জালুকবাৰী সমষ্টিৰ এনডিএ প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰে
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বিধানসভা নিৰ্বাচনৰ চলি থকা ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে । জালুকবাৰী সমষ্টিৰ এনডিএ প্ৰাৰ্থী ড০ শৰ্মাই ১৫ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে । তেওঁৰ সৈতে পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ পুত্ৰ-কন্যা উপস্থিত থাকে । ভোটদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে কামাখ্যা মন্দিৰত পূজা-অৰ্চনা কৰি আশীৰ্বাদ লয় ।
ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছতে মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“প্ৰতিজন নাগৰিকৰ দৰেই ভোটদান কৰাতো মোৰো এক দায়িত্ব । মই মোৰ ভোটকেন্দ্ৰত আহি ভোটদান কৰিলো । আজিৰ দিনটোত ৰাইজে লোৱা এটা সিদ্ধান্তই অহা ৫ বছৰলৈকে ৰাইজৰ ভবিষ্যৎ নিৰ্ণয় কৰিব…।“
ইয়াৰ পূৰ্বে পুৱাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভোটাৰসকলক ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় আৰু এখন “উন্নত অসম” গঢ়াৰ ক্ষেত্ৰত “প্ৰতিটো ভোট আৰু প্ৰতিটো মাত”ৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘এক্স’ যোগে লিখিছে, “আজি অসমে ভোট দিছে আৰু এখন উন্নত অসম গঢ়াৰ পথত প্ৰতিটো কণ্ঠৰ গুৰুত্ব আছে, প্ৰতিটো ভোটৰ গুৰুত্ব আছে । গণতন্ত্ৰৰ এই উৎসৱৰ ক্ষণত মই সকলোকে বৃহৎ সংখ্যাত ওলাই আহি ভোটদান কৰিবলৈ আৰু গণতন্ত্ৰক শক্তিশালী কৰি অসমক নতুন উচ্চতালৈ লৈ যাবলৈ আহ্বান জনাইছো ।”
উল্লেখ্য য়ে, বিগত প্ৰায় ২৫ বছৰ ধৰি জালুকবাৰী সমষ্টি হিমন্ত বিশ্ব শৰ্মাৰ অক্ষত দুৰ্গ হিচাপে চিহ্নিত হৈ আহিছে । ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী শৰ্মাই ১,৩০,৭৬২ টা ভোট লাভ কৰি জয়ী হৈছিল, যি মুঠ ভোটৰ ৭৮.৪ শতাংশ আছিল । তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰক পৰাস্ত কৰিছিল । কংগ্ৰেছ প্ৰাৰ্থীজনে ২৮,৮৫১ টা (১৭.৩ শতাংশ) ভোট লাভ কৰিছিল ।
লগতে পঢ়ক : ভোটদানৰ পূৰ্বে কামাখ্যা ধামত পত্নী-পুত্ৰ-কন্যাসহ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা









