‘কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো’; প্ৰদ্যুৎ বৰদলৈ

কংগ্ৰেছ ত্যাগ কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছ দলৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। দল ত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ৰাজনৈতিক জীৱনৰ এই সিদ্ধান্ত ল’বলৈ মোৰো মন নাছিল। কিন্তু মোৰ উপায় নাই কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো। এই সিদ্ধান্ত গ্ৰহণ কৰি মই যথেষ্ট দুখ লাগিছে।

কিন্তু আজি কেইমাহমান ধৰি কংগ্ৰেছ দলৰ যি পৰিস্থিতি, যি পৰিস্থিতিৰ মই সন্মুখিন হৈ আহিছো তাৰ পিছত উপায় বিহীন হৈ মই বৰ দুখেৰে বিষাদভৰা মনৰ সৈতে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো।অসম প্ৰদেশ কংগ্ৰেছৰ সৈতে মোৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ য’তি পেলাইছো। কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো। বিজেপি দলে মোলৈ এটা প্ৰস্তাৱ আগবঢ়াইছে যে এইবাৰ বিধানসভা নিৰ্বাচনতে অংশগ্ৰহণ কৰিব লাগে।

লগতে পঢ়ক: এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে

মিত্ৰতা আৰু বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

বৈঠকত বিজেপি, বিপিএফ আৰু অগপৰ মাজত মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা হয়

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে NDA মিত্ৰজোঁটৰ আসন বুজাবুজি প্ৰায় চূড়ান্ত হৈছে বুলি মঙলবাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বুজাবুজি অনুসৰি অসম গণ পৰিষদে ২৬ খন আসনত আৰু বিপিএফে ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, আনহাতে বাকী থকা সমষ্টিবোৰত ভাৰতীয় জনতা পাৰ্টি অবতীৰ্ণ হ’ব ।

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত এক বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ড০ শৰ্মাই কয় যে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত বুজাবুজিৰ আলোচনা সম্পন্ন হয় । তেওঁ কয়, “বৈঠকত বিজেপি, বিপিএফ আৰু অগপৰ মাজত মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা হয় । বিজেপিৰ প্ৰাৰ্থী তালিকাৰ বিষয়েও আলোচনা কৰা হয় ।”

তেওঁ লগতে জানিবলৈ দিয়ে যে বুধবাৰে সন্ধিয়া ৭ বজাত বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাতেই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰা হ’ব । মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “কাইলৈ নিশা নতুবা পিছদিনা পুৱাই বিজেপিয়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ।”

মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইটোও ইংগিত দিয়ে যে বিজেপিৰ তালিকাত কেইবাখনো নতুন মুখ, বিশেষকৈ মহিলা আৰু যুৱ নেতাক অগ্ৰাধিকাৰ দিয়া হ’ব, যিয়ে দলটোৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ প্ৰয়াসক প্ৰতিফলিত কৰিব । শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰি তেওঁ কয়, “একে সময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে কেইবাজনো বৰ্তমানৰ বিধায়কে টিকট লাভ নকৰিবও পাৰে ।”

লগতে পঢ়ক : খোৱাঙত লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব, অসম জাতীয় পৰিষদৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা

বিধানসভা নিৰ্বাচনৰ বাবে ১৭ তাৰিখে প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থী তালিকা।

বিধানসভা নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক দল সমূহ। তাৰ মাজতে ৰাজ্যৰ কেইবাটাও দলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে জানিবলৈ দিয়া মতে ১৭ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা।

জানিবলৈ পোৱা মতে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থীৰ নাম।আটাইকেইটা সমষ্টিৰ বাবে একেখন লিষ্টতে প্ৰকাশ পাব প্ৰাৰ্থী তালিকা। ১৬ তাৰিখে দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক হ’ব তাৰ পিছতে বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা।

লগতে পঢ়ক: ইংলেণ্ড আৰু পাকিস্তানৰ উন্নতি হোৱাটো বিচাৰিব গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ মন্তব্য

নিৰ্বাচনৰ পূৰ্বে ৩ কংগ্ৰেছী বিধায়কে বাজপেয়ী ভৱনত পিন্ধিলে গেৰুৱা বসন

নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে বিজেপিত যোগদান কৰে

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত অব্যাহত আছে খহনীয়া । দল এৰি ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে কংগ্ৰেছৰ ভেটি খহাই পুনৰ দলটোৰ তিনিজনকৈ বিধায়কে মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে ।

গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছৰ তিনিগৰাকী বিধায়ক- কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাসে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত তেওঁলোকক দললৈ আদৰণি জনোৱা হয় ।

দলত যোগদান কৰাৰ পিছত ভাষণ প্ৰদান কৰি কমলাক্ষ দে পুৰকায়স্থই কয় যে দেশ আৰু অসমৰ নিৰাপত্তা তথা উন্নয়ন নিশ্চিত কৰাৰ লক্ষ্যৰে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । তেওঁ উল্লেখ কৰে যে তিনিওগৰাকী বিধায়কে বিজেপিৰ নীতিৰ প্ৰতি আকৃষ্ট হৈ কাম কৰিবলৈ আৰু অসম তথা ভাৰতক আগুৱাই নিবলৈ বিজেপিত যোগদান কৰিছে । লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দলটোৰ “তোষণৰ ৰাজনীতিয়ে” ইয়াক দুৰ্বল কৰি পেলাইছে । তেওঁ সকীয়াই দিয়ে যে যদিহে কংগ্ৰেছে ভৱিষ্যতে নিজৰ আদৰ্শ সলনি নকৰে, তেন্তে দলটো দুৰ্বল হৈ পৰিব পাৰে ।

আনহাতে, বসন্ত দাসে কয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা উন্নয়নমূলক কাম-কাজৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এই সিদ্ধান্ত লৈছে । তেওঁৰ সমষ্টিত বৰ্তমানৰ চৰকাৰৰ দিনত উল্লেখনীয় উন্নয়ন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত অসম তথা দেশৰ প্ৰগতিৰ বাবে কাম কৰিবলৈ তেওঁ বিজেপিত যোগদান কৰা বুলি জনায় ।

ইফালে শশীকান্ত দাসে মন্তব্য কৰে যে অসমৰ মানুহক একগোট কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই তেওঁক অভিভূত কৰিছে । তেওঁ লগতে কয় যে মহাত্মা গান্ধীৰ সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ যি কংগ্ৰেছ গঠন হৈছিল, বৰ্তমানৰ কংগ্ৰেছ তেনে হৈ থকা নাই । গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ চলি থকা অভিযোগৰ প্ৰসংগত দাসে কয় যে অনাগত নিৰ্বাচনত কংগ্ৰেছে বিৰোধীৰ মৰ্যাদা লাভ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে । তেওঁ ভৱিষ্যদ্বাণী কৰে যে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক : APSCৰ কোচিং চেণ্টাৰক লৈ কঠোৰ মুখ্যমন্ত্ৰী

ৰাজ্যসভালৈ যাব নীতিন নবীন, বিজেপিয়ে প্ৰকাশ কৰিলে ৯ জনীয়া প্ৰাৰ্থী তালিকা

ৰাজ্যসভা নিৰ্বাচনৰ টিকট বিতৰণৰ ক্ষেত্ৰত বিজেপিয়ে প্ৰবল সাংগঠনিক প্ৰভাৱ থকা নেতাক অগ্ৰাধিকাৰ দিছে

ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । বিহাৰ, অসম, ছত্তীশগড়, হাৰিয়ানা, ওড়িশা আৰু পশ্চিম বংগৰ ৯ গৰাকী প্ৰাৰ্থীক চূড়ান্ত কৰিছে দলটোৱে । ৰাজ্যসভা নিৰ্বাচনৰ টিকট বিতৰণৰ ক্ষেত্ৰত বিজেপিয়ে প্ৰবল সাংগঠনিক প্ৰভাৱ থকা নেতাক অগ্ৰাধিকাৰ দিছে । ১০খন ৰাজ্যৰ ৩৭খন ৰাজ্যসভাৰ আসনৰ বাবে ভোটদানৰ দিন ১৬ মাৰ্চত । ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে আৰু মনোনয়নৰ শেষ তাৰিখ ৫ মাৰ্চ ।

বিহাৰৰ পৰা ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে । পাটনাৰ বাংকীপুৰৰ পৰা পাঁচবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিন নবীনৰ বিহাৰৰ ৰাজনীতিত সবল উপস্থিতি আছে । পশ্চিম বংগৰ বাবে বিজেপি দলৰ ৰাজনৈতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি ৰাহুল সিনহাক মনোনীত কৰিছে । বিহাৰৰ পৰা ৰাজ্যসভাৰ বাবে মনোনীত হৈছে যুৱ নেতা শিৱেশ কুমাৰ । বিহাৰত ৰাজ্যসভাৰ পাঁচখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

বিজেপিয়ে অসমৰ পৰা তেৰছ গোৱালা আৰু যোগেন মহনক প্ৰক্ষেপ কৰিছে । দুয়োগৰাকী নেতাই ৰাজ্যৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । বিজেপিয়ে ওড়িশাৰ পৰা মনমোহন সমল আৰু সুজিত কুমাৰক প্ৰক্ষেপ কৰিছে । ৰাজ্যখনত বিজেপিৰ চৰকাৰ থকাত দলৰ বাবে এক শক্তিশালী স্থিতি হিচাপে বিবেচিত হৈছে ।

চত্তীশগড়ৰ পৰা লক্ষ্মী বাৰ্মাক মনোনীত কৰিছে গেৰুৱা দলটোৱে । ছত্তীশগড়ত খালী হৈছে ৰাজ্যসভাৰ দুখন আসন । ইফালে সঞ্জয় ভাটিয়াক হাৰিয়ানাৰ পৰা মনোনীত কৰা হৈছে । হাৰিয়ানাত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : ৰাজ্যসভাৰ ৩খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা বিজেপিৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত বিজেপিয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰিব ।

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ আৰম্ভ কৰিব ।

দেওবাৰে গুৱাহাটীত এক সংবাদমেল যোগে এই কাৰ্যসূচী ঘোষণা কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, এই যাত্ৰাৰ উদ্দেশ্য হৈছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰা আৰু দলৰ লক্ষ্য, সাফল্য তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহ দাঙি ধৰা ।

তেওঁ জানিবলৈ দিয়ে যে এই যাত্ৰাৰ প্ৰথম পৰ্যায় ২৮ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ চলিব আৰু এই পৰ্যায়ত মুঠ ৩৪টা বিধানসভা সমষ্টি সামৰি লোৱা হ’ব ।

ৰাজ্যিক বিজেপিৰ সভাপতিৰ মতে, এই পদক্ষেপৰ লক্ষ্য হৈছে তৃণমূল পৰ্যায়ৰ সম্পৰ্ক অধিক দৃঢ় কৰা আৰু নিৰ্বাচনৰ পূৰ্বে জনমত একত্ৰিত কৰা । যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়সমূহৰ বিষয়ে সবিশেষ তথ্য যথাসময়ত ঘোষণা কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ প্ৰধানমন্ত্ৰী মোদী, ১৩ মাৰ্চত কোকৰাঝাৰত বৃহৎ অনুষ্ঠান

গেৰুৱা বসন, গেৰুৱা টুপি পিন্ধি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান ভূপেন বৰাৰ

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালায়ত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

