৩১টা সংকল্পৰে অসমত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য ।

মঙলবাৰে শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিয়ে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰে । এই ইস্তাহাৰ মুকলি কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰে যে অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । এই ইস্তাহাৰ অসমৰ এটা দশকৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, যিটো কাম কংগ্ৰেছ দলে ৬০ বছৰতো কৰা নাছমিল বুলি উল্লেখ কৰে ।

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয়, “এই ইস্তাহাৰৰ ভেটি হৈছে এক দশকৰ সাফল্য । মই দেখিছোঁ এনে এখন ৰাজ্য যিখন এনেদৰে ৰূপান্তৰিত হৈছে যি কংগ্ৰেছৰ ছয় দশকৰ শাসনকালত কেতিয়াও সম্ভৱ হোৱা নাছিল ।” এই ইস্তাহাৰ মুকলিৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে ।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে উত্তৰ-পূব অঞ্চলৰ দীৰ্ঘম্যাদী উন্নয়নত কংগ্ৰেছ দলৰ কোনো গুৰুত্ব নাছিল । অসমত শান্তি আৰু উন্নয়ন পুনৰুদ্ধাৰ কৰাটো তেতিয়াহে সম্ভৱ যেতিয়া স্থিতিশীলতা থাকে । ৰাজ্যত বিজেপিৰ শাসন কালত সুযোগ যথেষ্ট বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত অসমৰ যুৱক-যুৱতীসকল পুনৰ ৰাজ্যলৈ ঘূৰি আহিছে । কংগ্ৰেছ দলক লক্ষ্য কৰি তেওঁ কয় যে কংগ্ৰেছৰ নীতিৰ বাবে অসমত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন ৩২ বছৰ ধৰি চলি থাকিল ।

“সংকল্প পত্ৰ” সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, “সংকল্প পত্ৰ’ প্ৰস্তুত কৰাৰ আঁৰৰ পটভূমি হ’ল আমি অসমৰ সকলো প্ৰান্তৰ লোকৰ কাষ চাপিছিলো । আমি ঘৰে ঘৰে গৈ পৰৱৰ্তী কাৰ্যকালত কি কৰিব লাগে সেই সম্পৰ্কে পৰামৰ্শ সংগ্ৰহ কৰিছিলো । এই ইস্তাহাৰৰ আধাৰত অৰ্থাৎ অসমৰ ৰাইজৰ পৰামৰ্শৰ আধাৰত আমি তৃতীয় কাৰ্যকালত কাম কৰিম ।” তেওঁ কয় যে তিনি লাখৰো অধিক লোকে নিজৰ পৰামৰ্শ দাখিল কৰে ।

লগতে পঢ়ক : মল্লিকাৰ্জুন খাৰ্গেক নাওবৈচালৈ মাতি নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে কংগ্ৰেছেঃ মুখ্যমন্ত্ৰী

‘কংগ্ৰেছে আমাক সংগ দিলে বিজেপিক অসমৰ পৰা বাহিৰ কৰিব পাৰিলো হয়’; বদৰুদ্দিন আজমল

ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে কয় যে যদি কংগ্ৰেছ আৰু এআইইউদিএফ একলগ হয় তেন্তে বিজেপিক অসমৰ পৰা নোহোৱা কৰিব পাৰিলে হয়।

সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে শাসক বিৰোধী সকলো ত তপৰ কৈ উঠিছে। তাৰ মাজতে বদৰুদ্দিন আজমলে বিজেপিৰ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। আজমলে কৈছে যে, যদি কংগ্ৰেছে আমাৰ সংগ দিলে হয়, তেতিয়াহ’লে আমি একেলগে বিজেপিক অসমৰ পৰা বাহিৰ কৰিব পাৰিলো হয়। কিন্তু কংগ্ৰেছে আমাক লগ দিয়া নাই। এইবাৰ নিৰ্বাচনত এআইইউদিএফ দুই নম্বৰত থাকিব আৰু কংগ্ৰেছ তিনি নম্বৰত থাকিব। অসমত এতিয়া বিৰোধী বুলি কোনো নাই।

বদৰুদ্দিন আজমলে লগতে লুৰিণজ্যোতি গগৈক আক্ৰমণ কৰি কয় যে, লুৰিণজ্যোতি গগৈ মুছলমানৰ এক নম্বৰ প্ৰতিদ্বন্দ্বী।লুৰিণজ্যোতিৰ নাও ডুবাবলৈ বিন্নাকান্দিত আজমল সাজু হৈছে।২২ লাখ মুছলমান লোকৰ ওপৰত আপত্তি দৰ্শাইছিলে।তেওঁলোকে আমাৰ শত্ৰুৰ লোকক টিকট দিছে।কিন্তু বিন্নাকান্দিত আমি নাও ডুবাই দিম। আমাৰ শত্ৰুক আমি কেতিয়াও ভোট নিদিও।তলা-চাবিত শান্তি, প্ৰগতি, মহিলাৰ অধিকাৰৰ কথা আছে, নাৰী শিক্ষা আছে এনেধৰণৰ প্ৰাৰ্থী হে আমাক লাগে। বিন্নাকান্দিত আমি চোৰ-ডকাইতৰ লগত নাযাওঁ।মুছলমানৰ শত্ৰুৰ লগতো বিন্নাকান্দিৰ ৰাইজ নাযায়।  

লগতে পঢ়ক: অহা জনমতো বৰপেটা মেডিকেলৰ নাম সলনি কৰিব নোৱাৰেঃ গৌৰৱ গগৈক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ     

নিৰ্বাচনী শক্তি প্ৰদৰ্শনেৰে অন্তিম দিনটোত বহু হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

আজি সমাপ্ত হয় বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া

ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া বলিছে নিৰ্বাচনী বতাহ । আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰাজ্যৰ চৌদিশে উছৱমখৰ পৰিৱেশ । ইয়াৰ মাজেত আজি সমাপ্ত হয় বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া । ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ ।

আজি অন্তিমটো দিনত কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে কৰিলে মনোনয়ন পত্ৰ । উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা বিটিআৰলৈ সকলোতে প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন ।  বিজেপিকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলে বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰে ।

গোলাঘাটত মুখ্যমন্ত্ৰী-

মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি গোলাঘাটত মনোনয়ন দাখিল কৰে মিত্ৰজোঁটৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে । তিনিওগৰাকী প্ৰাৰ্থীক মনোনয়ন যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ গোলাঘাট সমন্বয় ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী । সমন্বয় ক্ষেত্ৰতে সমবেত হয় বোকাখাতৰ অগপ প্ৰাৰ্থী অতুল বৰা, খুমটাইৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়া আৰু দেৰগাঁৱৰ বিজেপি প্ৰাৰ্থী মৃদুল দত্ত । তিনিওগৰাকী প্ৰাৰ্থীৰ উপস্থিতিত মিত্ৰজোঁটৰ সমৰ্থকসকলক উদ্দেশ্যে চমু ভাষণ দিয়ে মুখ্যমন্ত্ৰীয়ে । সমন্বয় ক্ষেত্ৰৰ পৰা অতুল বৰাৰ লগত আয়ুক্তৰ কাৰ্যালয়লৈ বিশাল সমদলতো অংশ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

সহস্ৰাধিক সমৰ্থকক লগত লৈ সমদল কৰি গোলাঘাট আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অগপৰ সভাপতি অতুল বৰা আৰু খুমটাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই । সেউজ খুমটাইৰ সংকল্প লোৱা খুমটাইৰ প্ৰাৰ্থীগৰাকীৰ সমদলত সমৰ্থকসকলে সেউজীয়া পোছাক পিন্ধি অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।

যোৰহাটত হ’ব হাইভল্টেজ যুঁজ-

ইফালে যোৰহাট সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈয়ে । বিধানসভা নিৰ্বাচনত অভিষেক ঘটোৱা গৌৰব গগৈয়ে যোৰহাট আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে অসংখ্য কৰ্মী-সমৰ্থকৰ উপস্থিতিত যোৰহাট সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে দাখিল কৰে মনোনয়ন । মনোনয়ন যাত্ৰাত বিজেপিৰ প্ৰবীন নেতাগৰাকীক সংগ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ।

নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ শক্তি প্ৰদৰ্শন-

নলবাৰীতো বৃহৎ ৰেলীৰে মনোনয়ন দাখিল কৰে জয়ন্ত মল্ল বৰুৱাই । লগতে টিহু সমষ্টিৰ বাবে চন্দ্ৰ মোহন পাটোৱাৰী, বৰক্ষেত্ৰী সমষ্টিৰ বাবে নাৰায়ণ ডেকাইয়ো দাখিল কৰে মনোনয়ন । গৰ্ডন খেলপথাৰৰ পৰা বিশাল সমদলেৰে নলবাৰী কঁপাই তোলে তিনিওগৰাকী বিজেপি প্ৰাৰ্থীয়ে ।

বিন্নাকান্দিত বদৰুদ্দিনৰ মনোনয়ন দাখিল-

বিন্নাকান্দি সমষ্টিৰ বাবে আজি মনোনয়ন দাখিল কৰে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে । সহস্ৰাধিক সমৰ্থকক লগত লৈ বিন্নাকান্দি সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে প্ৰবীন নেতাগৰাকীয়ে ।

গুৱাহাটীত বিজেপিৰ শক্তি প্ৰদৰ্শন-

গুৱাহাটীৰ ৪ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েও আজি অন্তিম দিনটোত মনোনয়ন দাখিল কৰে । দিছপুৰৰ পৰা প্ৰদ্যুত বৰদলৈ, মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা আৰু নিউ গুৱাহাটীৰ পৰা দীপ্লুৰঞ্জন শৰ্মাই মনোনয়ন দাখিল কৰে । ইফালে ডিমৰীয়াৰ অগপ প্ৰাৰ্থী তপন দাসেও দাখিল কৰে মনোনয়ন ।

আনহাতে দিছপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়েও মনোনয়ন দাখিল কৰে ।

মুখ্যমন্ত্ৰীক লগত লৈ মনোনয়ন দাখিল কেশৱ মহন্তৰ-

অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আজি মনোনয়ন দাখিল কৰে । নগাঁও আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে অগপ নেতাগৰাকীয়ে । তেওঁক এই যাত্ৰাত সংগ দিয়ে মুখ্যমন্ত্ৰীয়ে । মনোনয়ন দাখিলৰ পূৰ্বে কলিয়াবৰত কেশৱ মহন্তৰ হৈ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

গেৰুৱাময় হৈ পৰিল লখিমপুৰ-

সমগ্ৰ লখিমপুৰ গেৰুৱাময় কৰি বিজেপি মিত্ৰজোঁটৰ ৫ গৰাকীকৈ প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন । লখিমপুৰ সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী মানৱ ডেকা, বিহপুৰীয়া সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ভূপেন বৰা, ৰঙানদী সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকা, ঢকুৱাখনাৰ বিজেপি প্ৰাৰ্থী নৱ দলে আৰু নাওবৈচা সমষ্টিৰ বাবে অগপ প্ৰাৰ্থী বসন্ত দাসে মনোনয়ন দাখিল কৰে ।

শিৱসাগৰত কুশল দুৱৰী-সুশান্ত বৰগোহাঁইৰ মনোনয়ন দাখিল-

ডিমৌ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে । ডিমৌৰ পৰা শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়লৈ সহস্ৰাধিক সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে । ইফালে শিৱসাগৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ।

ডিব্ৰুগড়ত অভূতপূৰ্ব পৰিৱেশ-

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি মনোনয়ন দাখিল কৰে কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীয়ে । মনোনয়ন। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ দুলীয়াজান সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে দাখিল কৰে মনোনয়ন । আনহাতে নাহৰকটীয়া সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈ, টিংখাং সমষ্টিৰ বাবে বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী বিমল বৰা, চাবুৱা-লাহোৱাল সমষ্টিৰ বাবে বিনোদ হাজৰিকা, খোৱাং সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে চক্ৰ গগৈয়ে ।

বিশ্বনাথত হেলিকপ্টাৰ চলাই উপস্থিত বৈজন্ত পাণ্ডা-

আজি অন্তিম দিনটোত বিশ্বনাথৰ বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসেও মনোনয়ন দাখিল কৰে । পল্লৱ লোচনৰ মনোনয়নত সংগ দিবলৈ গুৱাহাটীৰ পৰা নিজেই হেলিকপ্তাৰ চলাই বিশ্বনাথত উপস্থিত হয় বিজেপিৰ জ্যেষ্ঠ নেতা বৈজন্ত পাণ্ডা । লগতে মনোনয়ন দাখিল কৰে গহপুৰৰ বিজেপি প্ৰাৰ্থী উৎপল বৰাই ।

ষষ্ঠবাৰৰ বাবে মনোনয়ন দাখিল ৰূপজ্যোতি কুৰ্মীৰ-

সোমবাৰে একেৰাহে ষষ্ঠবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে মৰিয়নীৰ বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে । সহস্ৰাধিক সমৰ্থকক লগত লৈ বিশাল ৰেলী কৰি মনোনয়ন দাখিল কৰে কুৰ্মীয়ে । আনহাতে তিতাবৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী ধীৰাজ গোৱালাই । টীয়ক সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে অগপ প্ৰাৰ্থী বিকাশ শইকীয়াই ।

পলাশবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপিৰ যুৱ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ । হাজো-শুৱালকুছি সমষ্টিৰ বাবে মনোনয়ন দাখিল অগপ প্ৰাৰ্থী প্ৰকাশ দাসৰ । কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতা, বকো-ছয়গাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজু মেচ আৰু ছমৰীয়া সমষ্টিৰ অগপ প্ৰাৰ্থী নুৰুল ইছলামৰো মনোনয়ন দাখিল । মনোনয়ন পৰ্বত সকলোকে সংগ দিলে পীযুষ হাজৰিকাই ।

দৰং জিলাত ৩গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল । হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল মঙলদৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱী, ছিপাঝাৰ সমষ্টিৰ প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী আৰু দলগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৃষ্ণা সাহাৰ ।

কোকৰাঝাৰৰ ৫টা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফ প্ৰাৰ্থীৰ । কোকৰাঝাৰ সমষ্টিৰ বাবে মনোনয়ন দাখিল বিপিএফ প্ৰাৰ্থী তথা হাগ্ৰামা মহিলাৰীৰ পত্নী শেউলী মহিলাৰী, গোসাঁইগাঁও সমষ্টিত শোভাৰাম বসুমতাৰীৰ । দতমা সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰবিৰাম নাৰ্জাৰীৰ । পৰ্বতঝোৰা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে ৰেজাউল কৰিমে ।

গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল বিজেপি মিত্ৰজোঁটৰ ৩ প্ৰাৰ্থীৰ । দুধনৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তথা বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ । পশ্চিম গোৱালপাৰা সমষ্টিৰ বাবে মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থী পবিত্ৰ ৰাভাৰ । দুয়োগৰাকী প্ৰাৰ্থীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহলে । বিশাল সমদলেৰে মনোনয়ন দাখিল কৰে পূব গোৱালপাৰা সমষ্টিৰ অগপ প্ৰাৰ্থী আব্দুল ৰহিম জিব্ৰানে ।

ধেমাজি সমষ্টিৰ বাবে দ্বিতীয়বাৰলৈ মনোনয়ন দাখিল মন্ত্ৰী ৰণোজ পেগুৰ । ৰণোজ পেগুৰ সৈতে একেলগে মনোনয়ন দাখিল কৰিলে চিচিবৰগাঁৱৰ বিজেপি প্ৰাৰ্থী জীৱন গগৈৰ । ইফালে জোনাই সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপি প্ৰাৰ্থী ভুৱন পেগুৱে ।

ডিগবৈ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে বিজেপিৰ প্ৰাৰ্থী সুৰেণ ফুকনে । লগতে মাকুম সমষ্টিৰ বাবে মনোনয়ন দিয়ে বিজেপিৰ সঞ্জয় কিষাণে । তিনিচুকীয়া সদৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী পুলক গোহাঁয়ে । তিনিচুকীয়াৰ আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ জমা দিয়ে বিজেপিৰ তিনিওগৰাকী প্ৰাৰ্থীয়ে ।

লগতে পঢ়ক : গুৱাহাটীত অন্তিম দিনটোত কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

প্ৰত্যেকটো ক্ষেত্ৰতে অৱহেলিত, উপেক্ষিতঃ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল এৰাৰ কাৰণ ব্যাখ্যা প্ৰদ্যুৎ বৰদলৈৰ

প্ৰদ্যুৎ বৰদলৈয়ে ২১ মাৰ্চত কয় যে কেইবা বছৰো ধৰি অৱহেলিত আৰু উপেক্ষিত অনুভৱ কৰাৰ পিছত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে

দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ২১ মাৰ্চত কয় যে কেইবা বছৰো ধৰি “অৱহেলিত” আৰু “উপেক্ষিত” অনুভৱ কৰাৰ পিছত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কিয় কংগ্ৰেছ দল এৰিলে সেয়া অসমৰ ৰাইজক জনোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰি দলটোত তেওঁক এলাগী কৰা হৈছিল বুলি মন্তব্য কৰে ।

সংবাদমেলক তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ ভিতৰত অৱহেলিত আৰু এলাগী অনুভৱ কৰি আছিল বুলি মন্তব্য কৰে । ন-বিজেপি নেতা বৰদলৈয়ে কয়, “মই কংগ্ৰেছ দলত অৱহেলিত আৰু উপেক্ষিত অনুভৱ কৰি আছিলোঁ । বিশেষকৈ সাংগঠনিক নিৰ্বাচনৰ পিছত বিশ্বাসৰ এক চৰম অভাৱ ঘটিছিল । মোক সকলো ফালৰ পৰা পিছলৈ ঠেলি দিয়া হৈছিল ।”

বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে যে দলটোৰ ভিতৰৰ পৰিৱেশ “বিষাক্ত” হৈ পৰিছিল, যাৰ ফলত তেওঁৰ বাবে কাম কৰি থকাটো কঠিন হৈ পৰিছিল । কোনো বিশেষ ব্যক্তিৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন নকৰাকৈয়ে তেওঁ কয় যে আভ্যন্তৰীণ নিৰ্বাচনৰ পিছত কিছুমান ঘটনাই তেওঁৰ অবিশ্বাসৰ ভাৱক অধিক গভীৰ কৰি তুলিছিল ।

বৰদলৈয়ে লগতে দাবী কৰে যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলোৱাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে একাংশ দ্বিতীয় স্তৰৰ নেতাই তেওঁক “বাহিৰ কৰি দিব” বিচাৰিছিল । তেওঁ অভিযোগ কৰে যে তেওঁক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু সংগঠনটোৰ ভিতৰত এটা গৌণ ভূমিকাত সীমাবদ্ধ কৰি ৰখা হৈছিল ।

শেহতীয়া ৰাজনৈতিক ঘটনাৱলীৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী আৰু যুৱ কৰ্মীয়ে তেওঁক আদৰণি জনাইছিল আৰু পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল । তেওঁ দাবী কৰে যে দলটোৰ বৰ্তমানৰ পৰিৱেশৰ বাবে বহু কংগ্ৰেছ কৰ্মীয়ে “নিৰুৎসাহিত” অনুভৱ কৰিছে । তেওঁ কয়- “বহু কৰ্মীয়ে অনুভৱ কৰে যে বৰ্তমান কংগ্ৰেছ দলত আন্তৰিকতাৰে কাম কৰিবলৈ উপযুক্ত পৰিৱেশ নাই ।”

লগতে পঢ়ক : বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে

আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে ভাৰতীয় জনতা পাৰ্টি তথা বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে।

​দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে প্ৰকাশ কৰা অনুসৰি, এই তালিকাত দলগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ৫১নং দলগাঁও সমষ্টিৰ পৰা সুশ্ৰী কৃষ্ণা সাহাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু ৭৯ নং চিচিবৰগাঁও আসনৰ বাবে জীৱন গগৈক প্ৰক্ষেপ কৰিছে দলে ।

​ইয়াৰ পূৰ্বে দলটোৱে ১৯ মাৰ্চত ৮৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। ১৯ মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডে অহা অসম বিধানসভা নিৰ্বাচনৰ ৮৯টা সমষ্টিৰ ভিতৰত ৮৮টাৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে আৰু বাকী থকা চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম অতি সোনকালে ঘোষণা কৰা হ’ব।

​ তেওঁ লগতে কয় যে ৰাজ্যজুৰি দলীয় কৰ্মীসকলে এই তালিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এইবাৰো বিজেপিয়ে শক্তিশালী নিৰ্বাচনী ফলাফল আগবঢ়াব বুলি তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে।

লগতে পঢ়ক : তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজঃ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ বাবে দিলে মনোনয়ন ?

চাৰি ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে

গোৱা, নাগালেণ্ড, কৰ্ণাটক, আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগা আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে । দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰ্তমানৰ বিধায়কসকলৰ মৃত্যু হোৱা সমষ্টিত এই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ৯ এপ্ৰিলত এই নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব ।

এই সমষ্টিসমূহত বিজেপিয়ে শক্তিশালী আৰু জনপ্ৰিয় স্থানীয় ব্যক্তিক থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে । প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত স্থানীয় সংগঠনৰ মতামতক যথেষ্ট বিবেচনা কৰা হৈছে । গোৱাৰ পণ্ডা সমষ্টিৰ পৰা ৰিতেশ ৰবি নায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বৰ্তমানৰ বিধায়কগৰাকীৰ মৃত্যুৰ বাবে এই সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । নাগালেণ্ডৰ কোৰিডাং (অনুসূচিত জনজাতি) সমষ্টিৰ ২৮ নং আসনৰ পৰা ডাওচিয়াৰ ইল ইনচেনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বৰ্তমানৰ বিধায়কগৰাকীৰ মৃত্যুৰ বাবে এই সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ।

কৰ্ণাটকৰ দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে । বাগালকোট আসনৰ বাবে শ্ৰী বীৰভদ্ৰইয়া চৰণতীমাথক প্ৰদান কৰা হৈছে বিজেপিৰ প্ৰাৰ্থিত্ব । ইফালে, শ্ৰীনিবাস টি দাছাকিৰপ্পাই দৱনাগেৰে দক্ষিণৰ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । এই সমষ্টিত বৰ্তমানৰ বিধায়ক গৰাকীৰ মৃত্যু হোৱাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ইফালে ত্ৰিপুৰাৰ ধৰ্মনগৰ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জাহৰ চক্ৰৱৰ্তীক ।

১৮ মাৰ্চত নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি আন জ্যেষ্ঠ নেতাসকল । এই বৈঠকত ২০২৬ চনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ।

লগতে পঢ়ক : ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

আজি ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । ৯ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰু ৪ মে’ত ভোট গণনা হ’ব । ইয়াৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ মাজত আসন ভাগ-বতৰা চূড়ান্ত কৰা হৈছে ।

ইফালে আজি ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা । ১২৬খন বিধানসভা আসনৰ ভিতৰত ৮৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে । এই ৮৯ খন আসনৰ বাবে আজি বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা । ইতিমধ্যে বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত চূড়ান্ত কৰা হৈছে প্ৰাৰ্থী তালিকা । প্ৰধান মন্ত্ৰী, বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বৈঠকৰ পিছতেই তালিকাত লাগে ছীল-মোহৰ ।

ইয়াৰ পিছতে মাজ নিশা প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিছতেই আজি দুপৰীয়া ১২ বজাৰ ভিতৰত ৮৯টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব ।

আনহাতে বহুকেইজন বিজেপি নেতাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে বুলি খবৰ প্ৰকাশ পোৱাৰ লগে লগে সমৰ্থক সকলৰ মাজত এক উছৱসুখৰ পৰিৱেশৰ সৃষ্টি হয় । ইফালে এই তালিকাত বৰ্তমানৰ বিধায়ক তথা জ্যেষ্ঠ কেইবাজনো নেতা টিকট বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ৮৯ খন আসনত বিজেপিয়ে প্ৰতিন্দন্দ্বিতা কৰাৰ বিপৰীতে বাকী ২৬খন আসন আসম গণ পৰিষদ আৰু ১১খন আসনত বডোলেণ্ড পিপলছ ফ্ৰণ্টকে প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক : ‘বিজেপিত আত্মসন্মান আৰু মুৰ তুলি থাকিব পাৰিম’; গেৰুৱা বসন পিন্ধি প্ৰথম প্ৰতিক্ৰিয়া প্ৰদ্যুৎ বৰদলৈৰ

দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

অৱশেষত বিজেপিত যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে।

বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত মুখ্যমন্ত্ৰীৰ বাসভৱনত সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে। ১২.৩০ বজাত বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছৰ নেতা সকলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি দলত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পিছতেই তেওঁ বিজেপিত যোগদান কৰাৰ কথা নিশ্চিত হৈছিল।

লগতে পঢ়ক: হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।

মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত আজিয়েই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে মাজনিশাই  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ প্ৰদ্যুৎ বৰদলৈৰ। তাৰ পিছতেই  গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে কংগ্ৰেছ ত্যাগ কৰা নেতাগৰাকীয়ে।

আজি ১০ বজাত দিল্লীত বিজেপিত যোগদা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।বিজেপিত যোগদান কৰাৰ লগে লগেই বিজেপিৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচন খেলাৰ সুযোগ লাভৰো সম্ভাৱনা আছে প্ৰদ্যুৎ বৰদলৈৰ।

ইয়াৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ বাবে বিজেপিত এখন আসন সংৰক্ষিত বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰীণ চিগনেল দিছিলে। দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ব পাৰে বৰদলৈ!আজি বিজেপিৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই এই কথা নিশ্চিত হ’ব।  

লগতে পঢ়ক: ‘কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো’; প্ৰদ্যুৎ বৰদলৈ