গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভৱ্য আদৰণি জনোৱা হয়। আকাশত অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ছুইডেনত উপস্থিত হৈ পাঁচখন দেশৰ ভ্ৰমণৰ তৃতীয় পৰ্যায়ত উপস্থিত হয়।১৭ আৰু ১৮ মে’লৈকে চলি থকা এই ভ্ৰমণৰ সময়ছোৱাত তেওঁক বিশেষভাৱে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীৰ বিমানখন ছুইডেনৰ আকাশমাৰ্গত প্ৰৱেশ কৰাৰ লগে লগে,ছুইডেনৰ অত্যাধুনিক গ্ৰীপেন যুঁজাৰু বিমানে মোদীৰ বিমানখনত এস্কৰ্ট কৰিছিল।আকাশত দেখা এই অনন্য আদৰণিয়ে দুয়োখন দেশৰ মাজত থকা শক্তিশালী প্ৰতিৰক্ষা আৰু কৌশলগত সম্পৰ্কৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ছুইডেনত বসবাস কৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও সাক্ষাৎ কৰে।

ছুইডেন দীৰ্ঘদিন ধৰি প্ৰতিৰক্ষা প্ৰযুক্তি আৰু আধুনিক সামৰিক সঁজুলিৰ বাবে পৰিচিত।এনে পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ গ্ৰীপেন যুদ্ধ বিমানৰ উপস্থিতিয়ে এই ভ্ৰমণক আৰু অধিক বিশেষ কৰি তুলিছিল।

ছুইডেনৰ গ’টেনবাৰ্গ চহৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰত উষ্ম আদৰণি লাভ কৰে।ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছন নিজেই বিমানবন্দৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই।এই সময়ছোৱাত দুয়োগৰাকী নেতাৰ মাজত এক আন্তৰিক বৈঠক অনুষ্ঠিত হয়।ভাৰত আৰু ছুইডেনৰ সম্পৰ্কৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

লগতে পঢ়ক: নেদাৰলেণ্ডত বড়ো ‘আৰনাই’ পৰিধান প্ৰধানমন্ত্ৰীৰ; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট  

নেদাৰলেণ্ডত বড়ো ‘আৰনাই’ পৰিধান প্ৰধানমন্ত্ৰীৰ; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পোষ্ট  

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ দি এটা পোষ্ট শ্বেয়াৰ কৰিছে।

১৭ মে’ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে।মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই পোষ্টটোত লিখিছে যে, নেদাৰলেণ্ডত এক অনুষ্ঠানৰ  সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত বড়ো গামোচা ‘আৰনাই’ পৰিধান কৰাটো অসমৰ বডো সম্প্ৰদায়ৰ চহকী হস্ততাঁত ঐতিহ্য আৰু সাংস্কৃতিক গৌৰৱৰ প্ৰতিফলন। আৰনাই বড়ো জনগোষ্ঠীৰ পৰিচয়, গৌৰৱ আৰু পৰম্পৰাগত কাৰুকাৰ্য্যৰ প্ৰতীক আৰু ইয়াক বিশ্ব মঞ্চত প্ৰতিনিধিত্ব কৰা দেখি গৌৰৱ প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীয়ে কয়, ‘অৰনাইয়ে অসমৰ বড়ো সম্প্ৰদায়ৰ গৌৰৱ আৰু চহকী হস্ততাঁত ঐতিহ্যক প্ৰতিফলিত কৰিছে।আদৰনিয় নৰেন্দ্ৰ মোদী জীয়ে নেদাৰলেণ্ডৰ বিশ্ব মঞ্চত ইয়াক কঢ়িয়াই নিয়া দেখি গৌৰৱান্বিত।’

দৰাচলতে ইউৰোপ ভ্ৰমণৰ অংশ হিচাপে হেগত প্ৰৱাসী ভাৰতীয় সকলক সম্বোধন কৰাৰ সময়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে পৰম্পৰাগত বড়ো গামোচা পৰিধান কৰা দেখা গৈছিল। বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত শান্তি আৰু সমৃদ্ধিৰ নতুন যুগৰ সূচনা কৰা বুলি অভিহিত কৰা কামৰ বাবেও ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনায়।

২০২০ চনত স্বাক্ষৰিত বডো শান্তি চুক্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই চুক্তিয়ে অঞ্চলটোৰ স্বায়ত্তশাসিত পৰিষদক শক্তিশালী কৰি তোলাৰ লগতে বড়োলেণ্ডত দশক দশক ধৰি চলি থকা বিদ্ৰোহৰ অন্ত পেলোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

লগতে পঢ়ক: ‘শিক্ষামন্ত্ৰীক কিয় বৰ্খাস্ত কৰা হোৱা নাই ‘; NEET প্ৰশ্নকাকত ফাদিলক লৈ ৰাহুল গান্ধীৰ সমালোচনা

‘আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে’; নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

নেদাৰলেণ্ডত প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

নেদাৰলেণ্ডত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হেগ আৰু আমষ্টাৰডামত প্ৰৱাসী ভাৰতীয় সকলে ভৱ্য আদৰণি জনোৱা হয়। নেদাৰলেণ্ডৰ ৰাজধানী হেগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়ক সম্বোধন কৰে। নেদাৰলেণ্ডৰ হেগক বিশ্বৰ ‘শান্তিৰ চহৰ’ বুলি জনা যায়।এই সময়ত ভাৰতীয় সমাজৰ উৎসাহ দেখি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়,”কিছু সময়ৰ বাবে মই সম্পূৰ্ণৰূপে পাহৰি গৈছিল যে মই নেদাৰলেণ্ডত আছো। এনে লাগিছিল যেন ভাৰতৰ ক’ৰবাত কিবা উৎসৱ অনুষ্ঠিত হৈছে।”

প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এনে সময়ত হৈছে যেতিয়া ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তি (এফ টি এ)ৰ পিছত ভাৰত-ইউৰোপৰ অৰ্থনৈতিক সম্পৰ্কই নতুন গতি লাভ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে আজিৰ ভাৰতে ডাঙৰ সপোন দেখিছে। ভাৰতে চন্দ্ৰৰ এনে এটা স্থানত উপনীত হৈ ইতিহাসৰ সৃষ্টি কৰিছিল য’ত পৃথিৱীৰ আন কোনো দেশে পূৰ্বে কেতিয়াও যোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে সময়ৰ লগে লগে বহু কথা সলনি হৈছে যদিও ভাৰতৰ সংস্কৃতি আজিও জনসাধাৰণৰ হৃদয়ত বাস কৰি আছে। সময় সলনি হৈছে, কিন্তু মূল্যবোধ আৰু আপোনত্বৰ অনুভৱ সলনি হোৱা নাই।

প্ৰধানমন্ত্ৰী মোদীয়ে ১৬ মে’ক অতি বিশেষ দিন বুলি অভিহিত কৰে।তেওঁ উল্লেখ কৰে যে আজিৰ দিনটোতে, ১২ বছৰ পূৰ্বে ২০১৪ চনত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ হৈ নেদাৰলেণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।মন কৰিবলগীয়া যে বৰ্তমান প্ৰধানমন্ত্ৰী মোদীয়ে পাঁচখন দেশ ভ্ৰমণত আছে।

লগতে পঢ়ক: ‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

‘সংকট বহু ডাঙৰ‘; মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ থালাপথী বিজয়ৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপথী বিজয়ে বস্ত্ৰ উদ্যোগ ৰক্ষাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী গৰাকীক হস্তক্ষেপ কৰি আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে জোচেফ বিজয়ে কৃষকক আকৰ্ষণ কৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি কপাহৰ আমদানি শুল্ক আঁতৰোৱাৰ আবেদন জনাইছে।

দৰাচলতে ঘৰুৱা কপাহৰ উৎপাদন হ্ৰাস পোৱা আৰু উচ্চ মূল্যৰ বাবে বস্ত্ৰ নিৰ্মাতা কোম্পানীসমূহে কেঁচামালৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী থালাপথী বিজয়ে প্ৰধানমন্ত্ৰী মোদীক হস্তক্ষেপ কৰা আৰু বস্ত্ৰ উদ্যোগক বচাবলৈ আমদানি শুল্ক বিলুপ্ত কৰিবলৈ আহ্বান জনাইছে।

তেওঁ কপাহৰ ওপৰত বৰ্তমানৰ ১১% আমদানি শুল্ক শূন্যলৈ হ্ৰাস কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।ইয়াৰ উপৰিও তেওঁ সকীয়াই দিয়ে যে কেঁচামালৰ মূল্য বৃদ্ধিৰ বাবে ৰাজ্যখনৰ বস্ত্ৰ আৰু পোছাক খণ্ডই ভয়াৱহ সংকটৰ সন্মুখীন হৈছে।

মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় ৬০ লাখ কৃষকে কপাহৰ খেতি কৰে।সস্তা বিদেশী কপাহৰ আমদানি ৰোধ কৰিবলৈ কেন্দ্ৰীয় বাজেট ২০২১-২২ত কেঁচা কপাহৰ ওপৰত ১১ শতাংশ আমদানি শুল্ক আৰোপ কৰা হৈছিল।কিন্তু উচ্চ ঔদ্যোগিক চাহিদাৰ তুলনাত উৎপাদন কম হোৱাৰ বাবে চৰকাৰে ২০২৫ চনৰ আগষ্ট মাহত আমদানি শুল্ক ৰেহাই ২০২৫ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰে।

প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা পত্ৰখনত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে কপাহ আৰু সূতাৰ মূল্যৰ ব্যাপক উত্থানে কাপোৰ নিৰ্মাতাসকলৰ বাবে সংকটৰ সৃষ্টি কৰিছে,এইটোও লাখ লাখ শ্ৰমিকৰ জীৱিকাৰ বিষয়।মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে এই উদ্যোগে লাখ লাখ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন প্ৰদান কৰে।এতিয়া কেৱল আমদানিৰ জৰিয়তেহে কেঁচামালৰ নিৰন্তৰ যোগান নিশ্চিত কৰিব পৰা যাব।

মুখ্যমন্ত্রী গৰাকীৰ মতে বিগত দুমাহত কপাহৰ মূল্য ৫৪,৭০০ ৰ পৰা ৬৭,৭০০টকালৈ লৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোদী;  কেইবাটাও বৃহৎ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা

পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা প্ৰধানমন্ত্ৰী মোদী;  কেইবাটাও বৃহৎ চুক্তি স্বাক্ষৰৰ সম্ভাৱনা

আজিৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীৰ পাঁচখন দেশৰ ভ্ৰমণ। প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমে আবুধাবিত ইউ এ ইৰ ৰাষ্ট্ৰপতি নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব।

আজিৰ পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচখন দেশৰ ভ্ৰমণ।ইউ এ ইৰ পৰা আৰম্ভ হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণ।ইয়াৰ পিছত প্ৰধানমন্ত্ৰী গৰাকীয়ে নেদাৰলেণ্ড, ছুইডেন, নৰৱে, আৰু ইটালী ভ্ৰমণ কৰিব।ইতিমধ্যে পুৱা ৮:৩০ বজাত ইউ এ ই অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী।আবুধাবিত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী গৰাকী।

এই সময়ছোৱাত দুয়োখন দেশৰ মাজত লিকুইফাইড পেট্ৰলিয়াম গেছ,এল পি জি আৰু কৌশলগত পেট্ৰলিয়াম মজুতৰ সৈতে জড়িত দুখন মূল চুক্তি স্বাক্ষৰিত হ’ব পাৰে।ইউ এ ইয়ে তেল উৎপাদনকাৰী দেশৰ গোট অ’পেকৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে।এই প্ৰেক্ষাপটত দুয়োখন দেশৰ অংশীদাৰিত্ব তাৎপৰ্যপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হৈছে শক্তি।প্ৰধানমন্ত্ৰী মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত এক বৃহৎ চুক্তি হ’ব পাৰে।য’ত বিশেষকৈ শক্তি সহযোগিতাৰ বিশ্বব্যাপী পৰিৱেশৰ বিষয়েও আলোচনা কৰা হ’ব। প্ৰধানমন্ত্ৰী মোদীৰ ইউ এ ই ভ্ৰমণ এনে সময়ত হৈছে যি সয়মত দেশত তেল সংৰক্ষণৰ অভিযান অব্যাহত আছে।ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বাবে আমেৰিকাৰ ৰেহাইৰ অন্ত পৰিবলৈও ওলাইছে।এই ৰেহাই ১৬ মে’লৈকে দিয়া হৈছে।যদি আমেৰিকাই এই ৰেহাই বৃদ্ধি নকৰে, তেন্তে ভাৰতে হয়তো ৰাছিয়াৰ পৰা খাৰুৱা তেল আমদানি কমাব লাগিব।ইয়াৰ মাজতে ভাৰতে ৰাছিয়াৰ তেলত প্ৰদান কৰা ৰেহাই বৃদ্ধি কৰিবলৈ আমেৰিকাক আবেদন জনাইছে।  

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ কনভয়ৰ ৫০ শতাংশ বাহন হ্ৰাস কৰাৰ সিদ্ধান্ত 

কাশী বিশ্বনাথ মন্দিৰত প্ৰধানমন্ত্ৰী মোদী; ষোড়শোপ্ৰচাৰ পদ্ধতিৰে বিশেষ পূজা-অৰ্চনা

কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা । প্ৰায় ৩০ মিনিট ধৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে বাবা বিশ্বনাথৰ পূজা-অৰ্চনা কৰে।

কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিলে বিশেষ পূজা।ইয়াত তেওঁ বাবা বিশ্বনাথৰ বিশেষ পূজা-অৰ্জনা কৰে।প্ৰধানমন্ত্ৰী মোদীৰ বাৰাণসী ভ্ৰমণৰ আজি দ্বিতীয়টো দিন।দুদিনীয়া ভ্ৰমণেৰে মঙলবাৰে বাৰাণসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী।আজি তেওঁৰ ভ্ৰমণৰ দ্বিতীয় দিনত মূলতঃ কাশী বিশ্বনাথ মন্দিৰত প্ৰাৰ্থনা আৰু পূজা কৰে। সমগ্ৰ বাৰাণসীৰ বিভিন্ন স্থানত স্থাপন কৰা আদৰণি তোৰণৰ মাজেৰে পাৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত উপস্থিত হয়। ইয়াৰ পৰা প্ৰাৰ্থনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে গংগা এক্সপ্ৰেছৱেৰ উদ্বোধনী অনুষ্ঠানৰ বাবে হৰদয়লৈ আগবাঢ়িব।

প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰ কমপ্লেক্সত প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ মন্দিৰত বৈদিক মন্ত্ৰৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছিল। ইফালে কেইবাজনো পুৰোহিতে শাৰী পাতি থিয় হৈ ডম্বৰু বজাই। প্ৰধানমন্ত্ৰী মোদীয়ে হাতযোৰ কৰি মন্দিৰৰ মূল গেটেৰে ভিতৰলৈ প্ৰৱেশ কৰে।লগতে তেওঁক আদৰণি জনোৱা পুৰোহিতসকলক বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কাশী বিশ্বনাথ মন্দিৰত বাবা বিশ্বনাথৰ জ্যোতিৰ্লিংগৰ আগত বহি ষোড়শোপ্ৰচাৰ পদ্ধতিৰে  বিশেষ পূজা কৰে।পূজাৰ অন্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰতী কৰাৰ লগতে মন্দিৰ প্ৰদক্ষিণো কৰে।পিছত প্ৰধানমন্ত্ৰী গৰাকীক ত্ৰিশূল আৰু বাবা বিশ্বনাথ মন্দিৰৰ প্ৰতিৰূপেৰে সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক: ১৪২খন আসনৰ বাবে পশ্চিম বংগত আৰম্ভ ভোটগ্ৰহণ; গৃহমন্ত্ৰীৰ বিশেষ পোষ্ট

“আজি শেষ প্ৰচাৰ,এতিয়া, মই শপত গ্ৰহণ অনুষ্ঠানলৈ হে আহিম”; বংগত  আত্মবিশ্বাসেৰে প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্য

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ শেষৰখন সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে, আজি সভাখন শেষ হোৱাৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানলৈহে আহিম।

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সামৰণি পৰিব। উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাকপুৰত ‘বিজয় সংকল্প’ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে।তেওঁ কয় যে, ‘বাৰাকপুৰৰ মাটিয়ে পৰিৱৰ্তনৰ ঢৌৰ বাট মুকলি কৰি দিছে। বংগত মই য’ত য’ত গৈছো,ইমান গৰমতো এনে জন-উৎসাহ দেখি বিশ্বাস কৰা হৈছে যে মই আকৌ ৪ মে’ৰ ফলাফলৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব লাগিব’।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ‘এইবাৰৰ নিৰ্বাচনৰ এইখন শেষ সভা। মই এই আত্মবিশ্বাস লৈ উভতি যাম যে ৪ মে’ৰ ফলাফলৰ পিছত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠানত মই নিশ্চয় উপস্থিত থাকিম।ইয়াৰ ফলত মোৰ উৎসাহ আৰু অধিক বৃদ্ধি পাইছে। মই এই জনসভালৈ আহি থাকোতে ৰাস্তাৰ দুয়োকাষে ইমানেই ভিৰ আছিল যে মই কল্পনাই কৰিব পৰা নাই ইমান পুৱাই হাজাৰ হাজাৰ মানুহে মোক আশীৰ্বাদ দিবলৈ আহিছিল।আপোনালেক মোৰ পৰিয়াল। আপোনালোকৰ লগত থাকিলে মই আনন্দ পাওঁ’।

লগতে পঢ়ক: ‘আদা, নহৰু, জিৰা… এই ৭ টা কেতিয়াও শাক-পাচলি নহয়’; আপ এৰি যোৱা সাংসদক কটাক্ষ ভগৱান্ত মানৰ

“গণতন্ত্ৰত হিংসা…”; ড’নাল্ড ট্ৰাম্পৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতিক্ৰিয়া

হোয়াইট হাউছৰ সংবাদদাতা ডিনাৰৰ সময়ত ৱাশ্বিংটন হিল্টন হোটেলত সংঘটিত গুলীচালনাৰ ফলত আমেৰিকাত আতংকৰ সৃষ্টি হৈছে ।ড’নাল্ড ট্ৰাম্পৰ লগত সংঘটিত হোৱা ঘটনাক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৱাশ্বিংটন হোটেলৰ গুলীচালনাৰ ঘটনাত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। হোয়াইট হাউছৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত সংঘটিত হোৱা গুলীচালনা ঘটনাৰ সন্দৰ্ভত ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে এই আক্ৰমণক গৰিহণা দি কয় যে গণতন্ত্ৰত হিংসাৰ কোনো স্থান থাকিব নালাগে। তেওঁ ড’নাল্ড ট্ৰাম্পক টেগ কৰি কয় তেওঁ আৰু তেওঁৰ পত্নী ভালেই আছে বুলি জানি সকাহ পাইছো।

এই ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত লিখিছে, ‘এইটো জানি সকাহ পাইছো যে শেহতীয়াকৈ ৱাশ্বিংটন ডিচিৰ এখন হোটেলত সংঘটিত নিৰাপত্তাজনিত কাণ্ডৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প,ফাৰ্ষ্ট লেডী আৰু উপ-ৰাষ্ট্ৰপতি নিৰাপদ আৰু সুস্থ আছে। তেওঁলোকৰ অবিৰত সুৰক্ষা আৰু মংগলৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।গণতন্ত্ৰত হিংসাৰ কোনো স্থান নাই আৰু ইয়াক সকলোৱে নিন্দা কৰা উচিত।

লগতে পঢ়ক: “ছিক্ৰেট চাৰ্ভিছে সাহসেৰে কাম কৰিলে,মই সুৰক্ষিত আছো”; গুলীচালনাৰ পিছত ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

“৪ মে’ৰ ফলাফলৰ পিছত পশ্চিম বংগত শেষ হ’ব গুণ্ডাৰাজ”; টিএমচিক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

নিৰ্বাচনৰ প্ৰচাৰ চলাই প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচিক লক্ষ্য কৰ লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে বহুদিনৰ পৰা পশ্চিম বংগত যি পৰিৱৰ্তনৰ ঢৌ দেখা পোৱা গৈছিল।প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ইয়াত মোহৰ লগাইছে

বৃহস্পতিবাৰে পশ্চিম বংগৰ ১৫২খন আসনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। মুঠ ৯২ শতাংশ ভোটাৰে ভোটদান কৰি অভিলেখ গঢ়িছে। ইয়াৰ পিছতে বিজেপিয়ে বংগত বিজয় হ’ব বুলি দাবী কৰিছে।ডমডমত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়  বহুদিনৰ পৰা বংগত  পৰিৱৰ্তনৰ ঢৌ দেখা পোৱা গৈছিল।কালিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে ইয়াত মোহৰ লগাইছে।কালি বিজেপিৰ সপক্ষে দেখুওৱা সমৰ্থন,বিজেপিৰ বিজয়ৰ নিচান উৰুৱাই।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে,যিখন বংগত টিএমচিয়ে গণতন্ত্ৰৰ মন্দিৰ শেষ কৰিছিল। একনায়কত্ববাদৰ জৰিয়তে তেওঁলোকে গণতন্ত্ৰৰ মন্দিৰক অপবিত্ৰ কৰি পেলাইছিল। সেই বংগত প্ৰথম পৰ্যায়ৰ সময়ত ৰাইজে গণতন্ত্ৰৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিছে।এতিয়া দ্বিতীয় পৰ্যায়ত আপুনি এই গণতন্ত্ৰৰ মন্দিৰৰ ওপৰত বিজয়ৰ পতাকা উত্তোলন কৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে টিএমচি এতিয়া সম্পূৰ্ণৰূপে অসাৰ হৈ পৰিছে। বংগবাসীয়ে ভয় নকৰিব ৪ মে’ত ফলাফল ঘোষণা হোৱাৰ পিছত টিএমচিৰ গুণ্ডাসকল বংগত লুকাই থাকিবলৈ কোনো স্থান নাথাকিব ।তেওঁলোকক বচাবলৈ কোনো নাথাকিব। কালিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণে টিএমচিৰ ‘মহাজংগল ৰাজ’ৰ অন্ত পৰাৰ আগজাননী দিছে।

লগতে পঢ়ক: “১৫২খন আসনৰ ভিতৰত ১১০খন আসনত জয়ী হ’ম”: বংগত ভোটগ্ৰহণক লৈ অমিত শ্বাহৰ ডাঙৰ দাবী