তালিকা অনুসৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব
অসম জাতীয় পৰিষদে (এজেপি) ১৭ মাৰ্চ, মঙলবাৰে আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ প্ৰথমখন তালিকা ঘোষণা কৰে । এই তালিকা অনুসৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে খোৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ।
দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি, ডিব্ৰুগড়ৰ পৰা মৈনাক পাত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু পংকজ লোচন গোস্বামীয়ে পলাশবাৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব । দিলীপ বৰুৱাক দলটোৱে বজালীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ।
ইফালে জীৱনন চুতীয়াক সৰুপথাৰৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰিছে অজাপই । আনহাতে, ৰেজাউল কৰিম চৌধুৰীক বিন্নাকান্দিৰ পৰা টিকট দিয়াৰ বিপৰীতে বাণী দাসে মৰিগাঁৱৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । উল্লেখ্য যে, কিছুদিন পূৰ্বে বিজেপি এৰি অজাপত যোগদান কৰা জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক বঢ়মপুৰৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
আনহাতে অজাপই চেন্ট্ৰেল গুৱাহাটী আৰু শদিয়া সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব এতিয়াও চূড়ান্ত কৰা নাই আৰু পৰৱৰ্তী পৰ্যায়ত এই নামসমূহ ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়ক : কংগ্ৰেছত আন এক মোক্ষম আঘাত, ৰাইজৰ দলত যোগদান জ্যেষ্ঠ নেতা আবুল মিয়াৰ









