চাৰি ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

চাৰি ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা বিজেপিৰ

আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে গোৱা, নাগালেণ্ড, কৰ্ণাটক, আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগা আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে । দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰ্তমানৰ বিধায়কসকলৰ মৃত্যু হোৱা সমষ্টিত এই

আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে

গোৱা, নাগালেণ্ড, কৰ্ণাটক, আৰু ত্ৰিপুৰাত অনুষ্ঠিত হ’ব লগা আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থি তালিকা ঘোষণা কৰিছে । দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৰ্তমানৰ বিধায়কসকলৰ মৃত্যু হোৱা সমষ্টিত এই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ৯ এপ্ৰিলত এই নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ হ’ব আৰু ৪ মে’ত ফলাফল ঘোষণা কৰা হ’ব ।

এই সমষ্টিসমূহত বিজেপিয়ে শক্তিশালী আৰু জনপ্ৰিয় স্থানীয় ব্যক্তিক থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে । প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত স্থানীয় সংগঠনৰ মতামতক যথেষ্ট বিবেচনা কৰা হৈছে । গোৱাৰ পণ্ডা সমষ্টিৰ পৰা ৰিতেশ ৰবি নায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বৰ্তমানৰ বিধায়কগৰাকীৰ মৃত্যুৰ বাবে এই সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে । নাগালেণ্ডৰ কোৰিডাং (অনুসূচিত জনজাতি) সমষ্টিৰ ২৮ নং আসনৰ পৰা ডাওচিয়াৰ ইল ইনচেনক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । বৰ্তমানৰ বিধায়কগৰাকীৰ মৃত্যুৰ বাবে এই সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে ।

কৰ্ণাটকৰ দুখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হৈছে । বাগালকোট আসনৰ বাবে শ্ৰী বীৰভদ্ৰইয়া চৰণতীমাথক প্ৰদান কৰা হৈছে বিজেপিৰ প্ৰাৰ্থিত্ব । ইফালে, শ্ৰীনিবাস টি দাছাকিৰপ্পাই দৱনাগেৰে দক্ষিণৰ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । এই সমষ্টিত বৰ্তমানৰ বিধায়ক গৰাকীৰ মৃত্যু হোৱাৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে । ইফালে ত্ৰিপুৰাৰ ধৰ্মনগৰ আসনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জাহৰ চক্ৰৱৰ্তীক ।

১৮ মাৰ্চত নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হয় । বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি আন জ্যেষ্ঠ নেতাসকল । এই বৈঠকত ২০২৬ চনৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হয় ।

লগতে পঢ়ক : ক্ষন্তেক পিছতে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

শেহতীয়া প্ৰৱন্ধসমূহ