ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

আজি ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । ৯ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰু ৪ মে’ত ভোট গণনা হ’ব । ইয়াৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ মাজত আসন ভাগ-বতৰা চূড়ান্ত কৰা হৈছে । ইফালে

আজি ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি । ৯ এপ্ৰিলত অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰু ৪ মে’ত ভোট গণনা হ’ব । ইয়াৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ মাজত আসন ভাগ-বতৰা চূড়ান্ত কৰা হৈছে ।

ইফালে আজি ঘোষণা কৰা হ’ব বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী তালিকা । ১২৬খন বিধানসভা আসনৰ ভিতৰত ৮৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে । এই ৮৯ খন আসনৰ বাবে আজি বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থী তালিকা । ইতিমধ্যে বুধবাৰে দিল্লীত অনুষ্ঠিত হোৱা বিজেপিৰ সংসদীয় সমিতিৰ বৈঠকত চূড়ান্ত কৰা হৈছে প্ৰাৰ্থী তালিকা । প্ৰধান মন্ত্ৰী, বিজেপি ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বৈঠকৰ পিছতেই তালিকাত লাগে ছীল-মোহৰ ।

ইয়াৰ পিছতে মাজ নিশা প্ৰাৰ্থী তালিকা লৈ গুৱাহাটীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ পিছতেই আজি দুপৰীয়া ১২ বজাৰ ভিতৰত ৮৯টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব ।

আনহাতে বহুকেইজন বিজেপি নেতাৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে বুলি খবৰ প্ৰকাশ পোৱাৰ লগে লগে সমৰ্থক সকলৰ মাজত এক উছৱসুখৰ পৰিৱেশৰ সৃষ্টি হয় । ইফালে এই তালিকাত বৰ্তমানৰ বিধায়ক তথা জ্যেষ্ঠ কেইবাজনো নেতা টিকট বঞ্চিত হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ৮৯ খন আসনত বিজেপিয়ে প্ৰতিন্দন্দ্বিতা কৰাৰ বিপৰীতে বাকী ২৬খন আসন আসম গণ পৰিষদ আৰু ১১খন আসনত বডোলেণ্ড পিপলছ ফ্ৰণ্টকে প্ৰতিদ্বন্দ্বিতা কৰিব ।

লগতে পঢ়ক : ‘বিজেপিত আত্মসন্মান আৰু মুৰ তুলি থাকিব পাৰিম’; গেৰুৱা বসন পিন্ধি প্ৰথম প্ৰতিক্ৰিয়া প্ৰদ্যুৎ বৰদলৈৰ

শেহতীয়া প্ৰৱন্ধসমূহ