১৪২খন আসনৰ বাবে পশ্চিম বংগত আৰম্ভ ভোটগ্ৰহণ; গৃহমন্ত্ৰীৰ বিশেষ পোষ্ট

১৪২খন আসনৰ বাবে পশ্চিম বংগত আৰম্ভ ভোটগ্ৰহণ; গৃহমন্ত্ৰীৰ বিশেষ পোষ্ট

আজি পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সকলোকে ওলাই আহি ভোট দিবলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ। বুধবাৰে পুৱা ৭:০০ বজাৰ পৰা পশ্চিম বংগ বিধানসভাৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।৭খন জিলাৰ ১৪২খন বিধানসভা আসনৰ বাবে দ্বিতীয়

আজি পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সকলোকে ওলাই আহি ভোট দিবলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ।

বুধবাৰে পুৱা ৭:০০ বজাৰ পৰা পশ্চিম বংগ বিধানসভাৰ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হৈছে।৭খন জিলাৰ ১৪২খন বিধানসভা আসনৰ বাবে দ্বিতীয় পৰ্যায়ত মুঠ ৩,২১,৭৩,৮৩৭ গৰাকী ভোটাৰে ভোটদান কৰিব।  ইয়াৰ ভিতৰত ১৬,৪৩৫,৬২৭ জন পুৰুষ, ১৫,৭৩৭,৪১৮ জন মহিলা, আৰু ৭৯২ জন তৃতীয় লিংগৰ ভোটাৰ আছে।ভোটদানৰ বাবে ৪১,০০১টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে,য’ত প্ৰতিটো বুথৰ ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে মহিলা আৰু যুৱক-যুৱতীসকলক বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনাইছে। তেওঁ সামাজিক মাধ্যমত সকলোকে আহ্বান জনাইছে যে, ‘ভয়, ছিণ্ডিকেট আৰু দুৰ্নীতিৰ শাসনৰ পৰা বংগক মুক্ত কৰিবলৈ দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ সকলো ভোটাৰ,বিশেষকৈ মাতৃ, ভগ্নী, আৰু যুৱক-যুৱতীসকলক আহ্বান জনাইছো যে তেওঁলোকে সৰ্বাধিক সংখ্যক ভোটদান কৰক।আপোনাৰ এটা ভোটে বংগৰ গৌৰৱ পুনৰ ঘূৰাই অনাৰ মাধ্যম হিচাপে কাম কৰিব, লগতে মহিলাৰ সুৰক্ষা নিশ্চিত কৰিব।বংগৰ যুৱক-যুৱতীসকলৰ সপোন কেৱল এখন চৰকাৰেহে পূৰণ কৰিব পাৰিব, যাৰ ওচৰত উন্নয়নৰ দৃষ্টিভংগী আৰু অনুপ্ৰৱেশকাৰীক পদ্ধতিগতভাৱে অপতৃণ আঁতৰাই বহিষ্কাৰ কৰাৰ সংকল্প দুয়োটা আছে। ‘সোনাৰ বাংলা’ৰ বাবে অভিলেখ সংখ্যক ভোট দিয়ক’।

লগতে পঢ়ক: আপত মোক্ষম আঘাত; ৭ সাংসদক বিজেপিত যোগদানত অনুমোদন ৰাজ্যসভাৰ অধ্যক্ষৰ

শেহতীয়া প্ৰৱন্ধসমূহ