বিজেপি নে আন দলত যোগদান কৰিব তাক লৈ অংক কৰিছিল যদিও শেহতীয়া খবৰে স্পষ্ট কৰিছে যে তেওঁ গেৰুৱা শিবিৰকেই বাচি লৈছে । ইয়াৰ পিছতেই এটা বিশেষ ফেচবুক পোষ্টে সূচনা কৰে এক বিতৰ্কৰ ।

কি আছিল সেই পোষ্টত?

শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব বুলি চলা চৰ্চাৰ মাজতেই সামজিক মাধ্যমত আৱিৰ্ভাৱ হয় এক বিশেষ ফেচবুক পোষ্ট । এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাক লক্ষ্য কৰি দিয়া এই বিশেষ ফেচবুক পোষ্টে বিতৰ্কৰ সূচনা কৰে । শংকৰজ্যেতি বৰুৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি তেওঁক বিজেপি দলত অন্তৰ্ভূক্ত নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক আহ্বান জনাই যুৱতীগৰাকীয়ে । কিন্তু ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতেই যুৱতীগৰাকীৰ টাইমলাইনৰ পৰা ৰহস্যজনকভাৱে অন্তৰ্ধান হয় এই বিশেষ পোষ্ট ।

পোষ্ট ডিলিট হোৱাক লৈ প্ৰশ্ন-

ইয়াৰ পিছতেই এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে, শংকৰজ্যোতিয়ে বিজেপি দলত যোগদান কৰাটো নিশ্চিত হোৱাৰ পিছত কোনো ৰাজনৈতিক দলৰ প্ৰৰোচনা অথবা উচতনিত এই ফেচবুক পোষ্ট দিছিল নেকি । তেওঁলোকে প্ৰশ্ন কৰিছে যে, যদি অভিযোগৰ সত্যতা আছিল তেন্তে শংকৰজ্যোতিক লক্ষ্য কৰি দিয়া এই বিশেষ ফেচবুক পোষ্ট কিয় ডিলিট কৰিলে যুৱতীগৰাকীয়ে । কোনো ৰাজনৈতিক দল তথা শক্তিৰ হেঁচা অথবা প্ৰৰোচনাত পৰি যুৱতীগৰাকীয়ে এই পোষ্ট দিছিল নেকি বুলি এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে । ইফালে একাংশই ইয়াক ব্যক্তিগত আক্ৰোশ বুলিও অভিহিত কৰিছে ।

লগতে পঢ়ক : ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

ভাৰতীয় জনতা পাৰ্টীৰ নৱ নিৰ্বাচিত অধ্যক্ষ নীতিন নৱীনক অভনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, তেওঁ মোৰ বছ আৰু মই কাৰ্যকৰ্তা । তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে দলত পদ নহয়, কাৰ্যকৰ্তা মনোভাৱ সকলোতকৈ ওপৰত ।

অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিলে নতুন ৰাষ্ট্ৰীয় অধ্যক্ষ । মঙলবাৰে দলটোৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰিলে নীতিন নৱীনে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে নৱীনে । এই অনুষ্ঠানত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অতি আৱেগিক আৰু ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে নীতিন নৱীনক বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জনাই স্পষ্টকৈ উল্লেখ কৰে যে দলত পদ নহয়, কাৰ্যকৰ্তা মনোভাৱ সকলোতকৈ ওপৰত ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নীতিন নৱীনে এতিয়া কেৱল বিজেপিৰেই নহয় সমগ্ৰ এন ডি এৰ সমন্বয়ৰ দায়িত্ব ল’ব । দীঘলীয়া ভাষণত প্ৰধানমন্ত্ৰীগৰায়ে সংগঠনটোৰ পৰম্পৰা, সুশাসনৰ আৰ্হি, মহিলা আৰু দৰিদ্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আঁচনি, আৰু আগন্তুক ২৫ বছৰৰ দৃষ্টিভংগীৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “নীতিন নৱীন মোৰ বছ আৰু মই এজন কাৰ্যকৰ্তা ।”

নীতিন নৱীনক অভিনন্দন জনাই ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ সভাপতি নিৰ্বাচিত হোৱাৰ বাবে নীতিন নৱীনক আন্তৰিক অভিনন্দন । সংগঠনটো পৰ্বৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰপতি নিৰ্বাচনলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো এশ শতাংশ গণতান্ত্ৰিক  বুলিও কয় তেওঁ ।

প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে নীতিন নৱীনৰ ভূমিকা কেৱল দলৰ সভাপতিৰ ভূমিকাতে সীমাবদ্ধ নাথাকিব । তেওঁ কয় যে এতিয়া নীতিন নৱীন আমাৰ সকলোৰে সভাপতি আৰু তেওঁৰ দায়িত্ব এন ডি এৰ সকলো অংশীদাৰৰ সৈতে সমন্বয় স্থাপন কৰাও ।

লগতে পঢ়ক : বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল’লে নীতিন নৱীনে…

বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল’লে নীতিন নৱীনে…

বিজেপিত আৰম্ভ নৱীন যুগ । মঙলবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব ল’লে নীতিন নৱীনে ।

অৱশেষত অপেক্ষাৰ অন্ত পৰিল । বিজেপিত আৰম্ভ হ’ল নৱীন যুগ । মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিলে নতুন সভাপতি । পাঁচবাৰৰ বিধায়ক নীতিন নৱীনক দলৰ নতুন মুৰব্বী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় । ইয়াৰ পূৰ্বে সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছত তেওঁ এই পদত অধিষ্ঠিত হোৱা দলৰ আটাইতকৈ কম বয়সীয়া নেতা হিচাপে পৰিগণিত হয়  । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নবীনক দলৰ সভাপতি নিৰ্বাচিত হোৱোৰ পিছতে তেওঁক অভিনন্দন জনায় ।

২০২০ চনৰ পৰা দলটোৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ থকা জে পি নাড্ডাৰ ঠাইত তেওঁ বিহাৰৰ শক্তিশালী ৰাজনৈতিক পটভূমিৰ পাঁচবাৰৰ বিধায়ক নীতিন নবীন আছিল দলটোৰ শীৰ্ষ পদৰ একমাত্ৰ প্ৰাৰ্থী । তেওঁৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপিৰ আন জ্যেষ্ঠ নেতাসকলে মনোনয়ন পত্ৰ দাখিল কৰে । তেওঁ বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে পৰিগণিত হৈছে ।

বিজেপিৰ নতুন সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতে নীতিন নৱীনক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “বিশ্বৰ সৰ্ববৃহৎ দলটোৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচিত হোৱাৰ বাবে নীতিন নৱীনলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো । বিগত কেইবামাহ ধৰি দলটোৰ আটাইতকৈ সৰু ইউনিটৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে সাংগঠনিক প্ৰক্ৰিয়াটো গণতান্ত্ৰিক পদ্ধতিৰে, বিজেপিৰ সংবিধানৰ মনোভাৱৰ লগত খাপ খুৱাই চলি আহিছে । আজি আনুষ্ঠানিকভাৱে এই প্ৰকেৰিয়াৰ সমাপ্ত হয় ।”

ইফালে দলৰ বিদায়ী ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই নৱীনক নতুন দায়িত্বৰ বাবে অভিনন্দন জনাই কয় যে, “আমাৰ যুৱ, শক্তিশালী আৰু প্ৰতিভাশালী ৰাষ্ট্ৰীয় সভাপতি নীতিন নৱীনে বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে । মোৰ নিজৰ হৈ আৰু লাখ লাখ দলীয় কৰ্মীৰ হৈ মই তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো । এই মহান দলৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে আপোনাক বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো ।”

লগতে পঢ়ক : ‘অসমীয়াই কোনো অচিনাকী লোকৰ ওচৰত আত্মসমৰ্পন নকৰে’; মুখ্যমন্ত্ৰী

সভ্যতাৰ যুঁজত আমাক ভিতৰৰ পৰা দুৰ্বল কৰাৰ চেষ্টা… বিজেপিৰ কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ ফলত অসমৰ সমাজ-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা “নতুন সভ্যতা”ৰ উত্থান ঘটিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । অসমত শংকৰ-আজানৰ কোনো ধাৰণা নাছিল বুলিও কয় তেওঁ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনৰ জনগাঁথনিগত এক বৃহৎ পৰিৱৰ্তনক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে কংগ্ৰেছৰ বছৰ বছৰ ধৰি চলি অহা “তুষ্টিকৰণৰ ৰাজনীতি”ৰ ফলত অসমৰ সমাজ আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা “নতুন সভ্যতা”ৰ উত্থান ঘটিছে ।

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ভাষণ দি শৰ্মাই তেওঁৰ এই দাবীৰ সমৰ্থনত লোকপিয়লৰ তথ্যৰ উদ্ধৃতি দিয়ে । তেওঁ কয় যে ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ প্ৰায় ৩৪ শতাংশ মুছলমান । এই সংখ্যাৰ পৰা যদি আমি প্ৰায় তিনি শতাংশ অসমীয়া মুছলমানক আঁতৰাই পেলাওঁ তেন্তে সেই সময়ত বাংলাদেশী মূলৰ মুছলমান জনসংখ্যা আছিল প্ৰায় ৩১ শতাংশ ।

২০২১ চনত লোকপিয়ল কৰিব পৰা নগ’ল বুলি আঙুলিয়াই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰে যে অসমত ঐতিহাসিকভাৱে প্ৰতিটো লোকপিয়ল চক্ৰত প্ৰায় চাৰি শতাংশ বৃদ্ধি পাইছে মুছলমান জনসংখ্যা । এই ধাৰাক “আমাক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ” বুলি অভিহিত কৰি শৰ্মাই অভিযোগ কৰে যে, “২০২৭ চনত যেতিয়া পৰৱৰ্তী লোকপিয়লৰ প্ৰতিবেদন ওলাব, তেতিয়া বাংলাদেশী মূলৰ মুছলমান জনসংখ্যা ৪০ শতাংশৰ ওচৰত হ’ব পাৰে ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি অসমৰ প্ৰায় ৪০% লোক বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী । ধৰি লওক কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়, এই লোকসকলৰ আনুগত্য ভাৰত বা বাংলাদেশৰ প্ৰতি হ’বনে ? যদি তেওঁলোকৰ জনসংখ্যা ৫০% অতিক্ৰম কৰে, তেন্তে অসমক বাংলাদেশৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হোৱাৰ সম্ভাৱনা আছে !”

মুখ্যমন্ত্রী ড০ শৰ্মাই আৰু কয় যে বিষয়টো কেৱল ৰাজনৈতিক নহয়, সভ্যতাৰ বিষয় ৷ কংগ্ৰেছ দলৰ তুষ্টিকৰণ নীতিৰ বাবে ক্ৰমান্বয়ে প্ৰায় ডেৰ কোটি লোকৰ নতুন সভ্যতাৰ উন্মেষ ঘটিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এনে নীতি অসমৰ পৰিচয়ৰ ক্ষেত্ৰত দীৰ্ঘস্থায়ী পৰিণতি হ’ব । অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক প্ৰতীকসমূহৰ বিষয়েও শৰ্মাই দীঘলীয়াকৈ কয় আৰু ঐতিহাসিক কাহিনীক অস্পষ্ট কৰাৰ চেষ্টাৰ বিৰুদ্ধে সকীয়াই দিয়ে ।

তেওঁ কয়, “অসমত শংকৰ আৰু মাধৱৰ উত্তৰাধিকাৰ আমাৰ হাতত আছে । শংকৰ-আজানৰ কোনো ধাৰণা নাছিল ।” অসমীয়া ইতিহাসত আজান ফকীৰৰ উপস্থিতি স্বীকাৰ কৰি শৰ্মাই কয় যে তেওঁৰ অৱদানক তেওঁৰ প্ৰেক্ষাপটত চাব লাগে । মহান আহোম সেনাপতি লাচিত বৰফুকনৰ কথা উল্লেখ কৰি শৰ্মাই কয়, “লাচিতৰ উত্তৰাধিকাৰৰ সৈতে সম্পৰ্কহীন লোকক সংযুক্ত কৰি আমি আমাৰ যুঁজখন দুৰ্বল কৰা উচিত নহয় । আমি লাচিতক মোগলক পৰাস্ত কৰা নায়ক হিচাপে চাব বিচাৰো ।”

লগতে পঢ়ক : বাংলাদেশ হিংসাৰ মাজতে অসমত বৃদ্ধি সতৰ্কতা… চোকা দৃষ্টি ৰাখিছে ৰাজ্য চৰকাৰে- মুখ্যমন্ত্ৰী

কাউন্টডাউন আৰম্ভঃ অসম বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী নিযুক্তি বিজেপিৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিৰ্বাচনী প্ৰভাৰী নিযুক্তি দিছে ।

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলৰ নাম ঘোষণা কৰিছে । সোমবাৰে ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই আনুষ্ঠানিকভাৱে এই নিযুক্তি প্ৰদান কৰিছে ।

দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা সাংসদ বৈজয়ন্ত পাণ্ডাক অসমৰ নিৰ্বাচনী প্ৰভাৰী নিযুক্তি দিছে বিজেপিয়ে । লগতে জম্মু-কাশ্মীৰ বিধানসভাৰ বিৰোধী দলৰ নেতা তথা বিধায়ক সুশীল কুমাৰ শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী দৰ্শনা বেন জৰ্দোশক নিৰ্বাচনৰ সহ-প্ৰভাৰী হিচাবে নিযুক্তি দিয়া হৈছে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙৰ স্বাক্ষৰ সম্বলিত পত্ৰত কোৱা হৈছে যে, এই নিযুক্তিসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰদান কৰা হৈছে ।   

লগতে পঢ়ক : বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে, শ্বাহ-নাড্ডাই জনালে শুভেচ্ছা

বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে, শ্বাহ-নাড্ডাই জনালে শুভেচ্ছা

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি পোৱা নীতিন নবীনে সোমবাৰে মুখ্য কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে । এই সময়ত তেওঁৰ সৈতে উপস্থিত থাকে জেপি নাড্ডাৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ।

