মনোনয়ন দাখিলৰ অন্তিম দিনটোত গুৱাহাটীতো দেখা গ’ল এক অভূতপূৰ্ব পৰিৱেশ । অন্তিম দিনটোত শক্তি প্ৰদৰ্শন কৰে কেইবাজনো হেভীৱেইট প্ৰাৰ্থীয়ে
ৰাজ্যত এতিয়া তীব্ৰ বেগত বলিছে নিৰ্বাচনী বতাহ । ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । গণতন্ত্ৰৰ এই মহা উৎসৱৰ বাবে ৰাজনৈতিক দলসমূহে পূৰ্ণ গতিত নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰাৰ লগতে সাজু হৈছে ভোটাৰসকলো । ইফালে ২৩ মাৰ্চ আছিল বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন । অন্তিম দিনটোত ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিৰ বাবে বিভিন্ন দলৰ বহুটো প্ৰাৰ্থীয়ে দাখিল কৰে নিজৰ মনোনয়ন । ইয়াৰক ভিতৰত আছিল কেইবাগৰাকীও হেভীৱেইট প্ৰাৰ্থী ।
মনোনয়ন দাখিলৰ অন্তিম দিনটোত গুৱাহাটীতো দেখা গ’ল এক অভূতপূৰ্ব পৰিৱেশ । বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীসকলে বিশাল সমদলেৰে জিলা আয়ুক্ত কাৰ্যালয়ত দাখিল কৰে নিজ নিজ মনোনয়ন । বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকেৰ উপস্থিতিত মনোনয়ন দাখিলৰ অন্তিম দিনটোত শক্তি প্ৰদৰ্শন কৰে প্ৰাৰ্থীসকলে ।
গুৱাহাটীৰ বিজেপি মিত্ৰজোঁটৰ ৪ গৰাকীকৈ প্ৰাৰ্থীয়ে সোমবাৰে মনোনয়ন দাখিল কৰে । দিছপুৰৰ পৰা প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা আৰু নিউ গুৱাহাটীৰ পৰা দীপ্লুৰঞ্জন শৰ্মাই দাখিল কৰে মনোনয়ন । ইফালে ডিমৰীয়াৰ অগপ প্ৰাৰ্থী ডাঃ তপন দাসেও মনোনয়ন দাখিল কৰে ।
বৃহৎ ৰেলীৰে মনোনয়ন দাখিল কৰিবলৈ অহা দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দলৰ সকলো কৰ্মী-সমৰ্থকক ধন্যবাদ জ্ঞাপন কৰি প্ৰত্যয় আৰু বিনয়েৰে এক নতুন যাত্ৰাত আগবাঢ়ি যোৱা বুলি কয় । দিছপুৰৰ কংগ্ৰেছ প্ৰাথী মীৰা বৰঠাকুৰক শুভেচ্ছা জনোৱা বুলি উল্লেখ কৰি শেষ সিদ্ধান্ত সমষ্টিটোৰ ভোটাৰ ৰাইজে বুলি মন্তব্য কৰে ।
ইফালে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত গুৱাহাটীত এক ব্যতিক্ৰমী দৃশ্য দেখা যায় । একেলগে দেখা গ’ল বিজেপিৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু বৰাক । মনোনয়ন দাখিল কৰিবলৈ আহি দুয়োজনে ইজনে-সিজনক কৰমৰ্দন কৰা পৰিলক্ষিত হয় । দুয়োগৰাকী প্ৰাৰ্থীয়ে ইজনে সিজনক শুভেচ্ছা জ্ঞাপন কৰে ।
আনহাতে বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকক লৈ সমদল কৰি মনোনয়ন দাখিল কৰে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে । একে সময়তে মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়েও দাখিল কৰে মনোনয়ন ।
লগতে পঢ়ক : পাকিস্তানত মনোনয়ন দিয়া হ’লে বেছি ভোট পালেহেঁতেন গৌৰৱ গগৈয়েঃ মুখ্যমন্ত্ৰীৰ কটাক্ষ









