৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে
আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ২০ মাৰ্চ, শুকুৰবাৰে শাসক-বিৰোধীৰ কেইবাজনো প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে । বৃহৎ সংখ্যক সমৰ্থকেৰে বিশাল ৰেলী কৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে ।
অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ২০ মার্চত ৰাজ্যখনৰ ৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ইয়াৰ লগে লগে এতিয়ালৈকে মুঠ ১১৬ গৰাকী প্ৰাৰ্থীয়ে ২১৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ২৩ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
২০ মাৰ্চ, শুকুৰবাৰে অগণন সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ পৰা বৃহৎ ৰেলী কৰি জনস্রোতৰ মাজেৰে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মনোয়ন যাত্ৰাত অগণিত সমৰ্থকৰ লগতে তেওঁক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে।
ইফালে মনোনয়ন দাখিলৰ লগে লগে কেইবাটাও সমষ্টিত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে। ভৱানীপুৰ-সৰভোগ সমষ্টিত বিজেপিৰ ৰঞ্জিত কুমাৰ দাস আৰু চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰকে ধৰি তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে। আনহাতে চামগুৰিত চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে, যিয়ে তীব্ৰ ৰাজনৈতিক যুদ্ধৰ ইংগিত দিছে।
উল্লেখ যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও প্ৰভাৱশালী নেতাই শুকুৰবাৰে মনোনয়ন দাখিল কৰে। জাগীৰোড সমষ্টিৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰীকা, নগাঁও সমষ্টিৰ বাবে ৰূপক শৰ্মাই, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ বাবে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ বাবে আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডিব্ৰুগড় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে ।
তামুলপুৰত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ মাজত এক হাইপ্ৰফাইল যুঁজ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বৰচলাত কংগ্ৰেছ নেতা ৰিপুণ বৰা বিজেপিৰ ঋতু বৰণ শৰ্মাৰ মুখামুখি হ’ব।
তদুপৰি শুকুৰবাৰৰ দিনটোতে মনোনয়ন দাখিল কৰে- তুলিৰাম ৰংহাঙ, ৰংখাং সমষ্টি আৰু ড° হেবে টেৰণ আমৰি সমষ্টি। চিপিআই(এমএল)ৰ প্ৰাৰ্থী ৰবি কুমাৰ ফাংচোৱে হাওৰাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
উল্লেখযোগ্য যে, ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব।
লগতে পঢ়ক : জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ









