বংগৰ নিৰ্বাচনৰ মাজতে হুগলী নদীত নৌকা বিহাৰ প্ৰধানমন্ত্ৰী মোদীৰ…

বংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সামৰণি পৰিল।দ্বিতীয় পৰ্যায়ৰ আসনৰ বাবে প্ৰচাৰ এতিয়া তীব্ৰতৰ হৈ পৰিছে।ইফালে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হুগলী নদীত নৌকাবিহাৰ কৰে।

ঝালমুৰি উপভোগ কৰাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বংগত নাও যাত্ৰা কৰা দেখা গ’ল।শুকুৰবাৰে হুগলী নদীত নৌকাবিহাৰ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।খোদ প্ৰধানমন্ত্ৰী গৰাকীয়ে ছচিয়েল মিডিয়াত ইয়াৰ ফটো শ্বেয়াৰ কৰিছে।এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেও ফটো তুলিছিল।

ছবিসমূহত প্ৰধানমন্ত্ৰী মোদীক এখন নাঁৱত, হাতত কেমেৰা লৈ থকা দেখিবলৈ পোৱা গৈছে।ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত হুগলী নদীত নাও যাত্ৰাৰ ছবি শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে—প্ৰতিজন বঙালীৰ বাবে গংগাই এক অতি বিশেষ স্থান দখল কৰিছে।কোনোবাই ক’ব পাৰে যে বংগৰ আত্মাৰ মাজেৰে গংগা বৈ যায়।ইয়াৰ পবিত্ৰ জলে এটা সমগ্ৰ সভ্যতাৰ চিৰন্তন আত্মাক সামৰি লৈছে।

ছ’চিয়েল মিডিয়া পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে আৰু লিখিছে—আজি ৰাতিপুৱা কলকাতাত হুগলী নদীৰ পাৰত কিছু সময় কটালোঁ—এয়া আছিল মাতৃ গংগাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক সুযোগ।লগতে,তাত থকা নাৱৰীয়াসকলকো লগ পোৱাৰ সুযোগ পাইছিলোঁ,যাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰৱণতা সঁচাকৈয়ে প্ৰশংসনীয়,আৰু পুৱা খোজ কাঢ়িবলৈ অহা সকলকো লগ পাইছিলো। হুগলীৰ পাৰত,মই পশ্চিম বংগৰ উন্নয়ন আৰু মহান বঙালী জনগোষ্ঠীৰ সমৃদ্ধিৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ দোহাৰিলোঁ ।

লগতে পঢ়ক: “ঝালমুৰি মই খালো,জ্বলা-পোৰা অনুভৱ টিএমচিয়ে কৰিছে”: মমতা বেনাৰ্জীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰীক ‘সন্ত্রাসবাদী’ আখ্যা দি বিপদত AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে;  নিৰ্বাচন আয়োগৰ জাননী

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি কৰিছে। প্ৰধানমন্ত্ৰী মোদীক সন্ত্ৰাসবাদী আখ্যা দিছিল মল্লিকাৰ্জুন খৰ্গেই। ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিয়াৰ বাবে জাননী জাৰি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘সন্ত্রাসবাদী’ বুলি অভিহিত কৰি এতিয়া বিপদত পৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে।নিৰ্বাচন আয়োগে কংগ্ৰেছৰ সভপতি গৰাকীলৈ জাননী জাৰি কৰিছে। নিৰ্বাচন আয়োগে এই বক্তব্যক অতি গুৰুত্বসহকাৰে লৈ ২৪ ঘন্টাৰ ভিতৰত খাৰ্গেৰ পৰা সঁহাৰি বিচাৰিছে। আয়োগে তেওঁক প্রধানমন্ত্রী নৰেন্দ্র মোদীক কিয় ‘সন্ত্রাসবাদী’ বুলি আখ্যা দিয়ে বুলি প্রশ্ন কৰিছে৷ বুধবাৰে বিজেপিয়ে দাখিল কৰা এজাহাৰৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে নিৰ্বাচন আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।

দৰাচলতে মঙলবাৰে তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰৰ সময়ত খৰ্গেৱে প্ৰধানমন্ত্ৰী মোদীক সন্দৰ্ভত এক বিতৰ্কিত বক্তব্য প্ৰদান কৰে।তেওঁ কৈছিল যে,  নৰেন্দ্ৰ মোদী সন্ত্ৰাসবাদী হয়। এই বিবৃতি সন্দৰ্ভত বুধবাৰে নিৰ্বাচন আয়োগক বিজেপিয়ে আনুষ্ঠানিক অভিযোগ দাখিল কৰে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিংকে ধৰি বিজেপিৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল নিৰ্বাচন আয়োগৰ ওচৰত উপস্থিত হয়। তেওঁলোকে অভিযোগ কৰে যে কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গালি-গালাজৰ সকলো সীমা অতিক্ৰম কৰিছে। খৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিজেপিয়ে দাবী জনাইছে ।

লগতে পঢ়ক: পশ্চিমবংগ আৰু তামিলনাডুত ভোটগ্ৰহণ আৰম্ভ; শেষ হ’ব নেকি মমতা ৰাজ!

“পহলগামত প্ৰাণ হেৰুওৱা সকলক পাহৰি যাব নোৱাৰি”; সন্ত্ৰাসবাদী আক্ৰমণৰ নিহতলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

যোৱা বছৰৰ আজিৰ দিনটোতে পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱা নিৰীহ লোকসকলক স্মৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

পহলগাম নৰসংহাৰ ঘটনাৰ এবছৰ সম্পূৰ্ণ হ’ল। সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক সুঁৱৰি শোকস্তব্ধ হৈ পৰিছে দেশবাসী। এই ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকক জাতিটোৱে আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছে। পহলগাম আক্ৰমণত প্ৰাণ হেৰুওৱাসকলক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত এটা পোষ্ট দিছে।

এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে এই আক্ৰমণত নিহতসকলক কেতিয়াও পাহৰি যাব নোৱাৰি। যোৱা বছৰৰ আজিৰ দিনটোতে পহলগামত সংঘটিত হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুৱাই পেলোৱা নিৰীহ লোকসকলক আমি মনত পেলাই আছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ,যিসকলে এই অপৰিসীম ক্ষতিৰ সন্মুখীন হৈছে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, “এই শোকৰ সময়ত সমগ্ৰ জাতিৰ সহানুভূতি শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে আছে।এটা জাতি হিচাপে আমি শোক আৰু দৃঢ়তাৰে একত্ৰিত হৈ আছো। ভাৰতে কেতিয়াও কোনো ধৰণৰ সন্ত্ৰাসবাদৰ আগত শিৰনত নকৰে।সন্ত্ৰাসবাদীৰ জঘন্য পৰিকল্পনা কেতিয়াও সফল নহ’ব।

লগতে পঢ়ক: ভাৰতে নাপাহৰে… অপাৰেচন সিন্দুৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বে ভাৰতীয় সেনাৰ বিশেষ বাৰ্তা

“অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ সংস্কৃতি পৰিৱৰ্তন কৰিছে”: মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ সংস্কৃতি পৰিৱৰ্তন কৰিছে

দেওবাৰে (১৯ এপ্ৰিল) পশ্চিম বংগৰ পুৰুলিয়াত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় তেওঁ জনজাতীয় বিৰোধী। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে টিএমচিয়ে অনুপ্ৰৱেশকাৰীক উৎসাহিত কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কৈছে যে- অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ ভাষা-সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে।টিএমচিয়ে ‘মহাজংগল ৰাজ’ প্ৰতিষ্ঠা কৰাৰো অভিযোগ উত্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে  অভিযোগ কৰে তৃণমূল কংগ্ৰেছে আদিবাসীক আওকাণ কৰে, তেওঁলোকৰ মাটি দখল কৰি দুৰ্নীতি, ভয় আৰু পিছলৈ ঠেলি দিছে।ইমানেই নহয় অনুপ্ৰৱেশকাৰীৰ বাবে বংগৰ ভাষা-সংস্কৃতিৰো পৰিৱৰ্তন দেখা গৈছে।

লগতে পঢ়ক: ২৯ এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণৰ অন্তিম সুযোগ: টিএমচিৰ “গুণ্ডাৰাজ আৰু চিণ্ডিকেট”ক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সকীয়নি

“১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বংগত ধাৰাবাহিকভাৱে সভা অনুষ্ঠিত কৰিছে। ইয়াৰ মাজতে দেওবাৰে পথৰ কাষৰ দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে।

পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিৰ্বাচনী প্ৰচাৰৰ মাজতে পশ্চিম বংগৰ পথৰ কাষৰ দোকানত ৰৈ খাদ্যৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰী গৰাকীৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ঝাৰগ্ৰামত এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে হেলিপেড খেলপথাৰলৈ যোৱাৰ পথত হঠাৎ কলেজ ম’ৰত ৰৈ দিয়ে। য’ত তেওঁ স্থানীয় দোকানৰ পৰা ঝালমুৰি খোৱাৰ লগতে সাধাৰণ মানুহৰ লগতো মত বিনিময় কৰে।

ঝালমুৰি খোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত ইয়াৰ ছবি শ্বেয়াৰ কৰি লিখিছে-দেওবাৰে পশ্চিমবংগত চাৰিটা ৰেলীৰ মাজতে ঝাৰগ্ৰামৰ সুস্বাদু ঝালমুৰি খালোঁ। লক্ষণীয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীজনক ঝালমুৰি খোৱাৰ বাবদ ১০ টকাও দিয়ে।

ইফালে প্ৰধানমন্ত্ৰী গৰাকীৰ সমৰ্থকে সমবেত হৈ ভিৰ কৰা দেখিবলৈ পোৱা গৈছে।প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় লোকসকলৰ সৈতে মত বিনিময়ো কৰে।এই সময়ছোৱাত তেওঁ ৰাইজৰ সৈতে ঝালমুৰি ভাগ কৰিছিল।

লগতে পঢ়ক: ২৯ এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণৰ অন্তিম সুযোগ: টিএমচিৰ “গুণ্ডাৰাজ আৰু চিণ্ডিকেট”ক লৈ প্ৰধানমন্ত্ৰী মোদীৰ সকীয়নি

“বিৰোধীয়ে ডাঙৰ ভুল কৰিলে,ইয়াৰ পৰিণাম ভূগিব লাগিব”;মহিলা সংৰক্ষণক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

সংসদ ভৱনত অনুষ্ঠিত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা সংৰক্ষণ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাত হতাশা প্ৰকাশ কৰিছে।

মহিলা সংৰক্ষণ বিধেয়কক লৈ সংসদত চলি থকা ৰাজনৈতিক সংঘাতৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকৰ সময়ত বিৰোধী পক্ষৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।প্ৰধানমন্ত্ৰীয়ে স্পষ্ট কৈছে যে, মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন কৰিবলৈ অস্বীকাৰ কৰাটো বিৰোধীৰ এক “বৃহৎ ৰাজনৈতিক ভুল” আৰু ভৱিষ্যতে ইয়াৰ ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব।

জানিব পৰা মতে, সংসদ ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰধানমন্ত্ৰীয়ে মহিলা সংৰক্ষণ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত গৃহীত নোহোৱাত হতাশা প্ৰকাশ কৰে। তেওঁ কয় যে, বিৰোধী দলসমূহে ‘এই সিদ্ধান্তৰ বাবে আজীৱন অনুশোচনা কৰিব লাগিব’ আৰু আগন্তুক সময়ত ইয়াৰ মূল্য দিব লাগিব।

বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই বাৰ্তা দেশৰ প্ৰতিখন গাঁৱলৈ প্ৰেৰণ কৰিব লাগে যে বিৰোধীৰ নাৰীৰ প্ৰতি থকা মানসিকতা নেতিবাচক।এই বিষয়টো কেৱল সংসদতে আবদ্ধ হৈ থাকিব নালাগে, বৰঞ্চ প্ৰতিজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাটো অতি প্ৰয়োজনীয়।

লগতে পঢ়ক: ১৭ এপ্ৰিলৰ দিনটোক “ক’লা দিন” বুলি অভিহিত কৰি বিৰোধীক তীক্ষ্ণ সমালোচনা মুখ্যমন্ত্ৰীৰ

“সংবেদনশীলতাৰে সিদ্ধান্ত লওক”; ভোটদানৰ পূৰ্বে সকলো দললৈ আবেদন প্ৰধানমন্ত্ৰী মোদীৰ

মহিলা সংৰক্ষণ বিধেয়কত ভোটদানৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সকলো দললৈ আবেদন জনাইছে। তেওঁ সকলোকে মহিলা সংৰক্ষণ বিধেয়কৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান কৰিছে।

সংসদৰ বিশেষ অধিৱেশনৰ আজি দ্বিতীয় দিন। ১৮ এপ্ৰিললৈকে চলি থকা এই অধিবেশনৰ প্ৰথম দিনাই মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰা হয়।আজি এই বিধেয়কসমূহৰ ওপৰত পুনৰ লোকসভাত আলোচনা হৈ আছে, আৰু বিয়লি ৪ বজাত ভোটদান হ’ব পাৰে।ইফালে, ৰাজ্যসভাৰ উপ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হৈছে হৰিবাঞ্চ নাৰায়ণ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক অভিনন্দন জনায়।

বিধেয়ক ৩ খন গৃহীত কৰিবলৈ ৩৬০ টা ভোটৰ প্ৰয়োজন হ’ব। তাৰে শাসকীয় পক্ষত ২৯৩ জন সাংসদৰ ভোট থকাৰ বিপৰিতে বিৰোধী শিবিৰত ২৪১ জন সাংসদৰ ভোট আছে। এই বিধেয়ক কেইখন গৃহীত হ’বলৈ এতিয়া চৰকাৰক অতিৰিক্ত ৬৭ টা ভোটৰ প্ৰয়োজন আছে।

ভোটদানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি সকলো দলকে আহ্বন জনাইছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে- মই সকলো সংসদ সদস্যক কৈছো। নিজৰ ঘৰৰ মা, ভন্তি, কন্যা আৰু পত্নীক চিন্তাত ৰাখি নিজৰ অন্তৰ্নিহিত মাত শুনক।দেশৰ মহিলাসকলৰ সেৱা আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ এয়া এক গুৰুত্বপূৰ্ণ সুযোগ। এই সংশোধনী বিধেয়ক খন সৰ্বসন্মতিক্ৰমে গৃহীত হ’লে দেশৰ মহিলাসকল আৰু অধিক ক্ষমতাশালী হ’ব।আহক… আজি আমি একেলগে ইতিহাস ৰচনা কৰো।ভাৰতৰ মহিলাসকলক…দেশৰ আধা জনসংখ্যাক তেওঁলোকৰ উচিত প্ৰাপ্য প্ৰদান কৰো।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু লিখিছে, চাৰি দশক ধৰি মহিলা সংৰক্ষণৰ বিষয়টোক লৈ দেশত বহু ৰাজনীতি চলি আহিছে। এতিয়া দেশৰ আধা জনসংখ্যাই নিশ্চিতভাৱে নিজৰ অধিকাৰ লাভ কৰাৰ সময় আহি পাইছে৷স্বাধীনতাৰ ইমান দশকৰ পাছতো সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ভাৰতীয় মহিলাৰ ইমান কম প্ৰতিনিধিত্ব অব্যাহত থকাটো ঠিক নহয়।কিছু সময়ৰ ভিতৰতে লোকসভাত ভোটগ্ৰহণ হ’ব বুলি জানিব পৰা গৈছে।সকলো ৰাজনৈতিক দলকে আহ্বান জনাইছো… তেওঁলোকক আবেদন জনাইছো…অনুগ্ৰহ কৰি এটা চিন্তাশীল আৰু সম্পূৰ্ণ স্পৰ্শকাতৰ সিদ্ধান্ত লওক; মহিলা সংৰক্ষণৰ সপক্ষে ভোটদান কৰক।

লগতে পঢ়ক: বিতৰ্কৰ মাজতে মাজনিশা বলবৎ হ’ল মহিলা সংৰক্ষণ আইন, ২০২৩; আজি হ’ব ভোটগ্ৰহণ

প্ৰথমে ট্ৰাম্প, এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টেলিফোনিক বাৰ্তালাপ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ। দুয়োজন নেতাই হৰমুজ প্ৰণালীত জাহাজৰ নিৰাপত্তা আৰু যাতায়তৰ স্বাধীনতাৰ ওপৰত আলোচনা কৰে।

মধ্যপ্ৰাচ্যৰ উত্তেজনা এতিয়া মূৰৰ কামোৰণিত পৰিনত হৈছে।ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি তথা ঘনিষ্ঠ বন্ধু ইমেনুৱেল মেক্ৰনৰ সৈতে এক গুৰুত্বপূৰ্ণ টেলিফোনিক বাৰ্তালাপ কৰে।দুয়োগৰাকী বিশ্ব নেতাই মধ্যপ্ৰাচ্যৰ গতিশীলতা আৰু হৰমুজ প্ৰণালীত জাহাজৰ সুৰক্ষাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা কথা-বতৰাৰ ঠিক ৪৮ ঘণ্টাৰ পিছত প্ৰধানমন্ত্ৰীলৈ মেক্ৰনৰ ফোন আহিছিল। প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্ট কৰি দিছে যে ভাৰতৰ শান্তি আৰু স্থিতিশীলতা থাকিবৰ বাবে ফ্ৰান্সৰ সৈতে একেলগে কাম কৰি যাব।

