প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ; উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি

পাঁচদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন অং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

সোমবাৰে ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন অং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশ্বাস দিয়ে যে ম্যানমাৰৰ ভূখণ্ড ভাৰতৰ নিৰাপত্তা স্বাৰ্থৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব। দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যৰে দুয়োগৰাকী নেতাই এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। ম্যানমাৰত শেহতীয়াকৈ অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনৰ পিছত ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মিন অং লাইঙৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ আৰু এই পাঁচদিনীয়া ভ্ৰমণসূচীৰ সময়তেই তেওঁ প্ৰধানমন্ত্ৰী মোদীক এই আশ্বাস প্ৰদান কৰে।

আলোচনাৰ সময়ত দুয়োপক্ষই বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, সংযোগ, স্বাস্থ্য, শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে। ইয়াৰ উপৰিও দুয়োগৰাকী নেতাই কালাদান মাল্টি-মডেল ট্ৰানজিট ট্ৰান্সপৰ্ট প্ৰজেক্ট আৰু ভাৰত-ম্যানমাৰ-থাইলেণ্ড ত্ৰিপাক্ষিক ঘাইপথৰ দৰে গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত সক্ৰিয় হৈ থকা সশস্ত্ৰ গোটসমূহক লৈ উদ্বেগ প্ৰকাশ কৰে। লগতে তেওঁ সীমাৰ সিপাৰৰ পৰা হোৱা বিদ্ৰোহী কাৰ্যকলাপ, সামৰিক অভিযান আৰু শৰণাৰ্থীৰ প্ৰব্ৰজনে ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যবাসীৰ ওপৰত পেলোৱা প্ৰভাৱৰ কথাও উল্লেখ কৰে।

মিছৰীয়ে জনায় যে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে যে ম্যানমাৰৰ ভূখণ্ড ভাৰতৰ নিৰাপত্তা স্বাৰ্থৰ পৰিপন্থী কোনো কাৰ্যকলাপৰ বাবে ব্যৱহাৰ হ’বলৈ দিয়া নহ’ব।

দুয়োগৰাকী নেতাই ম্যানমাৰত চলি থকা শান্তি প্ৰক্ৰিয়াৰ বিষয়েও আলোচনা কৰে, য’ত বিভিন্ন জনগোষ্ঠীয় গোটসমূহক একত্ৰিত কৰা আৰু দেশখনত স্থিৰতা অনাৰ প্ৰচেষ্টা অন্তৰ্ভুক্ত আছিল। মোদীয়ে ম্যানমাৰৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ ব্যক্ত কৰাৰ লগতে আলোচনা আৰু সামূহিক অংশগ্ৰহণৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও দেওবাৰে মিন অং লাইঙক সাক্ষাৎ কৰি দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক নিৰাপত্তাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰিছিল।

লগতে পঢ়ক: মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকট; অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল

“অহা এটা বছৰত শেষ হ’ব মোদী চৰকাৰ”; কেন্দ্ৰ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে এবছৰৰ ভিতৰত মোদী চৰকাৰৰ পতন ঘটিব আৰু দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ কাৰণ হ’ব।

কংগ্ৰেছ দলৰ সংখ্যালঘু পৰামৰ্শদাতা সমিতিৰ এখন বৈঠকৰ সময়ত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এটা উল্লেখযোগ্য ৰাজনৈতিক বক্তব্য প্ৰদান কৰিছে। ৰাহুল গান্ধীয়ে দৃঢ়তাৰে কয় যে অহা এবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ বিদায় নিশ্চিত। জানিব পৰা মতে, ৰাহুল গান্ধীয়ে কয় যে বিশ্বৰ অৰ্থনৈতিক অৱস্থা আৰু দেশৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক অসন্তুষ্টি ইয়াৰ প্ৰধান কাৰণ হ’ব।তেওঁ কয় যে, পৰিস্থিতিৰ যিদৰে উন্মোচিত হৈছে আৰু জনসাধাৰণৰ মাজত যিদৰে ক্ৰমাৎ ক্ষোভ বৃদ্ধি পাইছে,ইয়াৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিত দেখা যাব।

বৈঠকৰ সময়ত একাংশ নেতাই ‘মুছলিম’ শব্দৰ সলনি ‘সংখ্যালঘু’ শব্দটো ব্যৱহাৰ কৰাৰ বাবে আবেদন জনায়।এই সন্দৰ্ভত মতানৈক্য প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয় যে ভয় কৰাৰ কোনো প্ৰয়োজন নাই,অন্যায়ৰ সন্মুখীন হোৱা সমাজৰ যিকোনো শ্ৰেণীৰ সৈতে মুকলিকৈ থিয় হ’ব লাগিব।তেওঁ উল্লেখ কৰিছিল যে লাগিলে তেওঁ হিন্দু, দলিত, সাৱৰ্ণ, মুছলমান, শিখ, খ্ৰীষ্টান, বা বৌদ্ধ বা জৈন হওক,কংগ্ৰেছে সকলোৰে অধিকাৰৰ বাবে মাত মাতিব লাগে।

লগতে পঢ়ক: ফাল্টাত বিজেপিৰ বিজয় গুঞ্জন; ১ লাখতকৈও অধিক ভোটত পৰাজয় জাহাংগীৰ খানৰ

প্ৰধানমন্ত্ৰী মোদীক ঝালমুড়ি বিক্ৰী কৰি বিপদত বিক্ৰম; ফোনযোগে মৃত্যুৰ ভাবুকি

পশ্চিম বংগত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঝালমুড়ি বিক্ৰেতা বিক্ৰম সৌৱে শিৰোনাম দখল কৰিছিল। প্ৰধানমন্ত্ৰীক ঝলমুড়ি বিক্ৰী কৰি বিপদত পৰিছে বিক্ৰম।

পশ্চিমবংগৰ ঝাৰগ্ৰামৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। পশ্চিম বংগত বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত ঝালমুড়ি বিক্ৰেতা বিক্ৰম সৌৱে শিৰোনাম দখল কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দোকানত ঝলমুড়িৰ সোৱাদ ল’বলৈ ৰৈছিল।অৱশ্যে বিক্ৰম সৌৱে এতিয়া দাবী কৰিছে যে বিশেষকৈ পাকিস্তান আৰু বাংলাদেশৰ পৰা আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা তেওঁ লৈ অহৰহ ভাবুকিমূলক ফোন আৰু ভিডিঅ’ কল আহি আছে।

দৰাচলতে ১৯ এপ্ৰিলত ঝাৰগ্ৰামত নিৰ্বাচনী সমাৱেশৰ পৰা উভতি অহাৰ সময়তে হঠাৎ পথৰ কাষতে থকা বিক্ৰমৰ ষ্টলত ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।তেওঁ দোকানৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল ঝলমুৰি খোৱাই নহয় বিক্ৰমৰ সৈতে বাৰ্তালাপো কৰিছি,ইয়াৰ ফলত বিক্ৰমে ‘প্ৰধানমন্ত্ৰীৰ ঝলমুৰি বিক্ৰেতা’ৰ পৰিচয় লাভ কৰে।

বিক্ৰমৰ অভিযোগ যে বিগত কিছুদিন ধৰি তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে।প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ কৰাৰ বাবেই বাবেই তেওঁক টাৰ্গেট কৰা বুলি দাবী কৰিছে ফোন কৰা সকলে।

বিষয়টোৰ গম্ভীৰতা আৰু ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সংযোগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে,বিক্ৰম সৌৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ তেওঁৰ দোকান আৰু বাসগৃহৰ আশে-পাশে আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।আৰক্ষী প্ৰশাসনে এই আন্তঃৰাষ্ট্ৰীয় নম্বৰ কেইটাক ট্ৰেক কৰি তথ্য লাভ কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: অনুপ্ৰৱেশৰ বিৰুদ্ধে শূন্য-সহনশীলতা নীতি: দেশৰ সীমান্ত চিল কৰিবলৈ আৰম্ভ হ’ব ‘স্মাৰ্ট বৰ্ডাৰ প্ৰকল্প’

কেৱল মেলোডি নহয়; জৰ্জিয়া মেলনীক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে অসমৰ বিশেষ উপহাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে দিয়া মেলোডী চকলেটৰ ভিডিঅ’ আৰু ছবি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে। কিন্তু মেলোডী চকলেটৰ লগতে মেলনীক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে অসমৰ বিশেষ উপহাৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীৰ পাঁচখন দেশৰ ভ্ৰমণৰ সামৰণি মাৰি ভাৰতলৈ উভতি আহিছে। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীক ‘মেলোডী’ টফি উপহাৰ দি সকলোতে আলোচনাৰ সূচনা কৰিছে।প্ৰধানমন্ত্ৰী মোদীৰ পৰা এই উপহাৰ লাভ কৰাৰ লগে লগে মেলনী একেবাৰে আনন্দত আত্মহাৰা হৈ পৰাৰ লগতে এটা ভিডিঅ’ৰ জৰিয়তেও নিজৰ সুখ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰীক দিয়া ‘Melody’ উপহাৰৰ ভিডিঅ’ আৰু ছবিবোৰ সামাজিক মাধ্যমত অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।প্ৰধানমন্ত্ৰী মোদীয়ে মেলনীক দিয়া এই উপহাৰটো মানুহে অত্যন্ত বিশেষ বুলি বিবেচনা কৰিছিল। কিন্তু আমোদজনক কথাটো হ’ল ‘মেলোডী’ৰ ট্ৰেণ্ড ভাইৰেল হ’লেও প্ৰধানমন্ত্ৰী মোদীয়ে মেলনীক ভাৰতৰ আন দুটা অতি সুন্দৰ উপহাৰ প্ৰদান কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী মেলনীক অসমৰ মুগাৰ এখন শাৰী উপহাৰ দিছে। গাঢ় নীলা আৰু মুগাত বোৱা এই শাৰীখনে অসমৰ সংস্কৃতি আৰু চহকী কৰিছে।

কেৱল মুগা শাৰীখনেই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে মেলনীক শিৰুই লিলি ৰেচমৰ পৰা তৈয়াৰী এখন মণিপুৰী ষ্ট’লো উপহাৰ দিয়ে। যি মণিপুৰৰ বিৰল ফুলৰ পৰা অনুপ্ৰাণিত।এই বগা চাদৰখনৰ সীমা ৰঙা, আৰু ইয়াত গোলাপী ফুল অংকন কৰা হৈছে।

আচলতে এই ষ্ট’লখনৰ ডিজাইনটো শ্বিৰুই লিলি ফুলৰ সৈতে মিল আছে।ঘণ্টা আকৃতিৰ এই ফুলটো যথেষ্ট সুক্ষ্ম; ইয়াৰ পাহিবোৰ শেঁতা গোলাপী-বগা ৰঙৰ।মণিপুৰৰ শিৰুই কাছং শৃংগত পোৱা বিৰল শিৰুই লিলিৰ পৰাই ইয়াক অংকন কৰা হৈছে। এই শিৰুই লিলিৰ ৰেচমৰ আটাইতকৈ লক্ষণীয় কথাটো হ’ল এই ফুলপাহ মণিপুৰৰ বাহিৰে পৃথিৱীৰ আন ক’তো পোৱা নাযায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীক উত্তৰ-পূব ভাৰতৰ দুটা সুকীয়া উপহাৰ দি সাংস্কৃতিক কূটনীতিৰ ইংগিত প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও কেৱল মেলোনিযকেই নহয়, তেওঁ পাঁচখন দেশৰ ভ্ৰমণৰ সময়ত সকলোৰে বাবে কিছুমান অনন্য বস্তুও লৈ আহিছিল।

লগতে পঢ়ক: “উপহাৰৰ বাবে ধন্যবাদ”; প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক দিলে মেলোডীৰ বিশেষ উপহাৰ

কেবিনেট সালসলনিৰ জল্পনা-কল্পনাৰ মাজতে জৰুৰী বৈঠক; প্ৰধানমন্ত্ৰীয়ে ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব মন্ত্ৰী পৰিষদৰ এখন বৈঠক। য’ত বিগত দুবছৰত মন্ত্ৰীসকলৰ কাম-কাজৰ ৰিপ’ৰ্ট কাৰ্ড দাখিল কৰা হ’ব।

যুদ্ধকালীন পৰিস্থিতিৰ মাজতে আজি কেন্দ্ৰীয় কেবিনেটৰ জৰুৰী বৈঠকৰ আহ্বান কৰা হৈছে। পাঁচ দিনীয়া বিদেশ ভ্ৰমণৰ পৰা উভতি আহিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠক আহ্বান কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে বিয়লি ৪ বজাত নতুন দিল্লীৰ ‘সেৱা তীৰ্থ’ত মন্ত্ৰী পৰিষদৰ বৈঠকৰ সভাপতিত্ব কৰিব।

এই বৈঠক এবছৰৰ পাছত অনুষ্ঠিত হৈছে, আৰু ইয়াত সকলো কেবিনেট মন্ত্ৰী, স্বতন্ত্ৰ দায়িত্ব থকা ৰাজ্যিক মন্ত্ৰী, আৰু অন্যান্য ৰাজ্যিক মন্ত্ৰীও উপস্থিত থাকিব। এই বৈঠকৰ সময়ত বিভিন্ন মন্ত্ৰালয়ৰ কাৰ্য্যকলাপ, মূল সিদ্ধান্ত আৰু ইয়াৰ ফলাফল, আৰু ভৱিষ্যতৰ পৰিকল্পনাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।এনে পৰিস্থিতিত এই বৈঠকত চৰকাৰে কোনো বৃহৎ আৰু উল্লেখযোগ্য সিদ্ধান্ত ল’বনে নাই সেয়া লক্ষণীয় হ’ব৷

মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ সালসলনি সন্দৰ্ভত জল্পনা-কল্পনাৰ মাজতে মন্ত্ৰী পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। পশ্চিম এছিয়াৰ সংকটৰ মাজতে সমগ্ৰ দেশৰ দৃষ্টি প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ ওপৰত আছে।এই বৈঠকক কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজৰ এক উল্লেখযোগ্য মধ্যকালীন পৰ্যালোচনা হিচাপে চোৱা হৈছে।

লগতে পঢ়ক: “প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দেশদ্ৰোহী,ভাৰতত বিক্ৰী কৰিলে”; পুনৰ ৰাহুল গান্ধীৰ বিতৰ্কিত মন্তব্য

“উপহাৰৰ বাবে ধন্যবাদ”; প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক দিলে মেলোডীৰ বিশেষ উপহাৰ

ইটালী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জৰ্জিয়া মেল’নীক ‘মেলোডী’ টফিৰ এটা পেকেট উপহাৰ দিয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমান ইটালীত আছে। ইটালীত উপস্থিত হোৱাৰ পিছত ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ ফটো ভাইৰেল হ’বলৈ আৰম্ভ কৰিছে।এই সময়ত প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীক প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ ‘মেলোডী’ টফি উপহাৰ দিয়ে।

এই উপহাৰৰ বাবে ইটালীৰ প্ৰধানমন্ত্ৰী মেল’নীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীক উপহাৰৰ বাবে ধন্যবাদ জনাইছে। প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই মেল’নীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি লিখিছে- “উপহাৰৰ বাবে ধন্যবাদ।” তেওঁলোকৰ আনন্দময় সময়ৰ এই ভিডিঅ’ ইণ্টাৰনেট ট্ৰেণ্ড হৈ পৰিছে।মেল’নিৰ এই পোষ্টটোৰ পিছতে ছ’চিয়েল মিডিয়াত ‘মেলোডি’ চকলেটক লৈ আলোচনা তীব্ৰতৰ হৈ পৰিছে।

মঙলবাৰে ৰোমত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে, পাঁচখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী মোদীয়ে মেল’নীক ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত সাক্ষাৎ কৰে।ইয়াৰ পিছত দুয়োজনে আইকনিক কলছিয়াম ভ্ৰমণকৰে, য’ত তেওঁলোকে বহুতো বিষয়ৰ ওপৰত গভীৰ কথা-বতৰাত লিপ্ত হয়।

লগতে পঢ়ক: ‘ৰোমলৈ আপোনাক স্বাগতম, মোৰ বন্ধু’; ইটালীত উপস্থিত হোৱাৰ পিছতেই ভাইৰেল মোদী-মেলনীৰ নতুন চেলফি

‘ৰোমলৈ আপোনাক স্বাগতম, মোৰ বন্ধু’; ইটালীত উপস্থিত হোৱাৰ পিছতেই ভাইৰেল মোদী-মেলনীৰ নতুন চেলফি

আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে ইটালীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।ইয়াৰ ৰাজধানী ৰোমত তেওঁক আদৰণি জনোৱা হৈছিল। ইফালে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে (১৯ মে’ ২০২৬) তেওঁৰ ৫খন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয়,য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয়।উল্লেখ্য যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ বিশেষ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী ৰোমত উপস্থিত হৈছে। ইটালীত এয়া তেওঁৰ প্ৰথমটো চৰকাৰী দ্বিপাক্ষিক ভ্ৰমণ।  

বিমানবন্দৰত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। প্ৰধানমন্ত্ৰীক দেখি প্ৰৱাসী ভাৰতীয়সকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰীয়েও ৰোমত ভাৰতীয় প্ৰৱাসীসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেল ‘X’ত তেওঁৰ সৈতে এখন নতুন আৰু অতি সুন্দৰ চেলফি পোষ্ট কৰে। পোষ্ট শ্বেয়াৰ কৰি মেল’নীয়ে লিখিছে, ‘ৰোমলৈ আদৰণি জনাইছোঁ, মোৰ বন্ধু।’ সামাজিক মাধ্যমত এই ফটোখন এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।

এইটো প্ৰধানমন্ত্ৰী মোডী আৰু জৰ্জিয়া মেল’নীৰ ছবি বা চেলফি ইণ্টাৰনেটত ভাইৰেল হোৱা প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে ২০২৩ চনত ডুবাইত অনুষ্ঠিত হোৱা COP28 শীৰ্ষ সন্মিলনৰ সময়ত তোলা মেল’নিৰ ‘গুড ফ্ৰেণ্ডছ এট চিঅ’পি২৮’ চেলফি আৰু তাৰ পিছত, ২০২৪ চনত ইটালীৰ আপুলিয়াত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত “টিম মেলোডীৰ তৰফৰ পৰা হেল্ল'” বুলি অভিবাদন জনোৱা ভিডিঅ’টোৱে বিশ্বজুৰি শিৰোনাম দখল কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত নিজৰ এই ভ্ৰমণৰ বিষয়ে তথ্য দি কয় যে তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ইটালীৰ মাজৰ সহযোগিতা শক্তিশালী কৰা। তেওঁ লিখিছে, ‘মই ইটালীৰ ৰোম চহৰত অৱতৰণ কৰিছোঁ। মই ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মেটাৰেল্লা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ সৈতে আলোচনা কৰিম। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ভাৰত-ইটালীৰ সহযোগিতাক উদগনি দিয়া, বিশেষকৈ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা। যুটীয়া কৌশলগত কাৰ্য পৰিকল্পনা ২০২৫-২০২৯ ৰো পৰ্যালোচনা কৰা হ’ব। মই খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ মুখ্য কাৰ্যালয়ো ভ্ৰমণ কৰিম আৰু বহুপক্ষীয়তাৰ লগতে গোলকীয় খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰিম।’

লগতে পঢ়ক: ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা;  জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা;  জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

জুন মাহত ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।

অহা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে। ফ্ৰান্সত অনুষ্ঠিত হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে অংশগ্ৰহণ কৰিব ।১৫ জুনৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই বৈঠক ফ্ৰান্সৰ ইভিয়ান-লেছ-বেইনছত অনুষ্ঠিত হ’ব।ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে প্ৰধানমন্ত্ৰী মোদীক জি-৭ শীৰ্ষ সন্মিলনলৈ আমন্ত্ৰণ জনাইছে।যদিও ভাৰত জি-৭ৰ সদস্য নহয়, তথাপিও ফ্ৰান্সে ইয়াক অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে।

১৬ মাহতকৈ অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে।জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে ফ্ৰান্স ভ্ৰমণ কৰিবলৈ সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।সংস্থাটোৰ মতে, এই সন্মিলন ১৫ জুনৰ পৰা ১৭ জুনলৈ অনুষ্ঠিত হ’ব।

শেহতীয়াকৈ ফ্ৰান্সৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ভ্ৰমণ নিশ্চিত কৰি এক বিবৃতি প্ৰকাশ কৰিছে।এই বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু ফ্ৰান্সৰ ইউৰোপ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জিন-ন’ৱেলৰ মাজত হোৱা কথোপকথনৰ মূল উল্লেখযোগ্য দিশসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছিল।এই কথা-বতৰা ফ্ৰান্সৰ Abbaye des Vaux-de-Cernay জি-৭ৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকৰ সময়ত হৈছিল।

ফ্ৰান্স চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে:দুয়োগৰাকী মন্ত্ৰীয়ে এইটো কথাত আদৰণি জনায় যে ইভিয়ান শীৰ্ষ সন্মিলনত (১৫–১৭ জুন) প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰাটো নিশ্চিত।এই কথা মনত ৰাখি দুয়োজন মন্ত্ৰীয়ে জি-৭ৰ কামত ভাৰতৰ অৱদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।’  

লগতে পঢ়ক: পুনৰ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, অংশ ল’ব ব্ৰিকছ সন্মিলনত

ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰা হয়।

ছুইডেনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰয়েল অৰ্ডাৰ অৱ দ্য পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছৰে সন্মানিত কৰা হয়। এই সন্মান ছুইডেনৰ কোনো চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছুইডেনত উপস্থিত হোৱাৰ লগে লগে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ হজালমাৰ ক্ৰীষ্টাৰছনে বিমানবন্দৰত তেওঁক উষ্ম আদৰণি জনায়, আৰু তেওঁক পৰম্পৰাগত ভাৰতীয় নৃত্য প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়।ইয়াৰ পিছতে তেওঁলোকে আফছলুইটডাইক বান্ধ পৰিদৰ্শন কৰে।

এই ভ্ৰমণৰ এটা বিশেষ বৈশিষ্ট্য হ’ল এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডাৰ লেয়েনৰ সৈতে ইউৰোপীয় উদ্যোগৰ বাবে ৰউণ্ড টেবুলৰ কাৰ্যসূচীত ভাষণ দিব।যিটো ইউৰোপ মহাদেশৰ অন্যতম প্ৰভাৱশালী ব্যৱসায়িক মঞ্চ হিচাপে গণ্য কৰা হয়।প্ৰধানমন্ত্ৰী মোদীৰ বাবে এয়া ৩১ সংখ্যক বিশ্বব্যাপী সন্মান।

লগতে পঢ়ক: গ্ৰীপেন যুঁজাৰু বিমানেৰে আকাশত এস্কৰ্ট; বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক ভৱ্য আদৰণি