অসম বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বে কংগ্ৰেছৰ ভেটিত কঁপনি তুলি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ভূপেন কুমাৰ বৰাই । ২২ ফেব্ৰুৱাৰীত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালায়ত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আয়োজিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত তেওঁ শাসকীয় দলটোত যোগদান কৰে ।

১৬ ফেব্ৰুৱাৰীত ভূপেন বৰাই কংগ্ৰেছৰ পদত্যাগ পত্ৰ দাখিল কৰাৰ কেইদিনমানৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁৰ পদত্যাগে কংগ্ৰেছ নেতৃত্বৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে আৰু তেওঁক দলত ৰাখিবলৈ নেতৃত্বই যথেষ্ট চেষ্টা চলাইছিল । ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ নেতাসকলে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিছিল আৰু আনকি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও তেওঁৰ সৈতে ফোনযোগে কথা পাতিছিল । যদিও বৰাই পুনৰ বিবেচনাৰ বাবে কিছু সময় বিচাৰিছিল, তথাপিও তেওঁৰ ৰাজনৈতিক সিদ্ধান্ত সলনি নকৰি দেওবাৰে বিজেপিত যোগদান কৰে ।

১৭ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ ৰাজহুৱাকৈ ঘোষণা কৰিছিল যে বৰাই ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব । দেওবাৰৰ আনুষ্ঠানিক যোগদান কাৰ্যসূচীৰ জৰিয়তে এই কথা নিশ্চিত হ’ল । ইফালে এই একেটা অনুষ্ঠানতে প্ৰাক্তন কংগ্ৰেছ কৰ্মী সঞ্জু বৰাইও বিজেপিত যোগদান কৰে ।

এই দুগৰাকী নেতাৰ লগতে আজি বিজেপিত যোগ দিয়ে দিগন্ত ফুকন, ভৱ বৰা, ৰাজীৱ কুমাৰ যোশী, গগণ চন্দ্ৰ বৰা, ৰমেন বৰা, কংকন দাস, প্ৰাণদ্বীপ ভৰালী, অনুপ শইকীয়া, দিগন্ত হাজৰিকা, বিনোদ শইকীয়া, দিলীপ বৰাসহ কেইবাজনো নেতা-কৰ্মীয়ে ।

আনহাতে বিজেপিত যোগদান কৰিয়েই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহৰ দায়িত্ব লাভ কৰে ভূপেন বৰাই । তেওঁৰ লগতে বিজেপি দলত যোগদান কৰা সঞ্জু বৰুৱা আৰু কিছুদিন পূৰ্বে যোগদান কৰা শংকৰজ্যোতি বৰুৱাক ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্টৰ দায়িত্ব প্ৰদান কৰা হয় ।

লগতে পঢ়ক : এতিয়া অসমক কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিবঃ কচুতলীৰ পৰা অবৈধ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছৰ নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ বিজেপিৰ

কংগ্ৰেছ দলৰ নিকৃষ্ট কাণ্ডৰ বিৰোধিতাৰে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই ।

যুৱ কংগ্ৰেছে দিল্লীত অনুষ্ঠিত হোৱা এ আই সন্মিলনত কৰা নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল বিজেপি । কংগ্ৰেছ দলৰ এই নিকৃষ্ট কাণ্ডৰ বিৰোধিতাৰে শনিবাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ যুৱ মৰ্চাই । দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বিজেপি যুৱ মৰ্চাৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছৰ এই কাৰ্যৰ বিৰোধিতা কৰে ।

শুকুৰবাৰে এ আই ইমপেক্ট ছামিটত প্ৰতিবাদ সাব্যস্ত কৰি এক অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰিছিল যুৱ কংগ্ৰেছ কৰ্মীয়ে । কংগ্ৰেছৰ এই কাণ্ডই সমগ্ৰ দেশবাসীক লজ্জানত কৰি তুলিছিল । এই গোচৰত আৰক্ষীয়ে ইতিমধ্যে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰৰ পিছতে তেওঁলোকক পাটিয়ালা হাউছ কোৰ্টলৈ অনা হয় । দিল্লী আৰক্ষীয়ে আটাইকেইজন অভিযুক্তক পাঁচ দিনৰ জিম্মাত ৰখাৰ দাবী জনাই । আনহাতে অভিযুক্তকেইজনৰ অধিবক্তাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি জামিন আবেদন দাখিল কৰে । এই গোচৰত অভিযুক্তক পাঁচ দিনৰ আৰক্ষীৰ জিম্মা দিছে আদালতে । গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে কৃষ্ণ হৰি, কুন্দন যাদৱ, অজয় ​​কুমাৰ আৰু নৰসিংহ যাদৱ ।

দিল্লী আৰক্ষীয়ে অভিযুক্তক পাঁচ দিনৰ জিম্মাৰ বাবে অনুৰোধ জনাইছিল । আন্তঃৰাষ্ট্ৰীয় নেতা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় বিৰোধী শ্লোগান দিয়া বুলি আৰক্ষীয়ে উল্লেখ কৰে । পলায়ন কৰা আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁলোকৰ জিম্মা প্ৰয়োজনীয় আছিল ।

উল্লেখ্য যে, শুকুৰবাৰে ভাৰত মণ্ডপমত অনুষ্ঠিত হৈ থকা ইণ্ডিয়া এ আই ইমপেক্ট ছামিটত প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ কৰ্মীয়ে । যি সময়ত এই হুলস্থুলীয়া পৰিৱ্শৰ সৃষ্টি হৈছিল, সেই সময়ত ভাৰত মণ্ডপমত বিদেশী প্ৰতিনিধিৰ দল এটাও উপস্থিত আছিল । যুৱ কংগ্ৰেছ কৰ্মীসকলে অৰ্ধ উলংগ হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । লগে লগে আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীক আঁতৰাই আনে । ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি চাৰিজন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে । ঘটনাৰে জড়িত বাকীকেইজনক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

ইফালে গুৱাহাটীতো শনিবাৰে কংগ্ৰেছ দলৰ এই নিকৃষ্ট কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিজপিৰ যুৱ মৰ্চাই । গুৱাহাটীৰ ৰাজীৱ ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে ।

লগতে পঢ়ক : কংগ্ৰেছে কৰা ‘পাপ’ৰ পৰা অসমক মুক্ত কৰিব বিজেপিয়ে: কচুতলীৰ পৰা অমিত শ্বাহৰ হুংকাৰ

বিজেপিয়েই হ’ব নেকি ভূপেন বৰাৰ নতুন ঠিকনা; গৃহমন্ত্ৰীৰ উপস্থিতিত যোগদানৰ সম্ভাৱনা

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ভাৰতীয় জনতা পাৰ্টীত যোগদানৰ সম্ভাৱনা আছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কৰিব পাৰে যোগদান।

মল্লিকাজুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰি সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈও অসন্তুষ্ট প্ৰকাশ কৰিছিল।

তাৰ মাজতে খবৰ আহিছে যে, বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ সৈতে ইতিমধ্যে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছে ভূপেন বৰাই।  ২১ ফেব্ৰুৱাৰীত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।

২০ ফেব্ৰুৱাৰীত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিব। আৰু সেই দিনা গৃহমন্ত্ৰী গৰাকীৰ সৈতে ভূপেন বৰাই আলোচনা কৰিব। তাৰ পিছতেই ২১ তাৰিখে যোগদান কৰিব পাৰে।

ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য কৰিছে যে, ‘ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ সদায় খোলা আছে। বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ’ব’।জানিব পৰা মতে ভাৰতীয় জনতা পাৰ্টীয়ে ৰঙানদী বা বিহপুৰীয়াৰ পৰা ভূপেন বৰাক টিকট দিয়া সম্ভাৱনা আছে।   

লগতে পঢ়ক: ‘অহা ৫ বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব’; মুখ্যমন্ত্ৰী