প্ৰধানমন্ত্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমেনুৱেল মেক্ৰনৰ মাজত হোৱা আলোচনাৰ কেন্দ্ৰবিন্দু আছিল হৰমুজ প্ৰণালীত যাতায়তৰ স্বাধীনতা।এই অঞ্চলটোক বিশ্ব বাণিজ্যৰ জীৱনৰেখা হিচাপে গণ্য কৰা হয়, আৰু ইয়াত উত্তেজনা বৃদ্ধিয়ে সমগ্ৰ বিশ্বৰ যোগান শৃংখলক স্তব্ধ কৰি তুলিব পাৰে।

দুয়োগৰাকী নেতাই মত প্ৰকাশ কৰিছে যে এই সামুদ্ৰিক পথটো সুৰক্ষিত কৰা আৰু তাত নিৰাপত্তা পুনৰুদ্ধাৰ কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা। এই সংকট সমাধানৰ ক্ষেত্ৰত ভাৰতৰ প্ৰভাৱ আৰু প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকাক মেক্ৰনে অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰিছে।

মাত্ৰ দুদিনৰ ভিতৰতে আমেৰিকা আৰু ফ্ৰান্সৰ দৰে মহাশক্তিয়ে ভাৰতৰ সৈতে সম্পৰ্ক কৰাটো এক উল্লেখযোগ্য সংকেত প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: “চুক্তি নহ’লে পূৰ্বতকৈ ভয়ংকৰ হ’ব আক্ৰমণ”: পুনৰ ইৰাণক ভাবুকি আমেৰিকাৰ  

“বিধেয়কখন বিৰোধীতা কৰা সকল নিৰ্বাচনত পৰাস্ত হ’ব”; লোকসভাত মহিলা সংৰক্ষণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰী মোদীয়ে এক শক্তিশালী ভাষণ প্ৰদান কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে মহিলাসকলক সংৰক্ষণ প্ৰদান কৰাটো সময়ৰ প্ৰয়োজনীয়তা।

মোদী চৰকাৰে ধাৰাবাহিকভাৱে মহিলাৰ কণ্ঠ শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে।  আজি সদনত মহিলা সংৰক্ষণ সম্পৰ্কীয় তিনিখন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হৈছে।চৰকাৰৰ লক্ষ্য হৈছে ২০২৯ চনৰ নিৰ্বাচনৰ ভিতৰত লোকসভা আৰু সকলো ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে ৩৩% অৰ্থাৎ এক তৃতীয়াংশ সংৰক্ষিত কৰা হওক। মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত বৃহস্পতিবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে ।

মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ২৫-৩০ বছৰ পূৰ্বেই মহিলাৰ বাবে সংৰক্ষণৰ প্ৰয়োজন আছিল।বৰ্তমান আমি ইয়াক যথেষ্ট পৰিপক্কতাৰ স্তৰলৈ লৈ আহিব পাৰিলো হয়। প্ৰয়োজন অনুসৰি ইয়াৰ উন্নতি সময়ে সময়ে হয় আৰু সেয়াই হৈছে গণতন্ত্ৰৰ সৌন্দৰ্য্য।প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই বিচাৰো যে এই বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হওক।

প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, নাৰীক নীতি নিৰ্ধাৰণৰ অংশ হিচাপে গঢ়ি তোলাটোৱেই হৈছে সময়ৰ প্ৰয়োজনীয়তা।পঞ্চায়তৰ পৰা সংসদলৈকে মহিলাসকলে আহিব বিচাৰে।  একাংশ লোকে তেওঁলোকৰ আসন হেৰুৱাব বুলি এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। আজি যিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিব, তেওঁ বহুদিনলৈ মূল্য দিব লাগিব। আমি যদি একেলগে কাম কৰি এই বিধেয়কখন গৃহীত কৰোঁ তেন্তে সকলোৱে লাভৱান হ’ব।এইসকল লোকে পঞ্চায়তত মহিলা সংৰক্ষণৰ বিৰোধিতা নকৰে। যিয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিব তেওঁ নিৰ্বাচনত পৰাস্ত হ’ব।

লগতে পঢ়ক: ধৰ্মৰ ভিত্তিত সংৰক্ষণ অসাংবিধানিকঃ লোকসভাত বিৰোধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