ভাৰতীয় জনতা পাৰ্টিৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি তথা বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনে সোমবাৰে দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে । বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নীতিন নবীনক পাগুৰি আৰু ফুলৰ থোপা উপহাৰ দি দায়িত্ব প্ৰদান কৰে ।

ইয়াৰ পিছতে দলৰ কাৰ্যালয়ত বিজেপিৰ কেইবাজনো নেতাই নবীনক দলৰ নতুন ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় । নীতিন কাৰ্যকৰী সভাপতি হোৱাৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৫ বছৰ বয়সতে নীতিনে ৰাষ্ট্ৰীয় বিজেপিৰ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠীত হয় ।

ইয়াৰ পূৰ্বে দিল্লীত বিহাৰ চৰকাৰৰ মন্ত্ৰী নীতিন নবীনক বিজেপিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে এক উষ্ম আদৰণি জনোৱা হয় । দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সছদেৱে নবীনক দিল্লীত উপস্থিত হোৱাৰ লগে লগে বিমানবন্দৰত আদৰণি জনায় । বিহাৰত সবল সাংগঠনিক উপস্থিতি থকা এজন নিকা নেতা হিচাপে নবীনৰ সুনাম আছে ।

লগতে পঢ়ক : কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই নিৰ্বাচনী যুঁজৰ বাবে শাসক-বিৰোধী উভয়েই সাজু হোৱা পৰিলক্ষিত হৈছে । দিছপুৰৰ মচনদ পুনৰ দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে । নিজৰ তিনিটা মিত্ৰ দলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰণকৌশল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বিজেপি । ইতিমধ্যে আগন্তুক নিৰ্বাচনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি ৰাজহুৱাকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপি, অগপ, বিপিএফ আৰু ইউপিপিএলকে ধৰি ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোঁটে এতিয়া নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন নিশ্চিত কৰাৰ লক্ষ্যৰে অধিক সংগঠিত নিৰ্বাচনী কৌশলৰ দিশে আগবাঢ়িছে ।

শনিবাৰে বজালীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাৰিটা দলৰ অংশীদাৰিত্ব অক্ষত আছে যদিও আগন্তুক নিৰ্বাচনত মিত্ৰতাই কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত বিতং আলোচনা চলি আছে । তেওঁ কয়,‘বৰ্তমান চাৰিটা দল অগপ, বিজেপি, বিপিএফ আৰু ইউপিপিএল একেলগে আছে । নিৰ্বাচনৰ সময়ত আমি কেনেদৰে আগবাঢ়ো সেয়া কৌশলেৰে পৰিকল্পনা কৰিব লাগিব । আমাৰ উদ্দেশ্য স্পষ্ট- কৌশলগতভাৱে পৰিকল্পনা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত কৰিব লাগিব ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, শনিবাৰে নিৰ্বাচন পৰিচালনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে অগপ, বিপিএফ আৰু ইউপিপিএল নেতৃত্বৰ সৈতে অচিৰেই বৈঠক অনুষ্ঠিত হোৱাৰ লগতে আভ্যন্তৰীণ মূল্যায়ন আৰু প্রার্থীৰ সমীক্ষাও আৰম্ভ কৰা হ’ব ৷

উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিৰ এটা লক্ষ্য হৈছে নতুন মুখ প্ৰক্ষেপ কৰা । ড০ শৰ্মাই কয় যে দলটোৱে কেৱল পুৰণি প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰে আৰু নতুনক অগ্ৰাধিকাৰ দিব লাগিব ।

তেওঁ কয়, ‘বিজেপি কেৱল পুৰণি মুখ লৈ জীয়াই থকা দল নহয়, যদি আমি নতুন প্ৰাৰ্থী আনিব নোৱাৰো তেন্তে দলটো স্থবিৰ হৈ পৰিব । সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিটো নিৰ্বাচনত পাঁচৰ পৰা দহখন নতুন মুখৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । সম্ভৱ হ’লে আমি এই সংখ্যাৰ বাহিৰলৈয়ো যোৱা উচিত ।’

প্ৰজন্মৰ পৰিৱৰ্তন আৰু বৃহৎ প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰাৰ্থী চূড়ান্ত কৰাৰ সময়ত যুৱ নেতা আৰু মহিলাসকলে অধিক গুৰুত্ব লাভ কৰিব । তেওঁ কয়, ‘মই আমাৰ প্ৰাৰ্থীৰ তালিকাত অধিক যুৱক-যুৱতী আৰু মহিলাক স্থান দিব বিচাৰো । দলৰ ভৱিষ্যতৰ বাবে আৰু অধিক গতিশীল ৰাজনৈতিক পৰিৱেশৰ বাবে তেওঁলোকৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় । আমি যদি ভাল আৰু সক্ষম প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ সক্ষম হওঁ তেন্তে সঁচাকৈয়ে সুখী হ’ম ।’

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন