তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে এনডিএ! ধূলিস্যাৎ বিৰোধীৰ দুৰ্গ

তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে। অসমত ধূলিস্যাৎ হোৱাৰ দিছে বিৰোধীৰ দুৰ্গ।

অসমত বিজেপি নেতৃত্বাধীন নেচনেল ডেমক্ৰেটিক এলায়েন্স এক নিৰ্ণায়ক আৰু বৃহৎ বিজয়ৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰ ক্ষমতা দখল কৰাটো নিশ্চিত হৈ পৰিছে । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, ১২৬ জনীয়া বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি বিজেপিয়ে ৯৯খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ২৫খন আসনত আগবাঢ়ি আছে । ইয়াৰ লগে লগে ভোট গণনা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি, বিজেপিয়ে ৯৯খন আসনত, ভাৰতীয় জাতীয় কংগ্ৰেছে ২৫খন আসনত আৰু ইয়াৰ পিছতে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (BPF) আৰু অসম গণ পৰিষদে ১০খনকৈ আসনত অগ্ৰগতি লাভ কৰিছে । আনহাতে, AIUDF ২খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে UPPL আৰু ৰাইজৰ দল ১খনকৈ আসনত আগবাঢ়ি আছে । ইয়াৰ লগে লগে বিজেপিয়ে এক স্পষ্ট প্ৰাৰম্ভিক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে ।

জালুকবাৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩৯,২১৪ টা ভোট লাভ কৰিছে । ১৮ ৰাউণ্ডৰ গণনাৰ ভিতৰত ষষ্ঠ ৰাউণ্ডলৈকে তেওঁ কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগৰ (১৫,২৮৩ ভোট) তুলনাত ২৩,৯৩১ টা ভোটত গ্ৰগতি লাভ কৰিছে । ইফালে দিছপুৰ বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈয়ে এক শক্তিশালী অগ্ৰগতি অক্ষুণ্ণ ৰাখিছে; তেওঁ নটা ৰউণ্ডৰ গণনাৰ অন্তত ৫৭,২৫০ টা ভোট লাভ কৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ (২১,৯৬৫ ভোট) বিৰুদ্ধে ৩৫,২৮৫ টা ভোটত অগ্ৰগতি লাভ কৰিছে ।

আনহাতে, নিৰ্বাচন আয়োগৰ দহটা ৰাউণ্ডৰ গণনাৰ ধাৰা অনুসৰি যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ পিছ পৰি আছে । বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৪৮,১৩৮ টা ভোট লাভ কৰি আগবাঢ়ি থকাৰ বিপৰীতে গৌৰৱ গগৈয়ে ৩২,২০৬ টা ভোট লাভ কৰিছে । প্ৰাৰম্ভিক ধাৰাসমূহে এই সমষ্টিটোত এক তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে ।

ইফালে বহু চৰ্চিত খোৱাং সমষ্টিত এক তীব্ৰ নিৰ্বাচনী যুঁজ পৰিলক্ষিত হৈছে । এই সমষ্টিটোত ১৫ ৰাউণ্ডৰ ভিতৰত ৮ টা ৰাউণ্ডৰ গণনাৰ অন্তত বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈয়ে ৩৮,৮৪০ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ২৯,৫১৮ টা ভোট লাভ কৰিছে । তেওঁ বিজেপিৰ প্ৰাৰ্থীগৰাকীতকৈ ৯,৩২২ টা ভোটত পিছ পৰি আছে । ইফালে শিৱসাগৰ সমষ্টিটো তুমুল প্ৰতিদ্বন্দ্বিতা দেখা গৈছে । এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী কুশল দুৱৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বি ৰাইজৰ দলৰ সভাপতি অখিল গগৈতকৈ ৯৩৩ টা ভোটত পিছ পৰি আছে ।

লগতে পঢ়ক: তামিলনাডুত ইতিহাস সৃষ্টিৰ দিশে থালাপথী বিজয়ৰ TVK

সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

জালুকবাৰী সমষ্টিৰ এনডিএ প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰে

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । জালুকবাৰী সমষ্টিৰ এনডিএ প্ৰাৰ্থী ড০ শৰ্মাই ১৫ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে । তেওঁৰ সৈতে পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰ-কন্যা উপস্থিত থাকে । ভোটদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি আশীৰ্বাদ লয় ।

ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“প্ৰতিজন নাগৰিকৰ দৰেই ভোটদান কৰাতো মোৰো এক দায়িত্ব । মই মোৰ ভোটকেন্দ্ৰত আহি ভোটদান কৰিলো । আজিৰ দিনটোত ৰাইজে লোৱা এটা সিদ্ধান্তই অহা ৫ বছৰলৈকে ৰাইজৰ ভবিষ্যৎ নিৰ্ণয় কৰিব…।“

ইয়াৰ পূৰ্বে পুৱাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভোটাৰসকলক ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় আৰু এখন “উন্নত অসম” গঢ়াৰ ক্ষেত্ৰত “প্ৰতিটো ভোট আৰু প্ৰতিটো মাত”ৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘এক্স’  যোগে লিখিছে, “আজি অসমে ভোট দিছে আৰু এখন উন্নত অসম গঢ়াৰ পথত প্ৰতিটো কণ্ঠৰ গুৰুত্ব আছে, প্ৰতিটো ভোটৰ গুৰুত্ব আছে । গণতন্ত্ৰৰ এই উৎসৱৰ ক্ষণত মই সকলোকে বৃহৎ সংখ্যাত ওলাই আহি ভোটদান কৰিবলৈ আৰু গণতন্ত্ৰক শক্তিশালী কৰি অসমক নতুন উচ্চতালৈ লৈ যাবলৈ আহ্বান জনাইছো ।”

উল্লেখ্য য়ে, বিগত প্ৰায় ২৫ বছৰ ধৰি জালুকবাৰী সমষ্টি হিমন্ত বিশ্ব শৰ্মাৰ অক্ষত দুৰ্গ হিচাপে চিহ্নিত হৈ আহিছে । ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী শৰ্মাই ১,৩০,৭৬২ টা ভোট লাভ কৰি জয়ী হৈছিল, যি মুঠ ভোটৰ ৭৮.৪ শতাংশ আছিল । তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰক পৰাস্ত কৰিছিল । কংগ্ৰেছ প্ৰাৰ্থীজনে ২৮,৮৫১ টা (১৭.৩ শতাংশ) ভোট লাভ কৰিছিল ।

লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজঃ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ বাবে দিলে মনোনয়ন ?

৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ২০ মাৰ্চ, শুকুৰবাৰে শাসক-বিৰোধীৰ কেইবাজনো প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে । বৃহৎ সংখ্যক সমৰ্থকেৰে বিশাল ৰেলী কৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে ।


অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ২০ মার্চত ৰাজ্যখনৰ ৩৫খন জিলাৰ বিভিন্ন সমষ্টিত মুঠ ১০৯ গৰাকী প্ৰাৰ্থীয়ে ২০৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ইয়াৰ লগে লগে এতিয়ালৈকে মুঠ ১১৬ গৰাকী প্ৰাৰ্থীয়ে ২১৯খন মনোনয়ন পত্ৰ দাখিল কৰিছে । ২৩ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী তৎপৰতা ক্ৰমান্বয়ে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।


২০ মাৰ্চ, শুকুৰবাৰে অগণন সমৰ্থকক লগত লৈ জালুকবাৰী সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ পৰা বৃহৎ ৰেলী কৰি জনস্রোতৰ মাজেৰে মনোনয়ন দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মনোয়ন যাত্ৰাত অগণিত সমৰ্থকৰ লগতে তেওঁক সংগ দিয়ে পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে।

ইফালে মনোনয়ন দাখিলৰ লগে লগে ​কেইবাটাও সমষ্টিত বহুকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ ইংগিত পোৱা গৈছে। ভৱানীপুৰ-সৰভোগ সমষ্টিত বিজেপিৰ ৰঞ্জিত কুমাৰ দাস আৰু চিপিআই(এম)ৰ মনোৰঞ্জন তালুকদাৰকে ধৰি তিনিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত নামিছে। আনহাতে চামগুৰিত চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে, যিয়ে তীব্ৰ ৰাজনৈতিক যুদ্ধৰ ইংগিত দিছে।


উল্লেখ যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও প্ৰভাৱশালী নেতাই শুকুৰবাৰে মনোনয়ন দাখিল কৰে। জাগীৰোড সমষ্টিৰ বাবে মন্ত্ৰী পীয়ুষ হাজৰীকা, নগাঁও সমষ্টিৰ বাবে ৰূপক শৰ্মাই, কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ বাবে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ বাবে আৰু মন্ত্ৰী প্ৰশান্ত ফুকন ডিব্ৰুগড় সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰে ।


​তামুলপুৰত ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু বিজেপিৰ বিশ্বজিৎ দৈমাৰীৰ মাজত এক হাইপ্ৰফাইল যুঁজ হোৱাৰ সম্ভাৱনা আছে। একেদৰে বৰচলাত কংগ্ৰেছ নেতা ৰিপুণ বৰা বিজেপিৰ ঋতু বৰণ শৰ্মাৰ মুখামুখি হ’ব।

​তদুপৰি শুকুৰবাৰৰ দিনটোতে মনোনয়ন দাখিল কৰে- তুলিৰাম ৰংহাঙ, ৰংখাং সমষ্টি আৰু ড° হেবে টেৰণ আমৰি সমষ্টি। চিপিআই(এমএল)ৰ প্ৰাৰ্থী ৰবি কুমাৰ ফাংচোৱে হাওৰাঘাটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

​উল্লেখযোগ্য যে, ১২৬ জনীয়া অসম বিধানসভাৰ নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব।

লগতে পঢ়ক : জনসমুদ্ৰৰ মাজেৰে মনোনয়ন দাখিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