আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণৰ বাবে ইটালীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।ইয়াৰ ৰাজধানী ৰোমত তেওঁক আদৰণি জনোৱা হৈছিল। ইফালে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এখন চেলফি শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে (১৯ মে’ ২০২৬) তেওঁৰ ৫খন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্যায়ত ইটালীৰ ৰাজধানী ৰোমত উপস্থিত হয়,য’ত তেওঁক উষ্ম আদৰণি জনোৱা হয়।উল্লেখ্য যে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ বিশেষ নিমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী মোদী ৰোমত উপস্থিত হৈছে। ইটালীত এয়া তেওঁৰ প্ৰথমটো চৰকাৰী দ্বিপাক্ষিক ভ্ৰমণ।
বিমানবন্দৰত ইটালীৰ উপ-প্ৰধানমন্ত্ৰী এণ্টনিঅ’ তাজানীয়ে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায়। প্ৰধানমন্ত্ৰীক দেখি প্ৰৱাসী ভাৰতীয়সকলৰ মাজতো ব্যাপক উৎসাহ দেখিবলৈ পোৱা যায়। প্ৰধানমন্ত্ৰীয়েও ৰোমত ভাৰতীয় প্ৰৱাসীসকলক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীয়ে তেওঁৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেল ‘X’ত তেওঁৰ সৈতে এখন নতুন আৰু অতি সুন্দৰ চেলফি পোষ্ট কৰে। পোষ্ট শ্বেয়াৰ কৰি মেল’নীয়ে লিখিছে, ‘ৰোমলৈ আদৰণি জনাইছোঁ, মোৰ বন্ধু।’ সামাজিক মাধ্যমত এই ফটোখন এতিয়া তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে।
এইটো প্ৰধানমন্ত্ৰী মোডী আৰু জৰ্জিয়া মেল’নীৰ ছবি বা চেলফি ইণ্টাৰনেটত ভাইৰেল হোৱা প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে ২০২৩ চনত ডুবাইত অনুষ্ঠিত হোৱা COP28 শীৰ্ষ সন্মিলনৰ সময়ত তোলা মেল’নিৰ ‘গুড ফ্ৰেণ্ডছ এট চিঅ’পি২৮’ চেলফি আৰু তাৰ পিছত, ২০২৪ চনত ইটালীৰ আপুলিয়াত অনুষ্ঠিত হোৱা জি-৭ শীৰ্ষ সন্মিলনৰ সময়ত “টিম মেলোডীৰ তৰফৰ পৰা হেল্ল'” বুলি অভিবাদন জনোৱা ভিডিঅ’টোৱে বিশ্বজুৰি শিৰোনাম দখল কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়েও ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ত নিজৰ এই ভ্ৰমণৰ বিষয়ে তথ্য দি কয় যে তেওঁৰ এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰত আৰু ইটালীৰ মাজৰ সহযোগিতা শক্তিশালী কৰা। তেওঁ লিখিছে, ‘মই ইটালীৰ ৰোম চহৰত অৱতৰণ কৰিছোঁ। মই ৰাষ্ট্ৰপতি ছাৰ্জিঅ’ মেটাৰেল্লা আৰু প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীক সাক্ষাৎ কৰিম আৰু তেওঁলোকৰ সৈতে আলোচনা কৰিম। এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ভাৰত-ইটালীৰ সহযোগিতাক উদগনি দিয়া, বিশেষকৈ ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা। যুটীয়া কৌশলগত কাৰ্য পৰিকল্পনা ২০২৫-২০২৯ ৰো পৰ্যালোচনা কৰা হ’ব। মই খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ মুখ্য কাৰ্যালয়ো ভ্ৰমণ কৰিম আৰু বহুপক্ষীয়তাৰ লগতে গোলকীয় খাদ্য সুৰক্ষাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰিম।’
লগতে পঢ়ক: ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকৰ সম্ভাৱনা; জি-৭ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ









